Ads Area

JEC LOVE STORY Chapter 2 / Part 8

JEC Chapter 2 (Part 8)

গোটেই দিনটো এবাৰো নেদেখিলো, ৰাতিও ফোন নকৰিলে, মাজত মাত্ৰ এটা দিন, তাৰ পাছত মোক এৰি হাজাৰ মাইল দূৰলৈ গুছি যাব অৰ্ণৱ, বুকুৰ ভিতৰখন বৰ খালি খালি লাগিছে অাজি, তাতে অৰ্ণৱে ইমান কিয় আঁতৰি চলিছে মোৰপৰা। কাইলৈও যদি মোক লগ নকৰে?????নিজেই ফোন কৰিলো।
:শুৱা নাই পোৱালি?

JEC Chapter 2 (Part 8)


:ওহোঁ। কিয় নাহিলে অাজি?
:aah, its a long story, কাইলৈ লগ কৰি কম। hey I need some help in packing… Please help me tomorrow.
:মানে?
:মানে কাইলৈ মোৰ ইয়ালৈ আহি মোক হেল্প কৰি দিবা।
:নাযাও দেই তালৈ, বাহিৰতে লগ কৰিম।
:খাই পেলাম নি মই এনেকে কৈছা যে,অকলে আহিব নালাগে নহয়, তোমাৰ লগৰ সেই  দুটাকো লৈ আহিবা, উৎপলে লান্স কৰাব সবকে।
:সেই দুটা বুলি কৈছে যে, নিশা আৰু অনুৰাগ বুলি কব নোৱাৰে নেকি?
:বেছি খং নকৰিবা, নহলে কাইলৈ নিজে পস্তাবা।
গৰম তেজ বৈ আহিল গাল দুখনলৈ, অৰ্ণৱৰ এনেকুৱা কথাবোৰৰ অৰ্থ বুজি পাওঁ আজিকালি। এবাৰ বেছি মুখ ফুলাই থাকোঁতে টপককৈ গালতে চুমা এটা খাই দিছিল, নিশাৰ সন্মুখতে, কিমান লাজ পাইছিলো বুজাব নোৱাৰোঁ। তেতিয়াৰেপৰা সাৱধান হলো, অৰ্ণৱে যিকোনো কাম কৰি দিব পাৰে।
শেষৰ বাৰৰ বাবে JEC ৰ অৰ্ণৱক লগ কৰিবলৈ ওলাইছো, মনটো বেয়া লাগি আছে, একো কৰিব পৰা নাই, গা ধুই ওলাই আহি একে ঠাইতে বহি আছো, নিশাই জোৰ কৰি কাপোৰ সলাবলৈ কৈ আছে, মোৰ কিন্তু মন যোৱা নাই।
:আস্থা, এনেকুৱা কিয় কৰিছ? অৰ্ণৱ দাৰ কথা ভাৱ, তাৰ জানো যাবলৈ মন যাব তই এনেকে থাকিলে।
হয়তো, মই তেওঁৰ কথা কিয় ভবা নাই এবাৰো, মই এনেকৈ থাকিলে তেওঁৰ বেয়া লাগিব, নিজকে বুজালো, উঠি গৈ কাপোৰ সলালো, কলা চুৰিদাৰযোৰৰ লগত অৰ্ণৱৰ প্ৰিয় ৰঙা ৰঙৰ জয়পুৰী দোপাত্তাখন মিলাই ললো, চুলিখিনি তেওঁ ভালপোৱাৰ দৰেই খুলি ৰাখিলো। বেগটো খুলি অৰ্ণৱৰ বাবে থোৱা উপহাৰটো উলিয়াই আনিলো, বিশেষ একো দিব নোৱাৰোঁ, মাথোঁ আমাৰ মিঠা মিঠা সময় বোৰৰ এখন কলাজ, মই লিখি থোৱা আমাৰ ভাল লগা মুহূৰ্ত বোৰৰ সাক্ষী মোৰ সৰু ডায়েৰী খন, অাৰু A লিখা এটা চাবি ৰিং। তাতকৈ বেছি দিব পৰা ক্ষমতা মোৰ নাই। বস্তুকেইটা হাতত লৈ ওলাই আহিলো। অনুৰাগে অট’ এখন মাতি আনিলে। অৰ্ণৱে ফোন কৰি আছে, নিবলৈ আহিব খুজিছিল, মই ইহঁতৰ লগত যাম বুলি মানা কৰিলো।
ভবাৰ দৰেই গেটৰ সন্মুখত ৰৈ আছে অৰ্ণৱ, হোৱাইট টি ছাৰ্ট অাৰু ব্লু জিন্চ পিন্ধি আছে, চুলিখিনি তিতা, ওচৰ পাওঁতেই চিনাকি সুগন্ধিটো নাকত লাগিল। চকু মুদি উশাহত সামৰি ললো, কিমান দিনলৈ বা হেৰুৱাই পেলাওঁ। ওপৰলৈ উঠি গলো, উৎপল দা নাই, বজাৰলৈ গৈছে, অনুৰাগ সোমাই গৈয়ে গেম খেলাত লাগিল, মই আৰু নিশা sofa খনতে বহি আছো।অৰ্ণৱ বিচনাত বহিল, মোক চকুৰে তেওঁৰ ওচৰত বহিবলৈ মাতিলে, কিন্তু নেদেখাৰ ভাও জুৰিলো।
:আহিলা তোমালোক? মই অলপ বজাৰ কৰি আহিলো। চাহ খাবা?
উৎপল দা সোমাই আহিল, লগত এসোপামান বস্তু।
:মই বনাইছোঁ।


:অকল অৰ্ণৱৰ কাৰণে বনাবা, নে আমাকো দিবা।
গোটেই বোৰে হাঁহিলে মোৰ ওপৰত, কিহে পাইছিল নো মই বনাম বুলি কবলৈ, কলো যেতিয়া উপায় নাই। পাকঘৰটো আগতে আহোঁতে দেখিছিলো, সোমাই গলো, পিছে পিছে নিশা আহিল। চাহ বনাই থাকোঁতে অৰ্ণৱ দুবাৰমান আহিল, কিন্তু নিশা থকাৰ কাৰণে একো নকলে। গোটেইকেইটা বহি একেলগে চাহ খালো, অৰ্ণৱে বাৰে বাৰে কিবা কব খুজিও ৰৈ যায়, বুজি পাইছো, মোক কিবা ডাঙৰ কথা কবলৈ আছে, কিন্তু সুবিধা পোৱা নাই।
:এটা কাম কৰোঁ, নিশা অনুৰাগ আৰু মই খানা বনোৱাত লাগো, আস্থা, তুমি অৰ্ণৱৰ পেকিং কৰি দিয়া, এটা বস্তু বেগত ভৰোৱা নাই সি, মইতো অাজি ঘৰলৈ যাম, ই অকলে থাকিলে অাৰু একো নকৰে, তুমিয়েই কৰি থৈ যোৱা।
উঠি অৰ্ণৱৰ ৰূমলৈ গলো, সঁচাকৈ একো সামৰি থোৱা নাই, সব বস্তু বিচনাত থৈ দিছে, ওচৰতে এটা ট্ৰলী অাৰু এটা ডাঙৰ পিঠিত লোৱা বেগ। কাপোৰ আৰু কিতাপৰ দম। মোৰেই মূৰ ঘূৰাই গল।
:ভয় খাব নালাগে, তুমি just মোৰ ওচৰত বহি থাকা, মই কৰি লম।
আচৰিত হলো, নিজেই যদি কৰিব পাৰে, মোক আকৌ কিয় মাতিছিল।অৰ্ণৱৰ কথাত গুৰুত্ব নিদি কাপোৰবোৰ জপাত লাগিলো। তেওঁ আহি বিচনাখনত বহিল, মোৰ হাতৰ পৰা জাপিবলৈ লোৱা চোলাটো কাঢ়ি ললে।
:কালি তোমাৰ ওচৰলৈ কিয় নাহিলো নোসোধা?
:ওহোঁ ।
:কিয়?
:কব লগীয়া কথা হলে আপুনি নিজেই কব।
বহাৰ পৰা উঠি মোৰ ওচৰত ৰ’ল, মোৰ বাউসীত ধৰি তেওঁৰ ফালে ঘূৰাই ললে…
:তোমালোকৰ ঘৰলৈ গৈছিলো কালি। এতিয়াও একো নোসোধা?
চক খাই উঠিলো, কিয় গৈছিল তেওঁ আমাৰ ঘৰলৈ?????
:মই জানো আস্থা, তুমি মাৰ পৰা একো কথাই লুকুৱাই নোথোৱা, কিন্তু এতিয়া মোৰ কাৰণে তুমি মাকো মিছা কথা কব লগীয়া হৈছে, সেইদিনা অামি নিমাতীত থাকোঁতে যে মায়ে ফোন কৰিছিল। তুমি মাক মিছা কথা কৈছিলা নিশাৰ লগত আছো বুলি, মোৰ অলপো ভাল লগা নাছিল। I never wanted to come in between you two Astha. You became so sad after that phone call, I could feel you. সেইকাৰণে ভাবিলো মা দেউতাই যদি গম পায়, অাৰু আমাক accept নকৰে, তুমি বহুত hurt হবা, ans I don’t want that Astha. Trust me! I just want you to be happy.
বুকু খন ধক ধক কৰিছে, কি কলে মা দেউতাই, মোক ছাগে কি বুলি ভাবিছে।
:তোমাৰ মা বহুত ভাল আস্থা, বহুত বুজে, মোক ইমান ধুনীয়াকে প্ৰত্যেকটো কথা কলে যে মই তোমাৰ লগতে তোমাৰ মা দেউতাকো ভাল পাই পেলাইছো, They just want you to be happy. That’s all. ময়ো কলো তোমাৰ মাক, তুমি কিমান কষ্ট পাইছা কথাবোৰ লুকুৱাই ৰাখি। অাজি কথা পাতি লবা, একো নহয়। মনটো ভাল লাগিব। okay?
আকৌ এবাৰ প্ৰেমত পৰিলোঁ এই অঁকৰা লৰাটোৰ, মই নোকোৱাকৈ কেনেকে বুজি পায় সকলোবোৰ, কিয় ইমান ভাল পায় মোক, বেছি আবেগিক মূহুৰ্ত বোৰত শব্দবোৰ হেৰুৱাই পেলাওঁ। একো কব নোৱাৰি সাৱটি ধৰিলো অৰ্ণৱক। তেওঁ বুজি পালে। সামৰি ললে বুকুৰ মাজত।
:oops sorry, মই একো দেখা নাই, আস্থা তোৰ ফোন বাজি আছে। অাৰু অামি Ice cream আনিবলৈ যাও, তই পেকিং কৰি ল, অৰ্ণৱ দা আপুনিও বলক আমাৰ লগত।
:What???? No way!
সদায় কিয় এনেকুৱা হয়। লাজতে মৰোঁ মৰোঁ লাগি গল, গাল মুখ বোৰ পুৰি গৈছে, অৰ্ণৱক ঠেলা মাৰি নিশাৰ লগত ওলাই যাওঁ বুলি আহিব খুজিলো, কিন্তু ধৰি ৰাখিলে, এইবাৰ মৰমত নহয়, খঙত।
:Stay with me Astha.
ৰৈ গলো, হাতৰ মুঠিতো অৰ্ণৱে আৰু অলপ টানি ধৰিলে, দোষ পাই যোৱাকৈ।
:মোৰ লগত থাকিবলৈ ভয় লাগিছে? কাইলৈৰ পৰা নালাগে অাৰু থাকিব। Will you miss me Astha?
:হমম ।
:Say it.
:I will miss you, Arnab.
আমাৰ মাজত এতিয়া আৰু শব্দৰ প্ৰয়োজন নাই…
চকুৰ খেলাত ওঁঠৰ ভাষা নিৰৰ্থক হৈ পৰে,
অৰ্ণৱৰ দুচকুত নতুন আব্দাৰ,
ভয় লাগি যোৱাকৈ আকুল,
মৰমৰ নৈ বব খুজিছে,
ভেঁটা দি ৰাখিব পাৰিম জানো আজি????
মোৰ ঘন চুলিৰ মাজত তেওঁৰ আঙুলিকেইটাই বাট হেৰুৱাই পেলাইছে, অৰ্ণৱ আৰু বেছি অস্থিৰ হৈ পৰিছে, বাৰে বাৰে মোৰ ওঁঠৰ তিলটো চুই চাইছে, এইবাৰ কাণৰ কাষত মুখ গুজি কৈ পেলালে…
:Astha.. May I?
:হমম
সৱল দুবাহুত মই কেতিয়াবাই মমৰ দৰে গলি গলি শেষ হৈ গৈছিলোঁ, এতিয়া অাৰু একো কব পৰা হৈ থকা নাই। দুচকু জাপ খাই আহিল আপোনা আপুনি। কাণৰ কাষত গুণগুণাই থকা অৰ্ণৱৰ উশাহ লাহে লাহে মোৰ গালেদি বৈ ওঁঠৰ তিলটোত ৰলহি। বুকুৰ ধক ধক দুগুনে বাঢ়ি আহিল। মাথোঁ এটি মুহূৰ্তৰ প্ৰতীক্ষা।
মোৰ কোমল ওঁঠত অৰ্ণৱৰ ওঁঠৰ প্ৰথম পৰশ।
তেজৰ সোঁতত নতুন ঢৌ!
ওঁঠে ওঁঠে বৈ আহিল ভালপোৱাৰ নৈ।
উশাহৰ প্ৰয়োজন নাই।
মোৰ আঙুলি কেইটাই কেতিয়া অৰ্ণৱৰ ঘন চুলিৰ মাজত ঠাই ললে মই নাজানো।
সময় ৰৈ গৈছে আস্থাৰ্ণৱৰ এই মধুৰ মুহূৰ্তক বান্ধি ৰাখিবলৈ।
মোৰ ডিঙিৰপৰা আতৰি গল অৰ্ণৱৰ প্ৰিয় ৰঙৰ দোপাত্তাখন, অৰ্ণৱৰ ওঁঠযুৰি ওঁঠৰ পৰা বৈ গৈছে ডিঙি লৈকে, আকৌ ঘুৰি আহিছে, গালে মুখে সানি দিছে মৰমৰ ৰঙা ৰং,মোক এৰি গলেই যেন মই হেৰাই যাম, বাৰে বাৰে সাৱটি লৈছে, গালে মুখে আঙুলি বোলাইছে, বুকুত বান্ধি ৰখা সকলোবোৰ হেঁপাহ আজিয়েই সিঁচি দিম যেন লাগিছে, হয়তো সেইবাবেই বাধা দিব পৰা নাই অৰ্ণৱক, তেওঁৰ উমাল ওঁঠৰ পৰশক।
:I will miss you Astha, I will miss you so much.
অৰ্ণৱৰ মৰমৰ মাজত হেৰাই গৈছিলো, পাহৰি গৈছিলো অামি কত আছো, কি কৰি আছো, হঠাৎ বাহিৰত নিশাৰ মাত শুনি ঘূৰি আহিলো বাস্তৱলৈ। অৰ্ণৱেও গম পালে, এৰি দিলে মোক, দোপাত্তাখন তুলি লৈ চুলিখিনি ঠিক কৰি ললো, অৰ্ণৱ বাহিৰলৈ ওলাই গল। মইহে এতিয়াও জ্বৰ উঠা নিচিনাকৈ কঁপি আছো, অলপ আগতে যি হৈ গল সেয়া মোৰ বাবে একেবাৰেই নতুন, মই ভুল কৰা নাইতো। অাজি ইমানদিনে অৰ্ণৱ কেতিয়াও এনেকৈ মোৰ কাষ চপা নাছিল, কিন্তু অাজি কি হল।ৰুমতে থকা আইনা খনত নিজকে চালো।
:আস্থা, আহ আকৌ, চিকেন তই বনাবি। মই সব কাটি মেলি ready কৰি দিম।
নিজৰ বুকুৰ ধক ধক নিজেই শুনি আছো, হলেও ওলাই আহিলো, অৰ্ণৱৰ ফালে চাব পৰা নাই, ভীষণ লাজ লাগিছে, লগতে ভয়ো।
:অই, ইমান কেলেই ৰঙা পৰি আছ, pressure উঠিছে নি তোৰ?
অৰ্ণৱে বেঁকাকৈ হাঁহি এটা মাৰি চালে মোৰ ফালে, মই ঘোপাকৈ চাই পঠিয়ালো। মোৰ ফোন টোত মেছেজ কৰিছে..
:Dont think too much, Its not crime,we just kissed and I think it was the most beautiful thing ever happened to me. I love you Puwali. Dont become more red, else I will kiss you again.

আগলৈ….

               ---------------------------------------

Indranee


Published by Indranee Sharma

Post a Comment

0 Comments
close