JEC LOVE STORY Chapter 2 / Part 2

JEC Chapter 2  ( Part 2 )

ভিৰৰ পৰা আঁতৰি আগবাঢ়ি গলো তেওঁৰ ফালে।
কলা ৰঙৰ জেকেটতোৰ পকেটত হাত ভৰাই ৰৈ আছে। এতিয়াহে ভালকৈ চাইছো তেওঁক, বুকু জুৰ পৰি যোৱাকৈ।

JEC Chapter 2  ( Part 3 )


শেতাঁ হাঁহি এটা মাৰি মোৰ ফালে চালে। আগতকৈ খীনাইছে,সোঁফালৰ চকুৰ তলৰ চিলাইৰ দাগটো এতিয়াও সতেজ,থুতৰিৰ তলত আৰু এটা দাগ। মন গৈছিল আলফুলে হাত ফুৰাই দিবলৈ, নোৱাৰিলো।
তেওঁৰ ওচৰত গৈ ৰলো, লৰালৰিকৈ ওলাই যাওঁতে চুৱেটাৰ পিন্ধিবলৈ নহল। কলেজলৈ পিন্ধি যোৱা কাপোৰ এতিয়াও সলোৱা নাই। চুৰ্ণীখনেৰে যিমান পাৰি নিজকে ঢাকি ঠাণ্ডা আঁতৰাবলৈ চেষ্টা কৰিছো। ঠাণ্ডাত কঁপিছো নে তেওঁক ইমান দিনৰ পাছত ইমান ওচৰত পাই কঁপিছো নাজানো। একো কব পৰা নাই, তেওঁ বাইকখনত আউজি ৰৈ আছে অাৰু মই ওচৰতে তলমূৰ কৰি।
:Come here.


অাৰু অকণ কাষ চাপি গলো।
হঠাতে তেওঁ চুলিখিনি কাণৰ কাষলৈ গুজি দিলে, দুখ পোৱা কাণখন আঙুলিৰে লাহেকৈ চুই দিলে, বুকুখন আকৌ এবাৰ ধক কৰি গল।
:এতিয়াও বিষ অাছে?
কি আচৰিত মানুহ? নিজৰ লগত কিমান কি ঘটি গল, কিন্তু তেওঁৰ এতিয়াও মোক লৈহে চিন্তা। ময়ো যদি তেওঁৰ দৰে ভাল পাব জানিলো হেঁতেন? মইয়ো যদি তেওঁ দুখ পোৱা ঠাই ডোখৰত হাত বুলাই দিব পাৰিলোহেঁতেন!!!!!!
:ওহোঁ ।
দুয়োৰে মনত সেই দিনটোৰ ভয়াৱহ সময়বোৰে দোলা দিলে, ইজনে সিজনক চাই আছো, কব পৰা নাই ধুমুহা জাকে কি কৰি থৈ গলে।
:I am really happy for Utpol.
তেওঁ কথাটো সলাবলৈ চেষ্টা কৰিলে।
:হমম, জানো।


মই জানো তেওঁ কেতিয়াও নকয় তেওঁ কি অনুভৱ কৰিছে, কিন্তু মই বুজি পাওঁ। তেওঁৰ দুখ লাগিছে,বহুদিনীয়া সপোন ভাগিছে। চাৰিটা বছৰত এজন ছাত্ৰই কিমান কষ্ট কৰে  সেইটো সকলোয়ে বুজিব নোৱাৰে।
বন্ধুৰ বাবে সুখী হৈছে কিন্তু নিজৰ বাবে পুতৌ উপজিছে।
:মই যাওঁ, সবেই…
:Come with me.
কথাটো সম্পূৰ্ণ কৰিবলৈ নাপালো।
হাতখনত ধৰি লৈ গৈছে, ময়ো তেওঁৰ খোজত খোজ মিলাই আগবাঢ়ি গৈছো। হোষ্টেল নাইনৰ পৰা অলপ আগলৈ গৈ সৰু এখন ফিল্ড আছে। ফিল্ডখনৰ ওচৰতে এটা তিনিকোণীয়া বাট, এটা ৰাস্তা হোষ্টেল ৱানৰ ফালে গৈছে, এটা auditorun অৰ ফালে আৰু আনটো হোস্টেল নাইনলৈ। তিনিওটা ৰাস্তা লগ হোৱা ঠাইখিনিতে এজোপা ডাঙৰ গছ। সেইখিনি পাই দুয়ো ৰলো, তেওঁ গছজোপাৰ সিটো ফালে হৈ আউজি ৰল, সন্মুখত মই।
খুবেই প্ৰয়োজন অলপ “আমাৰ” সময়ৰ।
জিলমিলিয়া জোনৰ পোহৰে ঠাইখিনি যেন কেৱল আমাৰ বাবেই সজাইছে।
যত মাথোঁ মই, অৰ্ণৱ অাৰু নিশাৰ নিৰৱতা।
বুকুৰ শব্দই বিচাৰি পাইছে আনজনৰ কলিজাৰ বাট।
:Astha, you have nothing to say??
:…
:এতিয়াও একো নোকোৱা?
:….
:I was almost dead, Damn it.
আৰু নোৱাৰোঁ মই।
কিমান শুনিম তেওঁ হেৰাই যোৱাৰ কথা!
বুকুখন কঁপি উঠিল।


ভালপোৱা, অভিমান নে ভয় নাজানো….
হাত দুখন আপোনা আপুনি আগবাঢ়ি গল তেওঁৰ ফালে…
সজোৰে সাৱটি ধৰিলো মোৰ ‘প্ৰিয়’ মানুহজনক.. .
এৰি  দিলেই যেন হেৰাই যাব আকৌ…
প্ৰস্তুত নাছিল তেওঁ..
গছজোপাত দুয়োখন হাতেৰে হেচাঁ দি যেনেতেনে ৰল..
কিয় বুজি নাপায় কোনেও, সব কথা মই খুলি কব নোৱাৰোঁ, বুকুৰ মাজত ভাৱৰ অলেখ বুৰবুৰণি কিন্তু ওঁঠ দুটাই ফুটাই একোৱেই কব নোৱাৰোঁ।
কুঁচি মুচি সোমালো তেওঁৰ বহল বুকুৰ মাজত..
কাণত বাজিছে তেওঁৰ বুকুৰ ধক্ ধক্।
শেষ হৈ যাওক অাজি খং, অভিমান, ভয় সকলোবোৰ..
কেৱল ভালপোৱা থাকক অৰ্ণৱ অাৰু আস্থাৰ মাজত….
আস্!!!
মিঠা মিঠা বিষ এটাই কলিজাটো জোকাৰি গল।
শব্দবোৰ হেৰাই গৈছে, কিবা কব খুজিছো, মুখ ফুটি ওলোৱা নাই।
এইবাৰ তেওঁ মেৰিয়াই ধৰিছে মোক সবল দুবাহুৰে।

:I missed you Astha!!!!
হয়তো মোক হেৰুৱাই পেলোৱাৰ ভয়ে তেওঁকো খুলি খুলি খাইছিল, অাজিৰ প্ৰাপ্তিয়ে খুলি পেলাইছে সেই খঙাল অৰ্ণৱৰ মুখাখন। মোৰ চুলিত মুখ গুজি কৈ অাছে বহুত কিবাকিবি, পোৱা নোপোৱাৰ দোমোজাত কিদৰে পাৰ হৈছিল হস্পিতালৰ প্ৰতিটো দিন।কিদৰে আজিও ৰাতি ৰাতি উচপ খাই উঠে তেওঁ, মোৰ ওছৰৰ পৰা চিৰদিনৰ বাবে গুচি যোৱাৰ ভয়টোয়ে কি কৰি পেলালে তেওঁক, লাহে লাহে অাৰু বেছি সবল হৈ আহিছে দুবাহুৰ বান্ধোন, মোৰ উশাহ বন্ধ কৰি দিব পৰাকৈ!…
:হমম.. মই…
তেওঁৰ বুকুৰ মাজৰ পৰা মূৰ তুলি চালো.. জোনৰ পোহৰত তৰাৰ দৰে তিৰবিৰাইছে তেওঁৰ কজলা চকুজুৰি….
:Shhhhh, you don’t have to say anything.
দুয়োখন হাতেৰে মোৰ মুখ খন ডাঙি ধৰিলে , তেতিয়াহে গম পালো মই কি কৰি পেলালো।
এৰি দিলো দুবাহুৰ বান্ধোন।
দুখোজ পিছুৱাই আহিলো, কোনোবাই দেখিছে নেকি চালো। নাই ওচৰত কোনো নাই।
:মই যাঁও।
:No you can’t.
:কিয়?
: Stay with me please. I need you.
কাষতে ৰলো, লাজে ভয়ে হেঁচা মাৰি ধৰিছে, কঁপি আছো, মোৰ সোঁহাতখন খামুচি অাছে তেওঁ , একো কোৱা নাই, নালাগে কব, এতিয়া অাৰু আমাৰ মাজত ভাষাৰ প্ৰয়োজন নাই। চৌপাশৰ কোলাহল বোৰেও চুব পৰা নাই আমাক।
বহুত সময় মনে মনে পাৰ হল

:I feel like a loser Astha.
:তেনেকৈ কিয় কৈছে???
:It’s not the end of life I know, I may get a better job tomorrow, but I won’t be having anyone by my side to share my happiness. These smiley faces will be memories by then. I also want to be happy Astha, at least for once I want to know how does it feel.
কিয় এনেকুৱা হয়? কিমান দুখ সাঁচি ৰাখিছে তেওঁ নিজৰ মাজতে, হুমুনিয়াহ হৈ ওলাই আহিছে এই দুৰ্বল মুহূৰ্তত, আবেগিক হৈ পৰিছে সেই খঙাল অৰ্ণৱ।
:মই থাকিম, সদায়।
আৰু বহুত কিবা কিবি কব খুজিছিলো, নোৱাৰিলো।
মনে মনে ভাবিলো মাথোঁ…
আপোনাৰ সপোনো এদিন জীপাল হব,
ভালপোৱাৰে উপচি পৰিব কলা পৰা কলিজাটো
এদিন আপুনিও হাঁহিব, সুখী হব..
হয়তো সিদিনা আপোনাক চাই মইয়ো হাঁহিম
হাঁহিৰ চকুলোৰে দুচকু তিয়াই
মূৰ দোঁৱাম নমোৰ ওচৰত।।।
:আস্থা!


খামুচি থকা হাতখন ঢিলাই দিলে তেওঁ, হয়তো বিশ্বাস কৰিব পৰা নাই কি শুনিলে!
:Say it again… Please.
:মই থাকিম আপোনাৰ লগত, সদায়।
তিৰবিৰাই থকা চকুজুৰি উপচি পৰিছে, সুখৰ চকুলো!
হঠাতে মোক দুবাহুত ধৰি ঘূৰাই দিলে,
এইবাৰ গছত আউজি মই, অাৰু মোৰ দুয়োফালে দুখন হাত ৰাখি মোক বন্দী কৰি মোৰ অৰ্ণৱ।
ইমান কিয় ওচৰ চাপি আহিছে?
ধক।
:So you love me miss Astha Baruah, Say it!!!!!
:হাঁ????
:Just say it.
ইমানবোৰ হৈ গল, কিন্তু সেই অদ্ভুত জেদটো এতিয়াও সলনি হোৱা নাই। পাৰি নেকি সকলোবোৰ খুলি কব, নিজেতো কোৱা নাই মোক ভাল পাওঁ বুলি।
:মই যাওঁ, কোনোবাই দেখিব।
:I don’t give a damn.
খঙটো লাহে লাহে বাঢ়ি আহিছে গম পালো, তেওঁৰ ঘন ঘন উশাহৰ শব্দ মোৰ চুলিত লাগিছে, মৰি যাম এতিয়া মই।
:কি কম?
:nothing, go.
কি আচৰিত মানুহ????

এজাক লৰা ছোৱালী আমাৰ ফালেই আহি আছে, ঠেলা মাৰি আঁতৰাই দিলো তেওঁক, দৌৰি দৌৰি গুচি আহিছো ৰাজীহঁতৰ ওচৰলৈ, কলিজাটো ওলাই আহিবলৈ বেছি পৰ নাই।

:কত আছিলি তই?
:এইখিনিতে, তই কিয় উঠি আহিলি? গা বেয়া বুলি কৈছিলি চোন।
নিশাৰ আগত ধৰা পৰি যাওঁ বাৰে বাৰে, মোৰ পিছে পিছে আহি থকা অৰ্ণৱক দেখি তাই সকলো বুজি পালে, ৰঙা পৰা গালখন টিপি দিলে, অাৰু অকণ ৰঙা পৰি যোৱাকৈ।
:বল ৰূমলৈ, ঠাণ্ডা লাগিলে অাৰু বেছি গা বেয়া লাগিব।
নিশাক অাৰু একো কবলৈ সুযোগ নিদিলো, অৰ্ণৱৰ আশে পাশে থকাৰ সাহস আৰু নাই, সোনকালে আঁতৰি যাব পাৰিলেই হল।
উৎপল দাক দুয়োজনীয়ে আকৌ এবাৰ শুভেচ্ছা জনালো, নিশাই অলপ সময় অৰ্ণৱৰ লগতো কিবাকিবি কথা পাতিলে, মই কিন্তু তেওঁৰ ফালে চাবও পৰা নাই।
:এইটো পিন্ধি লোৱা মাইনা, ৱাহ ৱাহ ক্যা প্যাৰ হে!!!!
জেকেটটো খুলি দি পঠাইছে, কি নো কৰি থাকে মানে, মই যে লাজ পাওঁ সেইবোৰ ভাবি নাচায়। নিশাৰ হাতৰ পৰা সেইতো লৈ গাত মেৰিয়াই ললো। তেওঁৰ সুগন্ধিয়ে আকৌ এবাৰ আবৰি ধৰিলে, মিঠা মিঠা, ভাল লগা।
ঘূৰি চালো, দুখৰ ডাৱৰ কেতিয়াবাই হেৰাল, তেওঁৰ চকুত এতিয়া তৰাৰ তিৰবিৰণি।
কিবা এটা ভাল লগাই মোকো চুই গল।

ৰূমলৈ আহিও বহুত দেৰি জেকেটতো পিন্ধি থাকিলো, নিশাই বেছিকৈ জোকাবলৈ লোৱাত হে কাপোৰ সলালো। মুখ হাত ধুই বাথৰূমৰ পৰা ওলাই দেখিছো নিশাই মোৰ বেগৰ পৰা Assignment টো উলিয়াই বাৰে বাৰে লুটিয়াই চাইছে।
:আস্থা, এইখন কোনে লিখিলে?
:মই লিখিলো, কেলেই?
:মিছা কথা নকবি, তোৰ handwriting নহয় এইবোৰ, কোনে লিখিছে ক।
কি কম এতিয়া, নকলেও নহব, কলেও বিপদ.।
:অনুৰাগে দিছিলে। তোক কবলে মানা কৰিছিলে, তই কিন্তু তাক একো নকবি।
মোৰ কথা শেষ হবলে নাপালেই, নিশাই কৰ পৰা নো নম্বৰ লৈ ফোনত অনুৰাগৰ ক্লাছ লবলৈ আৰম্ভ কৰি দিলে। দিনে দিনে নিশাজনী বেছি খঙাল হৈ গৈ অাছে। কোনো কথাৰে ভাল দিশটো তাই বিচাৰিয়েই নোপোৱা হল। বেচেৰা অনুৰাগটো ছাগে সেইফালে পেপুৱা লাগিছে, মোৰ গাতে দোষ, কবই নালাগিছিল।
হঠাতে নিশাৰ ডাঙৰ ডাঙৰ মাত্ নুশুনা হলো, ফোনটো কাণতে লগাই ৰৈ অাছে, চকু কেইটা অলপ সেমেকা, অনুৰাগে কিবা বেয়াকৈ কলে চাগে। কিতাপ খন মুখৰ আগত লৈ তাইৰ সলনি হোৱা মুখৰ ৰং চাই আছো।
ফোনটো থৈ মোৰ ওচৰলৈ আহিছে, বিচনাখনতে পৰি মূৰটো মোৰ কোলাতে পেলাই দিছে, একো কোৱা নাই।
:কি হল?
:বৰফে মোক ভাল পাওঁ বুলি কলে!
ওপৰলৈ চাই চাইয়ে কথাটো কলে তাই, একো যেন অনুভৱেই বাকী ৰোৱা নাই তাইৰ বুকুৰ মাজত।
চুলি কেইদাল মোহাৰি দিলো, চকুকেইটা জপাই দিলে তাই। গাটো একেবাৰে দুৰ্বল, চকুৰ তলত কলা কলা দাগ।কেনেকুৱা ছোৱালী জনী কেনেকুৱা হৈ গল। এখন ভাইৰেল ফটো, কিছুমান মিছা অপবাদ, অাৰু আপোনজনৰ অবহেলাই তিলতিলকৈ মাৰিছে হাঁহি ভালপোৱা ছোৱালী জনীক। এই মুহূৰ্তত তাইক কি কম নিজেও ভাবি পোৱা নাই।
:তই চোন অনুৰাগক খুব মৰম লাগে বুলি কৈছিলি মোৰ আগত, অাজি ইমান কিয় খং কৰিলি তাক?
:মোৰ আজিকালি একো ভাল নালাগে আস্থা।
:… মোকো বেয়া পাইছ?
:তোক কথা এটা কওঁ বেয়া পাবি নেকি আস্থা?
:ক চোন।
:মই আজিকালি তোকো হিংসা কৰিবলৈ লৈছো ,তোক সৱেই ইমান মৰম কিয় কৰে। মা দেউতা আইতা বৰ্মা অাৰু ইয়াত অৰ্ণৱ দা। পৃথিৱীৰ সমস্ত মৰম ভালপোৱা তইয়েই পাবি নেকি? এইবোৰ কথা আজিকালি মনলৈ আহিবলৈ ধৰিছে। কিয় এনেকুৱা হৈছে নাজানো, ভীষণ খং উঠে সৱৰে উপৰত, মাৰি দিব মন যায়।তাতে সেইজনী ঘূৰি আহিছে বুলি গম পাই অাৰু মাথাটো বেয়া হৈছে।
:সেইজনী মানে?


:পাপাৰ wife,sorry ex-wife.
:কি???? তোৰ মা??
:Hell with that word, She is not my Mom.
:তই মোক কোৱা নাই কিয়?
:কি কম, সবেই হাঁহিবলে অাৰু এটা reason দিবলৈ মন নাই মোৰ।
:মই কোনদিনা হাঁহিলো তোৰ ওপৰত? ভালকে কচোন কথাবোৰ।
কালি দেউতাকে ফোন কৰি জনাইছে তাইক, ডিমেনচিয়াত আক্ৰান্ত তাইৰ মাক। আগৰ কথা পাহৰি পেলাইছে, কিন্তু নিশাৰ বিষয়ে সকলো মনত অাছে। প্ৰেমিকে পাগলী সজাই খেদি পথাইছে ঘৰৰ পৰা। নিশাৰ দেউতাকে খবৰ পাই আকৌ ঘুৰাই আনিছে। প্ৰেমিক আঁতৰি গৈছে, অাৰু স্বামীয়ে সকলো পাহৰি বিপদৰ সময়ত আঁকোৱালি লৈছে । দেউতাকে বাৰে বাৰে মাফ খুজিছে নিশাক, হয়তো মানুহজনে ঘূৰাই বিচাৰিছে নিজৰ পৰিয়ালটো আকৌ এবাৰ। কিন্তু নিশাই কাৰো কথাই নুশুনে।
ইমান জটিল নিশাৰ পৃথিৱীখন। কি কৰিব তাই এতিয়া! অাৰু কেইটামান দিনৰ পাছত পৰীক্ষা, তাইক ভাগি পৰিবলৈ দিব নোৱাৰোঁ।
:নিশা,এতিয়া সেইবোৰ নালাগে ভাবিব, পৰীক্ষা পালেহিয়েই, তই এনেকে কৰিলে কি হব। ভালকে পৰীক্ষা তো দি ল, তাৰ পাছত কথা পাতিম, অাৰু তোৰ যদি ঘৰলৈ যাবলৈ মন নাই, মোৰ লগত আমাৰ ঘৰত থাকিবি।
:হমমম।
:আৰু কিবা কবি?
:বৰফক মোৰো ভাল লাগে।
:সচাঁ????????????
:Yes.
শেতাঁ হাঁহি এটা বিৰিঙি উঠিল তাইৰ মুখত।
ভালপোৱা কিয় ইমান ভাল লগা!!!!
দুখন প্ৰায় ভাঙি যোৱা হিয়া অাজি ভালপোৱাই আকৌ জীয়াই তোলা দেখিলো।
অৰ্ণৱ, নিশা এই মানুহবোৰ ইমান মৰম আকলুৱা।
অকণমান মৰমে গলাই পেলাব পাৰে ইহঁতক।
মোৰ মৰমৰ মানুহ। সাৱটি ধৰিলো তাইক।

ৰাতি বিচনাত পৰি ফোনটো চালো, অৰ্ণৱৰ মেছেজ এটা আছে। পঢ়া সামৰি তেওঁক ফোন কৰিবলৈ কৈছে। চাৰে বাৰটা বাজিল, কৰোঁ নকৰোঁকৈ ফোনটো লগালো। এবাৰ ৰিং হওঁতেই উঠালে।
:hey..শোৱা নাই কিয় এতিয়াও?
মোক শোৱাৰ কথা সুধিছে, অাজি বাৰু তেওঁৰ টোপনি আহিবনে?
:পঢ়ি আছিলো।
:good girl, মোৰ জেকেট টো লগত লৈ কিয় শুইছা?
একেজাপে উঠিলো, কেনেকে গম পালে? মোক দেখি থকা নাইতো!
:আপুনি কেনেকৈ গম পালে?
:হা হা, গম পোৱা নাছিলো, but এতিয়া তুমি নিজেই কৈ দিলা। Miss blush Queen, You are so busted.
মনে মনে থকাই ভাল, মুখৰপৰা অাৰু কি কি ওলাই ঠিক নাই।
:আস্থা..
:হমম ।
:Whatever happened today..
হে ভগৱান, সেইটো কথা আকৌ কিয় উলিয়াইছে, কাণ মূৰ আকৌ ৰঙা পৰি আহিল, বুকু খন ধক ধক কৰিছে।
:don’t think too much about it. Its not wrong, it’s beautiful. And trust me, it’s a very new feeling for me as well.
মোৰ দৰে তেওঁৰ বাবেও এই অনুভব নতুন?? মইয়ো অৰ্ণৱৰ প্ৰথম ভালপোৱা???
:Hey..
:হমম
:Exam দি লোৱা, we will talk, but till then don’t be disturbed with all this. Okay????
ভাল লাগে, তেওঁৰ মোৰ প্ৰতি দায়বদ্ধতা দেখি, মোৰ পঢ়াত যাতে তেওঁৰ ভালপোৱাই বাধা আনিব নোৱাৰে সেইয়াও ভাবিছে। বাৰে বাৰে প্ৰেমত পৰিবলৈ বাধ্য কৰে, অৰ্ণৱ, এই হেঁপাহৰ যেন শেষ নাই।
: আপুনিও শুই থাকক।


:হাঃ হাঃ, অাজি পাৰ্টি হব my dear, মই অাৰু উৎপল হোষ্টেল ফাইভত আছো, অাজি কোনো শুব নোৱাৰে। But you must sleep, kids shouldn’t miss their bed time.
Kids?? মই?? দেখিব মন নাযায় এনেকে কলে।
:Now hug my Jacket and go to sleep, good night.
:good night.
কিমান দিনৰ পিছত ইমান সুখী হৈ কথা পাতিছে অৰ্ণৱে, বুকু খন ভৰি গল।
তেওঁৰ জেকেট টো বুকুতে সামৰি চকু দুটা জপাই দিলো।
তেওঁৰ বুকুৰ ধক ধক আকৌ এবাৰ কাণত বাজি উঠিল।

আগলৈ…

-----------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma


Post a Comment

2 Comments
  1. It's really exciting and I am speechless....what a story yrr🙂!!

    ReplyDelete

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close