নিশা, উৎপল দা অাৰু অনুৰাগ, তিনিওটা Conference কল লগাই ঘণ্টা ঘণ্টা ধৰি একেটা কথাকে পাতি আছে, কাইলৈ অৰ্ণৱ অাৰু মোক কেনেকৈ লগ লগাই দিব পাৰি। কাৰণ খঙত একো নাই নাই হৈ অাছে অৰ্ণৱ, মোৰ নাম ললেও গালি পাৰে উৎপল দাক। মই মনে মনে সিহঁতৰ কথাবোৰ শুনি শুনি হাঁহি আছো।
:ফোনটো ল।
:কি??
নিশাই হঠাৎ ফোনটো মোক দি আঁতৰি গল, মই ভাবিলো উৎপল দাৰ লগত কথা পাতিব লাগে, কিন্তু নহয়, সিফালে অৰ্ণৱ।
:নিশা, কিবা কবি?
খং উঠি থাকিলে অৰ্ণৱ অলপ বেছি গহীন হৈ যায়।
:নিশা নহয়, মই ।আস্থা ।
:I don’t wanna talk to you.
:মোৰ অাছে কথা পাতিবলগীয়া, কাইলৈ লগ পাম।
কৈয়ে ফোনটো কাটি দিলো, কিমান সাহস কৰি কথাটো কলো নিজৰে বিশ্বাস হোৱা নাই।অপেক্ষা মাথোঁ এতিয়া ৰাতিপুৱালৈ। এটা ধুনিয়া দিনৰ সপোন লৈ শুই থাকিলো।
ৰাতিপুৱা শুই উঠিয়েই ব্ৰাচদাল মুখত লৈ ফোনটো চালো, নাই অৰ্ণৱৰ খা খবৰ নাই। মুখ হাত ধুই ছাহ কাপ লৈ বহিছো, আহিলে মেছেজ এটা।
:be ready, I will come to pick you up.
অৰ্ণৱ????!!!!
খঙটো কমিল মানে, মুখত আপোনা আপুনি হাহি এটা ওলাই গল, নিশাক চোঁচৰাই নমাই দিলো বিচনাৰ পৰা। এঘন্টা আছে মোৰ হাতত এতিয়া, বুকুখন ধক ধক কৰিবলৈ ধৰিলেই। নিশাৰ বেছিহে অবস্থা বেয়া, তাইৰে মোৰে গোটেই কাপোৰ সোপা বিচনাত মেলি লৈছে, কি পিন্ধিম সেইতো ভাবি পোৱা নাই। সুধিবলৈ কোনো নাই হোষ্টেলত, ৰাতিপুৱাই ঘৰলৈ গল সৱ, বাহঁতৰ পৰীক্ষা আছে। দুয়োজনীয়ে এশবাৰ মান ভাবি ভাবি অৰ্ণৱৰ প্ৰিয় ৰঙৰ চুৰিদাৰ এযোৰ উলিয়াই ললো, ৰঙা। গাটো ধুই ওলাই আহি নিশাৰ আগত বহি দিছো, সৰুতে পুতলা সজোৱাৰ নিচিনাকৈ তাই মোক সজাইছে, কাজল আঁকিছে, পাতলকৈ লিপষ্টিক লগাইছে।
:তই নিজে ওলোৱাই নাইচোন।
:পাগল হলি নি তই? মই আকৌ কেলে যাম তহঁত দুটাৰ লগত।
:তইহে পাগল, মই অকলে অকলে অৰ্ণৱৰ লগত কেতিয়াও নাযাও, তাতে কালিৰপৰা মূৰটো গৰম হৈ অাছে, ঠিকছে গালি দিব মোক, তইয়ো বল না, তই থাকিলে বেছি গালি নিদিয়ে।
বহুত কাকূতি মিনতি কৰি নিশাক মান্তি কৰালো, সিধান্ত হল, অামি যত যাম, তাই আৰু অনুৰাগ তালৈকে আহিব। উশাহটো ঘূৰাই পোৱা যেন লাগিলে।
আইনাত নিজকে এবাৰ চালো, প্ৰিয়জনক লগ পোৱাৰ হাবিয়াস সকলোৰে বাবে এনেকুৱাই নে? নিজকে তেওঁৰ বাবে সজাই তুলি ভাল পায়নে সকলোৱে ?
বুকু খন এনেকৈয়ে ধক ধক কৰেনে???????
:I am waiting outside.
ওলাই যাবলৈ ভয় লাগিলেই, নিশাক টানি টানি লগতে লৈ আহিছো। গেটৰ সন্মুখত ৰৈ আছে অৰ্ণৱ। মোৰ দৰে চাগে তেওঁৰো হৈছে। কলা ছাৰ্ট আৰু ব্লু জিনছত অাৰু বেছি ভাল দেখাইছে, কিন্তু এই দাঢ়ি সোপা কিয় নাকাটে নাজানো, গুণ্ডা গুণ্ডা লাগি যাই কিবা। পাতলকৈ হলেও ৰাখিবই। বাইকখনৰ ওচৰত গৈ ভূত টোৰ নিচিনাকৈ ৰৈ আছো। অলপ আঁতৰত ৰৈ নিশাই মুখ খন টিপি টিপি হাঁহি আছে।
:উঠা।
ধক্।
খং তো কালিৰ সমানেই আছে। ছুৰিদাৰ জোৰতকৈ বেছি ৰঙা মোৰ গাল খনহে হৈছে।
লাজে ভয়ে সৰু বেগটোতে খামুচি ধৰি ৰৈ আছো, কিন্তু এনেকৈ থাকিলে আৰু গালি খাম, গতিকে হাতখন তেওঁৰ কান্ধত থৈ বাইকত উঠিলো। চিনাকি গোন্ধটো আকৌ এবাৰ উশাহত।হাতখন আতৰাই আনিলো।
:অামি কলৈ যাম?
:কিয় লাগে? You can trust me. You will be safe.
:নহয় মানে নিশা আহিব।
:whatttt?? You invited people to join us in our first date?See Astha, if you still have doubt or if you feel unsafe with me, then please go back, I can understand.
:নহয়, মই তেনেকৈ ভাবি নিশাক মতা নাই, তাই থাকিলে আপুনি কমকৈ গালি দিয়ে কাৰণে মাতিছিলো।
:You are impossible! Can we leave now?
:হমম ।
:Bye Nisha.
:বাই অৰ্ণৱ দা, আহি আছো পিছে পিছে, লান্স একেলগে কৰিম।
:Sure.
:পোৱালিক গালি চালি নিদিব দেই বেছিকৈ।
:পোৱালিক কোৱা মোৰ খং টো নুঠাবলৈ।
হাঁহি হাঁহি নিশা ভিতৰলৈ সোমাই গল।
:ভালকৈ ধৰি লোৱা।
সোঁহাত খন তেওঁৰ কান্ধত থলো, আৰু অলপ কাষ চাপি বহিলো অৰ্ণৱৰ। অাজি ইমানদিনে অামি দুয়োয়ে বিচাৰি ফুৰা আমাৰ সময়খিনি অাজি একেলগে কটাম। হে নমো, অৰ্ণৱৰ খং তো যেন অাজি কমকৈ উঠে!!!!! আৰম্ভ হল আমাৰ যাত্ৰা, ডিচেম্বৰ মাহৰ ঠাণ্ডাৰ আমেজ, অাৰু ৰদৰ কোমল পৰশ, এটা মিঠা মিঠা অনুভৱ, চকুকেইটাই জপাই উশাহটো টানি ললো,এই ভাল লগাৰ যেন শেষ নহয়। কলৈ গৈ আছো নাজানো, কিন্তু গৈ থকা ৰাস্তাটো খুব ধুনিয়া, দুয়ো ফালে কেৱল সেউজীয়া। অৰ্ণৱে এতিয়ালৈকে এটাও কথা সোধা নাই। মইয়ো কিবা সোধাৰ সাহস কৰিব পৰা নাই।
বহুত সময় তেনেকৈয়ে গুচি গল।
:মই যেতিয়া বেছি lonely feel কৰোঁ, ইয়ালৈ আহোঁ।
:ধুনিয়া ঠাই।
:তুমি অহা নাই কেতিয়াও?
:ওহোঁ।
বিশাল ব্ৰহ্মপুত্ৰৰ পাৰৰ এখন ধুনীয়া ঠাই , নহয়, খুব বেছি ধুনীয়া ঠাই। নিমাতী। মই আগতে কেতিয়াও যোৱা নাছিলো। বাইক খন ৰখাই অলপ খোজকাঢ়ি গলো। দূৰ দূৰলৈকে কেৱল ব্ৰ্হ্মপুত্ৰৰ বিশালতা। বুকু জুৰ পৰি যোৱাকৈ সুন্দৰ এটা পৰিৱেশ।যিহেতু ডিচেম্বৰ মাহ, বনভোজ খাবলৈ অহা মানুহৰ অলপ ভিৰ। কিন্তু হলেও কিবা এটা ভাল লাগি গল মনটো।
:I have a special place of mine, want to see?
:হমম ।
মানুহৰ ভিৰৰ পৰা অলপ আঁতৰি আহিলো, তললৈ নামি যাওঁতে অলপ ভয় লাগিল, হলেও অৰ্ণৱৰ হাতত ধৰি আগবাঢ়ি গলো, কহুৱা বনৰ মাজে মাজে গৈ অলপ নিজান এটুকুৰা ঠাই, কোলাহল শূন্য, বোৱতী পানীৰ শব্দৰে জীপাল।
:you know what, I always wanted to bring you here. ইয়ালৈ আহি বহুত শান্তি পাওঁ মই। অকলে বহুতবাৰ আহিছো, ঘণ্টাৰ পিছত ঘণ্টা বহিছো, চিগাৰেট খাইছো, জীৱনত কি পালো, কি নাপালো হিছাপ কৰিছো, this place is so special for me. And thank you for coming here, it became more special for me now.
:ইয়াত বহিব পাৰি?
:of course, why not.
দুয়ো বহি কেৱল বৈ যোৱা পানী খিনি চাই আছো, দুয়োৰে বুকুৰ মাজত বহুত কিবাকিবি ঘটি আছে , ঠিক এই পানীখিনিৰ দৰেই, ওপৰত শান্ত, গভীৰলৈ গলে কোবাল ঢৌ, অহৰহ খুন্দিয়াই থাকে মনৰ মাজত। অৰ্ণৱৰ সোঁহাতৰ মুঠিত মোৰ বাওঁহাতখন, খামুচি ধৰি আছে। এৰি দিলেই যেন হেৰাই যাম। তেওঁৰ ফালে এবাৰ চালো, চকুকেইটা অলপ সেমেকা। কি হল???
:এনেকুৱা কিয় কৰিলা তুমি আস্থা?? Why Damn it??
খামুচি থকা হাতখন আতৰাই দি মুখ খন ঢাকি ধৰিলে তেওঁ, কি কৰিলো মই???????
Reply কৰিলো যদিও কি কথা পাতিম ভাবি পোৱা নাই। ফোনটো বাজি আছে, উঠাবলৈ সাহস হোৱা নাই, বহুত দেৰি ৰিং হোৱা পাছত উঠালো।
:….
:hey, are you sleeping?
:ওহোঁ ।
:একো নাই কোৱা যে?
:কি কম?
:তোমাৰ যি মনযায়।
:……
:ভৰি বেছিকে বিষাইছে?
:ওহোঁ।
:I am really sorry. But please, মই just তোমাক ভালকৈ চাব বিচাৰো আস্থা, অকণ সময় মোৰ ওচৰত ৰব নোৱাৰা তুমি?
:
:মোক বহুত বেয়া পোৱা?
:নাপাও।
:Then? ভাল পোৱা?
থাক, ফোন তো সৰি পৰিল। ভালপোৱা? সেইতো কি বস্তু বুজিব পৰা হৈছো জানো মই? নাই নাপাও, মই তেওঁক ভাল নাপাও। নাজানো, মই কি বিচাৰো মই নিজেই নাজানো, মই ইমান ডাঙৰ হৈছো জানো??
:কোৱা আকৌ কিবা এটা?
:নাপাও, ভাল নাপাও, অকণ অকণ বেয়া পাওঁ।
:অকণ মানে? তোমাৰ পোৱালি পোৱালি আঙুলি কেইটাৰ সমান?
সঁচাকে মোৰ আঙুলি কেইটা পোৱালি নিকি! নিজৰে হাতখন কাহানিও নেদেখা নিচিনাকে চাইছো, ঠিকেইতো আছে।
:মোৰ আঙুলি পোৱালি নহয়।
:but তুমিতো পোৱালি হয়।
একো নাইমতা, ভাল নালাগে এনেকে কলে, মইয়ো ডাঙৰ হৈছো, ঘৰৰপৰা ওলাই অহা নাছিলো বাবে বহুত কথা নাজানো, কিন্তু লাহে লাহে শিকিম মইয়ো, সেইবুলি এনেকে কব লাগে নিকি।
:আচ্ছা sorry, পোৱালি নহয় বাৰু, এতিয়া কোৱা তোমাৰ ঘৰৰ কথা, দেউতাক বাৰু চিনি পালো, অাৰু কোন কোন আছে?
ঘৰৰ কথা কবলৈ পালে মোৰ মুখ এনেও বন্ধ নহয়, কিমান দেৰি কথা কৈছো নাজানো, মা দেউতা মই, অামি কি কৰো, কি খাওঁ সকলোবোৰ গাই গৈছো, তেওঁ মাথো শুনি অাছে।
:মায়ে জীও বুলি মাতে?
কথাৰ মাজতে কেতিয়া কলো নাজানো, কিয় কলো সেইতো ভাবি মূৰটো গৰম হৈছে। মনে মনে থকাই ভাল।
:কোৱা আকৌ, মায়ে জীও বুলি মাতে?
:হমম।
:অাৰু কোনে মাতে জীও বুলি?
:কোনেও নামাতে।
:good.
:কি?
:nothing.
কি ভাবি কি কয় মই বুজি নাপাওঁ, চেষ্টাও নকৰোঁ।
:নিশাক দেখিছে যদি কৈ দিব মই ঠিকে আছো বুলি, message কৰি আছে তাই।
:মই তো ইয়াতে আছো।
:ইয়াতে মানে?
:খিৰিকী খন খুলি দিয়া।
বিচনাৰ ওচৰৰ খিৰিকী খন খুলি চাই দেখো তেওঁ একে ঠাইতে এতিয়াও ৰৈ অাছে, মই ৰূমলৈ অহা ইমান সময় হল তেওঁ যোৱা নাই কিয়।
:আপুনি ইয়াত কিয় ৰৈ অাছে?
:তোমাক চাবলে, switch on the light please.
ৰুম তো এন্ধাৰ বাবে তেওঁ মোক নাইদেখা, কিন্তু মই তেওঁক এতিয়াও streetlight অৰ সামান্য পোহৰত একেই ৰূপত দেখিছোঁ, বুকুখন খুব জোৰেৰে কঁপিছে মোৰ, কিয় চাই আছো তেওঁৰ ফালে এনেকে, নেজানো, একো নেজানো মই।
:please আস্থা, এবাৰ on কৰা light তো।
কঁপা কঁপা হাতেৰে চুইছ তো দিলো, চুলিখিনি বতাহে কোবাই আউল বাউল কৰি দিছে, কিন্তু ঠিক কৰাৰ জোখাৰে শক্তি কণ মোৰ এতিয়া নাই।
তেওঁ তেতিয়াও কাণত ফোন তো লগাই চাই আছে মোৰ ফালে, একো নাই পৰা কব, দুয়ো মৌন, সময় ৰৈ গৈছে একে ঠাইতে, উশাহ লোৱাৰ শব্দ মাথোঁ শুনা পাইছো, বাকী সকলো স্তদ্ধ, চুলিখিনি বাৰে বাৰে গালে মুখে পৰিছে, কিন্তু হাতখন উঠাব পৰা নাই মই, শিলৰ দৰে ৰৈ আছো মাথোঁ, কিয় ভাল লাগিছে এই অনুভৱ, কিয় ভাল লাগিছে এবাৰ মোক প্ৰাণ ভৰি চাব খুজা এই আব্দাৰ, সীমাহীন প্ৰশ্ন, উত্তৰ নাই!
:you are beautiful!!!!!!!!!!!!!!!!
কলিজাটো ওলাই আহিব যেন্ লাগিছে। কি কৰো কি নকৰো ভাবি পোৱা নাই, কি উত্তৰ দিম। অাছে জানো কিবা কবলৈ।
:নিশাই message কৰিছে, আহিছে তাহাঁতি,please যাওক এতিয়া ।
:ওহোঁ।
:please.
কিনকিনিয়া বৰষুনজাক কৰ পৰা আহিল নাজানো, খিৰিকীৰ কাষত ৰৈ থকা বাবে গালে মুখে পানীৰ চিটিকনি পৰিলহি। তেওঁ তেতিয়াও লৰচৰ কৰা নাই।
:বৰষুণ দিছে।
:জানো।
:তিতিলে গা বেয়া হব।
:তুমিতো মোক বেয়া পোৱা, মোৰ গা বেয়া হলে তুমি ভাল হে পাব লাগে।
কথাত হৰুৱাব নোৱাৰোঁ বুলি জানো,যি কৰে কৰি থাকক, মোৰ কি আহে যায়।
:ঠিক অাছে তিতি থাকক, মই খিৰিকী বন্ধ কৰো।
একো কোৱাৰ সুযোগেই নিদিলো, জোৰত খিৰিকীখন বন্ধ কৰি দিলোঁ। মোৰো খং আছে, উল্টা পুল্টা কথা কলে ময়ো বেয়া পাওঁ।
:খং কৰিলে তোমাক অাৰু ধুনিয়া লাগে।
কি? Light তো off কৰাই নাই তেতিয়াও,দেখি আছে তাৰমানে। এইবাৰ light তো off কৰি পৰ্দাখন টানি দিলো। ফোনটো disconnect কৰি switch off কৰি শুই থাকিলো।
…..
আগলৈ
---------------------------------------
Published by Indranee Sharma
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )