Ads Area

JEC LOVE STORY Chapter 2 / Part 3

JEC Chapter 2 (Part 3)

সেই বিশেষ দিনটো মোৰ বাবে যিমান ভাল লগা হব লাগিছিল, সিমান নহল। কিবা এটা অপৰাধবোধে বাৰে বাৰে আমনি কৰে, মাৰ মুখ খন মনত পৰিলেই অৰ্ণৱৰ বুকুৰ মাজত কুচি মুচি সোমোৱা মই জনী উচপ খাই উঠো, নোহোৱা কৰি দিব বিচাৰোঁ সেই সময়খিনি। লাজ, ভয়, অনুশোচনাত বাৰুকৈয়ে দগ্ধ হৈছো। তেওঁৰ পৰা আঁতৰি থাকিবলৈ লৈছো আজিকালি, ফোনত কথা পাতিব বিচাৰিলেও পঢ়িবলৈ অাছে বুলি কাটি দিওঁ, তেওঁৰ খং উঠে, কিন্তু একো নকয়। এইকেইদিন যিমান পাৰো সোনকালে কলেজৰপৰা ওলাই আহোঁ, পৰীক্ষাৰ ওচৰ চপা বাবে ক্লাছবোৰো কমকৈ হৈছে। বাইদেউৰ দোকানলৈকো ওলাই নোযোৱা হলো।মুঠতে মই যেন নিজৰ পৰাই পলাই ফুৰিছো। অাজিও নিশাক নোকোৱাকৈয়ে ক্লাছৰপৰা ওলাই আহিলো, আজিকালি অনুৰাগ অাৰু নিশা প্ৰায়ে কথাত মচগুল হৈ থাকে, তাহাঁত দুটাৰ মাজত সোমাবলৈ মন নাযায়। কিবা মৰমলগা চৰাই পোৱালিৰ দৰে দুইটা, নিজৰ পৃথিবীত ব্যস্ত।অনুৰাগে নিশাৰ কাৰণে ৰুমত মেগী বনাই টিফিনত লৈ আহিছিল। কথাটো ক্লাছত ওলাই পৰিল, দুইটাকে গোটেইবোৰে বেৰি লৈ জোকাইছে। অলপ দেৰি সেইখিনিতে ৰৈ থাকি গুচি আহিলো। হোষ্টেলৰ ওচৰ পাই দেখো অৰ্ণৱ আগৰেপৰাই ৰৈ অাছে, দুপৰীয়া সময়। নেদেখাৰ ভাও জুৰি আঁতৰি যাব খুজিলো।

JEC LOVE STORY Chapter 2 / Part 3

:Enough Astha.
ৰৈ গলো, বাইকখনৰ পৰা নামি দপদপাই মোৰ ওচৰ পালেহি।
:What the hell are you doing miss Astha?
:কি কৰিলো?
:Oh really, you don’t even know? Why are you ignoring me like this?
:Exam পাইছেহি, সেইকাৰণে।
গোকাট মিছা কথা এটা কৈ দিলো, তেওঁৰ অাৰু বেছি খং উঠিছে।
:Don’t lie.
:সঁচাকে কৈছো।
:You need time? To think about us again? Tell me clearly Astha. I am really irritated with your behaviour.
মনে মনে আছো, মোৰ মনত কি চলি অাছে তেওঁক বুজাব নোৱাৰো মই। তেওঁৰ প্ৰতি মোৰ মনত কি অাছে সেয়া মই দুনাই বিচাৰ কৰি চোৱাৰ প্ৰয়োজন নাই, কিন্তু মা দেউতাৰ কথা ভাবিলে যি অপৰাধ বোধ হয় সেয়া মই কেনেকৈ বুজাওঁ।
:Answer me damn it.
উচপ খাই উঠিলো।
মোৰ চলচলীয়া চকু কেইটা দেখি তেওঁ আচৰিত হল।হয়তো অলপ বিৰক্তও হৈছে।
:Okay, finish your exam, we seriously need to talk Astha.
দৌৰি গুচি আহিলো ৰূমলৈ, দৰজাখন বন্ধ কৰি বিচনাতে পৰি দিছো। এনেতে ফোনটো বাজিল।
:My Jacket.
তেওঁৰ জেকেট টো এতিয়াও মোৰ ওচৰতে অাছে, ঘূৰাই দিয়া হোৱা নাই। আজিকালি গুলোৰ ঠাইত এইটো থাকে শোৱাৰ সময়ত। কেনেকৈ ঘূৰাই দিওঁ।
:পিছত দিম।
:what??? Are you mad Astha, you don’t want to talk, don’t want to meet, don’t wanna see me, then y u need that.
:সৱ কথাৰে উত্তৰ নাই মোৰ ওচৰত।
:You are just impossible.
কাটি দিলো ফোনটো। জেদ মোৰো আছে, নিদিওঁ বুলি কৈছো যেতিয়া নিদিওঁ।তাৰ পাছত আৰু তেওঁৰ ফোন নহা হল।

JEC ত প্ৰথম পৰীক্ষা আৰম্ভ হল, হোষ্টেলৰ পৰিৱেশ একেবাৰে সলনি, কাৰো মাত নুশুনি, পঢ়াত ব্যস্ত সকলোবোৰ, একমাত্ৰ নিশাৰ বাহিৰে। অকণমানো কিতাপ নেমেলে, ফোন অাৰু লেপটপটো খুলি কিনো কৰি থাকে নাজানো। গালি পাৰিও লাভ নাই, বহুত বেছি বকি থাকিলে আধা ঘণ্টামান কিতাপ খন খোলে, আকৌ শুই থাকে।এনেকৈয়ে দুটামান পৰীক্ষা গল, কাইলৈ physics অাছে ।পঢ়ি আছো আজিও অকলে, নিশা শুই অাছে। এনেকুৱাতে সাংঘাটিক হুলস্থূল বাহিৰত। গোটেইজনী ভয়তে পেপুৱা লাগিছো। বা হঁতৰ ৰুমৰ লাইট জলি থকা দেখি দৌৰ মাৰিলো তালৈকে।
:ভয় খালি?
:হমম।
:তহঁতৰ লগৰে হব ছাগে সেইকেইটা, চিনিয়ৰে LMTC পঠাইছে, দৰব আনিবলে। তহঁতৰ নামেই চিঞৰি আছে, একো নাই দে, ভয় খাব নালাগে।
:দৰব মানে, কাৰোবাৰ কিবা হৈছে?
:নহয় সোণজনী, এইটো পৰীক্ষাৰ টাইমত হোষ্টেলত বেছিকৈ দৰকাৰ হোৱা দৰব, যা শুই থাক, বাৰটা বাজি গল।
সমীক্ষা বাৰ কথাবোৰ একো বুজি নাপালো, ৰূমলৈ আহি শুই থাকিলো।
বাকী বিলাক exam ঠিকেই গল, কিন্তু Physics অৰ পেপাৰখন সাংঘাতিক টান আহিল, JECৰ ভাষাত পেপাৰে বাহঁ দিলে। সকলোৰেই মন বেয়া। মায়ে বাৰে বাৰে বুজাইছে একো নহয় দে, এটা পৰীক্ষা হে বেয়া হৈছে। বাকী থকা কেইটা ভালকৈ দিবি।
যিমান পাৰো ভালকৈ পঢ়ি পৰীক্ষা শেষ কৰিব বিচাৰিছো, মনৰ মাজৰ আন সকলো কথা আওকান কৰিবলৈ চেষ্টা কৰিছোঁ। অৰ্ণৱৰ কথা ভাবিলেই সব খেলিমেলি লাগে। সেইকাৰণে ফোনটো অফ কৰি থোৱা হলো। কিন্ত কাইলৈ শেষৰটো পৰীক্ষা। তাৰ পাছত এদিন থাকি পিছদিনা ঘৰলৈ যাম। সেইখিনি সময়ত তেওঁ মোক সহজে এৰি নিদিয়ে বুলি জানো। কি কম? নাই এতিয়া নাভাবো। এনেও কাইলৈ পিছবেলা পৰীক্ষা, ঘূৰি আহোঁতে দেৰি হব, তাৰ পাছদিনা অামি হোষ্টেলৰ সবেই একেলগে দিনটো বাহিৰত কটাম, খাম, ফুৰিম,। টিনা অাৰু ৰাজীয়ে মিলি planning কৰিছে। গতিকে মই তেওঁৰ পৰা সেইদিনাও আঁতৰি থাকিব পাৰিম। যেনেতেনে ঘৰ পালেগৈ হল।
দহটা বাজিল, অাৰু দুঘণ্টা পঢ়ি শুই থাকিম, বাকিখিনি ৰাতিপুৱা চাই লম এবাৰ। এনেতে vibration অত থকা ফোনটো বাজি উঠিল।
Unknown number এটাৰ পৰা ফোন আহিছে, প্ৰথমতে নুঠালো। অৰ্ণৱো হব পাৰে, কিন্তু দহ মিনট মানৰ পাছত আকৌ ৰিং হল।


:হেল্ল ‘!
:হেল্ল’, আস্থা হয়নে বাৰু?
সাংঘাতিক ধুনিয়া এটা মাত, মিঠা কিন্তু গভীৰ, কোন হব পাৰে??
:হয়, আপুনি কোনে কৈছে?
:মই অনুৰাধা, অৰ্ণৱৰ মা।
ধক।
অৰ্ণৱৰ মা!!!!!!!!!!!!!!
মোলৈ কিয় ফোন কৰিছে?
হে ভগৱান, কিবা কৈ দিয়া নাইতো অৰ্ণৱে।
:চিনি পাইছা এতিয়া?
:হমম, পাইছো ।
মাতটো নোলাবই এতিয়া মোৰ।
পঢ়ি থকা কিতাপ জপাই দুয়োখন হাতেৰে ফোনটো খামুচি আছো।
:পৰীক্ষা ভাল হৈছেনে? কাইলৈ শেষ হব নহয়।
ইমানবোৰ কথা কেনেকৈ গম পায়?????
:অঁ, কাইলৈ শেষ হব ।
:Good, পৰহিলৈ মই তোমাক লগ পাব বিচাৰোঁ, তোমাক হোষ্টেলৰ পৰা লৈ আনিম বাৰু, তোমাৰ লগত কিছুমান কথা পাতিব লগীয়া অাছে, খুবেই
জৰুৰী। পাৰিবানে অকণমান সময় উলিয়াব?
কি কথা পাতিব খুজিছে? মোক কিবা কথাত গালি নাপাৰে তো, অাৰু মাক নোসোধাকৈ কেনেকৈ সন্মতি দিম? কিন্তু তেখেতক না কবলৈও মন যোৱা নাই, কথা টো বা কি?
:হব।
:ঠিক আছে, কাইলৈৰ Exam তো ভালকৈ দি লোৱা, পৰহিলৈ অামি কথা পাতিম। এতিয়া ৰাখিছো।
:ঠিক আছে।
ফোনটো থৈ লৈহে ভালকৈ উশাহ লৈছো, অলপ আগত কি হল ভাবিবলৈ মন যোৱা নাই। আজি আৰু পঢ়া নহয়। কিতাপখন জপাই শুব লওঁতেই আকৌ বাজিল ফোনটো। এইবাৰ অৰ্ণৱ।
:We are going on our first date, finish your exam tomorrow, next day is mine. You have to spend the whole day with me miss Astha. I have waited enough.
:কিন্তু..
:No more excuses.
:মই বেলেগ এফালে যাব লাগিব।
:Nope. You have to meet me and that’s it. Now sleep and finish your exam tomorrow.
:শুনকচোন..
:shhhh, I have heard enough. Good night.

অাৰু কিবা বাকী আছেনে হবলৈ, এতিয়া মই পৰহিলৈ কি কৰিম, নমো, মোৰ গা টো যেন সেইদিনাই বেয়া কৰি দিয়া অাৰু।

পৰীক্ষা শেষ হল, ওলাই আহিয়েই টিনাৰ উৎপাত ওলাই যাবই, গড় আলিৰ ফুচকাৱালা কেইজনক হেনো তাই সপোনতে দেখিছে। গতিকে অাজি যাবই। মই নাযাঁও বুলি কোৱাত গোটেইকেইজনী জকজকাই উঠিল। নিশা অাৰু অনুৰাগ বেলেগকৈ যাব। মই টিনা অাৰু ৰাজী যাম একেলগে। উপায় নাপায় ওলালো যাবলে।
গেটৰ সন্মুখত অটৰ কাৰণে ৰৈ আছো। যতে বাঘৰ ভয় তাতে ৰাতি হয়। ওছৰৰ দোকানখনত অৰ্ণৱ অাৰু উৎপল দাদা। মোক দেখি ওচৰ চাপি আহিল।
:কাইলৈ ৰেডি থাকিবা।
:নোৱাৰিম।
:Its not a request, its an order from your senior.
:কিন্তু..
:Shhh.. Be ready. মই ১০ টাত আহিম।


:…
:এতিয়া কত যোৱা?
:টাউন।
:কি কাম আছে?
:মই আপোনাক সোধো নেকি এইবিলাক?
খং উঠি আহিল, মোৰ কথা শুনাৰ ধৈৰ্য্য নাই, কাইলৈ কিয় যাব নোৱাৰোঁ সেইতো কোৱাৰ সুযোগেই নিদিলে। মোক আকৌ কলৈ যাম, কিয় যাম সব সোধে। মূৰটো গৰম হৈ যায়।
:Dont you dare talk to me like that Astha.
ৰঙা চকুকেইটা বেছি দেৰি চাই থাকিব নোৱাৰোঁ। ভাগ্য ভাল অট এখন আহি পালেহি, দৌৰি গৈ উঠিলোগৈ।
:কাইলৈ আমাৰ পোৱালিৰ first date, মইতো ভাবিয়েই পাগল হৈ গৈছো। কি পিন্ধিবি ক না ক না।
মোৰ ভয়তে অবস্থা বেয়া এইজনীৰ আকৌ কাপোৰ লৈ হে চিন্তা। মনে মনে আছো।
দুয়োজনীৰ লগত দোকানে দোকানে ঘূৰি শেষত বিউটি পাৰ্লাৰ এখনত বহিলোগৈ। এতিয়ালৈকে মই থ্ৰেডিং কৰাই পোৱা নাই। আজি দুয়োজনীয়ে হেঁচা মাৰি ধৰি কৰাইহে এৰিলে। বিষত থাকিব পৰা নাই। ৰঙা হৈ ফুলি গৈছে। তাৰ পিছতো নেৰিলে। নতুন ৰূপ এটা লৈ হোষ্টেল পালোহি। কিবা নিজকে বেলেগ বেলেগ দেখিছো, অলপ ডাঙৰ ডাঙৰ। ভাগৰে হেঁচা মাৰি ধৰিছে, তাৰ ওপৰত কাইলৈ কি হয় ঠিক নাই। মুখ হাত ধুই বিচনাত পৰি মালৈ ফোন কৰিলো। অৰ্ণৱৰ মাকে যে লগ কৰিব বিচাৰিছে সেইয়াও কলো। বহুত সময় মনে মনে থাকি মায়ে উত্তৰ দিলে। লগত নিশাকে লৈ যাবি। ডাঙৰ মানুহ এগৰাকীয়ে কিবা কব খুজিছে যেতিয়া শুনি ল। মাৰ সঁহাৰি পাই সকাহ পালো।
নিশাৰ আগত সকলো খিনি কলো, তাইয়ো লগত যাবলৈ মান্তি হল। বাৰে বাৰে বুজাইছে মোক ভয় নাখাবলৈ। অৰ্ণৱৰ ৰঙা চকুকেইটা মইহে চাব লাগিব। অাজি সপোনতো আহি মোক গালি পাৰিব মই জানো। কম্বল খন টানি শুই পৰিলো।

:উঠ আস্থা, কিমান শুই থাক অাৰু, ফোনটো বাজি অাছে তোৰ।
ৰাতি পুৱালে তাৰমানে, হে ভগৱান নটা বাজিলে। ফোনটো চালো, অৰ্ণৱৰ মিছ্দ কল এসোপামান। মাকেও ফোন কৰিছিল। প্ৰথমতে তেখেতক ফোন কৰিলো, নিশা যে লগত যাব কলো। এঘাৰমান বজাত লৈ যাবহি বুলি কলে।এইবাৰ অৰ্ণৱলৈ ফোন কৰিলো।
:ফোন কিয় উঠোৱা নাছিলা?
:শুই আছিলো।
:You have only one hour. Be ready.
:মই নোৱাৰিম আপোনাৰ লগত যাব।
:and why ?
: আপোনাৰ মায়ে মোক অাজি লগ কৰিব বিচাৰিছে।


:…
:শুনিছে নে? হেল্ল ‘?
:কিয় লগ কৰিব খুজিছে?
:সেইতো কোৱা নাই।
:তুমি যাবা?
:হমম।
:মোক এবাৰ সুধি চোৱা জৰুৰী নাছিল?
:মানে?
:You should have asked me once. Do as per your wish.
:মই কালি কম ভাবিছিলো, আপুনি হে..
:Cut the crap Astha. Leave it.
ফোনটো কাটি দিলে। এইবাৰ ভালকৈয়ে জগৰ লাগিল গম পালো, কিন্তু ইমানকৈ খং উঠিব লগীয়া কি হল বুজি নাপালো।ভাবি নাথাকো, সোনকালে গা ধুই ওলাব লাগে।একেবাৰে নতুন চুৰিদাৰ এযোৰ উলিয়াই লৈছো, নেভী ব্লু কালাৰৰ। চুলিখিনিও ধুব লাগিব।
ঠিক এঘাৰ বজাৰ লগে লগে তেওঁৰ মাকে ফোন কৰিলে, ওলাই আহি দেখো হোষ্টেলৰ সন্মুখত ৰৈ আছে, গাড়ীৰ পৰা নামি অলপ আগবাঢ়ি আহিল। মই তেতিয়াও মূৰত টাৱেলখন মাৰিয়েই থৈছো, চুৰিদাৰ যোৰ পিন্ধি বাথৰূমৰ পৰা ওলোৱা ভাগেই বাৰাণ্ডা পালোহি। মোক দেখি হাঁহিলে।
:মই ৰৈছো, তুমি ভালকৈ ready হৈ আহা।
অলপ সময় পাছত নিশাৰ লগত ওলাই আহিলো, অৰ্ণৱৰ মাকে গাড়ীৰ পিছফালৰ দুৱাৰ খুলি দি নিজে ড্ৰাইভিং ছিটত বহিল।
:আস্থা, বাবাক ফোন কৰাচোন।
:বাবা?
:Sorry, অৰ্ণৱক।
আচৰিত হলো, তেখেতে নিজে কিয় ফোন কৰা নাই, মোক কিয় কৈছে!
কেইবাবাৰো ৰিং কৰি কৰি বন্ধ হৈ গল, তেওঁ ফোন নুঠালে।
:থাকক দিয়া।
গোটেই ৰাস্তাটো তেখতে নিশা অাৰু মোৰ লগত কিবা কিবি কথা পাতি আহিল, মানুহগৰাকী ইমান মৰমীয়াল, অৰ্ণৱ বাৰু এখেতৰে সন্তান হয় নে? ইমান ভাল মানুহগৰাকীৰ ইমান খঙাল পুতেক হব পাৰে জানো।
:এইটোয়ে আমাৰ ঘৰ।
প্ৰকাণ্ড গেটখন মানুহ এজনে খুলি দিলে, গাড়ীখন গেটৰ ভিতৰলৈ ভৰাই তেখেতে চাবিটো মানুহজনক দি আমাক ঘৰৰ ভিতৰলৈ লৈ গল। খুব সুন্দৰকৈ সজোৱা ড্ৰয়িংৰুমটো, এটা এটা বস্তু যেন বাচি বাচি আনি সজাই থৈছেহি ইয়াত। এটা বগা ৰঙৰ চফা, এনেকুৱা লাগে বহিলে লেতেৰা হৈ যাব। বেলেগ বেলেগ ধৰণৰ বহুত indoor plant, বেৰত কেইবাখনো ফটো কিন্তু অৰ্ণৱৰ এখনো নাই। আমাক বহিবলৈ কৈ তেখেতে ভিতৰলৈ সোমাই গল। অলপ পাছত এগৰাকী অলপ বয়সীয়াল মহিলা হাতত এখন ট্ৰে অাৰু দুগিলাছ juice লৈ ওলাই আহিল।
:আস্থা তুমি নেকি?
:হয়।
:এইয়া ৰেজিয়া, মোৰ লগৰী বুলিয়েই ভাবিব পাৰা।
অৰ্ণৱৰ মাকে ওলাই আহি আমাক চিনাকি কৰাই দিলে। মোৰ ফালে এনেকৈ কিয় চাই অাছে বাৰু, নিশাই টেপেৰ টেপেৰ কথা আৰম্ভ কৰিলেই, মইহে মুখেৰে একো মাতিব পৰা নাই।
:আস্থা, তুমি অলপ মোৰ লগত আহাঁচোন, নিশা তুমি বহাচোন,বেয়া পাবা নেকি?
:তুমি মোৰ লগত পাকঘৰলৈকে বলা।
নিশা ৰেজীয়া বাইদেউৰ লগত চিধাই পাকঘৰ পালেগৈ, ইম্মান সোনকালে মিলি যাব পাৰে এইজনী, মইহে কিবা ভূতৰ নিচিনাকৈ থাকো।
ড্ৰয়িংৰুমটোৰ ভিতৰতে থকা চিৰিয়েদি ওপৰলৈ উঠি গলো, আগে আগে অৰ্ণৱৰ মাক, পাছে পাছে মই। বুকুখন ধক ধক কৰিছে।
:এইটো মোৰ ৰূম, বহা।
বিছনাখনৰ ওচৰতে থকা সৰু চোফাখনত বহিলো, তেখেত বিচনাখনৰ চুক এটাত মোৰ মুখা মুখি কৈ বহিল। মন কৰিলো, বিচনাৰ ওচৰত এখন ডাঙৰ photo, চাৰি পাঁচ বছৰীয়া লৰা এটাৰ, অৰ্ণৱ যেনেই লাগিল দেখাত। কিন্তু মৰমলগা হাঁহিটো দেখি নহয় যেনো লাগিল।
:বাবাই তোমাক নিজৰ বিষয়ে কিবা কৈছে নে?
:ওহোঁ।
:তুমি তাৰ বিষয়ে কি জানা?
:মানে?
:তুমি তাক ভাল পোৱা?
:হমম।
:কষ্ট পাবা তুমি আস্থা, মই তোমাৰ বিষয়ে সকলোবোৰ জানো, তুমি মৰমৰ বাহিৰে একো দেখা নাই জীৱনত, কিন্তু অৰ্ণৱৰ পৃথিৱী খন বৰ অন্ধকাৰ, তোমাক মই জানি বুজি কষ্ট দিব নোৱাৰোঁ। খঙত অৰ্ণৱে সকলো শেষ কৰি দিব পাৰে, তোমাকো কষ্ট দিব নিজেও কষ্ট খাব, তুমি তাক নাজানা কিন্তু মই জানো, সি তোমাক কিয় ভাল পায়।
:কিয়?
:তোমাক যেতিয়া সি প্ৰথম বাৰ তোমাৰ দেউতাৰ লগত কলেজত দেখিছিল, দেউতা অাৰু তোমাৰ মৰম দেখি তাৰ হিংসা হৈছিল, তোমাক যে সকলোয়ে মৰম কৰে, তাৰো মন যায় তোমাক মৰম কৰিবলৈ, তোমাৰ মৰমৰ ভাগ লবলৈ। তাৰ খং জেদ সকলোবোৰ তুমি যে সহি থাকা, সি ভাবে তুমি দুৰ্বল, জোৰ কৰি তোমাক ভাল পাব বিচাৰে সি, জোৰ কৰি তোমাৰ ভাল পোৱা আদায় কৰিবও খোজে। মৰম নোপোৱা মানুহবোৰে যেতিয়া কৰবাত ইমান মৰম একেলগে দেখে, তেতিয়া ভিতৰত শুই থকা মৰম আকলুৱা শিশু বোৰ সাৰ পাই উঠে। অৰ্ণৱৰ লগতো সেয়াই হৈছে, তোমাৰ মাজত সি নোপোৱা মৰমৰ ভাগ বিচাৰিছে।
:মই ঠিক বুজি পোৱা নাই আপুনি কি কব বিচাৰিছে, অৰ্ণৱ অাৰু মই এতিয়াও ইজনে সিজনক জানিবলৈ বাকী অাছে, কিন্তু আজিলৈকে যিমান খিনি বুজি পাইছো বহুত মৰম, বহুত ভালপোৱা তেওঁৰ মাজতো আছে, যিটো অদ্ভুত খং এটাৰ আৰত লুকাই থাকে।
:সেই খংটোৰ কাৰণ তুমি জানানে?
:নাজানো।
:মই,মোৰ বাবেই সি এনেকুৱা হল, কিন্তু জানি বুজি মইয়ো একো পাপ কৰা নাছিলো, সমাজে দিয়া কিছুমান অপবাদে আমাৰ দুয়োটাৰে জীবন অন্ধকাৰ কৰি পেলালে। তোমাক সেইবিলাক মই কব নিবিছাৰো, কোনোবাই মোক বা মোৰ সন্তানক পুতৌ কৰি ভাল পোৱা দিয়ক সেয়া মোৰ ভাল নালাগে। অৰ্ণৱেও নিবিচাৰিব তুমি তাক তেনেকৈ ভালপোৱা দিয়াটো।
:পুতৌ? ভালপোৱা হৈ যায়, হিছাপ নিকাছ কৰি কৰা নাযায়, অৰ্ণৱৰ অতীত জনাৰ আগতেই মই তেওঁক ভাল পাইছিলো,মানুহৰ বৰ্তমানক মই বিচাৰ কৰো, অতীতক নহয়।
কত ইমান সাহস পাইছো নাজানো, কিন্তু তেখেতৰ কথাৰ উত্তৰ নিদিয়াকৈ থকা নাই, মনত যি ভাবিছো কৈ দিছো।
:জানিব খুজিছা তাৰ বিষয়ে?
:সেইতো আপুনি বিচাৰ কৰি চাওক, যদি মই কথাবোৰ জনাটো উচিত বুলি ভাবে, মই নিচ্ছয় শুনিম।
:কম, সকলোবোৰ খুলি কম তোমাক, কিন্তু কথাবোৰ জানি তুমি যেন মোক ভুল নুবুজা।
:মই বহুত কথাই বুজি নাপাও, কিন্তু আপোনাক বুজিবলৈ চেষ্টা কৰিম।
:চন্দ্ৰ মোহন গোস্বামীৰ নাম শুনিছা?
:শুনিছো মাহঁতৰ মুখত।
:মোৰ দেউতা, মই তেখেতৰ একমাত্ৰ ছোৱালী আছিলো, ঘৰৰ আলসুৱা, তোমাৰ দৰে, কিন্তু অাজি মই যত আছো, সেইটো মই মোৰ ছোৱালী কালত কল্পনা কৰিবও পৰা নাছিলো। সেইকাৰণে কৈছো তোমাক, আকৌ এবাৰ ভাবি চোৱা, অৰ্ণৱৰ ওচৰত এবাৰ ধৰা দিলে তুমি অাৰু কেতিয়াও আঁতৰি যাব নোৱাৰিবা।

আগলৈ…


-----------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma


Post a Comment

0 Comments
close