Ads Area

JEC LOVE STORY Chapter 1 Part 5

 

JEC Part 5


চাওঁতে চাওঁতে প্ৰায় এমাহ পাৰ হল JEC ত। কাইলৈ freshers। হোষ্টেলত উখল মাখল পৰিবেশ। কিবা নহয় কিবা performance সবেই কৰিব, মইয়ো কৰিম। তাৰে practice আমাৰ ৰুমত।

কথক মোৰ সদায় প্ৰিয়, প্ৰায় তিনিবছৰ শিকিছিলো, কিন্তু পঢ়াৰ কাৰণে সম্পুৰ্ণ নহল। এতিয়া আকৌ সবেই জোৰ কৰিলত নাছিব ওলাইছো। নিশাই নিজৰ গানৰ কাৰণে প্ৰস্তুত হৈছে, গোটেই হোষ্টেলটো হুলস্থুল হৈ অাছে অাজি। অপেক্ষা মাথো কাইলৈ সন্ধিয়াৰ।
সন্ধিয়া ৭ বজাত সকলোকে auditorium অলে মাতিছে। যিহেতু দেওবাৰ গতিকে দুপৰীয়াৰ পৰাই সাজু হৈছে সব। ময়ো মোৰ বগা হাত দীঘল আনাৰকলি চুৰিদাৰযোৰ উলিয়াই লৈছোঁ, makeup বাঁহতে কৰি দিব। নিশাই হাত অাৰু ভৰিত আলটা লগাই দিছে, ইমান মানা কৰিলো, নাই নুশুনিলে। তাইৰ মতে কৰিছো যেতিয়া সম্পুৰ্ণ সাজ সজ্জাৰে কৰিব লাগে। প্ৰায় দুঘণ্টা সময় বহি আছো, চুলি বান্ধি থাকোতে প্ৰিয়ংকা বায়ে বকি আছে, এইসোপা চুলি বান্ধি বান্ধি শেষেই নহৈছে।
:ৰ ৰ, লিপষ্টিক তো অলপ ডাঠ কৰি দিওঁ।
ৰঙা লিপষ্টিক তোতকৈ মোৰ গাল খন বেছি ৰঙা হৈছে।
:তামাম ধুনিয়া লাগিছে, একদম jhakkas।
টিনাই তাইৰ বেৰীয়া দাঁতকেইটা উলিয়াই হাঁহি এটা মাৰি কথাটো কলে। বুকুখন ধপধপাই অাছে কিবা এটা।


:দেৰি হৈছে বল বল।
অামি গোটেইকেইজনী main hostelor সন্মুখত ৰৈ আছো, লগৰ বাকীবোৰৰ কাৰণে, সব একেলগে যাম। দূৰৰ পৰা দেখিছোঁ auditorium তো, ডাঙৰকৈ তোৰণ লগাই থোৱা অাছে, rock music উচ্চ স্বৰত বাজি আছে, যোৱা গৈছে, অহা আহিছে,চিনিয়ৰ সকলো ভীষণ ব্যস্ত।অামি আটাইবোৰ একেলগে auditorium পালোহি। খুব সুন্দৰ আয়োজন। আমাক নি একেবাৰে সন্মুখৰ শাৰি টোত বহিবলৈ দিলে। অাৰু অলপ সময় পাছত প্ৰগ্ৰাম আৰম্ভ হব।
:নিশা, তোৰ গান প্ৰথমতেই আছে, আস্থা নিশাৰ পিছত আৰু এটা guitar performance আছে,তাৰ পিছত তোৰ, গান ready আছে নাই?
হিমাদ্ৰী বা আহি সুধিলেহি, মই বেগৰ পৰা pendrive তো উলিয়াই বাৰ হাতত দিলো।
:okay, মই মাতিলে backstage আহি যাবি।
:হব।
বহি আছো যদিও চকুকেইটাই কাৰোবাক বিচাৰি আছে, এবাৰো দেখা নাই তেওঁক, নাই অহা চাগে, এনেও cultural কিবা ভাল পোৱা মানুহ যেন্ নেলাগে দেখিলে।
:ধুনিয়া লাগিছে আস্থা।
পিছৰ শাৰীৰ পৰা অংকুৰে মাত লগালে।
:Thank you
:কি কৰিবা? I am so excited to see your performance!
এনেই মই নাৰ্ভাচ হৈ আছো, অাৰু অলপ ভয় খুৱাই দিছে মানে। এবাৰ ভাবিলো নাই নকৰো এইবোৰ, বেয়া হলে সবেই হাঁহিব। ঘূৰি যাওগে ৰূমলৈ, কোনেনো গম পাব।
:next মোৰ, all the best ক আকৌ।
নিশাৰ খঙেই উঠিলে, হয় দেই কিনো ভাবি আছো মানে মই।
:all the very best, ভালকে গাবি।
নিশাক দেখি অলপ সাহস পালো।
“Sun raha he na tu
Ro rahi hu main”
নিশাই গানটো গাই উচুপি উঠিল, মই জানো কিয়, তাইৰ ওচৰলে যাবও নোৱাৰোঁ। নিশাৰ গানে সকলোৰেই মন্ চুই গল। হিমাদ্ৰী বায়ে চকুৰে ইংগিত দি মাতিলে মোক। উঠি যাওঁতে ভৰিৰ জুনুকা কেইটা বাজি উঠিল, লাজতে মৰো যেন্ হলেই মোৰ অবস্থা।
:next you, good luck ।
Backstage অত বহুত senior বহি আছে, মই কিন্তু কাৰো ফালে চোৱাৰ সাহস কৰিব পৰা নাই।
:ready নে?
:হমম
মাতেই নাই ওলোৱা মোৰ, উশাহ তো ছুটি হৈ গৈছে ।
:so please welcome miss Astha baruah
Anchor জনে নামটো কলেই যেতিয়া উপায় নাই, নাছিব লাগিবই। এখোজ দুখোজকৈ stage অত উঠিলো, সুহুৰি অাৰু হাত চাপৰি বাজিলেই।মোৰ অবস্থা অাৰু কাঢ়িল। প্ৰণাম কৰি হিমাদ্ৰী বালে চাই play কৰিব কলো।
ভগৱান আজি বচাবা আৰু।

“পিয়া ত’চে নেইনা লাগে ৰে
নেইনা লাগে ৰে
জানে ক্যা হ’ অব আগে ৰে”

পাৰিছোঁ মই, ধুনিয়াকৈ পাৰিছো, নাই, ভয় লগা নাই। ভালেই লাগিছে চোন।প্ৰাণ ঢালি নাছিলো। এইটো গান খুব ভাল পাওঁ।


:once more, once more ।
হাত চাপৰি তেতিয়াও ৰোৱা নাই, ভাল পাইছে সবেই, হিমাদ্ৰী বায়ে চকু কেইটা ডাঙৰ কৰি’ ‘wow’ বুলি কলে। আকৌ এবাৰ প্ৰণাম জনাই stage অৰ আনটো ফালে গলো, সেইফালেদি নামি গৈ নিশাৰ ওচৰত বহিম।
:you want to kill me???
ভূত দেখিলেও সিমান ভয় নাখালোহেঁতেন চাগে, এন্ধাৰ সেই জেগাখিনিত কোনোবা আছে বুলি ভবাই নাছিলো। এনেই নাছি নাছি উশাহ তো লব পৰা নাই ভালকে, তাতে আকৌ এইজন ৰৈ অাছে ভয় খুৱাবলে।
:মই যাও, আঁতৰি দিয়ক
:Answer me first.
:মই কি কম।
:you wanna kill me miss?
:মই আকৌ কেলে মাৰিম আপোনাক?
:তেনেহলে ইমান ধুনীয়াকে কিয় আহিছা?
কি কয় একো বুজি নেপাওঁ, যাবলৈও নিদিয়ে সেইতো জানো ভালকে। ৰৈ আছো। কপালত টুপ টুপ ঘাম বিৰিঙিছে মোৰ, আৰু ভৰি দুটা থৰ থৰকৈ কঁপিছে। মোৰ আচলতে গৰম উঠিছে নে ঠাণ্ডা লাগিছে নিজেও বুজি নাইপোৱা মই।
:যাবলে দিয়ক, please…
:এটা চৰ্তত।
:কি?
:এইটো মোক্ দিয়া।
মোৰ কপালৰ সৰু maangtika তো দেখাই তেওঁ কলে। মূৰটো গৰম হৈ গল, কিয় লাগে তেওঁক সেইতো, সদায়ে এটা নতুন জেদ।
:আপুনি কি কৰিব সেইটো লৈ?
:that’s none of your business, just give it to me if u wanna go from here.
কোনোবা আহি যোৱা হলে, হে প্ৰভু কি কৰো এতিয়া। দিওঁ নিদিওঁ কৈ লাহেকে খুলি আনিলো। দিয়া কিন্তু নাই, হাততে লৈ আছো।
:দিয়া।
হাতখন আগবঢ়াই দিলো, তেওঁ নিজেই লৈ ললে, এনেকুৱা লাগিল জানি বুজিয়েই মোৰ তলুৱাত তেওঁৰ আঙুলি কেইটা ফুৰাই দিলে। মই হাতখন আঁতৰাই আনিলো। কি আাছিল এইয়া, কিয় অদ্ভুত আছিল এই স্পৰ্শ, গাটো থৰ থৰকৈ কঁপিছে, এইবাৰ চকুপানী ওলাই আহিল্।
:যোৱা।
দৌৰি নামি আহিছো, নিশাক হাতত ধৰি প্ৰায় চোঁচৰাই আনিলো বাহিৰলে।
:আস্থা, কি হল তোৰ, কেলে এনেকুৱা কৰিছ, চুলিখিনি কেনেকে বেয়া হৈ গল, wait, মই লগাই দিয়া maangtika তো কত গল।
:মোক্ ধৰি থাক নিশা, মই পৰি যাম এতিয়া।

:কি হৈছে ক না আস্থা? কেলেই ইমান কঁপিছ? অাৰু চুলিখিনি কি হল, কপালী টো নাই যে।
নাই মই একো কব পৰা নাই।
:নিশা, মোক অাজি সঁচাকে ধুনিয়া দেখাইছে?
:ধুনিয়া? পৰী লাগিছ তই পৰী। এতিয়া বল, টিনাহঁতৰ group dance অাছে এতিয়া।
যাবলে লওঁতেই দেখিছো ভৰিটো পেলাব পৰা নাই, দৌৰি আহোঁতে উজুটি খাই ভালকৈয়ে দুখ পালো। তেজ বৈ গৈছে।
:ইচ ৰাম, কেনেকে ইমান দুখ পালি?
মই তেতিয়াও চুপ।
:বল বহি দিবি অকণ।
যেনেতেনে আহি দৰজাৰ ওচৰতে চকী এখনত বহিলো। নিশাই first aid box বিচাৰি হিমাদ্ৰী বাৰ ওচৰ পালেগৈ। অলপ পাছত নিশাৰ লগত হিমাদ্ৰী বা অাৰু তেওঁৰ লগৰ বা তিনিগৰাকী মান আহিল।
:কেনেকে দুখ পালি ইমাণ বেয়াকে? বহুত তেজ ওলাইছে চোন।
:উজুটি খালো ।
নিশাই ঘা দুখৰ চফা কৰি bandage লগাই দিলে। অলপ সময় তেনেকৈয়ে বহি থাকিলোঁ। কিন্তু বিষ বাঢ়ি আহিল, ভৰি তো লৰাব পৰা নাই, তাতে costume, makeup সব একেলগে আৰু গৰম উঠিছে মোৰ।
:নিশা, মই ৰুমলে যাওগে।
:কি? এতিয়া কেনেকে যাবি ? আৰু DJ আছে লাষ্টত, কোনো নাযায় এতিয়া।
:বহুত বিষাইছে মোৰ।
:ৰ তেতিয়াহলে, মই বাক সুধি আহোঁ, তোক থৈ আহিলে অকলে পাৰিবি নাই থাকিব ?
:পাৰিম।
নিশা অাৰু ৰাজী মোক থবলৈ ওলাল। দুয়োজনীয়ে ধৰি ধৰি আনিছে মোক্। ভৰিটো ভালকে পেলাব নাইপৰা, অলপ হেঁচা দিলেই তেজ বিৰিঙি আহে। যেনেতেনে আহি main door পালোহি, নিশাক সবেই কি হল সুধিছে, মই কাকো একো নাইকোৱা।
:কি হল নিশা?
:কিমান বেয়াকে দুখ পালে চাওঁকচোন অৰ্ণৱ দা, কেনেকে কি হল সুধিলেও একো নকয়। ৰুমত থৈ আহোগৈ।
:বহুত তেজ ওলাইছে, খোজ কাঢ়িলে অাৰু বিষাব। ৰবা মই থৈ আহিম।
:নালাগে।
মোৰ কথা শুনিবলে তেওঁ তাত নৰলেই, অলপ পাছত bike খন আনি একেবাৰে ভৰিৰ ওচৰত ৰখাই দিলেহি।
:উঠা।
:নেলাগে, মই খোজকাঢ়ি যাম।
খং এটা এনেও উঠি আছিল,নিজেই আগভেটি ধৰি মোক্ দুখ পোৱালে, এতিয়া বেছি কৰি দেখালে হব নি। নেযাওঁ, কেতিয়াও নেযাওঁ।
:don’t test my patience Astha.
:কিনো কৰি থাক আস্থা, ইমান তেজ ওলাইছে, কেনেকে খোজকাঢ়ি যাবি কচোন।
নিশাৰ খং উঠিছে যে গম পালো। উপায় নাই।কিন্তু তেওঁৰ লগত যোৱাৰ ইচ্ছাও নাই। অৰ্ণৱৰ চকুৰ ফালে চাই গম পালো বহুত খং উঠিছে তেওঁৰ, ৰঙা হৈ গৈছে মুখ খন।
:আস্থা, উঠ।
নিশাই প্ৰায় জোৰ কৰি বহুৱাই দিলে।
:মই অাৰু ৰাজী গৈ আছো, আপোনালোক আহি থাকক।
নিশা অাৰু ৰাজী গলগৈ, মই শিলৰ মূৰ্তি নিচিনাকে বাইকৰ পিছফালে বহি আছো।
:ভালকে ধৰি লোৱা।
নাই, একো নাই পিছফালে ধৰি লবলে, কেনেকুৱা বাইক নাজানো এইখন।
:নালাগে, এনেকেই বলক।
তেওঁ লাহে লাহে start দিলে, মই তেতিয়াও কতো নধৰাকৈ বহি আছো। অলপ দূৰ যোৱাৰ পাছত ৰখাই দিলে। কি হল ধৰিব নাইপৰা।
:পৰি যাবা। ধৰি লোৱা।
কলেই হব নিকি, তেওঁৰ কান্ধত হাত থব পৰা সাহস মোৰ নাই, এনেই ভয়ত, বিষত অবস্থা বেয়া মোৰ, সেইবোৰ কৰিব নোৱাৰোঁ দেই।হঠাৎ মূৰটো ঘূৰাই গল, তেওঁ নিজৰ বাওঁহাত খনেৰে মোৰ সোঁহাত খন সজোৰে টানি নিলে,মই তলকিবই নোৱাৰিলো। হাতখন এৰি নাই দিয়া, এখন হাতেৰে লাহে লাহে চলাই অাছে, মই যিমানেই এৰুৱাব খুজিছোঁ, সিমান বেছি জোৰেৰে চেপি ধৰিছে তেওঁ।
:এৰি দিয়ক।
:চুপ চাপ বহি থাকা।
:please, কোনোবাই দেখিব।
এৰি দিলে, কি ভাবি নাজানো, আঙুলি কেইটা বিষাই গল মোৰ, লোহাৰ নিচিনা টান হাতখন। হোষ্টেলৰ একেবাৰে গেটৰ ওচৰত ৰখাই দিলেহি।
:নামিব পাৰিবানে?
:পাৰিম।
কষ্ট হলেও যেনেতেনে নামিলো নিজেই, নিশাহত আহি নাইপোৱা তেতিয়ালৈকে।
:আপুনি যাওক, ইহঁতি আহিবই এতিয়া।
:আগতে আহি লওঁক।
তেওঁ বাইকখনতে বহি আছে, মই তেওঁৰ পিছফালে ৰৈ আছো ।
:come here.
অকণ আগবাঢ়ি সন্মুখত ৰলো ।
:ভয় লাগে মোলে ?
:ওহোঁ ।
:সঁচাকে ?
:অকণ অকণ লাগে ।
তললে মূৰ কৰিয়েই কৈ আছো ।
:look at me Astha.
মূৰ তুলি চালো, streetlight অৰ সামান্য পোহৰত তেওঁক প্ৰথম বাৰ ভালকৈ চালো । অৰ্ণৱ । কিয় সকলোয়ে তেওঁক ভাল দেখে আজিহে গম পালো । কিবা এটা অাছে এই চকুযোৰিত, বহুত কথা কৈ যাব পাৰে, কিমান দেৰি তেনেকে চাই আছিলো নাজানো,কিন্তু ভাল লাগিছে সকলোবোৰ । পৃথিৱীৰ সমস্ত কোলাহল এৰি নিৰব এটি মূহুৰ্ত, ভাল লগা, মিঠা মিঠা, বুকু জুৰ পৰা।
:কি ভাবিছা ?
:হাঁ? না নাই, একো নাই ।
:কি কৰিলা চোৱা তুমি ?
তেওঁৰ বাওঁহাতত ৰং লাগিল মোৰ হাতৰপৰা, আলটা খিনি ভালকৈ শুকুৱাই নাছিল ।
:মোৰ গাত কি দোষ? আপুনিহে টানি দিছিল।
কথাটো কওঁতে লাজতে ৰঙা চিঙা পৰি গলো ।
:খং কোনে উঠাইছিল ?
:উঠাব নালাগে নহয়, আপোনাৰ এনেও খং উঠিয়েই থাকে, সবেই কয়, অৰ্ণৱ যিমান handsome সিমানেই বেছি উগ্ৰ।
:handsome?
কি বকি আছো মই? নিশা কত মৰিলি তই, জলদি আহ please।
একো নামাতিলো, কথা কলে এতিয়া কি ওলাব মুখত ঠিক নাই।
:আচ্ছা, অাজি তোমাক কোনে ready কৰিছিল?
: সবেই, মানে বা হঁতে, নিশাই, ৰাজী টিনা সবেই।
:okay, সবকে মোৰ ফালৰ পৰা থেংকছ কবা?
:কি? মইহে থেংকছ কব লাগে, আপুনি কেলেই কৈছে!
:you have no idea how beautiful you are Astha, right now I feel like I am talking to an angel.
ভয়, লাজ সব লাগিছে, কি হৈছে এইবোৰ, নিশা please সোনকালে আহ। মনে মনে আছো, যেনিতেনি চাইছো কিন্তু তেওঁৰ চকুত নাই চোৱা। পলাব পৰা হলে ইয়াৰপৰা
:একো নোকোৱা?
:ওহোঁ
:কিয়?


:এনেই।
:বেয়া পালা মই যে দুখ পোৱাই দিলো?
:অলপ পাইছো, কিন্ত্ত কি কৰিম, নমোয়ে সব দেখি থাকে, আপোনাকো দুখ পোৱাই দিব।
কি বকি আছো নিজেও গম নাইপোৱা, মই যে পাগল গম পাইছে চাগে।
:নমো মানে?
:নমো মানে নমো, মানে GOD.
হো হোৱাই হাঁহিছে তেওঁ, পেটত ধৰি ধৰি, মই বেলটোৰ নিচিনাকে চাইছোঁ মাত্ৰ, কেলেই হাঁহিছে ধৰিব নাইপৰা।
:কি হল অৰ্ণৱ দা ?
নিশাৰ মাতত ঘূৰি চালো।
:নমো চিনি পোৱা?
:আচ্ছা, আমাৰ আস্থা বাইদেউৰ নমো, এইজনী এতিয়াও class 5 অতে আছে, অাৰু ঢেৰ এনেকুৱা কথা কব, শুনিলে হাঁহি হাঁহি মাৰিব। বল ভিতৰলে আস্থা। thanks a lot দাদা ।
:my pleasure. Take care Astha.
:হমম, থেংকছ ।
ঘূৰি নোচোৱাকৈ ৰুমত সোমালোহি, যেনেতেনে বিচনা খন পালোহি, ৰাজী আৰু নিশাই makeup আতৰাই দিলে, চুলিখিনি খুলিহে শান্তি পাইছোঁ। নিশাই bandage তো খুলি ভালকে ধুৱাই spray কৰি দিলে। আৰাম পালো।
:অামি গৈ থাকো, তই rest ল, ভয় লাগিলে call কৰি দিবি, মই সব ভালকে lock কৰি থৈ যাম বাৰু।
:হব যা।
বিচনাতে পৰি পৰি ঘৰলে ফোন কৰিলো,মাক দিনটোৰ বৰ্ণনা দিলো। দুখ পোৱা কথাটো নকলো, এনেই চিন্তা কৰি থাকিব । ফোনটো থৈ শুবলৈ চেষ্টা কৰিছো, এনেকুৱাতে message এটা আহিল্ ।
:are you fine now ?
:thike asu.
:may I call you ?
তেওঁৰ ওচৰত number তো আছে যদিও কেতিয়াও call কৰি disturb কৰা নাই, আজি এনেকৈ সুধি লোৱাত কিবা এটা ভাল লাগিল। লাহেকৈ টাইপ কৰিলো ।
:hmm


আগলৈ

-------------------------------------------------------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments
close