Ads Area

JEC LOVE STORY Chapter 1 Part 3


JEC Part 3

JEC LOVE STORY Chapter 1 Part 3


“Extension দেখাই দিম বলা”
“নেলাগে, আপুনি ৰাস্তাটো কৈ দিয়ক”
“You know what miss? I don’t care whether you want me to come or not. Arnab only decides what he does or doesn’t. So just follow me”.
“আহক আংকল”
খঙতে একে জেগাতে ৰৈ থাকিলোঁ, নাযাও যা। আকৌ ভাবিলো যাবই লাগিব একো চিনি নেপাওঁ যেতিয়া। এইবাৰ তেওঁ bike নলৈ দেউতা অাৰু মোৰ লগত খোজকাঢ়ি আহি থাকিল। এই যে ঘটনাবোৰ ঘটি আছে, সেইতো সকলোয়ে লক্ষ্য কৰিছে, কিন্তু কোনেও চোন মোৰ লগত চিনাকি হোৱা বা কথা পতাৰ চেষ্টা কৰা নাই। কিবা আচৰিত যেন লাগিল মোৰ।

তেওঁ অাৰু দেউতা আগে আগে, মই বুৰ্বকৰ দৰে পিছে পিছে গৈ আছো। এনেতে তেওঁ দেখালে সেইতো Extension 1,main hostel তোৰ ওচৰতে এটা সৰু quarter টাইপ building।
“চিন্তা নকৰিব uncle, একো প্ৰব্লেম নাই ইয়াতে, আপোনালোক ভিতৰত গৈ কথা পাতক, আমাক ভিতৰত যাব নিদিয়ে, কিবা দিগদাৰ হলে call কৰিব, number তো লৈ লওঁক”
“মাজনী লচোন number তো”
“মোৰ ফোনটো battery low, switched off হৈ গল দেউতা” গোকাট মিছা কথা এটা যে কলো অৰ্ণৱে বুজি পালে, হয়তো অলপ বেয়া পালে মনত।
” হব দিয়ক uncle, মই যাও ”
মোলৈ এবাৰো ঘুৰি নোচোৱাকৈ তেওঁ আঁতৰি গল।
দেউতা অাৰু মই Extension 1 অৰ Gate খুলি সোমাই গলো। বাৰাণ্ডাত ছোৱালী এজনী অাৰু দেউতাক ৰৈ আছে আগৰপৰা। মই ছোৱালীজনীৰ ফালে আগবাঢ়ি গলো। তায়ো হাঁহি মাৰি সঁহাৰি জনালে।
“নতুনকে আহিছা?”
” উমম, তুমি? ”
” ময়ো, মোৰ নাম আস্থা বৰুৱা, তোমাৰ?”
“নিশা”
“কোনটো branch?”
“computer science”
“মোৰো same”
মনত কিমান ভাল লাগিল বুজাব নোৱাৰোঁ, অন্ততঃ নিজৰ লগৰে কাৰোবাৰ লগত কথা পতাৰ সুযোগ পালো, নহলে তো অৰ্ণৱ নামৰ গালি পৰা মানুহজনেই আছিল অথনিৰ পৰা।
“ভিতৰলৈ কেতিয়া মাতিব?”
“ৰবা Monitress বাজনী Register বুক আনিব গৈছে” ।
এনেতে হাতত বুক এখন লৈ বা এগৰাকী আহিল।
” আহা ভিতৰলে, uncle আপোনালোকেও চাই লব পাৰিব আহক”
ভাল লাগিল বাজনী, খং ৰাগ নাই নিচিনা লাগিল, পিছে ধাৰণা ভূল আাছিল, ভিতৰ সোমাইয়ে কাৰোবাক গালি দিছে
” শুণক, ইয়াত অকলে আপোনাৰ ছোৱালী নেথাকে নহয় যে সৱ আপোনাৰ মতেই হব লাগিব, যিখন bed alot কৰিছো ললে লওঁক নহলে প্ৰিন্সিপালৰ লগত কথা পাতক, মোৰ time waste নকৰিব “।
আকৌ পেপুৱা লাগিলো, কি হৈছে অাজি। ভয়ে ভয়ে বা গৰাকীৰ পিছে পিছে গৈ থাকিলোঁ, তেওঁ দুখন bed থকা সৰু room এটা দেখালে।
” অকল এইটো room হে খালি অাছে, আপোনালোকে লৈ লওঁক ”
” হব বা ” তপৰাই উত্তৰ দিলো।
দেউতাইও নিশাৰ দেউতাকৰ লগত বহুত কথা পাতিলে, দুয়োজনে অামি একেলগ হোৱাটো বৰ ভাল পালে। লগত অনা বস্তুবোৰ গাড়ীতে অাছে, মই গাড়ী চলাই অহা দাদাজনক মাতি পথালো।
সকলোবোৰ বস্তু চিজিল কৰো মানে আবেলিয়ে হল। যিমানেই সময় গৈছে, সিমানেই মনটো গধুৰ হৈ গৈ আছে। আজিৰপৰা তো ইয়াতে থাকিম মই, মালৈ মনত পৰিল, অতপৰে ফোন এটা কৰাও হোৱা নাই, 5 টা missed call আছে।
“মা, সব কাম ভালে ভালেই হৈ গল, হোষ্টেল পালো, বিচনা ঠিক কৰি আছো”
“হব দে” লৰালৰিকৈ ফোন তো থলে মায়ে। এতিয়াও কান্দি আছে বুলি গম পালো। মোৰো দুগাল তিতি আহিল। কিন্তু দেউতাই দেখে বুলি সামৰি ৰাখিলো।
“মাজনী, বল কিবা এটা খাই লবি, ময়ো ঘূৰি যাব লাগিব নহয়, দেৰিয়েই হবগৈ। ”
নিশা অাৰু দেউতাকো ওলাল আমাৰ লগত। কলেজৰ Main gate খনৰ ওচৰতে canteen খন আছে। তাতে গৈ বহিলো। ইতিমধ্যে নিশাৰ লগত বহুত কথাই পাতিলো। খুব খোলা মনৰ ছোৱালী। খাই বৈ উঠি নিশাৰ লগত ওছৰৰ দোকানখনৰ পৰা সৰু সুৰা বস্তু কেইটামান লবলৈ গলো।
” আ… আপুনি? ”
” Yes, ম ম মই”
তেওঁ ইতিকিঙৰ সুৰত কলে, মুখত চিগাৰেট তেতিয়াও আছে। বৰ বেয়া পাওঁ গোন্ধটো, নাকটো কোচাই আঁতৰি আহিলো।
“Wait.”
থমকি ৰলো, সবৰ আগতে লাজ পাবলৈ মন নাই অাৰু।
“কি লাগে লৈ লোৱা, অাৰু মই কি ভূত নিকি, কঁপি আছা যে”
নহয় ভূত আপুনি, ভূত বোৰ আপোনাতকৈ মৰমলগা।তেনেকৈ কবৈল মন গল কিন্তু একো কব নোৱাৰিলোঁ, দোকানৰপৰা বস্তু কেইটা লৈ মনে মনে আঁতৰি আহিলো।
“ভালকে থাকিবি মাজনী, মই আহি থাকিম মাজে মাজে, ফোন কৰি থাকিম, ভালকে পঢ়িবি আই” থোকাথুকি মাতেৰে দেউতাই কথা কেইটা কবলৈ চেষ্টা কৰিছে। অাৰু মই মাত্ৰ কান্দিছো। দেউতাৰ কামিজটো তিয়াই পেলালো চকুপানীৰে। কেনেকে থাকিম মই? দেউতাৰ লগত গুচি যাম যেন্ লাগিল। ধেৰ কথা কব মন্ গল দেউতাক, বহুত মনত পৰিব তোমালে দেউতা,চোলা কেইটা ইস্ত্ৰি কৰি পিন্ধিবা, তামোল বেছিকৈ নেখাবা, Yoga কৰি থাকিবা, মই নাই বুলি মোৰ প্ৰিয় সৰু মাছ নোখোৱাকৈ নেথাকিবা, মাক চিন্তা কৰিব মানা কৰিবা……. নাই, একো কব নোৱাৰিলোঁ মই। কান্দি কান্দি বিদায় দিলো দেউতাক। গাড়ীখন নেদেখা হোৱালৈকে চাই থাকিলোঁ। লাহে লাহে আন্ধাৰ নামিছে। উভতি খোজ ললো room অৰ ফালে।
এটা নতুন অধ্যায় মোৰ বাবে ৰৈ অাছে, অাৰু মই যেন্ এতিয়াও মাৰ্ আচলৰ গোন্ধ বিচাৰি ঘূৰি যাম………

দেউতাক বিদায় দি ৰুমত আহি জোৰেৰে কান্দিলো, দুখ ভয় সব একেলগে বৈ গৈছে। কিন্তু নিশা যেন্ এটা শিলৰ মূৰ্তি, মাথো তললৈ মূৰ কৰি বহি আছে, আচৰিত হৈ সুধিয়ে পেলালো
“তোমাৰ ঘৰলৈ মনত নাই পৰা”?
“ঘৰ? সেইতো কি বস্তু? মই তো just এটা building অত থাকো, যত কাৰো কাৰোৰে বাবে সময় নাই, মইতো ইয়াত মুকলিকৈ জীয়াই থাকিবলৈ আহিছো, জীবন বিচাৰি আহিছোঁ, মই ঘৰৰপৰা পৰা আঁতৰি” মোৰ ” সৈতে থাকিবলৈ আহিছো.. অাৰু… আৰু…..
বিচনাৰপৰা উঠি গৈ সাৱটি ধৰিলোঁ নিশাক, পাগলৰ দৰে কান্দিছে তাই মোৰ বুকুত মূৰ গুজি, পাৰ ভাঙি বৈ আহিছে অভিমানবোৰ। দুয়োজনীয়ে কান্দিছো, কিন্তু সম্পুৰ্ণ বিপৰীত কাৰণত, যত মই এইটো ভাবি কান্দিছো যে মা দেউতাৰ মৰমবোৰৰ পৰা আঁতৰি কেনেকৈ থাকিম, তাত নিশাই কান্দিছে কাৰণ তাই আতৰি অহাটো কাৰোৰে বাবেই দুখৰ বিষয় নহয়।
“মা দেউতাৰ কেতিয়াবাই divorce হৈছে, I was just 5 you know, মাৰ পুৰণা প্ৰেমিক ঘূৰি আহিছিল তেওঁৰ জীৱনলৈ, দেউতাই কথাবোৰ গম পোৱালৈ বহুত পলম হৈছিল, তেওঁলোকৰ daily কাজিয়া হৈছিল, অাৰু তেনেকৈয়ে এদিন মা গুছি গৈছিল মোক্ এৰি, দেউতা ভাগি পৰিছিল, মদ অাৰু কামৰ মাজতেই ডুবি থাকিছিল,চাকৰ নাকৰ আৰু পুতলাবোৰৰ মাজতেই মই ডাঙৰ হৈছিলো, I am not as lucky as you Astha, my life is messed up, hell is another word for it”
বহুত সময় তেনেকৈয়ে পাৰ হৈ গল, এনেতে দুৱাৰত নক কৰা শুনি উঠি গলো, “আামাৰ ৰুমলৈ আহা” কাষৰ ৰুমৰ বা গৰাকীয়ে মাতি থৈ গল।
চকুপানী মচি মুখ খন ধুই বাৰ ৰুমত গলো, প্ৰায় বাৰজনী মান ছোৱালী নতুনকৈ অহা, অাৰু বা তিনিগৰাকী আাছিল।
“মই প্ৰিয়ংকা, she is Samikshya, and she is Indranee, অামি তোমালোকৰ senior, MCA 3rd semester, so as its ur first day let me tell u the rules”
তিনিও জনী বায়ে কথাবোৰ বুজাই দিলে, যদিও অামি Extension অত আছিলো, আামাৰ খোৱা বোৱা main hostel অতে হৈছিল, বাহঁতৰ ৰুমত কথা পাতি থাকোতেই বেল বজাৰ শব্দ শুনিলো, তাৰমানে ভাত খাব হল।
অামি গোটেইবোৰ একেলগে Main হোষ্টেলৰ ফালে ওলাই গলো। কিন্তু Main গেটৰ ওচৰ পাই মই থৰ লাগিলো, নিশাৰ হাতখন জোৰেৰে চেপি ধৰিলো, senior বা দুজনী অাৰু প্ৰায় তিনিজনমান লৰা সেইখিনিতে কথা পাতি আছে, হাতত notebook লৈ, কিবা discuss কৰিছে বুলি ধৰিব পাৰি, কিন্তু তাৰ মাজত সেইজনো আছে, অৰ্ণৱ!
“Hi”
মই একো উত্তৰ নিদিলো
“চকু কিয় ৰঙা হৈ আছে? আকৌ কান্দিছিলা? ”
এইবাৰো মই মৌন
নিশাৰ হাতখন চেপি পেলাইছো, লগত যোৱা সবেই আমাক চাই আছে,লাজতে মৰি যাম্ যেন লাগিল
“Answer me Damn It”
চিঞৰি উঠিল তেওঁ, মই কিবা কোৱাৰ আগতেই বাহঁত আগবাঢ়ি আহিল।

“Arnab please, not here, তই এতিয়া ৰুমত যা, উৎপল, লৈ যাচোন ইয়াক”
ভয় লাজ খং সকলোবোৰ সামৰি dinning Hall অৰ ফালে সোমাই গলো, ভাত কেইটা আগত লৈ উচুপি থাকোতেই গল। ঘৰত ভাতৰ পাতত বহি মা মই অাৰু দেউতাই কিমান যে কথা পাতোঁ, অাজি বাৰু মাহঁতে কি কৰিছে,দেউতাৰ কুহুমীয়া পানী গিলাছ সদায় মইয়ে দিওঁ, অাৰু মায়ে আজিও চাগে নিজলৈ একোৱেই লোৱা নাই। ভাতকেইটা লিৰিকি বিদাৰি এৰি থৈ আহিলো। মন কৰিলো মোক দেখি সবেই কিবা আলোচনা কৰিছে নিজৰ মাজতে। এনেতে 4th year অৰ বা এজনীয়ে কলেহি
“সব new comer room number 303 লে আহিবি ভাত খাই, চিনাকি হম”
অামি মাত্ৰ ইজনীয়ে সিজনীৰ মুখলে চাইছোঁ, সবেই ভয় খালে, JEC ত ragging হয় বুলি শুনিছিলো, কি বা কৰিব আজি।
“আস্থা বৰুৱা, আপোনাৰ বিষয়ে দুষাৰ মান কওকচোন, আহিয়েই college হিলাই দিলে আপুনি”।
অৰ্ণৱ। এইবোৰৰ মূলতে সেই মানুহজন, কিয় মোৰ পিছত লাগি আছিল দিনটো, কিমান লাজ পাইছো মইহে জানিছো।
” মোৰ নাম আস্থা বৰুৱা, ঘৰ শিৱসাগৰ নাজিৰাত”
“শিৱসাগৰ??? বিহু নাছিব জান তেতিয়াহলে?”
” ওমম, জানো ”
” নাছ তেনেহলে ”
মোবাইল অতে কোনোবাই গান লগালে, মইয়ো উপায় নাপাই এপাক নাছিলো। সবেই হাতচাপৰি বজালে। লাজটো অলপ এনেও বেছি মোৰ, আকৌ ৰঙা পৰিলোঁ। তাৰ পিছতো কিবা কিবি কৰিব দিলে, কৰিলো।
” এতিয়া কচোন, boyfriend আছে নাই তোৰ ”
” নাই ”
” ইমান ধুনিয়া ছোৱালী অাৰু boyfriend নাই, মিছা কথা নকবি”

দেখাত মই বেয়া নহয় বুলি জানো, কিন্তু সেইবুলিয়ে boyfriend থাকিবই লাগিব নিকি।
“সঁচাকে নাই”।
“ok ok, এতিয়া যা, অাৰু কলেজলৈ যাওঁতে no makeup, চুলি বেণী গুঠিব লাগিব, formal salwar, dupatta পিন মাৰি লব লাগিব অাৰু flat sandel পিন্ধিব লাগিব। কাজল লিপষ্টিক একো লগাব নোৱাৰিবি।”
ৰুমলৈ আহি নিশাৰ লগত পিছদিনাৰ কাৰণে কি কি লাগিব ঠিক ঠাক কৰি ঘৰলৈ ফোন কৰিলোঁ, দেউতা মাৰ লগত কথা পাতি শুবলৈ চেষ্টা কৰিলো, এনেতে ফোন টোত message এটা আহিল
” বিহু নাছিব কোনে শিকালে “????
কাৰ নম্বৰ চিনি নেপালো, বহুত দেৰি ভাবি ভাবি পাৰ নেপালো।
তেনেতে অাৰু এটা message
“শুই থাকা এতিয়া, gud nite… Arnav”
Phone তো সৰি পৰিল হাতৰপৰা, কেনেকে পালে মোৰ number তো? অাৰু বিহু নাছিলো বুলিও জানিলে চোন। কি হৈছে এইবোৰ???
…….. আগলৈ


-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma


Post a Comment

2 Comments
  1. Moi basically hojai r hou aro yat ame Kuwait ot tko amr family loi moi tmr aay novel kon pore bht bashi val lagel mor assam kr jiman friends asa sob ok share koro delo Nobel kon pore kiba ata nkor life ot hoi asa jan ankoi lagel

    ReplyDelete

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close