JEC LOVE STORY Chapter 1 Part 15


JEC Part 15

jec love story

বিচনাত পৰি হেজাৰবাৰ ভাবিছো তেওঁক ফোন কৰিম নে নকৰিম। নিশাৰ আগত যিমানেই সাহসী নেদেখুৱাও কিয় তেওঁৰ আগত মুখ খুলি কথা কব নোৱাৰোঁ মই ।হয়তো কেতিয়াও নোৱাৰিম। বাৰে বাৰে হাৰি যাও সেই মায়া সনা চকুজুৰিৰ মাজত। কিন্তু তেওঁক কৰা আঘাতে মোকো শান্তিৰে থাকিবলৈ দিয়া নাই। মোৰ শব্দই কাৰোবাক আঘাত কৰিছে, তাকো মোৰ প্ৰিয় মানুহজনক। ফোনটো উলিয়াই নম্বৰটো ডায়েল কৰিলো। কিন্তু এবাৰ ৰিং হওঁতেই কাটি দিলো ।গাৰুৰ তললৈ সুমুৱাই দিছো মোবাইলটো। কি কম তেওঁক? আগ পিছ একো নভবাকৈ ফোন কিয় লগাইছিলো। নিজৰ মূৰতে নিজে মাৰিছো। সঁচাই পাগল মই। কিন্তু মিছ্দ কল দেখি যদি ফোন কৰে? কি বুলি কম। নাই বহুত দেৰিলৈকে নাই অহা ফোন। নকৰে চাগে। বাৰটাই বাজিব হল। ইকাটি সিকাটি কৰি পৰি আছো। টোপনি অহা নাই।

ফোনৰ ভাইব্ৰেশ্বনৰ শব্দত সাৰ পালো, সময় চাইছোঁ, দুটা বাজিছে।
অৰ্ণৱৰ ফোন।
:আস্থা…
আস্। বাৰে বাৰে প্ৰেমত পৰো এইষাৰি মাতৰ।
:হমম।
:সঁচাকে বহুত বেয়া পোৱা মোক?
তেওঁৰ কথাবোৰ আন দিনাৰ দৰে নহয়, খং অভিমান একোৱেই নাই, অাছে মাত্ৰ আকুলতা। মোক হেৰুৱাই পেলোৱাৰ ভয়।
:Please tell it was a lie. Please.I beg you, I can’t live like this Astha.
:..


:কিয় মোক কোনেও ভাল পাব নোৱাৰে?Don’t I deserve happiness at least for once? I am tired Astha.. Help.. Me.. Please.. I.. I
:আপুনি ঠিকে আছেতো? কি হৈছে আপোনাৰ?
:…….
:অৰ্ণৱ… কি হৈছে আপোনাৰ?
:…
মোৰ চিঞৰ শুনি নিশাও সাৰ পালে, চকুকেইটা মোহাৰি মোহাৰি ওচৰ পালেহি।
অৰ্ণৱৰ একো উত্তৰ নাই, ফোনটো দুইখন হাতেৰে খামুচি ধৰিছো। ভীষণ ভয় লাগিছে। কিবা অঘটন ঘটা নাইতো।
:আস্থা, মই উৎপল, অৰ্ণৱ ঠিকে আছে, তুমি শুই যোৱা, মই চাম তাক, চিন্তা নকৰিবা।
:কি হৈছে তেওঁৰ?
:তুমি নিশাক দিয়াচোন।


ফোনটো নিশাক দি দিলো। কি পাতিছে নাজানো, নিশাৰ মুখ খন দেখি কিন্তু মোৰেই ভয় লাগিছে!
:কি কলে?
:ড্ৰিংক কৰিছে বহুত বেছি, ঠিক হৈ যাব, তই শু।
:কিবা লুকুৱাইছ মোৰপৰা?
:নাই, শুই থাক।
গোটেই ৰাতি টোপনি নাহিল। কিবা যেন বেছি দীঘলীয়া হৈছে ৰাতিটো, ৰাতিপুৱা এবাৰ তেওঁক দেখা পালেহে শান্তি পাম মই। সোনকালেই উঠিলো। গা ধুই ওলাই আহি দেখোঁ, নিশা তেতিয়াও বিচনাতে ।
:তই নাযাৱ?
:নাযাও।
:কিন্তু কিয়?
:প্লিজ আস্থা, মোৰ কাৰণে ইমান ইজি নহয় সবকে ফেচ কৰাটো।
জোৰ নকৰো, তাই কষ্ট পাব মনত।
বেগটো সামৰি ওলাই আহিলো। টিনা অাৰু ৰাজী ৰৈয়ে আছিল। ৰাতিপুৱা ঠাণ্ডা পৰিছে এইকেইদিন, তাতে ৭:৩০ ৰ ক্লাছ। দীঘলীয়া বন্ধৰ পিছত অহাৰ বাবেই চাগে কলেজৰ পৰিবেশটো অলপ বেলেগ বেলেগ লাগিছে। বহুত এতিয়াও ঘৰৰ পৰা অহাই নাই, অলপ নিজান সেইবাবে কেম্পাছটো। কলেজৰ ভিতৰত সোমোৱাৰ পৰাই চকুকেইটাই কেৱল তেওঁকেই বিচাৰি আছো, কিন্তু কতো দেখা নাই। ক্লাছতো মন নাই বহা। বহি আছো মাত্ৰ। বাৰে বাৰে চাইছো খিৰিকিৰে, কিজানিবা দেখা পাওঁ।
লান্স ব্ৰেকৰ আগৰ ক্লাছটো কেন্ছেল হল। ছাৰ নাই।
বেগটো লৈ হোষ্টেললৈ বুলি ওলালো, কিন্তু টিনা অাৰু ৰাজী নাযায় এতিয়া, আড্ডা মাৰিব কেন্টিনত। নিশা অকলে অকলে হোষ্টেলত আছে , মোৰ তাইৰ ওচৰলৈ যাবলৈ হে মন্ গল। অকলেই ওলাই আহিলো।
চিৰিকেইটা নামি আহোঁতেই তেওঁৰ সইতে ভেটা ভেটি হল, মূৰ তুলি চালো, চকুকেইটা ৰঙা, চুলিখিনি অলপ খেলিমেলি হৈ আছে, বগা টি ছাৰ্টৰ ওপৰত কলা হুদী এটা পিন্ধি আহিছে। মোক দেখি থমকি ৰল। ইফালে সিফালে চালে, ওচৰত কাকো নেদেখি অলপ ওচৰ চাপি অহিল।
:Meet me after 5 minutes, wait near the auditorium.
ধক্।
লগ কৰিম? তেওঁক? অকলে?
যিমান পাৰো খৰ খোজেৰে হোষ্টেলৰ ফালে বাট লৈছো, নিশাৰ ওচৰ পালেই যেন বাছি যাম। অডিটৰিয়ামৰ ওচৰ পায় ঘূৰি চালো, তেওঁ নাই পোৱাহি তেতিয়াও। হোষ্টেল পালেগৈ ৰক্ষা পৰিম।খোজকেইটা আৰু খৰ কৰিলো। কিন্তু কৰপৰা জানো উৰি অহাদি আহিল।
:Dont act so smart Miss Astha Baruah.
ৰৈ গলো।
:বহা।


:ইয়াত?
পিছফালৰ চিট টো দেখুৱাই সুধিলো।
:নহলে কি তুমি চলাবা? I don’t mind though.
লাজ পালো। কথাত হৰুৱাব কেতিয়াও নোৱাৰোঁ।
:কোনোবাই দেখিব।
:I don’t care.
:কিন্তু মই কৰোঁ।
:নিজে বহিবা নে মই বহাই দিম?
তেওঁ কৰিব নোৱাৰিব বুলি নাভাবো, চুপ চাপ বহিলো। তেওঁ অাৰু মোৰ মাজত বেগটো থৈ লৈছো। সেইটোতে খামোছ মাৰি ধৰি আছো। কেম্পাছৰ ভিতৰৰ পৰা ওলাই আহিলো। টাউনৰ ফালে যোৱা ৰাস্তাটোৰে নগৈ তেওঁ ওলোটা ফালেহে গৈছে। সেইফালে অামি কেতিয়াবা খোজ কাঢ়িবলৈ যাঁও। কেলিফৰ্ণিয়া পাৰ হৈ অলপ দূৰ গলে এখন সৰু চাহৰ বাগান,নীলবাৰী চাহ বাগিচা, তাৰ অলপ আগত আকাশ বাণী কেন্দ্ৰটো। সকলোবোৰ পাৰ হৈ আহিলো, কলৈ নিছে মোক। অলপ ভয়ো লাগিছে। নিজান ৰাস্তাটো, দুপৰীয়া সময় মানুহৰ আহ যাহ সেৰেঙা, দূৰলৈকে কাৰো ঘৰ বা দোকান একো নাই। বাইকখন ৰখাই দিলে।
:নামা?
নামিলো, পিছফালে ৰৈ আছো।
:What did you say yesterday?
একো নাইকোৱা, ৰৈ আছো মনে মনে।
বাওঁহাতখনেৰে হঠাৎ টানি লৈ আনিলে মোক তেওঁৰ সন্মুখলৈ। ধৰি আছে এতিয়াও হাতখন।
:Do you really hate me Astha?
তেওঁৰ ফালে চালো, অসহায় চকুযুৰি। বহুত কিবাকিবি কব খুজিছে।
:…
:কি কৰি আছা এইবিলাক মোৰ লগত?
:….
:Answer me damn it.
জিকাৰ খাই উঠিলো।
ইমান সোনকালে কিয় খং উঠে এই মানুহজনৰ?
আগতে যেতিয়া প্ৰেমৰ উপন্যাস পঢ়ো, বা চিনেমা চাওঁ, তেতিয়া নায়কে নায়িকাক প্ৰেমৰ প্ৰস্তাৱ কি সুন্দৰ কৈ দিয়ে, মোৰ ভাগ্যত এয়াহে আছিল!!!!!!

:আস্থা! ইয়ালৈ অনা বাবে মোক বেয়া নাপাবা। I really can’t speak with many people around. And Restaurant and parks are not for me. I like calm places, like this. I hope you don’t mind?
: ওহোঁ ।
:ভয় লাগে মোক কিবা কবলৈ?
:হমম।
:কিয়? মই ইমান বেয়া?
:নহয়।
:মই ওচৰলৈ আহিলে বেয়া নোপোৱা?
:নাপাওঁ।
:what? Really.
লাজতে মৰি যাম নিচিনা লাগিলে। কি ওলালে মুখত। ওঁঠটো কামুৰি ধৰিলো, গালখন পুৰিছে আকৌ।
:I want to tell you something Astha, about my past life.
তেওঁ কিবা কবলৈ লওঁতেই  নিশাৰ ফোন আহিল। অলপ আগবাঢ়ি গৈ ফোনটো কাণত লগাই কথা পাতিবলৈ লওঁতেই পিছফালৰ পৰা কোনোবাই জোৰত মোবাইলটো টানি লৈ গল। আজুৰি নিওঁতে কানফুলি ডালো ছিঙি নিলে। হৰহৰাই তেজ বৈছে। খঙত একো নাই হৈ পিছে পিছে খেদি গল তেওঁ । অলপ দূৰত গৈ আগভেটি ধৰিলে। বেছি ডাঙৰ লৰা নহয়। দূৰৰপৰা দেখিছো, তেওঁ কলাৰটোত ধৰি চোঁচৰাই আনিছে এটাক, পিছত বহি যোৱাটো দৌৰি পলাইছে। লৰাটোৱে হাতযোৰ কৰিছে, কাণত ধৰিছে, মোবাইলটোও ঘূৰাই দিলে। ফোনটো লৈ তেওঁ তাক এৰি দিলে। মোৰ ওচৰ পালেহি। চুৰ্ণীখনেৰে কাণখন ঢাকি আছো, গোটেইখনতে তেজ লাগিলে।
:বহুত দুখ পালা?
:ইয়াৰপৰা যাওঁ।


:I am really sorry. মোৰ কাৰণেই হল সব। ডক্টৰৰ ওচৰত যাব লাগিব। মোৰ লগত যাবা?
:হমম।
:বহাঁ।
বাইক খনত উঠিবলৈ লৈছিলোহে, হঠাতে কৰপৰা জানো এজাক মানুহ প্ৰায় দৌৰি অহা নিচিনাকে আহিছে। কেইজনমানৰ হাতত লাঠি। একো ধৰিবই নোৱাৰিলো। কোনো ধৰণৰ সোধ পোছ নকৰাকৈ দুজনমানে অৰ্ণৱক বাইকৰ পৰা নমাই আনি মাৰিবলৈ আৰম্ভ কৰিলে।
:অামি নিজে দেখিছো, ইহঁতে লাজ লগা কাম কৰি আছিল, অামি ইয়াত এইবোৰ নচলিব বুলি কওঁতে আমাকে মাৰিছে।
মোবাইল চুৰ কৰিব খুজা লৰাটো, অৰ্ণৱে এৰি দিয়াৰ পিছত সি  মানুহ কিছুমান মাতি আনিলেগৈ। কুটিল হাঁহি এটাৰে মোৰ ফালে চাই অাছে। চিঁঞৰি চিঁঞৰি কৈছো অামি একো বেয়া কাম কৰা নাই, কিন্তু কাৰো মোৰ কথা শুনিবলৈ সময় নাই। ইজনৰ পিছত সিজনে প্ৰহাৰ কৰিছে অৰ্ণৱৰ ওপৰত। তেজেৰে লুতুৰি পুতুৰি। বাইকখন ভাঙি ছিঙি চূৰমাৰ কৰি দিলে।  মোৰ ফোন, তেওঁৰ ফোন সকলো কাঢ়ি ললে। অকথ্য গালি গালাজ। কাহানিও নুশুনা কিছুমান শব্দ।
কেতিয়া বুজিব এইখন সমাজে প্ৰেম মানেই যৌনতা নহয়, এহাল ডেকা গাভৰু অকলে  কেৱল শাৰীৰিক আহ্বানৰ বাবে নাথাকে।
হায় সমাজ!
ইয়াত ৰাস্তাত কোনোবাই গুপ্তাংগ উলিয়াই মূত্ৰ ত্যাগ কৰিলে কোনেও লাজ নাপায়।
কিন্তু এহাল প্ৰেমিক প্ৰেমিকা হাতত ধৰি খোজকাঢ়ি গলে সমাজৰ নাক কাট খায়।
অদ্ভূত সমাজ, নিৰ্লজ্জ সময়।
বাৰে বাৰে ভাবিছো ভগৱানক, তেওঁক বচাই ৰাখা নমো।
হুলস্থুল শুনি অলপ ডাঙৰ মানুহ কেইজনমান ওলাই আহিল।তাৰে কেইজনমান ভাল মানুহো আছিল। বহুত তৰ্ক বিতৰ্কৰ পিছত উগ্ৰ সমাজ সংস্কাৰক কেইজন অলপ শান্ত হল। কোনোবাই পানী আনি দিছে, তেওঁৰ মূৰটো কোলাত লৈ কান্দিছো মাত্ৰ, তেওঁৰ শৰীৰৰ তেজেৰে তিতি গৈছে মোৰ শৰীৰ।
কি হৈ গল???
বুকুত সাৱটি ধৰিছো মোৰ প্ৰিয় মানুহজনক। ইমান নিষ্ঠুৰ নিয়তি?
হঠাৎ বাগৰি পৰিল কোলাৰপৰা।
উশাহৰ শব্দ নাই।
:অৰ্ণৱ!!!!!!!!

উশাহৰ শব্দ নাই।
:অৰ্ণৱ!!!!!!!!
পাগলৰ দৰে চিঞৰিছো,জোকাৰি দিছো গাৰ সমস্ত শক্তিৰে, কিন্তু অৰ্ণৱ নিথৰ ।কোনোবাই এম্বুলেঞ্চ মাতিছে, কোনোবাই পুলিচ। কলেজত কোনে খবৰ দিলে নাজানো। হিলদল ভাঙি আহিছে সকলো, লৰা ছোৱালী কোনো বাকী নাই চাগে।
উৎপল দাই তেওঁৰ বুকুখন বাৰে বাৰে হেঁচি দিছে, নাই, উশাহ লোৱা নাই। অাৰু চাব নোৱাৰোঁ।বা কেইগৰাকীমান মোৰ ওচৰত ৰৈ আছে। সবৰ চকুত পানী।
:উঠাই দে, উঠা।
এম্বুলেঞ্চ আহি পালে, তেওঁক ধৰি উঠাই দিয়া হল।লগত উৎপল দা অাৰু তেওঁৰ লগৰ দুজন।
:মইয়ো যাম উৎপল দা।
:তুমি নালাগে, অামি আছো ।
দৰজাখন মাৰি দিলে, নাৰ্ছ গৰাকীয়ে অক্সিজেন মাস্ক পিন্ধাই দিছে তেওঁক।
এম্বুলেঞ্চৰ পিছে পিছে বাইক লৈ বহুকেইজন চিনিয়ৰ।
কোনোবাই অট’ এখন মাতি আনিলে, নিশা অাৰু সমীক্ষা বায়ে ধৰি নি মোক উঠাই দিছে। মই মাত্ৰ এৰি দিছোঁ নিজকে।
অসুস্থ হৃদয়, বাকৰুদ্ধ সময়।
নিঃশেষ হবলৈ যেন একোৱেই বাকী নাই।
বুকুৰ ভিতৰত ৰু ৰুৱাই জ্বলিছে প্ৰথম ভালপোৱাৰ চিতাখন।
তেওঁৰ হাতৰ পৰশত ৰঙা পৰা গাল দুখনত শুকান চকুপানীৰ চেঁকুৰ।
কাণত এতিয়াও বাজি অাছে সেই আৰ্তনাদ।
অৰ্ণৱ!!!!!!!
আপুনি মোৰ ‘প্ৰিয়’ বুলি কোৱাই নহল।
             অট’ৰ পৰা নামি কেনেকৈ ৰুম পালো কব নোৱাৰোঁ। বহুত কেইগৰাকী চিনিয়ৰ বা আহি মোক কিবাকিবি বুজাইছে, মূৰত একো সোমোৱা নাই। নিশাই সলাবলৈ কাপোৰ উলিয়াই দিছে। গোটেই গাতে তেজৰ দাগ। শিলৰ মূৰ্তিটোৰ দৰে বিচনাখনতে বহি আছো। আগতে বৰশীত উঠোৱা মাছটো দেখিও কান্দোঁ, দুখ পাইছে বুলি পানীৰে ধুৱাই আকৌ এৰি দিওঁ, অাজি মোৰ প্ৰিয় মানুহজনক এনেকৈ কষ্ট দিয়া হল, অাৰু মই একোৱেই কৰিব নোৱাৰিলো। সেই দৃশ্য দেখাৰ আগতেই যদি মোৰ মৃত্যু ঘটিল হেঁতেন।
:উঠ আস্থা, এনেকে কিমান দেৰি থাকিবি?
:মোক এনেকৈয়ে থাকিবলৈ দে নিশা।
:অৰ্ণৱ দা ঠিক হৈ যাব। তই এনেকুৱা নকৰিবি প্লিজ।
নিশাই মোক ধৰি হুকহুকাই কান্দিছে, মোৰহে কান্দিবলৈ শক্তি বাকী নাই। ৰৈ আছো মাথোঁ উৎপল দাৰ এটা ফোনলৈ।
সন্ধিয়া লৈকে তেওঁৰ একো খবৰ নাই, বাৰে বাৰে ফোন কৰিছো উৎপলদাৰ নম্বৰত। উত্তৰ নাই।
:আস্থা, বাইদেউ আহিছে, মাতি দিওঁনে ভিতৰলৈকে?
:হমম।
উধাতু খাই আহিছে বাইদেউ।
:মই অলপ আগতেহে গম পালো কথাবোৰ, কি যে হৈ গল। মাৰ পিট কৰা কেইটামানক গাঁৱৰ মানুহে ধৰি আনিছে এতিয়া।এটাও এইখন গাৱঁৰ নহয় হেৰৌ। কৰ ভগনীয়া নাজানো। অাজি কেইদিনমানৰ পৰা ঘূৰি ফুৰিছে, কেইবাঘৰতো চুৰ হৈছে, কেঁচুৱা ছোৱালী পৰা বুঢ়ী লৈকে কাকো নেৰে। ৰাস্তাত ওলাব লৈকে চিন্তা। মই আগেয়ে জনা হলে যাবলৈ মানা কৰিলো হেঁতেন। দিন কাল বৰ বেয়া হৈছে অ’। পদে পদে ভয়।
বাইদেউ মোৰ ওচৰতে বহি কথাবোৰ কৈ গৈছে, কিন্তু হৈ যোৱা ঘটনাটোৱে আমাক কি কৰি থৈ গল সেইয়া মই কেনেকৈ বুজাম।
:অৰ্ণৱৰ ভাল হব দেই, অাজি গাঁৱৰ নামঘৰত ভাওনা। মই ভালকে সেৱা লম। গোটেই ৰাইজে আশীৰ্বাদ কৰিব হেৰৌ,সৱ ভাল হব দেই। সি বৰ ভাল লৰা, কোনোদিন কাৰো লগতে কাজিয়া পেছাল নকৰে। আঁতৰি আঁতৰি থকাই দেখো।তুমি অহাৰ পাছত হে অকণ হাঁহিছিল, তাতো নজৰ লাগিল। কিন্তু ভগৱান অাছে তুমি এনেকে কন্দা কটা কৰি নেথাকিবা।
অলপ সময় বহি গুচি গল বাইদেউ। লাহেকৈ উঠি গৈ কাপোৰ কানি সলাই ভগৱানৰ ওচৰত ধূপ জ্বলাই বহি আছো, এটা ফোনে হয়তো সলনি কৰি দিব সকলোবোৰ।
:আস্থা, আস্থা…
:নিশাৰ চিঞৰত উচপ খাই উঠিলো।
:অৰ্ণৱ দাৰ হুঁচ আহিছে, সৌৰভ দা এইমাত্ৰ হস্পিতালৰ পৰাই আহিছে। কিন্তু ডিব্ৰুগড় লৈ যাব এতিয়া, internal injury অাছে ।But he is out of danger. Oh god, oh god.
সাৱটি ধৰিছে মোক নিশাই, সকলোৰে মুখবোৰ অকণ হলেও পোঁহৰ হৈছে, টেবুলৰ ওপৰত থকা গণেশৰ মূৰ্তিটো বুকুত হেঁচি ধৰিছো। এই প্ৰাপ্তিৰ যেন শেষ নহয়। ভালপোৱাৰে সজাম তেওঁৰ নতুন জীবন। অৰ্ণৱৰ প্ৰেমিকা হৈ জীয়াম বাকী ৰোৱা জীবনৰ প্ৰতিটো পল অনুপল।
উৎপল দাৰ ফোন।
:আস্থা, অামি ডিব্ৰুগড় আহি আছো, অৰ্ণৱৰ মা ও আহিছে, তুমি চিন্তা নকৰিবা।
:এবাৰ চাবলৈও নাপালো তেওঁক।
এতিয়াহে চকুপানী বোৰ পাৰ ভাঙি বৈ আহিছে।
:সোনকালে ঠিক হৈ আহিবলৈ প্ৰাৰ্থনা কৰা। মই ফোন কৰিম যেতিয়াই পাৰোঁ।
বাৰে বাৰে সেৱা কৰিছো ভগবানৰ ওচৰত, বহুত মন আছিল এবাৰ তেওঁক চোৱাৰ, কিন্তু এতিয়া সেইয়া সম্ভৱ নহয়। দূৰৰ পৰাই প্ৰাৰ্থনা কৰিম।
গোটেই কেম্পাছ আজি অন্ধকাৰ। কতো এটাও লাইট জ্বলা নাই। গোটেইকেইটা হোষ্টেলৰ সন্মুখত  মম জ্বলাই থৈছে। সদায় মুখৰ হৈ থকা সন্ধিয়া সময় খিনিও অাজি নিতাল, নিস্তব্ধ। এয়াই আমাৰ JEC। এজনৰ দুখত সকলো দুখী। এই মানুহবোৰ মোৰ আপোন। এওঁলোকৰ প্ৰাৰ্থনাই জীয়াই তুলিছে মোৰ অৰ্ণৱক। চিৰজীৱন কৃতজ্ঞ হৈ ৰম।
:আস্থা, তোৰ ঘৰত গম পালে কি কৰিবি?
নিশাৰ কথাত থতমত খালো। গম পালে মানে? মই নিজেই কম মাক, সকলোবোৰ।
মালৈ ফোন কৰিলো, এই সময়ত মাৰ বাহিৰে কাৰো ওচৰতে শান্তি নাপাওঁ। মোৰ সকলো সুখ দুখ প্ৰাপ্তি অপ্ৰাপ্তিৰ বিষয়ে জনাৰ অধিকাৰ অাছে তেওঁৰ, মোৰ সাহস, মোৰ শক্তি, মোৰ আটাইতকৈ ভাল বন্ধু, মোৰ মা।
:মা।
:কি হল জীও? গা বেয়া নেকি তোৰ?
:কাইলৈ আহিব পাৰিবা নেকি মোৰ ওচৰলৈ?
:উৱা, কালি গৈছিলিহে, ঘৰলৈ মনত পৰিছে বেছিকে?
:হমম।
:জীও, বেলেগ কিবা কথা অাছে?
:উমম।
:ফোনত কব নোৱাৰি?
:ওহোঁ।
:দেওবাৰে গলে হব?দেউতাৰো বন্ধ সেইদিনা। দুইজনেই আহিম বাৰু দেই।
:হব।
:কি কথা সেইটো বাৰু পিছত জানিম, কিন্তু জীও এইটো বয়সত কেতিয়াবা কিছুমান কথা বন্ধুৰ লগতো আলোচনা কৰি সমাধা কৰিব পাৰি। এতিয়া ডাঙৰ হৈছ, কথাবোৰ প্ৰথমতে নিজৰ মনেৰে ভাবি চাবি, যদি তই কৰা কামে কাকো অনিষ্ট নকৰে, আঘাত নকৰে, অপমান নকৰে, তেন্তে সেই কাম কেতিয়াও ভুল হব নোৱাৰে।
        সকলো ঠিক হব এতিয়াৰপৰা, খুলি কম মনৰ কথা। কাকো আঘাত নকৰাকৈ, কাকো অপমান নকৰাকৈ, কেৱল মৰমেৰে সজাম মোৰ প্ৰিয় মানুহবোৰৰ জীবন।
আপুনি সোনকালে ঘুৰি আহক অৰ্ণৱ।
পুনৰ ঘূৰি আহিব ‘আমাৰ সময়’।
ভাল লগা, মিঠা মিঠা।

End of first chapter 1


-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

Post a Comment

5 Comments
  1. chapter 1 hekh hl......vakha nai koboloi mur....ki hundor !.. vakha/hobdo, anuvob hokolu buur hukia

    ReplyDelete
  2. ইমান suspense থকা উপন্যাস পঢ়াই নাছিলোঁ । শিহৰিত হৈ goisu পঢ়ি । Next chapter 2 পঢ়োগৈ ☺️

    ReplyDelete
    Replies
    1. Ummmm Ru Parily 2mr Fnd Shre Kori Diba

      Delete
  3. অৰ্ণৱ নামটো বৰ আপোন মোৰ, Arnav aru Khushi r Fanfiction বহুত পঢ়িছো wattpad India forum t , অৰ্ণৱ আৰু আস্থাৰ কাহিনী পঢ়ি খুব ভাল লাগিল, খুব ধুনীয়া কে লিখিছে আপুনি। ❤️❤️❤️

    ReplyDelete

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close