Ads Area

Whatsapp New Policy : ১৫ মে'ৰ পিছতেই অচল হৈ পৰিব Whatsappৰ ভিন্ন সুবিধা ! তেনে পৰিস্থিতিত কি এপ ব্যৱহাৰ কৰিব, জানি লওক সকলো ...

 

ফেচবুক মালিকানাধীন বিশ্বৰ সবাতোকৈ জনপ্ৰিয় মেচেজিং এপ WhatsAppএ ইয়াৰ ব্যৱহাৰকাৰীসকলক গোপনীয়তাৰ নতুন নীতি গ্ৰহণ কৰিবলৈ সময়ে সময়ে মনত পেলাই দি আহিছে ।

Whatsapp New Policy


Whatsapp New Policy

১৫ মে' পৰা গোপনীয়তাৰ নতুন নীতি প্ৰযোজ্য কৰিবলৈ সাজু হৈছে ফেচবুক মালিকানাধীন বিশ্বৰ সবাতোকৈ জনপ্ৰিয় মেচেজিং এপ Whatsappএ । ইয়াৰ বাবে মেচেজিং এপটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলক গোপনীয়তাৰ নতুন নীতি গ্ৰহণ কৰিবলৈ সময়ে সময়ে মনত পেলাই আহিছে ।

গোপনীয়তাৰ এই নতুন নীতি মানি নোলোৱা ব্যৱহাৰকাৰীসকলৰ একাউণ্ট বন্ধ নকৰাৰ কথা হোৱাটছ এপ কৰ্তৃপক্ষই ইতিমধ্যে স্পষ্ট কৰি দিছে । যদিও ১৫ মে'ৰ পিছত হোৱাটছএপে যে তেনে গ্ৰাহকৰ সুবিধা সীমিত কৰিব, সেয়াও প্ৰায় নিশ্চিত হৈ পৰিছে ।

ইন-এপ অধিসূচনাৰ জৰিয়তে জানুৱাৰী মাহতেই হোৱাটছএপে ইয়াৰ ব্যৱহাৰকাৰীসকলক গোপনীয়তাৰ নতুন নীতিৰ বিষয়ে অৱগত কৰিছিল । প্ৰথমে কোম্পানীটোৱে ৮ ফেব্ৰুৱাৰীতেই এই নতুন চৰ্তাৱলী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল, যদিও ইয়াৰ চাৰিওফালৰ অস্পষ্টতাৰ কথা বিবেচনা কৰি ১৫ মে'লৈ পিছুৱাই দিছিল সময়সীমা ।

শেহতীয়া আপডেট অনুসৰি, হোৱাটছএপে নতুন নীতি নিয়ম মানি নোলোৱা ব্যৱহাৰকাৰীৰ একাউণ্ট বন্ধ নকৰে যদিও তেওঁলোকৰ কিছুমান মৌলিক সুবিধা কৰ্তনৰ কথা উল্লেখ কৰিছে । ফেচবুক মালিকানাধীন মেচেজিং এপটোৱে ব্যৱহাৰকাৰীসকলক নতুন গোপনীয়তা নীতি গ্ৰহণ কৰিবলৈ এক কঠোৰ পদ্ধতি ব্যৱহাৰ কৰিছে । এফালে যদি হোৱাটছ এপে একাউন্ট বন্ধ কৰাৰ দৰে কঠোৰ কাম নকৰে বুলি দাবী কৰিছে আনফালে আকৌ এই নীতি মানি নোলোৱা ব্যৱহাৰকাৰীৰ একাউন্ট সম্পূৰ্ণৰূপে অপ্ৰয়োজনীয় কৰি তোলাৰ সিদ্ধান্ত লৈছে ।

তেন্তে নিৰন্তৰভাৱে মনত পেলাই দিয়াৰ পিছতো নতুন গোপনীয়তা নীতি গ্ৰহণ নকৰিলে ব্যৱহাৰকাৰীসকলে হেৰুৱাবলগীয়া হ'ব এপটটোৰ কিছু মৌলিক সুবিধা । ইয়াৰ ভিতৰত আপুনি incoming কল বা notifications লাভ কৰিবলৈ অক্ষম হোৱাৰ লগতে হোৱাটছএপে আপোনাৰ ফোনলৈ বাৰ্তা আৰু কল প্ৰেৰণ কৰা বন্ধ কৰিব পাৰে।

এনে পৰিস্থিতিত যদিহে আপুনি হোৱাটছএপৰ এই নতুন গোপনীয়তাৰ নীতি গ্ৰহণ কৰিব নিবিচাৰে, তেন্তে আপুনি আপুনি ব্যৱহাৰ কৰিব পাৰে এইকেইটা এপ -

  1. Signal : ই হৈছে গোপনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা এটা মেচেজিং এপ । ইয়াক হোৱাটছএপৰ প্ৰাক্তন সহ-প্ৰতিষ্ঠাপক ব্ৰায়ান এক্টনে প্ৰস্তুত কৰিছিল। হোৱাটছএপৰ দৰেই end-to-end encrypted কৰা হৈছে এই এপটোত । কোম্পানীটোৱে দাবী কৰিছে যে ই কোনো ব্যৱহাৰকাৰীৰ তথ্য সংগ্ৰহ নকৰে আৰু ব্যৱহাৰকাৰীসকলৰ ওপৰত চোৰাংচোৱাৰ দৰে দৃষ্টি নাৰাখে । ব্যৱহাৰকাৰীৰ পৰিচয়ৰ সৈতে কোনো ডাটা সংযোগ নকৰে ।

  1. Telegram : Telegramক দীৰ্ঘদিন ধৰি হোৱাটছএপৰ প্ৰতিযোগী হিচাপে জনা যায় । ই হৈছে এক মুক্ত-উৎস মেচেজিং এপ, যি হোৱাটছএপৰ আটাইতকৈ নিৰ্ভৰযোগ্য বিকল্প হিচাপে বিবেচিত । ই ব্যৱহাৰকাৰীসকলক ১,০০,০০০ গ্ৰুপলৈকে যোগ দিয়াৰ সুবিধা প্ৰদান কৰে আৰু ব্যৱহাৰকাৰীসকলক ১.৫জিবি লৈকে ফাইল শ্বেয়াৰৰ সুবিধা দিয়ে।


Tags

Post a Comment

0 Comments
close