Ads Area

JEC LOVE STORY Chapter 1 Part 8


JEC Part 8

JEC LOVE STORY Chapter 1 Part 5


নিশাৰ ওচৰ পাইহে ভালকৈ উশাহ ললো। গাটো কঁপি আছে, গালখন আকৌ পুৰিছে।
:কি হল ৰঙা আপেল?
নিশাই গম পাইছে কিবা এটা।
:হাঃ হাঃ, ভাল নাম দিছা, পিছে আস্থা, তুমি অাজি মই বনোৱা ছুজিৰ পায়স খাই যাব লাগিব, অৰ্ণৱৰ বৰ প্ৰিয়, তুমিও ভাল পালে মোৰ একো চিন্তাই নাই।
কি কৈছে বুজি পোৱা নাই মই, বুকু খন অলপ হেঁচা মাৰি ধৰিলো। নিশাই তেওঁৰ মাকৰ লগত অনৰ্গল কথা পাতি আছে, মই মাত্ৰ অলপ আতৰত ৰৈ শুনি আছো।
:আস্থা freeze তে গাখীৰ আছে দিয়াচোন।
তেওঁৰ মাকৰ হাতত গাখীৰ খিনি দি সেইখিনি তে ৰৈ আছো।
:আস্থা, সিটো ৰুমৰ টেবুলখনতে dry fruits অৰ টেমা এটা আছে, লৈ আহাঁচোন, ইয়াক খাবলৈ দি তাতে এৰি থৈ আহিলো।
:ঠিক আছে।
পাকঘৰৰ দুৱাৰখনৰ পৰা জুমি চালো, তেওঁ বাহিৰৰ ৰুমটোত উৎপল দাৰ লগত কথা পাতি আছে, নেদেখাকৈ ইতো ৰুমৰ পৰা লৈ আনিব পাৰিলেই হল।যিমান পাৰি শব্দ নোহোৱাকৈ ৰুমটোৰ ফালে গলো, সোমাইয়েই দেখিছো এসোপামান gym অৰ সামগ্ৰী, এটা punching bag ওলমি আছে, ডাঙৰ Bluetooth speaker এটা, বিচনাৰ কাষৰ টেবুলখনত ধেৰ কিতাপ, বস্তুবোৰ কিন্তু পৰিপাটিকৈ জেগাই জেগাই থোৱা আছে। টেমাটো দেখি আনিবলৈ গলো, লৈ ঘূৰিব লৈছো পৰা নাই, আকৌ এবাৰ ধৰা পৰিলো। তেওঁৰ বাওঁ হাত খন মোৰ বাওঁফালে টেবুলত ভেজা দি আছে, টেবুলখন অাৰু তেওঁৰ মাজত মই যেনেতেন সোমাই আছো। কি কৰোঁ এতিয়া, ঘূৰি দিলে তেওঁৰ গাতে পৰিম। লাহে লাহে তেওঁৰ উশাহ তো অাৰু বেছি ওচৰ চাপি আহিল। মোৰ চুলিৰ গোন্ধটো বাৰে বাৰে সামৰি লৈছে তেওঁৰ উশাহত। মই ৰৈ আছো মাথোঁ দুচকু জপাই।কি হব পাৰে এই মুহূৰ্তত, ভালপোৱা ইমান ভাললগা!
:baby powder?

তেওঁ কাণতে ওঁঠ লগাই সুধিলে। মই এতিয়াও baby cream অাৰু baby powder ব্যবহাৰ কৰোঁ, বেলেগ কিবা লগাব নোৱাৰোঁ, কিন্তু তেওঁ জনাটো বিচৰা নাছিলোঁ। উত্তৰ দিব নোৱাৰোঁ মই, মোৰ শব্দবোৰ তেওঁৰ শৰীৰৰ সুগন্ধিত হেৰাই গল। মই মাত্ৰ শুনি আছো। কিয় ইমান ওচৰত থাকিও তেওঁ দূৰত ৰাখিছে নিজক, কিয় এটা আঙুলিও চুই চোৱা নাই।
:আস্থা, পালানে নাই?
হে ভগৱান, কি কৰি আছো অামি, কিমান লাজ পাম কোনোবাই এনেকে দেখিলে, সপোনৰ দেশ এৰি বৰ্তমান পালোহি। তেওঁ তেতিয়াও মোক্ আবৰি ৰাখিছে, অলপো লৰচৰ কৰিব নোৱৰাকৈ।
:এৰি দিয়ক।
:মইতো ধৰি থকা নাই।
হাৰি যাও বাৰে বাৰে তেওঁৰ আগত, কিন্তু আজিকালি ভাল লাগে এই পৰাজয়।
:কিয় আহিছিলা মোৰ ৰুমত?
:এইটো নিবলৈ। এতিয়া please আঁতৰি দিয়ক।
আঁতৰি দিলে, টেমাটো লৈ দৌৰি পলাব খুজিছো, পৰা নাই, ঘূৰি চালো, চুৰ্ণীখনৰ আগটো তেওঁৰ হাতত।
:মোৰ ৰুমত without permission কোনো নাহে। তুমি rule break কৰিছা।
:sorry.
আকৌ টানি নিলে নিজৰ ওচৰলে, মৰি যাম এনেকে মই, কি কৰি আছে।
:এনেকে নহব।
:মানে?
:I will forgive you in one condition.
চৰ্ত? কি চৰ্ত ৰাখে ঠিক নাই, হে ভগৱান বচোৱা মোক।
:কি condition?
:ৰাতি ফোন কৰি কম। এতিয়া যোৱা। and one more thing, baby product পোৱালি বিলাকেই use কৰে, so technically তুমি এতিয়াও পোৱালি ।
কথাকেইটা কওঁতে তেওঁৰ ওঁঠ দুটা বাৰে বাৰে মোৰ কাণত লাগিছে, মই ঠিয় হৈ থাকিব পৰা নাই, আঠু দুটা নাই নাই লাগিছে।
:please যাবলে দিয়ক।
অাৰু নোৱাৰোঁ, চকুপানী ওলাই আহিব এতিয়া,সকলো বোৰ মোৰ কাৰণে একেবাৰেই নতুন।
এৰি দিলে তেওঁ, একে কোবে গৈ নিশাৰ ওচৰ পালো, কঁপা কঁপা হাতেৰে টেমাটো তাইকে দিলো, অৰ্ণৱৰ মাক বনোৱাত ব্যস্ত, মোলৈ বৰ এটা মন্ কৰা নাই। নিশাই কিন্তু সব বুজি পাইছে।
:everything is ready. বলা এতিয়া সবেই একেলগে চাহ কাপ খাই লওঁ।
খোৱা বস্তুখিনি লৈ অামি বাহিৰৰ ৰুমটোলৈ ওলাই আহিলো। যিমান পাৰি তেওঁৰ পৰা আঁতৰত বহি সময়খিনি পাৰ কৰিলো। অলপ দেৰি পাছত ঘুৰি আহিবৰ হল। অামি অট ‘লৈ আহিব খোজাত তেওঁৰ মাকে মানা কৰিলে। তেওঁ নিজৰ গাড়ীত থৈ যাবহি।
:উৎপল তুমিও বলা, অামি থৈ আহিম অাৰু আহোঁতে বজাৰ কৰিও আনিম।
:বলক।
তেওঁ একো মাত নামাতিলে, মই যাও বুলি কওঁতেও একো উত্তৰ নাই।
:অৰ্ণৱ তইয়ো বল নহলে।
:নালাগে, মই আছো, তোমালোক যোৱা।
তললৈ নামি আহি গাড়ীত বহিলো, তেওঁৰ মাকে চলাইছে, উৎপল দা অাগৰ ছিটত, মই অাৰু নিশা পিছত। গোটেই ৰাস্তাটো মাকে মোকেই কিবাকিবি সুধি আছে, ভাল লাগিছে সকলোবোৰ, দিনটো অাজি শেষ নোহোৱা হলে।
আমাক হোষ্টেলত নমাই তেওঁলোক গল গৈ, নতুন আবেগৰ টোপোলাটো সামৰি মইয়ো বিচনাত পৰিলোঁ, তেওঁৰ সুগন্ধি উশাহত এতিয়াও লাগি আছে, ভাললগা, মিঠা মিঠা!


:আস্থা, শুই গলি নিকি? চাহ লৈ আনিছো উঠ।
কেতিয়া টোপনি গলো নাজানো, নিশাৰ মাতত হে সাৰ পালো।
:কেইটা বাজিলে?
:6:30 হৈয়েই গল।
একেজাপে উঠিলো, বহুত পঢ়িব আছে, drawings আছে, Assignment আছে। মুখ হাত ধুই ধূপ দাল জ্বলাই চাহ খালো। ৰাতিপুৱা গধূলি পূজা কৰাটো মোৰ অভ্যাস। পঢ়াত মন বহাব পৰা নাই কিন্তু কৰিবই লাগিব। ভাত খোৱা সময়লৈকে নিশাই ময়ে একো কথা নপতাকৈ পঢ়াত লাগিলো। এনেতে বা হঁতে ভাত খাবলৈ লগ ধৰিলে। খোৱা সময়খিনি নিশাই অকল কি হৈছিল অাজি, কেলে তই ইমান ৰঙা পৰি আছিলি সেইবোৰেই সুধি থাকিলে, মোৰ একো খোৱা নহল। ৰুমত আহিও তাই একেটা কথাতে লাগি আছে। উপায় নাই, কবই লাগিব। এফালৰ পৰা সব বকি দিছো, একো লুকুৱাই ৰখা নাই। বুকুখন পাতল পাতল লাগিল।
:মোৰ এতিয়া আৰু বেছি ভয় লাগে নিশা।
সাৱটি ধৰিলো তাইক, মোৰ কি হৈছে অাজি নাজানো, ইমানখিনি নতুন হেঁপাহ একেলগে সামৰি ৰাখিব পৰা নাই মই, মই প্ৰেম কৰিব বিচাৰো কিন্তু অৰ্ণৱৰ কাৰণে নিজক উপযুক্ত বুলিও নাভাবো। তেওঁৰ খং, জেদ, অধিকাৰ সকলোবোৰ পূৰণ কৰিব পৰাকৈ মই পৰিপক্ক নহয়, আজিৰ ভাল লগা যদি কাইলৈৰ বিৰক্তি হৈ পৰে?
:ভয়? কালে? অৰ্ণৱ দা লে?
:হমম।
:ধেৎ পাগলী, ভয় কৰিবলৈ কি আছে, প্ৰেম কৰ প্ৰেম, বিন্দাছ!
কেনেকে পাৰে নিশাই সব কথা সহজে উৰাই দিব, মই কিয় নোৱাৰোঁ।
:তোৰ কিন্তু mom in law বহুত ভাল, তোক বহুত মৰম কৰিব।
নিশাই বহুত আগলৈকে ভাবিছে, মই আজিৰ দিনটোকে ভাবি ভয়ত পেপুৱা লাগিছো। অাজি অাৰু পঢ়া নহয়, মাৰ লগত কথা পাতি শুবলৈ ললো।
ইকাটি সিকাটি কৰি বহুত সময় পাৰ কৰিলো। চাৰে এঘাৰ মান বজাত ফোনটো বাজিল। চিলমিলিয়া টোপনি ভাঙি দিলে।
:শুই গৈছিলা?
:হমম।


:উঠা।
:কিয়?
:কিয়? মনত নাই? অথনি এৰি দিছিলো এটা চৰ্তত। নুশুনা সেইতো কি?
:কি?
:অাজি লৈ অহা দোপাত্তাখন মোক লাগে।
:কি? আপুনি কি কৰিব সেই খন লৈ?
টোপনি ভাগি থাকিলে। এই মানুহটোৱে মোক্ পাগল কৰিহে এৰিব। অদ্ভূত জেদ। সব কথাতেই। এতিয়া দোপাত্তাখন কিয় লাগে, বগা চুৰিদাৰযোৰৰ লগত মিলাই সেইখন মায়ে কিনি দিছিল, বৰ মৰমৰ মোৰ,কেনেকে দি দিওঁ বাৰু।
:কি ভাবি আছা, কেতিয়া দিবা?
:কিন্তু কিয় লাগে আপোনাক সেইখন?
:মনত নাই, সেইখনত ধৰি কিমান দেৰি ৰাখি থৈছিলো মোৰ ওচৰত!
গোটেই তেজখিনি গালত আহি থুপ খালেহি, আকৌ ৰঙা পৰিছো, বুকুখন কঁপিছে আকৌ। ধক ধক। চকু দুটা মুদি বুকুত হাতখন দি ৰাখিছো, উশাহ লওঁতে কষ্ট হৈছে মোৰ বহুত।
:এতিয়া বুজি পালা কিয় বিচাৰিছো?
:..
:কেতিয়া দিবা?


:…
:Answer me Astha..
:……
:answer me damn it.
একো কব নোৱাৰা হৈ গৈছো, তেওঁক বুজি পোৱা ইমান কিয় জটিল।
:say something Astha.
:কি কম?
:কেতিয়া দিবা?
:আপুনি বহুত জেদী।
:মোৰ জেদ তুমি এতিয়াও দেখা নাই ।কাইলে উৎপলৰ হাতত দি দিবা ভালকে pack কৰি। got it? মই কলেজ নোযোৱালৈকে সেইখন মোৰ ওচৰত থাকিব।
বেছি তৰ্ক কৰিবলৈ গলে গালি খাম, দি দিয়াই ভাল।
:হব।
:অাৰু একো নোকোৱা?
:ওহোঁ।
:মই ওচৰত আহিলে ইমান কিয় কঁপি থাকা তুমি? ভূত নিকি মই?
:….
:বহুত ভয় লাগিছিল অথনি? মই কিবা কৰি দিম বুলি?
:হমম।
:কি কৰিম বুলি ভাবিছিলা?
…….
:কোৱা আকৌ?
কিয় সুধিছে এইবোৰ কথা, নোৱাৰোঁ কব মই। মনে মনে আছো।
:আস্থা?
:হমম।
:মোৰো মন গৈছিল, তোমাৰ গাল খন চুই চাবলৈ, but I know you are not comfortable. Don’t worry I won’t force you for anything. Trust me.
:হমম
:baby powder কিয় use কৰা?
:এনেই।
:কেতিয়া ডাঙৰ হবা মোৰ পোৱালি?
‘মোৰ পোৱালি’!!!! কি কৈছে এইবোৰ? মই তেওঁৰ? সঁচাকৈ নে?
:টোপনি ধৰিছে তোমাৰ?
:হমম।
:মিছা কথা কব নাপায়, তোমাৰ নমো য়ে দুখ ধৰিব। টোপনি নাই অহা, but মোৰ লগত কথা নাপাতা, হয় নাই?
একো নাই মতা, বাৰে বাৰে হেৰুৱাই পেলাওঁ শব্দবোৰ। জটিল হৈ পৰিছে সকলোবোৰ। আউল লাগিছে মোৰ সহজ সৰল পৃথিৱী খনত।
:ঠিক আছে, মই অাৰু disturb নকৰোঁ, শুই থাকা, good night.
কাটি দিলো ফোনটো, গাৰুটোত মুখ গুজি পৰি আছোঁ, অলেখ ভাবৰ বুৰবুৰণি মনত।
মই পাগল হবলৈ বেছি দিন নাই অাৰু।
আকৌ বাজিল ফোনটো। অৰ্ণৱৰ message।
“don’t forget to bring the dupatta tomorrow”
অাৰু টোপনি নাহে, উঠি আহি দোপাত্তাখন সামৰি পলিথিন এটাত ভৰাই কলেজৰ bag টোত সুমুৱাই থলো।

…. আগলৈ

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

Post a Comment

0 Comments
close