JEC LOVE STORY Chapter 2 / Part 4

JEC Chapter 2 (Part 4)

অৰ্ণৱৰ ওচৰত এবাৰ ধৰা দিলে তুমি অাৰু কেতিয়াও আঁতৰি যাব নোৱাৰিবা।
:মানে?
:মানে তুমি তাক আগতে জানি লোৱা ভালকৈ,আমাৰ আউল লগা জীৱন দুটাৰ বিষয়ে।
:কৈ যাওক, মই শুনি আছো।

JEC LOVE STORY Chapter 2

:এইখন মোৰ দেউতাৰ ঘৰ, হাঁহি কান্দোন, পোৱা নোপোৱা, ৰাগ বিৰাগ সকলোৰে সাক্ষী এই ঘৰখন। মা দেউতা অাৰু মোৰ সপোনৰ ঘৰ। মোৰ দেউতা আছিল সেই সময়ৰ অসমৰ ভিতৰতে বিখ্যাত উকীল, লগতে ককাৰ দিনৰে চাহৰ বাগানখনো চলাইছিল তেওঁ। সমাজৰ এজন আদৰণীয় ব্যক্তি, উদাৰ মনোভাৱৰ। তেতিয়াৰ দিনতে মোক শ্বিলঙৰ Lady Keane কলেজত পঢ়িবলৈ পঠাইছিল দেউতাই । গ্ৰেজুৱেচনৰ পাছত ময়ো দেউতাৰ পথ অনুকৰণ কৰি law পঢ়িলো। মোৰ যেনেকৈ মন যায় তেনেকৈয়ে জীয়াই থকাৰ সম্পুৰ্ণ স্বাধীনতা দিছিল দেউতাই। সময়তকৈ বহুত আগবঢ়া আছিল তেখেতৰ মনোভাৱ।দেউতাৰ লগত বাগান চাইছিলো মই, মোৰ কথামতেই দেউতাই নতুন ব্যৱসায় আৰম্ভ কৰিছিল, মুঠতে কোনোদিনেই মই ছোৱালী, ঘৰৰ ভিতৰত থকা উচিত, এনেকুৱা একোৱেই ফিল হোৱা নাছিল।
কিন্তু সেই সময়ৰ সমাজ ব্যৱস্থাৰ কথা দেউতাই নাভাবিলেও মায়ে ভাবিছিল, বাৰে বাৰে মোক বিয়া দিৱলৈ দেউতাক কৈছিল।প্ৰথমতে মান্তি হোৱা নাছিলো যদিও পৰিয়ালৰ সকলোৰে কথামতে মইয়ো বিয়াত সন্মতি দিলো। দেউতাৰ বন্ধু পুত্ৰৰ লগত সম্পৰ্ক কৰাৰ কথা ওলাল, মইয়ো সন্মতি দিলো, অৰ্ণৱৰ দেউতাকক প্ৰথম লগ পাইয়ে ভাল লাগিছিল, সৱল ব্যক্তিত্বৰ এজন নম্ৰ মানুহ। শ্ৰদ্ধা ওপজিছিল প্ৰথম দেখিয়েই।লাহে লাহে কথা আগবাঢ়িল। শহুৰ শাহুৰ মই বৰ মৰমৰ হৈ পৰিছিলো, গোস্বামী বংশৰ একমাত্ৰ ছোৱালীক বোৱাৰী হিচাপে পাই তেওঁলোক সুখী হৈছিল। মোৰ শহুৰে দেউতাৰ লগত ব্যৱসায়িক সম্পৰ্ক আৰু টনকিয়াল কৰাৰ পৰিকল্পনা কৰিছিল।
বিয়াখন খুব ধুমধামেৰে হৈ গৈছিল, সকলো সুখী আছিল, বিশেষকৈ মোৰ দেউতা। বিয়াৰ পিছৰ সময়খিনি সপোনৰ দৰে ধুনীয়া আছিল। আমাৰ এখন সৰু সুখৰ সংসাৰ হল। অৰ্ণৱৰ দেউতাকক পাই মই ধন্য হৈছিলো। মোৰ আধৰুৱা পঢ়া তেওঁৰ বাবেই বিয়াৰ পাছত সম্পুৰ্ণ কৰিছিলো। মোৰ প্ৰতিটো সৰু সৰু কথাৰ খেয়াল ৰখা এজন খুব সুন্দৰ মনৰ মানুহ আছিল মোৰ স্বামী। তেওঁৰ সকলো কামত মোৰ উপদেশ, সহায় বিচাৰিছিল, আমি ইজনে সিজনৰ হাত ধৰি খোজ দিছিলো। বিয়াৰ প্ৰায় দুটা বছৰৰ পাছত আমাৰ মাজলৈ অৰ্ণৱ আহিল। দুয়োটা পৰিয়ালত আনন্দৰ উৎসৱ। অৰ্ণৱ দুয়োখন ঘৰৰে নয়নৰ মণি আছিল। মই দুগুণ সুখী হৈছিলো। অৰ্ণৱৰ দেউতাক অাৰু মই যেন অাৰু ভাল পাবলৈ লৈছিলো ইজনে আনজনক। কিন্তু সেই মধুৰ সময় বেছিদিন নাথাকিল।
মানুহগৰাকী আকৌ মৌন হৈ পৰিছে, চেপি ৰাখিছে ওলাই আহিব খুজা কান্দোনটো।
:এদিন ৰাতি হঠাৎ মোৰ স্বামীলৈ এটা ফোন আহিল, বাগানৰ শ্ৰমিকে আন্দোলন কৰিছে, মেনেজাৰে চম্ভালিব পৰা নাই। বাহিৰত তেতিয়া ধুমুহা বৰষুণ, মই বাৰে বাৰে মানা কৰিছিলো তেওঁক, মোৰ মনে আহিবলগীয়া অভিশপ্ত সময়ৰ উমান চাগে আগেয়েই পাইছিল, অৰ্ণৱেও দেউতাকৰ চোলাটোত ধৰি কান্দিছিল নাযাবা বুলি। মাথোঁ এঘন্টাতে ঘূৰি আহিম বুলি কোৱা মানুহজন দুটা দিনৰ পিছত ঘূৰি আহিছিল, বগা কাপোৰেৰে শৰীৰটো ঢাকি।
মই…

অাৰু কব পৰা নাই মানুহগৰাকীয়ে, চকুৰ পানী ধাৰাসাৰে বৈ আহিছে, হয়তো বহুদিন চেপি ৰাখিছিল এই কান্দোন, চকীখনৰ পৰা উঠি গৈ তেখেতৰ কাষতে বহিলো, কি কৰিম ভাবি পোৱা নাই, তেওঁৰ হাতখনৰ ওপৰত মোৰ হাতখন থৈ মাথোঁ বুজাব বিচাৰিলো তেওঁৰ দুখৰ গভীৰতা মই বুজিছো।
:মই পাগল হৈ গৈছিলো আস্থা, অৰ্ণৱে একোৱেই বুজা নাছিল তেতিয়া। পুলিচৰ অনুসন্ধানত গম পাইছিলো তেওঁক বহুদিন আগৰপৰাই কোনোবাই ফোন কৰি ধন দাবি কৰি আছিল, সেইদিনাও তেনেকুৱা কিবাই হৈছিল, কিন্তু মোক সেই বিষয়ে একো কোৱা নাছিল তেওঁ। আজিও নোলাল তেওঁৰ হত্যাকাৰী কোন আছিল। কাগজে পত্ৰই তেওঁৰ মৃত্যুক লৈ নতুন নতুন কাহিনী ওলাল, পৰকীয়া প্ৰেমৰ পৰা আৰম্ভ কৰি বানিজ্যিক লোকচানলৈকে। মোকো সাঙুৰি লোৱা হল, হত্যাকাৰী বুলি সন্দেহ কৰি অবৰ্ণনীয় মানসিক অত্যাচাৰ চলোৱা হল। অৰ্ণৱৰ মুখলৈ চাই সকলো পাহৰিলো, মৰি মৰিও জীয়াই থকাৰ বাবে সাজু হলো, কিন্তু সেইয়াও হৈ নুঠিল।

:কিয়???
:তাৰ পাছতহে মই মানুহ চিনি পালো বুজিছা। বেলেগৰ কথা বাদেই দিলো, মোৰ নিজৰ শহুৰ শাহুৱে সন্দেহ কৰিবলৈ ললে, মানুহৰ কথাত বিস্বাস কৰি অৰ্ণৱক মোৰ পৰা কাঢ়ি নিলে, মোৰ কোনো কথাই নামানিলে, মা দেউতাও তেওঁলোকৰ ভৰিয়ে হাতে ধৰি কাবৌ কোকালি কৰিলে, কিন্তু তেওঁলোকৰ মন গলাব নোৱাৰিলে। অবুজন শিশু এটাক মাকৰ বুকুৰ মাজৰপৰা কাঢ়ি নি তেওঁলোকে কি সুখ পালে নাজানো। আইনৰ সহায় লৈও ঘূৰাই আনিব নোৱাৰিলো অৰ্ণৱক, ওলোটাই মোকহে দোষী সাব্যস্ত কৰা হল। লাহে লাহে মই ডিপ্ৰেছনত ভুগিবলৈ ধৰিলো, অৰ্ণৱক এবাৰ চাবলৈ তেওঁলোকৰ ঘৰৰ বাহিৰত ৰৈ ৰৈ থাকো। কিন্তু মোৰ সেই পাগলামী বোৰে অৰ্ণৱৰ হে অপকাৰ কৰিলে। মই যাতে তাক লগ কৰিব নোৱাৰো, তাৰ বাবেই সাত বছৰীয়া লৰাটোক নি দিল্লীৰ কোনোবা International স্কুলত নাম লগাই দিলে, হোষ্টেলত থকাৰ ব্যবস্থাও কৰিলে। একো বুজি নাপায় তেতিয়া অৰ্ণৱে, ককাক অাৰু খুড়াকে মোৰ লৰাটোৰ সৰু কালটো শেষ কৰি পেলালে। সকলো আপোন মানুহৰপৰা আতঁৰত থোৱা হল তাক, মই লগ পাওঁ বুলি স্কুলৰ বন্ধত অসমলৈ আহিবলৈও দিয়া হোৱা নাছিল , হোষ্টেলৰ আয়াৰ ওচৰতে থাকে। মই খবৰ পাইছিলো প্ৰায় তিনি চাৰি বছৰৰ পাছত। তাক লগ কৰিবলৈ দিল্লী পাইছিলোগৈ, কিন্তু অৰ্ণৱ তেতিয়ালৈ মোৰ অৰ্ণৱ হৈ থকাই নাছিল, ১১ বছৰীয়া লৰাটো যেন বয়সতকৈ বহুত বেছি ডাঙৰ হৈ গৈছিল, মোৰ সৈতে কথা পতাৰ কোনো ইচ্ছা নেদেখিলো মই, ঘৰলৈ নাহোঁ বুলি একে আষাৰেই কৈ দিছিল। বেছি জোৰ কৰিলে security মাতিম বুলি মোক ধমকি দিছিল সি। মুখত এটাও অসমীয়া কথা নুশুনিলো তাৰ, নিজৰ ভাষা,নিজৰ ঠাই, আপোন মানুহ,এই সকলোবোৰৰ পৰা বহুত দূৰলৈ গুছি গৈছিল মোৰ বাবা। শিল হৈ গৈছিলোঁ তাৰ কথাবোৰ শুনি, মোৰ অৰ্ণৱ কেনেকৈ ইমান সলনি হৈ গৈছিল বুজি নাপালো, মোৰ প্ৰতি থকা ঘৃণাৰ ভাব তাৰ প্ৰত্যেকটো কথাতে স্পষ্ট হৈ ওলাই পৰিছিল, সেইদিনা আকৌ এবাৰ মৃত্যু হৈছিল মোৰ। দিল্লীৰ পৰা এজনী বেলেগ অনুৰাধা হৈ ঘূৰি আহিছিলো।

মোৰ হাতখন চেপাঁ মাৰি ধৰিলে তেওঁ, খং দুখ অভিমান স্পষ্ট হৈ পৰিছে ৰঙা পৰি যোৱা মুখ খনত।

:কিন্তু মোৰ দে্উতাই মোক হাৰিবলৈ নিদিলে, আকৌ আৰম্ভ কৰিলো মোৰ জীৱন, এই লেতেৰা সমাজখনক বুঢ়া আঙুলি দেখুৱাই কেৱল কামত ব্যস্ত হৈ পৰিলো, দেউতাক ব্যৱসায়ত সহায় কৰিবলৈ ললো, তেতিয়াই আমাৰ ঘৰলৈ আহিছিল ৰেজিয়া, দেউতাৰ অতি বিস্বাসী কৰ্মছাৰী আহমেদৰ পত্নী ।গাৱঁৰ পৰা নিজৰ লৰা ছোৱালীৰ সইতে গুচি আহিছিল আমাৰ ঘৰলৈ। ৰেজিয়াৰ মাজত মই মোৰ নিজৰ ভণ্টি এজনী বিচাৰি পাইছিলো, খুলি কৈছিলো সকলো কথা, কান্দিছিলো তাইৰ কোলাত মূৰ থৈ। ৰেজিয়াৰ ডাঙৰ লৰাটো প্ৰায় অৰ্ণৱৰ সমবয়সীয়া, তাকে অৰ্ণৱৰ নিচিনাকৈ মৰম কৰিছিলো। এদিন ৰেজিয়াই কলে..
:বাইদেউ, ই আপোনাৰ লৰা বুলিয়েই ভাবিব, মোক ভগৱানে তিনিটা লৰা ছোৱালী দিলে, আপোনাক এটা দি কাঢ়ি লৈ গল, আপুনি মন্ বেয়া নকৰিব। মোৰ লৰা আপোনাকে গতালো আজিৰপৰা, চাব অাৰু আপুনিয়েই।

মৰি যোৱা মমতা জাগি উঠিছিল মোৰ, ৰেজিয়াৰ ডাঙৰ লৰাক নিজৰ কৰি ললো, বংশৰ নাম দিলো, ৰেজিয়াই নিজেই তাৰ নতুন নাম এটাও দিলে। উৎপল। চিনি পোৱা নহয়।

:উৎপল দা…??????


উৎপল দা…??????

:সি মোক জীয়াই ৰাখিছে ইমানদিনে, ৰেজিয়া আৰু তাৰ কাৰণেই মই ‘মই’ হৈ থাকিলো ।
:অাৰু অৰ্ণৱ?? তেওঁ ইয়ালৈ ঘূৰি কেতিয়া আহিল?
:সময় সদায়ে একে নাথাকে। সেইখন ঘৰৰ পৰিবেশ লাহে লাহে সলনি হৈছিল। মোৰ দেওৰৰ বিয়া বাৰু কৰি নিজৰ সংসাৰ ডাঙৰ হল।অৰ্ণৱ লাহে লাহে কেৱল এটা দায়িত্ব হৈ পৰিল। তাৰ বয়স ষোল্ল বছৰ তেতিয়া, মোৰ শহুৰ দেউতাৰ হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিল। অৰ্ণৱক এবাৰ দেখা পাম বুলিয়েই লাজ অপমান সকলোবোৰ পাহৰি গৈছিলোঁ তেখেতসকলৰ ঘৰলৈ, কিন্তু নাই তাক তেতিয়াও আহিবলৈ নিদিলে। সেইদিনা তালৈ গৈ হে গম পালো অৰ্ণৱৰ খৰছ পাতি বহন কৰিবলৈ দেওৰ অাৰু মোৰ জা গৰাকী একেবাৰেই সাজু নহয়। মোৰ শাহুৱে কান্দি কাটি মোক কলে অৰ্ণৱক যাতে মই আকৌ আঁকোৱালি লওঁ। অদ্ভুত এই মানুহবোৰ। কিয়, কেনেকৈ ইমান জটিলতা সামৰি ৰাখে নিজৰ মাজত সেইয়া চাগে মই কেতিয়াও বুজি নাপাম। এবুকু আশা বুকুত বান্ধি সেইদিনা ঘৰলৈ উভতি আহিলো। তাৰ স্কুলৰ লগত কথা পাতি সমগ্ৰ খৰছ বহন কৰিলো, কিন্তু তাক জানিবলৈ দিয়া নাছিলো। খুড়াকে কৰিছে বুলিয়েই ভাবি থাকিলে সি। কিন্তু ককাক ঢুকাই যোৱাৰ পাছত অৰ্ণৱ অাৰু বেছি অকলশৰীয়া হৈ পৰিল। কেৱল কিতাপৰ মাজতেই সোমাই থকা হল, স্কুলৰ পৰা মোলৈ ঘনে ঘনে ফোন অহা হল, অৰ্ণৱৰ এনেকুৱা আচৰণে হোষ্টেলৰ সকলোকে আচৰিত কৰিলে। তেনেকৈয়ে সি 12th পাছ কৰিলে। তাৰ পাছত সি NIT ত এডমিশ্যন ললে, শ্ৰীনগৰত। কিন্তু কি হল তাত নাজানো, সি চাগৈ ভিতৰি ভিতৰি তেতিয়ালৈ শেষ হৈ গৈছিল, এন্টি ডিপ্ৰেছেন্টৰ overdose লৈ সি হস্পিতালত ভৰ্তি হব লগা হল, কিয় নাজানো, সেইদিনা সি প্ৰথমবাৰ মোলৈ ফোন কৰিছিল, একো নকলে, চেপাঁ চেপাঁ কান্দোনৰ শব্দ শুনি সকলো বুজি পালো মই। উৎপলক লগত লৈ পিছদিনাই উৰা মাৰিলো তাৰ ওচৰলৈ। অৰ্ণৱক দেখি ভয় খাইছিলো সেইদিনা মই, চকুৰ তলত ডাঙৰ ডাঙৰ গাত, ওঁঠ দুটা শুকান, চকু কেইটা অঙঠাৰ নিচিনা ৰঙা। ডক্টৰে জনাইছিল সি যে বহু দিন আগৰপৰাই সেইবোৰ tablet খাই আছিল। কিমান অকলশৰীয়া হলে এটা ওঠৰ বছৰীয়া লৰাই নিজৰ জীৱনটো এনেকৈ শেষ হৈ যাবলৈ দিব পাৰে???
মই কিন্তু সেইদিনা কন্দা নাছিলো, অৰ্ণৱ অলপ সুস্থ হোৱালৈ বাট চাই তাক একেবাৰে লৈ অহাৰ ব্যবস্থা কৰিলো, কিন্তু সি নাহে, মইয়ো এৰি নিদিলো। অৰ্ণৱৰ জেদতকৈ মোৰ জেদ বহুত বেছি আছিল, তাৰ বস্তু বাহানি লৈ,কলেজৰ formality কৰি তাৰ হাতত মাথোঁ টিকেট তো দিলো।
:মই নাযাও।
:option দিয়া নাই মই তোমাক, বলা।
:I can’t live with a woman like you! You got it Mrs Anuradha?
এটা পূৰ্নহতীয়া চৰ মাৰিছিলো তাক, হস্পিতালৰ দুৱাৰ মুখতে, অাৰু সহন শক্তি নাছিল মোৰ। পুনৰ প্ৰতিবাদ কৰা নাছিল সি। বাধ্য ছাত্ৰৰ দৰে মোৰ পিছে পিছে আহিল।
ঘৰ পাই তাৰ নতুন জেদ, সি মোৰ লগত নাথাকে, আনকি এইটো ঘৰত নোসোমালেই, আহমেদৰ লগত ড্ৰাইভাৰ কোৱাৰ্টাৰত থাকিবলৈ ললে। মোৰ বাহিৰে বাকীবোৰৰ লগত এটা দুটা কথা পাতে। একেবাৰেই ওলাই নাযায় ঘৰৰপৰা। ডাক্তৰ ঘৰলৈকে মাতি দিওঁ। লাহে লাহে সুস্থ হবলৈ ধৰিলে অৰ্ণৱ। উৎপলৰ লগত বন্ধুত্ব গঢ়ি উঠিল, পঢ়াতো সহায় কৰি দিলে, উৎপল তেতিয়া higher secondary final দিব, লগতে Engineering entrance বিলাকৰ বাবেও সাজু হৈছিল। মই উৎপলক কৈ অৰ্ণৱৰ কাৰণেও ফৰ্ম ফিলাপ কৰালো। মোৰ কথা অৰ্ণৱে একো নুশুনে, কিন্তু ৰেজিয়া আৰু উৎপলে কুটুৰি কুটুৰি তাক পৰীক্ষা দিয়ালে। ভগৱানৰ কৃপাত দুয়োটাৰে JEC তে এডমিশ্যন হল।ভগৱানক পৰি পৰি সেৱা কৰিছিলো সেইদিনা। মোৰ দুয়োটা লৰা একেলগ হল। কিন্তু অৰ্ণৱে যেন ঘৰৰপৰা ওলাই যোৱাৰ সুযোগ এটাহে পালে। ভাৰাঘৰত থকাৰ জেদ ধৰিলে। কাৰো বুজনি কামত নাহিল। মইয়ো সমানে জেদী। উৎপল লগত থাকিলেহে থাকিবলৈ দিম বুলি কলো, সি বৰ এটা আপত্তি নকৰিলে। সেই তেতিয়াই যি গল আৰু ঘূৰি অহা নাই। JEC য়ে অৰ্ণৱক অলপ হলেও সলনি কৰিলে, মোৰ লৰাটো আকৌ জী উঠিলে, লাহে লাহে আসমীয়া কথা বতৰা শিকিলে, মানুহক ব্যবহাৰ কৰিবলৈ শিকিলে। কিন্তু আকৌ খেলিমেলি লাগিল তুমি অহাৰ পিছত।
:কিন্তু মই কি কৰিলো????
:তোমাক লগ পোৱাৰ পিছত, বিশেষকৈ পূজাত তোমালোকৰ ঘৰলৈ গৈ সি বুজি পালে   সি জীৱনত কি হেৰুৱালে, পৰিয়াল কি বস্তু, উৎসৱ পাৰ্ৱনত আপোন জনৰ লগত থাকি কেনেকুৱা লাগে, সেইদিনা সি তোমালোকৰ ঘৰৰপৰা চিধাই ইয়ালৈ আহিছিল, ঘৰৰ ভিতৰ নোসোমালে, মোক দুৱাৰমুখতে যিমান পাৰে গালি পাৰিলে, তাৰ জীৱনটো   কিয় ধ্বংস কৰিলো, দেউতাকক কিয় হত্যা কৰিলো, মোৰ প্ৰেমিক কোন যাৰ বাবে মই এইবিলাক কৰিলো, মুঠতে অকথ্য, অকল্পনীয় কিছুমান কথা শুনিলো সেইদিনা। কেনেকৈ বুজাওঁ মই, আচলতে কি হৈছিল, কেনেকৈ হৈছিল। কেতিয়া যে বুজি পাব, মোক এবাৰ মা বুলি মাতিব!
হুমুনিয়াহ এটা কাঢ়ি তেওঁ ৰৈ গল। মইয়ো কি কম ভাবি পোৱা নাই।
:আস্থা, খোজ বোৰ সাৱধানে দিবা, অৰ্ণৱ বৰ জটিল। তুমি নোৱাৰিবা চম্ভালিব। তাতে তোমাৰ পঢ়া আৰম্ভ হৈছেহে, মা দেউতাৰ কিমান ছাগে সপোন আছে তোমাক লৈ, তেওঁলোকৰ কথাও ভাবিবা। তুমি জানো বিচাৰিবা তেওঁলোকে মনতে দুখ পোৱাতো।
:আপুনি কি বিছাৰে?
:মানে?
:নহয় মানে, আপুনি মই অৰ্ণৱৰ পৰা আঁতৰি থকাটো বিছাৰে, নহয় জানো।
:মুঠেও নহয়, মই মাত্ৰ নিবিছাৰো তুমি তাৰ ওচৰলৈ ক্ষণিকৰ বাবে আহা, আধৰুৱা কৰি মোৰ লৰাটো এৰি গলে সি আকৌ পাগল হৈ যাব, অাৰু গোটেই জীবনৰ কথা ভাবিবলৈ তুমি বহুত সৰু হৈ আছা, গতিকে নিজে আকৌ এবাৰ ভালকৈ ভাবি চাবা।
:হমম, ঠিক আছে।
কথাৰ মাজতে নিশাৰ কথা পাহৰিয়ে গৈছিলো, সেইজনী উৰি অহা দি আহি হেঁচা মাৰি ধৰিলেহি, ৰেজিয়া বাইদেউয়ে খাবলৈ মাতিছে। তললৈ নামি আহিলো, খোৱাৰ টেবুলত বিধে বিধে খোৱা বস্তু সজাই থোৱা আছে। কিছুমান মই চিনিয়ে পোৱা নাই, মানে ঘৰত কেতিয়াও খাই পোৱা নাই। হাত মুখ ধুই খাবলৈ বহিলো, মোৰ মুখামুখি কৈ অৰ্ণৱৰ মাক বহিল। নিশা অাৰু ৰেজিয়া বাইদেউৰ কথা তেতিয়াও শেষেই হোৱা নাই।
ভাতকেইটা লিৰিকি বিদাৰি বহি আছো। ইমানবোৰ কথা লুকাই আাছিল অৰ্ণৱৰ মাজত, অাজি প্ৰায় ছমাহ দিন তেওঁ মোক লগ পাইছে, কিন্তু কোনোদিন একো নকলে কিয়। খং, জেদ এইবোৰৰ মাজতে দুখবোৰ কিয় লুকুৱাই ৰাখিলে?
:আস্থা, তুমি একো খোৱা নাই যে? বেয়া হৈছে নেকি ৰন্ধা?
ৰেজিয়া বাইদেউৰ মাতত উচপ খাই উঠিলো।
:নাই নাই, বেয়া হোৱা নাই, খাইছো।
পেটৰ ভোক কেতিয়াবাই মৰিল, অাজি বহুত কিবাকিবি জানিলো, শুনিলো। সঁচাকৈ মা দেউতা অাৰু মোৰ পৃথিৱী খন ইমান সৰল, ইমান কোমল, সব মানুহ তেনেকুৱা হব নোৱাৰে নেকি? সবেই সবকে মৰম কৰিব, ভাল পাব নোৱাৰে নেকি?
 খাই উঠি অলপ সময় বহি সকলোয়ে কথা পাতিলো, অৰ্ণৱৰ মাকে কিন্তু বাৰে বাৰে মোৰ ফালেই চাই আছে, মোৰ মুখৰ সলনি হোৱা ৰঙৰ কাৰণ তেওঁৰ বাহিৰে ইয়াত থকা আন কোনেও নাজানে। সোনকালে ওলাই যাব পাৰিলেই ৰক্ষা।
:বল নিশা, অামি গৈ থাকো।
:আৰে যোৱাই নে, ইমান ভাল লাগিছে কথা পাতি, অাৰু অকণ সময় বহাচোন।
ৰেজিয়া বাইদেউয়ে জোৰ কৰিলে।
:তেওঁলোকৰ বেলেগ কামো থাকিব পাৰে, যাবলৈ দিয়া।
অৰ্ণৱৰ মাকে ভালকৈয়ে বুজিছে মোৰ অবস্থা, কোৱাৰ লগে লগেই বহাৰ পৰা উঠিলো।
:বলা, মই থৈ আহিম।
:নালাগে, অামি অট’ লৈয়ে যাম, টাউনত অলপ বজাৰ অাছে।
মুঠতে মই আৰু নোৱাৰোঁ, নিশাক কথাবোৰ কবই লাগিব। লগতে অৰ্ণৱৰ লগতো কথা পাতিব লাগিব।বিদায় লৈ লৰালৰিকৈ ওলাই আহিলো।
:আস্থা, কি হল, কিবা কলে নেকি অৰ্ণৱৰ মাকে।
:সব কম, অটত উঠি লওঁ।
বিচাৰি বিচাৰি এখন অট পালো, নিশাক এফালৰ পৰা সকলোবোৰ কৈ গৈছো, মোৰ দৰেই তাইৰো বিশ্বাস হোৱা নাই কথাবোৰ, চকু কেইটা ডাঙৰ কৈ মেলি মোৰ ফালে চাই আছে মাত্ৰ। গোটেইবোৰ কথা কলো তাইক, এতিয়াহে পাতল লাগিছে বুকুখন।
:আস্থা, অৰ্ণৱ দাক এইবোৰ নুসুধিবি।
:কিয়?
:কিয় মানে, পুৰণা ঘাঁ খুঁচৰি কি লাভ। অৰ্ণৱ দা আন লৰাৰ নিচিনা নহয়, তোৰ আগত নিজৰ দুখৰ কথা কৈ কোনোদিন sympathy লবলৈ অহা নাই, তইয়ো অৰ্ণৱ দাক এইবোৰ কথা জনাৰ আগতেই ভাল পাইছিলি, so বাদ দে। অৰ্ণৱ দা তোৰ লগত অকণমান সুখী হৈছে, হবলৈ দেচোন।
:কতনো সুখী, অাজি নোযোৱা কাৰণে বেয়া পালে মোক। কাইলৈ ৰাতিপুৱা ঘৰলে যামগৈ, লগেই নাপাও চোন।
:I have a brilliant idea. অামি ঘৰলৈ কাইলৈ নহয়, পৰহিলৈ যাম। এনেও বাঁহতৰ exam শেষ হোৱা নাই, তেওঁলোক থাকিবই, আমিও আৰু এদিন থাকি দিওঁ। and তই কাইলৈ অৰ্ণৱ দাৰ লগত ওলাই যাবি।
:কি???

আগলৈ….



-----------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma


Post a Comment

0 Comments
close