Ads Area

JEC LOVE STORY Chapter 1 Part 2

 

JEC Part 2

JEC LOVE STORY Chapter 1 Part 2


দেউতাৰ লগত খোজকাঢ়ি আহি থাকোতে JEC campus তো ভালদৰে চালো। আচলতে JEC বুলি কলেই যেন্ কিবা এটা মায়া। প্ৰথমতে আপোনাৰ JEC বেয়া লগা তো খাটাং। চাৰিওফালে কেৱল নিস্তব্ধতা। এনেকুৱা লাগে যেন বহুতো জীয়া কাহিনীৰ সাক্ষী এই building বোৰ। কিবা যেন্ কব খোজে। মনত কিবা কিবি ভাবি ভাবি কেতিয়া আহি হোষ্টেল 9 পালোহি
গমকে নেপালো। এটা প্ৰকাণ্ড তিনিমহলীয়া building। Gate খন খুলিবলৈও কিবা এটা ভয যেন্ লাগিল। লাগে লাহে ভিতৰলৈ সোমাই গলো। বহুত কেইজনী ছোৱালী বাৰাণ্ডাত ৰৈ থকা দেখিলো, নতুনকৈ Admission লৈছে বুলি ধৰিব পাৰি। কাষ চাপি গৈ এগৰাকীক কি কৰিব লাগিব সুধিলো।
“নাম কি?”


এক প্ৰকাৰ ধমকি দিয়ে সুধিলে, দেখাত senior যেনেই লাগিল।
“আস্থা”
“মৰিলি নি”?
“হাঁ!???”
“কি হাঁ মক্কেল? নামৰ আগে পাছে একো নাই?”
ভয়তে আকৌ ভৰিকেইটা কঁপিছে।
“শ্ৰী আস্থা বৰুৱা”।
“নাম নাই তোৰ list খনত,”
তেওঁ board খন চাই কলে।
আকৌ এবাৰ কান্দোঁ কান্দোঁ অৱস্থা। নাম নাই মানে?
“ভালকৈ চাওঁকচোন” কঁপা কঁপা মাতেৰে যেনেতেনে কথাটো কলো।
“মই কি পঢ়িব নেজানো বুলি ভাবিছ নিকি? ”
” sorry”


আঁতৰি আহি দেউতাৰ ওচৰ পালোহি।
“মোৰ নাম তো নাই বুলি কৈছে।”
ৰদত ৰৈ ৰৈ দেউতাৰো মুখ খন শুকাই গৈছে। লগত নিয়া পানীৰ bottle তো খুলি আগবঢ়াই দিলো। ভোক পিয়াহ পাহৰিছে অাজি দেউতাই। সেমেকা মন্ এটা লৈ তেওঁ কলে “ভালকৈ চালি?”
“ওমম”
‘বলক আকৌ এবাৰ Admission লোৱা জেগাতে সুধি চাওগৈ। ”
“বল”।
ঘূৰি আহি গেটৰ মুখ পালোহি।
ৰাস্তাটো পাৰ হৈ দুখোজমান কাঢ়িছিলো হে।
বাইক এখন উৰি অহাদি আহি গাৰ কাষতে ৰলহি।
ঊচপ খাই ঘূৰি চালো। অৰ্ণৱ!
” কি হল? ”

” একো নাই হোৱা ”
এইবাৰ যেন্ অলপ সাহস বাঢ়িল মোৰ।
“তোমাক নাই সোধা মই, Uncle কিবা problem হৈছে নিকি? ”
“কিনো কম বোপাই, অামি কিবা আওভাও বুজাই নাইচোন, তাত কলে হোষ্টেল পালে বুলি, ইয়াত আকৌ নামেই নাই বোলে? সুধিবলৈ ও কাকো চিনিও নেপাওঁ নহয়”।
মই মাত্ৰ মনে মনে ৰৈ আছো একে জেগাতে। তেওঁৰ ফালে চালো। দেউতাৰ কষ্ট দেখি যেন্ অলপ বেয়া লাগিছে তেওঁৰ। পিছত বহি থকা লগৰজনক নামিবলৈ কলে। ভয় খালো আকৌ। মোক উঠিব কলে কি কৰিম?
” উঠক uncle, মই কথা পতাই দিম ”
” নেলাগে ” অলপ জোৰকৈয়ে কলো মই।
” Don’t you have a brain? দেখা নাই মানুহজনৰ অৱস্থাটো, and নিজকে ইমানো important বুলি নেভাবিবা, I am not doing it to impress you, got it?”
আকৌ দিলে গালি এটা। দেখিব মন্ নেযায়! কেতিয়াও নেমাতো আজিৰপৰা। মোৰহে দেতা, তেওঁৰনো কি দৰকাৰ।
” মাজনী কি ভাবি আছনো, তেওঁ সহায় কৰিলে ভালহে হব ”
“উৎপল, তই আস্থাৰ লগত আহ, বলক uncle ”
দেউতাক লৈ চকুৰ আগতে চাটকৈ গুচি গল, কি হল একো বুজি নেপালো। অাৰু মোৰ নামটো কেনেকে জানে? মোৰ পিছা কৰিছে নিকি!
“অৰ্ণৱ এনেকুৱা একেবাৰে নহয়, অাজি কি হৈছে নেজানো, তুমি বেয়া নেপাবা”
উৎপল দাদাই মৰমেৰে কথাকেইটা কলে, ভাল লাগিল, অন্ততঃ কোনোবাটো অাছে গালি নপৰা মানুহ।


“আপোনাৰ friend জন বহুত বেয়া, দেখিব মন্ নেযায় ”
খা বাপ্পেকে, কি কৈ পালো মই, লগাই দিয়ে যদি! আকৌ গালি দিব সবৰ আগতে।
“মই বাৰু কৈ দিম বুলি ভাবিছা নিকি? যদি ভাবিছা ঠিকেই ভাবিছা। ”
এইবাৰো হাঃ হাঃ কৈ হাঁহিলে উৎপল দাই। অাৰু মোৰ চকুপানী থুপ খালেই। কঁপা কঁপা খোজেৰে college office পালোহি।
দেউতা চোন চকী এখনত বহি আছে, হাতত পানীৰ বটল অাৰু আপেল এটা। ওচৰ চাপি গলো।
“কি হল দেতা, কাম্ নহল নিকি “?
” মই ইয়াতে বহি হে আছো, অৰ্ণৱ গৈছে ভিতৰলে, মোক্ পানী, আপেল দি সৰু লৰা নিচিনাকে বহাই থৈ গল”। দেউতাৰ মুখত হাঁহি এটা ফুটি উঠিছে। মই যেন্ অলপ জ্বলিছে। মোৰ দেউতাক তেওঁ কিয় ইমান care লৈছে? সুধিবৰ সাহস নাই, খুজি গালি খাব পৰাকৈ শক্তি নাই অাৰু এতিয়া।
” Come here ”
তেওঁ মাতিলে মোক।
” কওক ”
” হোষ্টেল 9 already full, so তোমাক extension অত alot কৰিছে, don’t worry it’s fine”
“Extension মানে”?

… আগলৈ




Published by Indranee Sharma

 



Post a Comment

0 Comments
close