Ads Area

JEC LOVE STORY Chapter 1 Part 7

 

JEC

JEC Part 7

ভৰিটো লাহে লাহে ভাল হল, সেইকেইদিন প্ৰতিদিনেই তেওঁ ফোন কৰিছিল, খবৰ লৈছিল, কিন্তু এতিয়া একেবাৰেই নাই, কিয় নাজানো, message বা ফোন একোৱেই নকৰে।কলেজত দেখিলেও নেদেখাৰ নিচিনা কৰে, কেতিয়াবা নিশাৰ লগত কথা পাতি গুচি যায়। খুব বেয়া লাগে মনত, কিয় এনেকুৱা কৰিছে, কি কৰিলো। ৰাতি শোৱাৰ আগত সদায় চাও ফোনটো, শুই থাকো চাই চাই। প্ৰতিবাৰেই নিৰাশ হও। ভাবি ভাবি পাগল হৈছো, নিশাই বুজাইছে এইবোৰ বাদ দে, পঢ়াত মন দে। ঠিকেই কৈছে তাই। মই গোটেই সময়বোৰ পঢ়াতে লগালো। কলেজৰ সময়খিনি ভালেই লাগে, লগৰবোৰৰ লগত বহুত ভাল বন্ধুত্ব গঢ়ি উঠিছে। এদিন class কৰি ওলাই আহিছো মই আৰু নিশা, চিৰি কেইটা নামোতেই অংকুৰক লগ পালো।

:কি খবৰ আস্থা, ফোন কৰিলেও কথা নাপাতা, message কৰিলেও reply নাই, কিবা বেয়া পালা নেকি?
:নাই বেয়া কিয় পাম।
:বলা তেন্তে canteen অত বহি কথা পাতিম।
:বলা।
তিনিওটা গৈ canteen অত বহিলো, নিশা আৰু অংকুৰে চাহ খাইছে, মই এনেই বহিছো। ধেৰ কিবা কিবি কথা ওলাইছে, JEC ক্ লৈ অামি আগতে কি ভাবিছিলো, এতিয়া কি ভাবোঁ, ভৱিষৎ কি হব, Maths অৰ ছাৰ জন কিয় ইমান খঙাল, বহুত কথা। অংকুৰে কথাই কথাই হঁহুৱাব পাৰে, নিশাই ময়ে হাঁহি হাঁহি পাগল হৈ গৈছো। চাহ খাই ওলাই আহি নিশাই প্ৰিন্ট উলিৱাব গল, মই অাৰু অংকুৰ দোকান খনৰ সন্মুখতে ৰৈ আছো।
:কথা এটা কম বেয়া পাবা নেকি আস্থা।
:কোৱাচোন।
:তোমাক মোৰ বহুত ভাল লাগে, tution কৰোঁতে তোমাকে চাই থাকো, তেতিয়া কবলৈ ভয় লাগিল। বহুত দিন চেষ্টা কৰি আছিলো কবলে। পৰা নাছিলো। সঁচাকে বহুত ভাল লাগে তোমাক, I think I am in love Astha.
কিবা কোৱাৰ আগতেই গাৰ ওচৰেদি দপদপাই কোনোবা পাৰ হল। গোন্ধটো চিনাকি, খুব strong deodorant অাৰু just খাই ওলাই অহা চিগাৰেটৰ গোন্ধ।অৰ্ণৱ!!
ইমান জোৰেৰে গাত গা লগাই পাৰ হৈ গল যে মই কোনোমতেহে নপৰাকৈ ৰলো। বাইকত উঠি মোলে যিদৰে চালে, চকুৰ পৰা জুই ওলাই আহিব যেন লাগিল। ভয়তে দৌৰি গৈ নিশাৰ ওচৰ পালোগৈ।
:কি হল?
:ইয়াৰপৰা জলদি যাও বল।
:আৰে কি হল ক না।
:বল না please.


অংকুৰক একো নোকোৱা কৈয়ে গুচি আহিলো, নিশাই মোৰ মুখলে চাই চাই আহি অাছে, মই প্ৰায় চোঁচোৰাই অনা দি আনিছো। কিমান ভয় লাগিছে বুজাব নোৱাৰোঁ, অৰ্ণৱে সব শুনিলে তাৰমানে, অাৰু এই অংকুৰ টোৰ ওপৰতো ভীষণ খং এটা উঠিছে মোৰ।ৰুমত সোমাই মই গোটেই বটল পানী একেবাৰতে খালো, নিশাই চাইহে আছে, একো বুজা নাই বেচেৰীয়ে।
:নিশা, বহুত ডাঙৰ কথা হল।
কথাখিনি নিশাক কলো, তায়ো অৰ্ণৱৰ খং কিমান জানে, কি কৰিছে চাগে ঠিক নাই।
:তই অংকুৰক কি কলি?
:একো নাই কোৱা।
:কাইলৈ কৈ দিবি, তই তেনেকে নেভাব বুলি।
:হমম, কিন্তু এতিয়া কি কৰোঁ?
:কি কৰিবি নো, অৰ্ণৱ দাই সুধিলে কৈ দিবি সচাঁ কথাটো।
নাই, তেওঁ ফোন message একো নাইকৰা, ময়ো সাহস কৰিব পৰা নাই, আজিলৈকে সদায় তেওঁ ফোন কৰিলে হে কথা পাতো, মই কৰি পোৱাই নাই। ৰাতিটো তেনেকেই পাৰ হল, পিছদিনা কলেজলৈ গৈ তেওঁক বাৰে বাৰে দেখো নেকি চাইছোঁ, নাই, কতো নাই। এনেকে প্ৰায় তিনিদিনমান পাৰ হল। এদিন কলেজতে উৎপল দাক লগ পালো, সদায় অৰ্ণৱৰ লগত থাকে, অাজি অকলে।
:উৎপল দা।
: আস্থা, কি খবৰ?
:ভালেই, আপোনাৰ?
:চলি আছে।
সুধিম বুলিও নাইপৰা সুধিব, তেওঁৰ কথা জানিব পৰা আধিকাৰ মোৰ আছে নাই নাজানো, কিন্তু মনত কিবাকিবি কথাবোৰ আহি আছে, তেওঁ বাৰু ভালে আছেনে?
:অৰ্ণৱৰ কথা নোসোধা?
:হা? নহয়… মানে
:don’t worry, ভাল হৈ যাব।
:ভাল হৈ যাব মানে?
:তুমি কি গমেই নোপোৱা নিকি, তাৰ accident হল ন, সোঁহাত খন fracture হৈছে, সেইকাৰণে তো college অহা নাই।
সব মোৰ কাৰণেই হল, বুকুখন মোচৰ খাই যোৱা যেন্ লাগিল, চকুপানী ৰখাব পৰা নাই। নিশাই হাতখন খামুচি ধৰিলে মোৰ।
:এতিয়া কত অাছে?
:ৰুমতে,aunty আহিছে,যাবা নিকি চাবলে, বলা নহলে মোৰ লগতে, ভাল পাব সি।
:উমম বলক।
মই কিবা কোৱাৰ আগতেই নিশাই উত্তৰ দিলে।
তেওঁক এবাৰ চোৱাৰ হেঁপাহ খুবেই আছিল, কিন্তু ভয় এটাও লাগিছে। নিশাই তপৰাই উত্তৰ দিলে, মোৰ কথা এবাৰো নাভাবিলে। অৰ্ণৱ অাৰু উৎপল দা, কলেজৰ পৰা অলপ আঁতৰত ভাৰাঘৰত থাকে, এইবোৰ information সদায় নিশাই আহি দি থাকেহি। হঠাতে এনেকে যাব পাৰি নিকি, তাকো লৰা দুটাৰ ৰুমত।
:aunty আছে কাৰণেহে কৈছো,বেয়া পাইছা যদি নালাগে।
:নাইপোৱা বেয়া, বলক।
উৎপল দাৰ পিছে পিছে ওলালো।
:মই আকৌ তাৰ bike খন লৈ আহিছো, এটা কাম কৰা auto এখন লৈ লোৱা, মোৰ পিছে পিছে আহি থাকিবা।
:হব।
গেটৰ সন্মুখত অট’ এখন পালো, উৎপল দাই কথা পাতি দিলে। কলেজৰ বেগ আছেই হাতত, চুৰ্ণীখন ঠিক কৰি বহিলো। কি বা হব, তেওঁ বাৰু মোক মাতিবনে? এতিয়াও খং কৰি আছে নেকি?
:আস্থা, তোৰ mother in law আছে নহয়, ওৰণি খন লৈ ল।
কিয় জানো নিশাৰ কথাত খং উঠা নাই অাজি, লাজ লাজ ভাৱ এটা আহি ৰঙা পেলাই থৈ গল। গাল খন আকৌ পুৰিছে মোৰ।
:আস্থা, অাৰু ৰঙা নপৰিবি দেই, এতিয়াই কিবা কাশ্মীৰী আপেল টো নিচিনা হৈ গৈছ।
উৎপল দাই bike খন ৰখাই নামিবলৈ কলে আমাক, বুকু খন ধক ধক কৰিছে, পালোহি তাৰমানে।

:আহা আস্থা।
উৎপল দাই Gate খন খুলি দিলে।
:অামি উপৰত থাকো, তলত মালিক থাকে।
চিৰিয়েদি যিমানেই ওপৰলৈ উঠিছো উশাহটো সিমানেই ছুটি হৈ আহিছে, পাৰো মানে চুলিখিনিকে চুই আছো, ওঁঠ তো শুকাই যোৱা যেন লাগিছে। উৎপল দাই দুৱাৰত নক কৰিলে, শব্দটো কিন্তু মোৰ বুকুতে বজা যেন্ লাগিল।
:আহিলা?
মানুহগৰাকীয়ে আমাক তেতিয়াও মন্ কৰা নাই। ভয় লাগিলেও চালো এবাৰ। ইমান ধুনিয়া,কপাহী চুৰিদাৰ এযোৰ পিন্ধি আছে, ক্ষীণ ওখ মানুহ গৰাকী, চুলিখিনি কান্ধলৈকে পৰা, মেলি থৈছে, মুখত মিঠা হাঁহি এটা। চকু কেইটা তেওঁৰ দৰে, গভীৰ।
:এওঁলোক?
:আামাৰ junior, মোৰ ভন্টি নিচিনাই। এইজনী নিশা অাৰু এই আস্থা।
:Hello Aunty.
নিশাই তাইৰ স্বভাৱসুলভ হাঁহিটোৰে সম্ভাষণ জনালে।
:Hello.
:তুমি আস্থা?
:হয়, নমস্কাৰ।
:আঁহা আঁহা, ভিতৰলে আঁহা।
পৰিপাটিকৈ থোৱা ৰুমটোত এখন বিচনা, এটা Desktop, ৱালত এটা প্ৰকাণ্ড TV অাৰু এখন সৰু sofa অাছে। তেওঁ নাইচোন। সোমাইয়ে তেওঁক নেদেখি মনটো বেয়া লাগিল।
:বহাচোন তোমালোক। কলেজৰ পৰা চিধা আহিছা চাগে ন। পানী লোৱাচোন।
খুব পিয়াহ লাগিছিল। গোটেই গিলাছ পানী একে ঘোটে খালো।
:অৰ্ণৱ শুই আছে নি?
:নাই শোৱা চাগে, ইয়াতে TV চাই আছিল, এইমাত্ৰ উঠি গৈছে।
:কিয় কেলে লাগে মোক?
মাত তো শুনি বহাৰপৰা উঠি দিলো, এনেকুৱা লাগিল তেওঁক যেন্ বহুত দিনৰ পাছত লগ পাইছো, হাতখন pluster কৰি থোৱা আছে, একেটা position অত ৰাখিবৰ কাৰণে ডিঙিৰপৰা বেলট নিচিনা কিবা এডাল লগাই থোৱা আছে।তেওঁ মুখ ধুই পানী নুমুচাকৈ ওলাই আহিছে, টুপ টুপ কৈ পানী পৰি আছে এতিয়াও।
:উৎপল, towel খন দে না।
বাহিৰত মেলি থোৱা towel খন আনি দিলেহি উৎপল দাই। তেওঁ মুখ খন মচি মচি বিচনাখনত মাকৰ ওচৰত বহিলহি। মন কৰিলো, এবাৰৰ বাবেও নাইচোৱা মোৰ ফালে, মই যেন তাত নাইয়েই তেনেকুৱা লাগিলে। নিশাই ইতো সিটো সুধিছে, কত দুখ পালে কি হল , তেওঁ চমু উত্তৰ দি কথাটো সামৰি থৈছে।
:তুমি ঠিয় হৈ আছা যে আস্থা, বহা বহা। আমাৰ ই Senior বুলি দম দেখাই নি, ভয় নকৰিবা, বাহিৰত হে খঙাল, ভিতৰি গোটেইটো মম।
:আস্থা বহ আক।
তেতিয়াও নাই চোৱা তেওঁ মোৰ ফালে।
:বৰ মৰমলগা ছোৱালী দেই, অৰ্ণৱ তই কোৱা নাই কেলেই তহঁতৰ কলেজত ইমান ধুনিয়া ছোৱালী আছে বুলি।
মাকে ধেমালি সুৰত কথাটো কৈ উৎপল দাৰ ফালে চালে, মোৰ এনেকুৱা লাগিল, কিবা চাগে গম পাইছে।
:মই নেদেখো ধুনিয়া, সেইকাৰণে কোৱা নাই।
তেওঁ সন্মুখৰ ফালে চাই চাইয়েই কলে কথাটো, কিন্তু মোক আঘাত কৰাৰ যি প্ৰচেষ্টা, তাত তেওঁ সফল হল। খুব দুখ লাগিল, মই দেখিবলে বেয়া ভাল সেয়া লৈ কোনোদিন মূৰ ঘমোৱা নাই, কিন্তু এনেকৈ মুখৰ আগত কৈ দিয়া বাবে দুখ লাগিল। জীবনত প্ৰথম বাৰ কাৰোবাক মই ভাল দেখিছিলো, ভাল লাগিছিল তেওঁৰ সকলোবোৰ, অাৰু তেওঁ মোক্ কেতিয়াও ভালেই নেদেখিলে। খং, অভিমান নে বিৰক্তি?
:তোমালোকে কথা পাতা, মই চাহ বনাও। ইমান ভাগৰত আহিছা, কিবা এটা খাই যাবা।
:aunty মইহে খাওঁ চাহ, আস্থা সৰু হৈ আছে যে সেইকাৰণে Horlics খাই।
: সেইটোহে নাই, juice খাবা?
:নাই নালাগে হব।
:কেলেই হব, খাব লাগিব, ৰবা মই আনো।
:বলক aunty, মই আপোনাক help কৰি দিম।
নিশা বহাৰপৰা উঠি পিছে পিছে পাকঘৰৰ ফালে গুছি গল। মই অকলে। উৎপল দা মোবাইল তো লৈ বাহিৰত কথা পাতি আছে, ৰুমটোত মই অাৰু অৰ্ণৱ। বহুতপৰ দুয়ো মনে মনে আছে, চুৰ্ণীখন লিৰিকি বিদাৰি একে ঠাইতে বহি আছো।
:কিয় আহিছা?
:মানে?
:don’t act innocent Astha. কি চাবলে আহিছা হা? মোৰ যিয়েই নহওক লাগে তোমাৰ কি concern? I am nobody to you right? Then why are you pretending like you care, damn it?
:মই জনাই নাছিলো আ আপোনাৰ এনেকুৱা হৈছে বুলি।
:কিয়? তোমাৰ ওচৰত মোৰ number নাছিল, ফোন এটা কৰি সুধিব নোৱাৰিলা মই কিয় কলেজ অহা নাই? You didn’t mind my absence right?
:নহয়, মই কৰা নাছিলো আপুনি খং কৰে বুলি।
:মিছা কথা মই বেয়া পাওঁ আস্থা।
:সঁচাকে কৈছো মই।


থোকাথুকি মাতেৰে কথা কেইটা কলো, কিয় এনেকুৱা অৰ্ণৱ, কিয় বুজি নাপায় মই তেওঁৰ দৰে নহয়, অামি বহুত বেলেগ এজন আনজনৰ পৰা। মই নোৱাৰোঁ, বহুত কথাই মনত খুন্দিয়াই থাকিলেও একো নোৱাৰোঁ কব, বিশেষ কৈ অৰ্ণৱৰ আগত। কিয়? সেইতো মইয়ো নাজানো।
:you also like him?
:কাক?
:That guy who was proposing you that day?
:অংকুৰ? সিটো মোৰ আগৰে…
তেওঁ এখন হাতেৰেই মোৰ সোঁহাত খন ধৰি ইমান জোৰেৰে টানি আনিলে যে, মই চকীৰপৰা আহি তেওঁৰ গাৰ কাষ পালোহি।কলিজাটো ওলাই আহিব এতিয়া ,তেওঁৰ অাৰু মোৰ মাজত মাথো সামান্য দূৰত্ব। মোৰ এডাল দুদাল চুলি উৰি তেওঁৰ বুকুত লাগিছে, মূৰ তুলি চাব পৰা নাই মই, হাতখন তেতিয়াও তেওঁৰ হাতৰ মুঠিত। ধক ধক। দুয়োটাৰে উশাহ শুনা পাইছো মই। দুখোজ পিছুৱাই আহিব খুজিলো, তেওঁ হাতখন ধৰি অাৰু জোৰেৰ টানি আনিল।
:I don’t want history Astha, just answer me you like him or not?
কিয় ইমান অধীৰ সকলো কথাতে। এই জেদ, এই খং, এই অভিমান, পাৰিমনে মই চম্ভালি ৰাখিব?
চকু তুলি চালো, তেওঁৰ চকুত খং অাৰু অভিমান, ভালপোৱা কৰবাত হেৰাই থাকিল।
:আস্থা, কি কৰি আছ নো, আহ না, চাহি aunty য়ে কি তামাম বনাইছে!
:আস্থা, তুমিও ইয়ালেকে আহা।
: গৈ.. গৈছো।
:Answer me first.
:please যাবলে দিয়ক ।আহ. দুখ পাইছো।
হাতখন তেওঁৰ হাতৰ চেপাত মোচৰ খাই গল।
:you like him too?
:না।
:really?
:সঁচাকে কৈছো, please যাবলে দিয়ক এতিয়া।
সন্তুষ্টিৰ হাঁহি এটা বিৰিঙি উঠিল তেওঁৰ চকুয়ে মুখে, হাতখন ঢিলাই দিলে। এক মিনিটো ৰৈ নাথাকিলেো তাত। দৌৰ মাৰিলোঁ নিশাৰ ওচৰলে।

আগলৈ….

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

Post a Comment

0 Comments
close