Ads Area

JEC LOVE STORY Chapter 1 Part 9

 

JEC Part 9

JEC LOVE STORY Chapter 1 Part 5


অাজি প্ৰায় এমাহেই হল তেওঁক দোপাত্তাখন দিয়া, এতিয়াও ঘূৰাই নাই দিয়া। হাত ভাল হল, কলেজ আহিছে, কিন্তু সেইখন নিদিয়ে। খুজিবলৈ সাহস নাই বুলি জানে। এই এমাহে ফোন message একো নাই, কলেজত দেখিলেও নেদেখাৰ নিচিনা কৰে, চিনিয়েই নাপায় যেন। মনটো বেয়া লাগে, কিয় এনেকুৱা কৰে নাজানো, কেনেকে ভাবি লওঁ তেওঁ মোক ভাল পায় বুলি? কিন্তু তেওঁৰ বাহিৰে বেলেগ কাকো মোৰো কিয় ভাল নালাগে, অংকুৰ এতিয়াও একেটা কথাতে লাগিয়েই আছে, লগ পালেই সোধে, কিয় মই না কৈছো, মই বেলেগ কাৰোবাক ভাল পাওঁ নিকি সদায় সোধে। কিন্তু মোৰ ওচৰত একো উত্তৰ নাই। বুজা নুবুজাৰ দোমোজাত দিনবোৰ পাৰ হৈছে, খুব বেছি বেয়া লাগিলে নিশাৰ আগত কওঁ, তাইৰ একেটাই উত্তৰ। অৰ্ণৱ দা বেলেগৰ নিচিনা নহয়। মইয়ো জানো, তেওঁ অদ্ভুত, মগজুয়ে বুজি পায়, মনতো অবুজন।

JEC ত তিনিটা মাহ পাৰ কৰিলো, ঘৰলৈ এবাৰো যোৱা হোৱা নাই। অাৰু পোন্ধৰ দিন পিছত দুৰ্গা পূজা, শৰতৰ সুবাসে JEC উপচাই তুলিছে। মোৰ সকলোতকৈ প্ৰিয় ঋতু শৰৎ। নিয়ৰ, শেৱালি অাৰু অলপ ঠাণ্ডা ঠাণ্ডা লগা ৰাতিবোৰ। দিনবোৰ নেযায় নুপুৱায় লাগিছে, মায়ে ফোন কৰি শেৱালি জোপা কিমান ফুলিছে সদায় কয়, উৰি যাম যেন লাগে নিজৰ ঘৰৰ চোতাল খনলৈ। শৰতৰ দিন গণি থাকোতেই মাজতে terminal Exam আহিল। কাইলৈ last paper ।তাৰ পিছত পূজাৰ বন্ধ প্ৰায় এক সপ্তাহ। সব ঘৰলৈ যাবলৈ বেগ সামৰিলেই। নিশাৰ কিন্তু কোনোধৰণৰ উৎসাহ নাই। মই বুজি পাওঁ। বেয়া লাগে তাইলৈ। আজিও দুইজনী ভাত পানী খাই মোৰ বিচনাতে একেলগে পঢ়ি আছো।
:নিশা, তই নহলে আমাৰ ঘৰলৈকে বল।
:নালাগে দে, পিছত যাম।
:বল না, ভাল লাগিব, মায়ে কৈয়ে আছে তোক লৈ যাবলে। অাৰু নৱমী পূজাৰ দিনা মোৰ জন্মদিন, তই থাকিলে মোৰ অাৰু ভাল লাগিব।
:কি? তই কোৱা নাই কিয় Birthday বুলি?
:অামি প্ৰথম দিনাই ইজনীয়ে সিজনীৰ Birthday কেতিয়া সুধিছিলো, তোৰটো মোৰ মনত আছে, তোৰহে মনত নাই।
মিছা খং এটা দেখুৱাই মুখ খন ফুলাই আছো। কিজানিবা তাই মোৰ লগত ওলায়েই আমাৰ ঘৰলে।
:I am extremely sorry dear. ঠিক আছে, মই তোৰ লগত যাব নোৱাৰিলেও তোৰ Birthday দিনা পাক্কা তহঁতৰ ঘৰলে আহিম। Promise.
:বিদ্যা?
:তোৰ ভাষাত ‘বিদ্যা’। ছটা বাজিবৰ হল, মোক চাহ লাগে, বল বাইদেউৰ তালে যাও।
আজিকালি মইয়ো চাহ খাবলে শিকিছো, বাইদেউ য়ে specially বনাই দিয়ে, অকণমান চাহ, তাতে গাখীৰ অাৰু Horlicks মিলাই দিয়ে, নিশাৰ ভাষাত ‘মাইনা মাইনা চাহ’। দুয়োজনীয়ে বাইদেউৰ লগত ধেৰ কথা পাতিলো। বাইদেউয়ে পূজাত কি কৰিব কি কিনিব সেইবোৰকে সুধি আছো।
:আস্থা তোমাৰ বস্তু তো আনিছো দেই অাজি, সদায় পাহৰি থাকো পায়, অাজি নাতিনী জনীয়ে বুটলি দি পথাইছে।
শেৱালি ফুল। বাইদেওক বহুত দিনৰ পৰা কুটুৰি আছিলো আনি দিবলে। অাজি দিলে। বাইদেউয়ে সৰু পলিথিন তো আগবঢ়াই দিলে। মই থাপ মাৰি লোৱাদি লৈ কেইপাহমান হাতত লৈ শুঙি চালো।
আস, ইমান ভাল লগা।
:যাও বাইদেউ, একেবাৰে পূজাৰ পিছত লগ পাম, কাইলে আপুনি নাথাকে নহয়।
:অ কাইলৈ পূজাৰ বজাৰ আছে পায়, দোকান নোখোলো, পুজা চাই মেলি আহাগে। মিঠাই লৈ আহিবা মোলে।
:ঠিক আছে।
দুয়োজনীয়ে কথা পাতি পাতি আহি আছো, মোৰ হাতত ফুল কেইপাহ তেতিয়াও অাছে।
পিছফালৰ পৰা bike এখন আহি মোৰ কাষতে ৰলহি, ঘূৰি চালো, অৰ্ণৱ। তেওঁৰ পিছফালে উৎপল দা।
Hoodie এটা পিন্ধি আছিল, চিনিবই পৰা নাছিলো, আতৰাই দিলতহে গম পালো তেওঁ বুলি, অাজি অলপ বেলেগ দেখাইছে আনদিনাতকৈ, আৰু অলপ বেছি ভাল।
মই ফুল খিনি পিছফালে লুকুৱাই তললে মূৰ কৰি ঠিয় হৈ আছো, দেখিলে কিবা এটা কবই মই জানো।
:নিশা, অলপ আহাঁচোন এইফালে।
উৎপল দাই নিশাক আঁতৰাই বাইদেউৰ দোকানৰ ফালে লৈ গল।মোক তেওঁৰ ওচৰত অকলে এৰি থৈ, কি হব এতিয়া? অাজি প্ৰায় এমাহৰ পাছত তেওঁ মোৰ ইমান ওচৰত, এবাৰ প্ৰাণভৰি চোৱাৰ হেঁপাহ, কিন্তু সাহস নহল, মই তেতিয়াও দুয়োখন হাত পিছফালে কৰি ৰৈ আছো, চকু তেওঁৰ বাইকৰ চকাটোত।
:Look at me Astha.
আস, ইমান গভীৰ মাত,অতদিনে কত আছিল এই আব্দাৰ?
মূৰ তুলি চালো। কিমান দেৰি ইজনে সিজনক চাই আছো নাজানো, সময় ৰৈ গৈছে, লগতে মোৰ উশাহবোৰো।
:চুলি কিয় বান্ধি ৰাখিছা? খোলা।
কি কৰো ? দুইখন হাততে ফুল লৈ ৰৈ আছো। ধৰা পৰিম এতিয়া।
:নিজে খুলিবা নে মই খুলি দিম?
দুখোজ পিছুৱাই আহিলো, তেওঁ কৰিব নোৱাৰা কাম একো নাই।
কিবা এটা গম পালে তেওঁ।
:কি লুকুৱাইছা মোৰ পৰা? কি অাছে হাতত চাও।
মই মূৰটো জোকাৰি না বুলি কলো।
:show me astha.
:ওহোঁ ।
সোঁহাত খনত ধৰি টানি আনিলে, মুঠিতো তেতিয়াও খুলি দিয়া নাই।
নোৱাৰিলোঁ, তেওঁ জোৰ কৰি খুলিলে কিমান দুখ পাম জানো,এৰি দিলো মুঠিতো, দুপাহ ফুল তলত পৰিল, অলপ তেতিয়াও মোৰ হাতত।
তেওঁ মোৰ হাতখন আৰু চপাই গুন্ধি চালে, চকু দুটা জাপ খাই গল তেওঁৰ, দীঘল কৈ উশাহ লৈছে, হয়তো মোৰ দৰে অৰ্ণৱেও ভাল পায় এই সুগন্ধি। মই মাথোঁ চাই আছো তেওঁক, ভাল লাগিছে আকৌ এবাৰ, সকলোবোৰ।
:মোকো লাগিব।
:কি?
:ফুল।
:বাইদেউয়ে মোকহে দিছে।
খং উঠি যায়, সব বস্তু খালি তেওঁৰ মতেই হব, ইমান ধুনিয়া ফুল খিনি কিয় দিম? পানী দি থৈ দিলে গোটেই ৰুমটো ধুনিয়া গোন্ধাব। নিদিওঁ মই। এইখিনি মোৰ, অকল মোৰ।
:নিদিওঁ।
:দিবই লাগিব।
হাৰি গলো আকৌ এবাৰ, বাওঁহাতত থকা পলিথিন তো তেওঁৰ ফালে আগবঢ়াই দিলো।
:এইখিনি নহয়, তোমাৰ হাতত থকা খিনি।
:কিহত দিম?
:মোৰ হাতত।
কি? এই মানুহটো কিয় এনেকুৱা।
তেওঁ সোঁহাত খন আগবঢ়াই দিলে। মই দিব লওঁতেই তেওঁ হাতখন খামুচি ধৰিলে, যিমানেই এৰোৱাই আনিব খুজিছো, সিমানেই টান কৈ ধৰিছে, গোটেই ফুল খিনি মোহাৰি পেলালে, দুয়োটাৰে হাতত শেৱালি ফুলৰ গোন্ধ। নষ্ট কৰি পেলালে মৰমৰ শেৱালি কেইপাহ। আকৌ এবাৰ বেয়া লাগিল তেওঁক। টান মাৰি আঁতৰাই আনিলো হাতখন।
তেওঁ এইবাৰ নিজৰ হাতখন গুন্ধি চালে, চকু দুটা জাপ খাই গল আকৌ, কিন্তু এইয়া কি, মোৰ ফালে কিয় আনিছে হাতখন। কিবা ভাবি পোৱাৰ আগতেই তেওঁ নিজৰ হাতখন মোৰ গালত ফুৰাই দিলে। কি হৈ গল এইয়া? থৰ থৰকৈ কপিছে ভৰি কেইটা, হাতৰ পলিথিনটো সৰি পৰিল, তেওঁৰ ফালে চালো, কাহানিও নেদেখা এটা চাৱনি। কি আছিল তাত নাজানো। কিয় কৰিলে এনেকুৱা? নাজানো। একো নাজানো মই।
গালখন চুই চালো, ফুলৰ পাপৰি দুটামান তেতিয়াও লাগি আছে।
অাৰু নোৱাৰোঁ ৰৈ থাকিব। কেনিও নোচোৱাকৈ মাথোঁ দৌৰিছো, ৰুমত সোমাই দৰজাখন মাৰি দিলো। বুকু খন অাৰু বেছি কঁপিছে। কি আছিল সেইয়া?
ভালপোৱা, অধিকাৰ নে আন কিবা?
গালখন পুৰিছে আকৌ, চুই চালো, গৰম হৈ গৈছে, হাতখন গুন্ধি চালো, শেৱালি শেৱালি গোন্ধ।

শেষৰ exam টো দি অামি গোটেইবোৰ একেলগে টাউন আহিলো, সবৰে কিবাকিবি কিনিব লগা আছে, মইয়ো মাৰ কাৰণে কপাহী চাদৰ এখন অাৰু দেউতাৰ কাৰণে এটা purse কিনিলো, পূজাই বিহুৱে পইচা গোটাই সৰু বস্তু এটা হলেও কিনো। সেইতো আনন্দ কাকো বুজাব নোৱাৰি। নিশাই নেদেখাকে তাইৰ কাৰণেও ধুনিয়া কানফুলি এযোৰ ললো। ঘূৰি দেখো নিশা অাৰু ৰাজী ফুচকা খোৱাত ব্যস্ত। competetion লাগিছে, কেনেকে খাব পাৰে নাজানো, মইতো মুখ খনেই ইমান ডাঙৰ কে মেলিব নোৱাৰোঁ। টিনা মোৰ লগতে আছে, তাইৰ আকৌ ধেৰ কিনিব লগা আছে, সন্ধিয়া হবৰ হল কিন্তু তাইৰ বজাৰ শেষ নহয়। আমনি লাগি গৈছে।
:হব অাৰু টিনা যাও বল।
:ৰ না please, অাৰু এখন দোকানত চাম তাত নাপালে যামগে।
কিনো বিচাৰিছে তাইহে জানে, এনেকে নহব, অলপ আতৰত থকা নিশাৰ ওচৰ পালোগৈ।
:যাও বল নিশা, টিনাক কচোন।
নিশাই যেনিবা এৰিথৈ যাম বুলি কোৱাত টিনা ঘূৰি আহিবলে ওলাল,অট’ খনৰ পিছফালে আমি, ৰাজী আগত driver জনৰ কাষত, গোটেই ৰাস্তাটো টিনাৰ দোকানীৰ লগত চুপতি মৰা acting কৰি হাঁহি হাঁহি থাকিব পৰা নাই অামি, তাইৰ খং উঠিলে খুব বকে, অাৰু অামি হাঁহো। খুব ভাল লাগিছে দিনটো, পৰীক্ষা শেষ, কাইলৈ ঘৰলে যাম, দুদিন পিছত দুৰ্গা পূজা।ইমানবোৰ ভাললগা একেলগে, হাঁহিটো মুখৰপৰা নুগুচাই হল।
:অই আস্থা, তই মোৰ লগত main gate অতে নামিবি দেই, otrivin কিনিব পাহৰিলো, ফাৰ্মাচী খনত সুধি চাম।
নিশাৰ খুব ছৰ্দি লাগে অলপ নিয়ৰ পালে, নাকটো বন্ধ হৈয়ে থাকে। otrivin নহলে এদিনো নচলে।
:হব দে।
দুয়োজনী নামি ফাৰ্মাচীত সোমালো, নাই নাপালো, Vicks এটা লৈ ওলাই আহিছো। মেইন গেটৰ পৰা আমাৰ ৰুমলৈকে অলপ দূৰ খোজ কাঢ়ি যাব লাগে।
:নিশা, ৰবাচোন।
ঘূৰি চালো, উৎপল দা। তেওঁ নাই অাজি লগত।
:exam কেনেকুৱা হল তোমালোকৰ?
:ভালেই।
:বলা মইয়ো সেইফালেই গৈ আছো।
নিশা অাৰু উৎপল দা অলপ আগে আগে কিবা কথা পাতি পাতি গৈ আছে, মই অকণ পিছত, তিনিটা সমানে গলে ৰাস্তাটোত দিগদাৰ হয়।
কোনোবা দৌৰি আহি থকা নিচিনা লাগিছে, ঘূৰি চোৱা নাই কিন্ত।
:horlicks খাই জোৰ বাঢ়িল নিকি? ইমান fast গৈছা যে।
অৰ্ণৱ!!
যিমান পাৰো সহজ হবলৈ চেষ্টা কৰিছো। পৰা নাই। কালিৰ কথাটো মনত পৰি গল। এসোঁতা গৰম তেজ বৈ আহিল গাললে। তেওঁ মোৰ সমানে সমানে খোজ কাঢ়ি আহি আছে। দৌৰি অহাৰ বাবে অলপ ফোপাইছে। কিয় জানো মন গল, বেগৰপৰা উলিয়াই সৰু পানীৰ বটলতো তেওঁৰ ফালে আগবঢ়াই দিলো। তেওঁ আচৰিত হৈ মোলে চালে। গোটেইখিনি পানী একে কোবে খাই থলে। বটলটো হাতত ৰাখি থৈছে।
:ঘৰলে নগলে নহব?
কি কথা কয়? কিয় নাযাম আকৌ ঘৰলে।
:মানে?
:একো নাই। অকলে যাবা?
:নিশাৰ লগত যাম, শিৱসাগৰৰ পৰা দেতাই লৈ যাবহি।
:বাছত?
:ওহোঁ, নিশাৰ দেউতাক আহিব।
:then fine.
নিশাই কিবা এটা কবলৈ ঘূৰি তেওঁক দেখি আচৰিত হল।
:আৰে অৰ্ণৱ দা, দেখাই নাছিলো মই। আমাৰ পোৱালিৰ দোপাত্তাখন ঘূৰাই কিয় নিদিলে, আজি একে এখন বিচাৰি বিচাৰি নাপাই গোটেই জনী কান্দোঁ কান্দোঁ হৈছে, মায়ে গালি পাৰিব বুলি।
তেওঁ মোৰ ফালে চালে, মই তললে।
: মোক্ খুজা নাই কিয়?


:….
:আস্থা?
……
:লাগে সেইখন?
:হমম।
:নিদিওঁ।
:জানো।
:good, now you know me so well.
অদ্ভুত মানুহ, কি ভাবি থাকে নাজানো, হয়তো তেওঁ নিজেও নাজানে।
:অাৰু কি কি কিনিলা?
হাতৰ বেগটো লৈ চাই সুধিলে।
:মা অাৰু দেতা লে পুজা বুলি সৰু কিবা এটা।
:অকল মা দেতালে?
:নিশাৰ কাৰণেও লৈছো।
:অাৰু মোৰ কাৰণে?
আকৌ নিমাত মই। তেওঁৰ কাৰণে কিয় আনিম মই? মানে আনিব লাগিছিল নিকি? নাজানো মই, মনে মনে থকাই ভাল।
:মোকো লাগিব পূজাৰ gift।
সেইয়া, আৰম্ভ হলেই, অকল খালি মোক এইটো লাগিব, মোক্ সেইতো লাগিব ।উফ।
:দিবা নে?
:কি?
:পিছত কম।
আকৌ নুসুধিলো, আজিকালি তেওঁৰ এনেকুৱা কথাবোৰত আচৰিতো নোহোৱা হলো।
ৰুমৰ ওচৰ পালোহি, একো কোৱা নাই তেওঁ, নিশা অাৰু উৎপল দা আমাৰ পৰা অলপ আঁতৰি ৰৈ চাই আছে। বৰ অসহজ লাগিছে মোৰ।
:যাওঁ।
লাহেকৈ কলো।
:নাযাবা।
:কি?
:আস্থা!
:হমম।
:just two minutes please, let me see you.
ৰৈ আছো তেওঁ কোৱাৰ দৰে, কিবা এটা ভাল লাগে তেওঁৰ এনেকুৱা জেদ বোৰ, চাব বিচাৰে মোক, হয়তো এসপ্তাহ নেদেখাকে থাকি তেওঁৰো বেয়া লাগিব।
:look at me.
চালো, আকৌ এবাৰ হেৰাই গলো তেওঁৰ গভীৰ চকুযুৰিত। কি আছে? খং, অভিমান, ভালপোৱা? কিন্তু অাজি চোন বিষাদ অাছে, কিয়? মই ঘৰলে যোৱাটো তেওঁ বিচৰা নাই নিকি?
:I will miss you astha.
প্ৰথমবাৰ।
আজি প্ৰথমবাৰ তেওঁক বৰ অসহায় যেন লাগিল। কিয়? মোৰ উপস্থিতি তেওঁৰ বাবে কিয় ইমান জৰুৰী। নিশাই কোৱাৰ দৰে, তেওঁ মোক ভাল পায় নিকি? ৰৈ আছো, মোৰো চোন যাবলৈ মন্ যোৱা নাই।
:বল আস্থা, gate বন্ধ কৰি দিব এতিয়া।
আতৰি আহিলো, মনটো কিবা এটা বেয়া লাগিছে অাজি, ঘূৰি চালো, ৰৈ আছে একে ঠাইতে। এই মানুহজন মোৰ ভাল লগা হৈছে, কিয়? নাজানো।

….. আগলৈ

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

Post a Comment

2 Comments
  1. Ba apunar Jec pahi bahutei Val lage jiman pahu himanyi kibaeta manat Val lagi gau

    ReplyDelete
  2. Ba apunar Jec pahi bahutei Val lage jiman pahu himanyi kibaeta manat Val lagi gau

    ReplyDelete

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close