Ads Area

JEC LOVE STORY Chapter 1 Part 6

 

JEC Part 6

JEC

Reply কৰিলো যদিও কি কথা পাতিম ভাবি পোৱা নাই। ফোনটো বাজি আছে, উঠাবলৈ সাহস হোৱা নাই, বহুত দেৰি ৰিং হোৱা পাছত উঠালো।
:….
:hey, are you sleeping?
:ওহোঁ ।
:একো নাই কোৱা যে?
:কি কম?
:তোমাৰ যি মনযায়।
:……
:ভৰি বেছিকে বিষাইছে?
:ওহোঁ।
:I am really sorry. But please, মই just তোমাক ভালকৈ চাব বিচাৰো আস্থা, অকণ সময় মোৰ ওচৰত ৰব নোৱাৰা তুমি?
:
:মোক বহুত বেয়া পোৱা?
:নাপাও।
:Then? ভাল পোৱা?
থাক, ফোন তো সৰি পৰিল। ভালপোৱা? সেইতো কি বস্তু বুজিব পৰা হৈছো জানো মই? নাই নাপাও, মই তেওঁক ভাল নাপাও। নাজানো, মই কি বিচাৰো মই নিজেই নাজানো, মই ইমান ডাঙৰ হৈছো জানো??
:কোৱা আকৌ কিবা এটা?
:নাপাও, ভাল নাপাও, অকণ অকণ বেয়া পাওঁ।
:অকণ মানে? তোমাৰ পোৱালি পোৱালি আঙুলি কেইটাৰ সমান?
সঁচাকে মোৰ আঙুলি কেইটা পোৱালি নিকি! নিজৰে হাতখন কাহানিও নেদেখা নিচিনাকে চাইছো, ঠিকেইতো আছে।
:মোৰ আঙুলি পোৱালি নহয়।
:but তুমিতো পোৱালি হয়।
একো নাইমতা, ভাল নালাগে এনেকে কলে, মইয়ো ডাঙৰ হৈছো, ঘৰৰপৰা ওলাই অহা নাছিলো বাবে বহুত কথা নাজানো, কিন্তু লাহে লাহে শিকিম মইয়ো, সেইবুলি এনেকে কব লাগে নিকি।
:আচ্ছা sorry, পোৱালি নহয় বাৰু, এতিয়া কোৱা তোমাৰ ঘৰৰ কথা, দেউতাক বাৰু চিনি পালো, অাৰু কোন কোন আছে?
ঘৰৰ কথা কবলৈ পালে মোৰ মুখ এনেও বন্ধ নহয়, কিমান দেৰি কথা কৈছো নাজানো, মা দেউতা মই, অামি কি কৰো, কি খাওঁ সকলোবোৰ গাই গৈছো, তেওঁ মাথো শুনি অাছে।
:মায়ে জীও বুলি মাতে?
কথাৰ মাজতে কেতিয়া কলো নাজানো, কিয় কলো সেইতো ভাবি মূৰটো গৰম হৈছে। মনে মনে থকাই ভাল।
:কোৱা আকৌ, মায়ে জীও বুলি মাতে?
:হমম।
:অাৰু কোনে মাতে জীও বুলি?
:কোনেও নামাতে।
:good.
:কি?
:nothing.
কি ভাবি কি কয় মই বুজি নাপাওঁ, চেষ্টাও নকৰোঁ।
:নিশাক দেখিছে যদি কৈ দিব মই ঠিকে আছো বুলি, message কৰি আছে তাই।
:মই তো ইয়াতে আছো।
:ইয়াতে মানে?
:খিৰিকী খন খুলি দিয়া।
বিচনাৰ ওচৰৰ খিৰিকী খন খুলি চাই দেখো তেওঁ একে ঠাইতে এতিয়াও ৰৈ অাছে, মই ৰূমলৈ অহা ইমান সময় হল তেওঁ যোৱা নাই কিয়।
:আপুনি ইয়াত কিয় ৰৈ অাছে?
:তোমাক চাবলে, switch on the light please.
ৰুম তো এন্ধাৰ বাবে তেওঁ মোক নাইদেখা, কিন্তু মই তেওঁক এতিয়াও streetlight অৰ সামান্য পোহৰত একেই ৰূপত দেখিছোঁ, বুকুখন খুব জোৰেৰে কঁপিছে মোৰ, কিয় চাই আছো তেওঁৰ ফালে এনেকে, নেজানো, একো নেজানো মই।
:please আস্থা, এবাৰ on কৰা light তো।
কঁপা কঁপা হাতেৰে চুইছ তো দিলো, চুলিখিনি বতাহে কোবাই আউল বাউল কৰি দিছে, কিন্তু ঠিক কৰাৰ জোখাৰে শক্তি কণ মোৰ এতিয়া নাই।
তেওঁ তেতিয়াও কাণত ফোন তো লগাই চাই আছে মোৰ ফালে, একো নাই পৰা কব, দুয়ো মৌন, সময় ৰৈ গৈছে একে ঠাইতে, উশাহ লোৱাৰ শব্দ মাথোঁ শুনা পাইছো, বাকী সকলো স্তদ্ধ, চুলিখিনি বাৰে বাৰে গালে মুখে পৰিছে, কিন্তু হাতখন উঠাব পৰা নাই মই, শিলৰ দৰে ৰৈ আছো মাথোঁ, কিয় ভাল লাগিছে এই অনুভৱ, কিয় ভাল লাগিছে এবাৰ মোক প্ৰাণ ভৰি চাব খুজা এই আব্দাৰ, সীমাহীন প্ৰশ্ন, উত্তৰ নাই!

:you are beautiful!!!!!!!!!!!!!!!!
কলিজাটো ওলাই আহিব যেন্ লাগিছে। কি কৰো কি নকৰো ভাবি পোৱা নাই, কি উত্তৰ দিম। অাছে জানো কিবা কবলৈ।
:নিশাই message কৰিছে, আহিছে তাহাঁতি,please যাওক এতিয়া ।
:ওহোঁ।
:please.
কিনকিনিয়া বৰষুনজাক কৰ পৰা আহিল নাজানো, খিৰিকীৰ কাষত ৰৈ থকা বাবে গালে মুখে পানীৰ চিটিকনি পৰিলহি। তেওঁ তেতিয়াও লৰচৰ কৰা নাই।
:বৰষুণ দিছে।
:জানো।
:তিতিলে গা বেয়া হব।
:তুমিতো মোক বেয়া পোৱা, মোৰ গা বেয়া হলে তুমি ভাল হে পাব লাগে।
কথাত হৰুৱাব নোৱাৰোঁ বুলি জানো,যি কৰে কৰি থাকক, মোৰ কি আহে যায়।
:ঠিক অাছে তিতি থাকক, মই খিৰিকী বন্ধ কৰো।
একো কোৱাৰ সুযোগেই নিদিলো, জোৰত খিৰিকীখন বন্ধ কৰি দিলোঁ। মোৰো খং আছে, উল্টা পুল্টা কথা কলে ময়ো বেয়া পাওঁ।
:খং কৰিলে তোমাক অাৰু ধুনিয়া লাগে।
কি? Light তো off কৰাই নাই তেতিয়াও,দেখি আছে তাৰমানে। এইবাৰ light তো off কৰি পৰ্দাখন টানি দিলো। ফোনটো disconnect কৰি switch off কৰি শুই থাকিলো।

শুবৰ চেষ্টা কৰিছো যদিও টোপনি নাই অহা, বাৰে বাৰে চাবৰ মন গৈছে তেওঁ আছে নে গল। কিন্তু ভয় লাগিছে, যদি তেওঁ আছে মই ধৰা পৰি যাম, অাৰু যদি নাই, মোৰ কিবা এটা বেয়া লাগিব। ফোনটো কাটি দিলো বুলি আকৌ কৰিব নোৱাৰি নেকি।
নাই নাইকৰা, screen খন বাৰে বাৰে চাই আছো। নাই, নোৱাৰি এনেকে ।লাহেকে পৰ্দাখন অকণমান আঁতৰাই চালো কি আচৰিত, এতিয়াও ৰৈ অাছে, ফোন তো উঠাই call কৰিলো।
:খং কমিলে?
:অাপুনি যোৱা নাই কিয়?
:তুমি সঁচাকৈ বুজা নাই মই কিয় এতিয়াও নাই যোৱা?
:ওহোঁ ।
:তুমি অকলে থাকিব যে নোৱাৰা মই জানো, তোমাৰ ভয় লাগিছে কিন্তু কবলৈ লাজ কৰিছা সবেই হাঁহিব বুলি।নালাগে বাৰু কব। মই নিশা অহালৈকে ৰৈছো ইয়াতে। তুমি শুবৰ চেষ্টা কৰা।
কি অদ্ভূত এই মানুহজন। কিয় বুজি পোৱা ইমান কঠিন। যদি মোলৈ মৰম ইমানেই বেছি তেনেহলে কথাই কথাই গালি কিয় পাৰি থাকে।
:আপুনি কেনেকে গম পালে মোৰ ভয় লাগিছে বুলি?
:সব কথা কৈ বুজাব নালাগে আস্থা, তুমিও মই নোকোৱা কথাবোৰ বুজি পোৱা হলে।
:মানে?
:মানে মই তোমাৰ senior হয়, ইমান question সুধিব নোৱাৰা তুমি মোক। চুপ চাপ শুই থাকা।
সেয়া, উঠিলেই খং তো, মোৰনো কি দৰকাৰ আাছিল ফোন কৰিবলে। নিজৰ ওপৰতে খং উঠিল, ভোৰভোৰাই আছো মুখৰ ভিতৰতে, কৰি থাকক কি কৰে, মোৰ কি যায় ।
প্ৰায় আধাঘণ্টা মানৰ পিছত সব ঘূৰি আহিল। নিশাই মোৰ কাৰণে খোৱা খিনি pack কৰি আনিছে, ভোক অকণ লাগিছিলো, বিচনাতে বহি খাবলৈ ললো।
:আস্থা, তই অৰ্ণৱ দাক কি reply দিবি?
খোৱা খিনি ডিঙিত লাগি ধৰিল, খুব জোৰে চৰচৰণি খালো, কি সুধিছে নিশাই!
:মানে?
:মানে অৰ্ণৱ দাই তোক ভাল পায় বুলি নাজান নিকি?
:তই পাগল হৈছ নিকি?
:নাইহোৱা, কিন্তু অৰ্ণৱ প্ৰতিম কাশ্যপ, The most handsome, misteriouse and KHADOOS লৰা তো আমাৰ্ মাইনা মাইনা ছোৱালীজনীৰ প্ৰেমত পূৰাই পাগল।
কথাটো কৈ নিশা ৰাজী অাৰু টিনাই হাঁহি হাঁহি থাকিবই পৰা নাই। মোৰ একো খোৱা নহল। কিবা এটা লাজ লাজ ভাৱে হেঁচা মাৰি ধৰিছে, গালখন পুৰিছে আকৌ।
:তই জাননে অৰ্ণৱ দাই তোৰ বাহিৰে কোনো ছোৱালীক ঘুৰিও নাচায়.।
:তই কেনেকে জানিলি?
কিয় জানো, কথাটো শুনি কিবা এটা ভাল লাগিল। অাৰু জানিবলে খুব মন্ গল মোৰ।
:কিয় নীতা বা যে, মোৰ cousin জনী, অৰ্ণৱ দাৰ লগৰে ন, বায়ে কলে মোক, first time বোলে প্ৰেমত পৰিছে অৰ্ণৱ দা, কথা কম কয় কাৰণে কোনেও সোধা নাই, but সবেই গম পাইছে অাৰু লাহে লাহে। তই lucky বে আস্থা। And I am so happy for you.
: কি বকি আছ তইহে জান দেই মোক তো তেনেকুৱা একো কোৱা নাই।
:সব কথা কৈ দিব নি অাৰু, নিজেও অলপ মাথা লগা।
ভাল লাগিছে অাজি দিনটো, দুখ পালো যদিও বিষ পাহৰিছো, এতিয়া অকল বুকুত হে এটা মিঠা মিঠা বিষ, তেওঁক আকৌ এবাৰ নেদেখালৈকে হয়তো এনেকৈয়ে থাকিব। নিশাৰ হাতত খোৱা plate খন দি গাৰুটোত আউজি বহিলো, টিনা অাৰু ৰাজী গলগৈ, নিশাই হাত মুখ ধুই আহি মোৰ ওচৰতে বহিল।
:কিবা কবি আস্থা?
:হমম, নাই একো নাই।
:disturbed লাগিছ বহুত, কি হল কচোন ।
:নিশা, আমিতো সৰু হৈ আছো এতিয়া ন, প্ৰেম হয় জানো এইটো বয়সত?
:আস্থা মাইনা, মোৰ প্ৰেম হৈয়ো breakup হল দুবাৰ, তোক মায়ে কেঁচুৱা বনাই থৈ দিছে দেই, সঁচাকে তোৰ আজিলৈকে কাকোৱেই ভাল লগা নাই?
:ওহোঁ।
:Omg, you are so innocent my baby.
নিশাই টপকে গালতে চুমা এটা খাই দিলে, আজিকালি প্ৰায়ে মোৰ গালখন চিকুটি থাকে তাই।খং উঠে যদিও ভালো লাগে, মোৰ মাজতেই তাই নিজৰ আপোন কোনোবা বিচাৰি পায় যেন লাগে। ফোনটো আকৌ বাজিল মোৰ।
অৰ্ণৱ।
কিয় বা ফোন কৰিছে।
:হেল্ল
:নিশাক দিয়া।
:কিয়?
:কাৰণ মই কৈছোঁ।
একো নকলো, নিশাক দি দিলো ফোন তো।
কি কথা পাতিছে নাজানো, মাজে মাজে নিশাই মোলে চাই চাই হাঁহি আছে। মোৰ লগত একো কথা নাপাতিলে তাৰ পিছত। থৈ দিলে ফোনটো। বেছি কৰে অলপ।
:কি কলে তোক?
নিশাক সুধিলো।


:secret baby, তোমাক কব নোৱাৰিম দেই।
মুখ খন ডাঙৰ কৈ মেলি নিশালৈ চালো, কেতিয়া তেওঁৰ ফলীয়া হল, মোৰ হে friend আছিল, আজিকালি কাৰো বিশ্বাস নাই। খঙতে গাৰু টো মূৰৰ ওপৰত্ লৈ শুই থাকিলোঁ।
:বেয়া পালি নিকি?
:যা ইয়াৰপৰা ।
:okay বাবা sorry। আচ্ছা শুন, অৰ্ণৱ দাই তোক ৰাতি মাজে মাজে চাই থাকিব কৈছে, অাৰু বেছি বিষ হলে ৰাতিপুৱা ডক্তৰ ওচৰত লৈ যাম্ কৈছে। এতিয়া খুচ?
:হমম, খুচ।
নিশা নিজৰ বিচনালৈ গল, যোৱাৰ আগত অৰ্ণৱে কোৱাৰ দৰে মোৰ ভৰিৰ তলতো গাৰু এটা দি থৈ গল। মইহে শুব পৰা নাই, বাৰে বাৰে তেওঁৰ মুখ খন চকুৰ আগত ভাঁহি অাছে। ফোনটো অফ কৰাই নাই তেতিয়াও, মই ৰাতি switch off কৰি থৈ দিওঁ। আজিও কৰিব লওঁতেই তেওঁৰ ফোন আহিল।
:শোৱা নাই কিয়?
:টোপনি নাই অহা।
:কিয় নাই অহা? ভৰি বিষাইছে বেছিকৈ?
:ওহোঁ।
:then?
:নাজানো।
:Astha, are you alright?
:….
:Say something please, am I too demanding? Are you scared of me?
:…..
:Aastha, please.
:…
:Answer me Damn It.
খং উঠিল আকৌ, যেতিয়াই ভাবো তেওঁ মোক ভাল পায়, মৰম কৰে বুলি, তেতিয়াই গালি পৰাটো খাটাং, চকুপানী বৈ আহিলে মোৰ। ভাল লগা সপোণ এটা ভাগি থাকিল, বৰ ঠুনুকা এই সপোনবোৰ।
:are you crying? Seriously? But why?
:নাজানো ।
:please আস্থা, এনেকুৱা নকৰিবা, মোৰ কাৰণে বহুত difficult হৈ গৈছে, I really don’t know how to make you understand what I feel, you are too naive Astha. And that’s what dragging me more, towards you.
:…..
:কিবা কবা?
:ওহোঁ ।
:টোপনি ধৰিছে?
:উমম।
টোপনি অাজি কেতিয়াও নাহে, কিন্তু তেওঁৰ লগত কথা পাতি থাকিবও নোৱাৰোঁ, ভয় লাজ সব লাগিছে। এনেই কৈ দিলো টোপনি ধৰিছে বুলি।
:আচ্ছা, কিবা খালা নাই?


:উমম।
:ঠিক আছে শুই থাকা, মই ৰাতিপুৱা ফোন কৰিম। good night জীও।
জীও? কিয় মাতিছে সেইতো নামেৰে? কাটি দিলো ফোন তো, অাৰু নোৱাৰোঁ শুনিব একো।
ফোনটো কাটি বুকুত সাৱটি বহি আছো।
কিয় এই ভাললগা?
কিয় এই নিৰবতা?
কত লুকাই আছিল এই অনুভব?


……. আগলৈ

-------------------------------------------------------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments
close