Ads Area

JEC LOVE STORY Chapter 2 / Part 6

JEC Chapter 2 (Part 6)

মই বিয়া নহওঁ কেতিয়াও।
:WHAT!!!!!!! Nooooooo!
ভয় খাই গলো, ইমান জোৰকৈ চিঞৰি উঠিল অৰ্ণৱে।
:What do you mean Astha??You have to marry me.
কি আচৰিত মানুহ এইজন, প্ৰথম বাৰ লগ কৰিবলৈ আহিছো হে, বিয়াৰ কথাই পালেগৈ।
:মই বিয়া হৈ গুচি গলে মা দেউতা অকলশৰীয়া হৈ যাব।
:মা দেউতাকো লৈ আনিম মই, তোমাৰ লগতে।

JEC LOVE STORY Chapter 2 / Part 6


এইবাৰ হাঁহি ৰখাব পৰা নাই, হাঁহি হাঁহি চকুপানী ওলাই গল, অৰ্ণৱে মোৰ লগতে মা দেউতাকো বিয়া পাতিব।
:You look beautiful when you laugh Astha!
হঠাৎ ওচৰ চাপি আহিল, উৰি থকা চুলিখিনি কাণৰ কাষলৈ ঠেলি দিলে। অলপ নিজকে আঁতৰাই আনিলো। অৰ্ণৱৰ ওচৰ চাপিলে কলিজাটো ওলাই আহিম যেন কৰে।
:JEC ৰ পৰা ওলাই আপুনি কি কৰিম বুলি ভাবিছে।
অৰ্ণৱৰ চকু তেতিয়াও মোৰ ওঁঠৰ চুকত থকা তিল টোতে ৰৈ অাছে, অলপ অসহজ লাগিল।
:মানে masters কৰিব নে Job?
:হাঁ??
:মই সুধিছো BE complete কৰি অাৰু পঢ়িব নে চাকৰি কৰিব?
:Actually কি জানা আস্থা, মোৰ completely বেলেগ interest. I want to do game development. সৰুৰ পৰাই game খেলি ভাল পাওঁ, actually I have even made one also, there are some errors but you can try it once. Campus অত চাকৰি হৈ যোৱা হলেও মই চাগে এইটো খং লৈ বেছি দিন corporate world খনত টিকি থাকিব নোৱাৰিলোঁহেঁতেন। সেইকাৰণে ভাবিছো নিজৰ যিটো কাম কৰি বেছি ভাল লাগে সেইতো কৰিম।99Games বুলি এটা company আছে বাংগালোৰত, Internship অৰ কাৰণে apply কৰিছিলো, interview clear হলে final exam দি যাম।
:উৎপল দাৰ posting তাতে নহয় জানো, মানে আপোনালোক আকৌ একেলগে থাকিব পাৰিব।
মনটো ভাল লাগি গল, দুজন বন্ধু, নহয়, দুজন ককাই ভাই বেলেগ হব লগা নহয়, তাতে অৰ্ণৱৰ উৎপল দাৰ বাহিৰে বেলেগ বন্ধু সিমান দেখাও নাই, তেওঁ অকলশৰীয়া হৈ যাব বুলি বৰ বেয়া লাগিছিল, এতিয়া সেইটো চিন্তা আৰু নাই।
:এতিয়া তোমাৰ কথা কোৱা, সঁচাকে বিয়া নোহোৱা?
:আমাৰ জীবন আৰম্ভ হৈছেহে, মোৰ দেউতাই কয়, আতীত অাৰু ভৱিষ্যতৰ কথা ভাবি কাম কৰাতকৈ আমি আমাৰ বৰ্তমানটো ভালদৰে সজাব লাগে। আপোনাৰ লগত মই JEC ত থকা সময়খিনি ধুনিয়াকৈ পাৰ কৰিব বিচাৰোঁ, যাতে আপুনি গুচি যোৱাৰ পাছতো ধুনিয়া স্মৃতি হৈ সেইখিনি মোৰ লগতে থাকি যায়।
:ময়ো তোমাৰ লগত বহুত সময় থাকিব বিচাৰো, উৎপলৰ পিছত যদি কোনোবা মোৰ ইমান close হৈছে, সেয়া তুমি আস্থা, please don’t leave me, I will do anything for you, you just say it once.
:anything???
:Yes anything.
:তেতিয়া হলে শুনক, আপোনাৰ কেইটামান কথা মোৰ ভাল নালাগে, প্ৰথম কথা, খংটো কমাব লাগিব, এনেকে মোক গালি পাৰি থাকিলে নহব।
:I will work on it. Promise. Next?
:উফ্, ভালপোৱাৰ কথাবোৰ ইংৰাজীত কলেহে হয় নেকি, ভালকৈ অসমীয়া কবলৈ শিকিব লাগিব।
:মইচোন জানো অসমীয়া কব, I mean অলপ অলপ জানো ন?
:লিখিব জানে? পঢ়িব জানে?
:No. Sorry.
:সেইটো কথাই কৈছো, শিকিবলৈ চেষ্টা কৰক, তেতিয়াহে মই ভালপোৱা কিতাপ বোৰ পঢ়িবলৈ দিব পাৰিম, অসীমত যাৰ হেৰাল সীমা কিতাপ খনৰ নাম শুনিছে?
:উৎপলৰ ওচৰত আছে, but কি হয় সেইখন? মানে বহুত ভাল কিতাপ?
:আপুনি অসমীয়া শিকি পঢ়ি চাব, তাৰ পাছত নিজেই গম পাব।
:English translation নাই নেকি?
:উৱা, ইমান ধুনিয়া অসমীয়া কিতাপখন থাকোঁতে আপোনাক ইংৰাজী খন কেলেই লাগে?
খং উঠি আহিলে, আসমীয়া পঢ়িব নাজানে, শিকি ললেই হল। মোৰ প্ৰিয় কিতাপখন দিবও নোৱাৰোঁ, কি যে মানুহ!
:Ok ok, sorry. I will learn Assamese.


:অসমীয়াত কওঁক।
কৃত্ৰিম খং দেখুৱাই কলো, সদায় মোক খং কৰে, অাজি সুবিধা পাই ময়ো কৰিলো।
:মই অসমীয়া শিকিম।
অাৰু বহুত কিবা কিবি কথা পাতিলো, কিয় জানো, কিবা এটা ভাল লাগিছে সকলোবোৰ, মনৰ মাজত সোমাই থকা সৰু সৰু কথাবোৰ অামি ইজনে আনজনৰ আগত খুলি কৈছো, অৰ্ণৱৰ অন্ধকাৰ দিনবোৰৰ কথাও মোক অাজি খুলি কৈছে তেওঁ, সেমেকা চকুৰে মোলৈ চাইছে, খামুচি ধৰিছে মোৰ হাতখন, মাজে মাজে হাঁহিছো, মাজে মাজে চকুলো টুকিছো, আমাৰ মাজৰ দূৰত্ব লাহে লাহে যেন কমি আহিছে। অৰ্ণৱৰ ভিতৰখন জুমি চাইছো মইয়ো,যিমান পাৰো বুজিবলৈ চেষ্টা কৰিছো তেওঁক। অৰ্ণৱে আইতা অাৰু মোৰ মাজত হোৱা সৰু সৰু কথাবোৰ শুনি হাঁহিছে, তেওঁৰ সৰুকৈ হলেও নিজৰ start up খোলাৰ সপোনৰ কথা কৈছে। অাজিৰ এই দিনটো যেন শেষ নহয়। আবেলি হবৰ হল, কিন্তু আমাৰ ভোক পিয়াহ একো নাই, ভাল লগা মানুহৰ মিঠা সান্নিধ্য পালে সকলো পাহৰি যাব পাৰি।
:আস্থা, তুমি in future যি কৰোঁ বুলি কোৱা, যতেই চাকৰি কৰিব বিচাৰা কৰিবা, I will never stop you from anything, but please মোৰ লগত নাথাকো বুলি নকবা। please Astha,I really need you.
:অাজি আপোনাৰ মোক ভাল লাগিছে, কাইলৈ নালাগিবও পাৰে, বিয়া হোৱা বা সদায় একেলগে থাকিবলৈ ভালপোৱাৰ লগতে অাৰু বহুত কথা আহি পৰিব, আগতে অামি ইজনে সিজনক ভালকৈ জানি লওঁ, অাৰু যদি আমাৰ ভালপোৱা সদায় এনেকুৱাই সজীব হৈ থাকে, মই আপোনাৰ লগত নিচ্ছয় থাকিম। কিন্তু লাহে লাহে যদি ভালপোৱা কমি আহে, মোতকৈ বেছি ভাল কোনোবা যদি আপোনাৰ জীৱনলৈ আহে, আপুনি প্লিজ মোক নোকোৱাকৈ নাথাকিব, অামি ভালপোৱাক বান্ধোন হিচাপে যাতে কেতিয়াও নলওঁ, আমাৰ ভালপোৱা মুক্ত হৈ থাকক, চৰ্ত ৰাখি তাক দায়িত্বৰ ৰূপ দিয়াৰ ইচ্ছা মোৰ নাই।


:মোৰ পোৱালি কেতিয়া ইমান ডাঙৰ হল, I am totally impressed, but তুমি বহুত টান টান অসমীয়া কৈছা, Now I jave to learn Assamese for Sure.
প্ৰাণ খুলি হাঁহিছো দুয়োজনে, আবেলিৰ ৰঙা বেলি লহিওৱাৰ সময়, ঠাণ্ডা নামিছে লাহে লাহে, ঘূৰি যোৱাৰ ইচ্ছা কিন্তু নাই, ৰৈ থাকিম যেন এনেকৈয়ে, গোটেই জীৱন, ভাল লগাৰ কি যে মায়া!!!!
কিন্তু যাবতো লাগিবই! বহাৰপৰা উঠিলো দুয়ো, দুখোজমান আহোঁতেই অৰ্ণৱে কলে..
:So you won’t miss me after I leave JEC?
:ওহোঁ ।
:Then I must do something to make you miss me!
:মানে??
:You just wait and watch mystery girl.
দুয়োখন হাতেৰে মোৰ মুখ খন তুলি ধৰিলে, বুকুখন চিৰিংকৈ উঠিল, অৰ্ণৱৰ চকুত অজানা আবেগ, ছাঁ পোহৰৰ মায়াময় খেলা,চেঁচা বতাহে কোবাই গল, কিন্তু মোৰ চোন গৰম উঠিছে, গাল দুখন পুৰি যোৱাকৈ.. চকু দুটা জপাই দিলো। অৰ্ণৱৰ উশাহ মোৰ চুলিত লাগিছে,মোৰ একেবাৰেই ওচৰত অৰ্ণৱৰ উশাহৰ ঘন ঘন শব্দ। চকু মেলি চোৱাৰ সাহস নাই। মনৰ ভাৱনাৰ বুৰবুৰণিৰ মাজতে অৰ্ণৱে কপালত আলফুেল আঁকি গল এটা কপাহ কোমল চুমা।
কি আছিল এইয়া????
কিয় ইমান বেলেগ আছিল এই পৰশ??
আইতা বা মাৰ মৰমৰ চুমাতকৈ কিয় ইমান পৃথক?
সামৰি লৈছো নতুন আবেগ।
বুজা নুবুজাৰ মাজতো বুকু ভৰাই তোলাকৈ মিঠা এই ক্ষণ..
এৰি দিছো নিজক….. লৈ যা সময়..
ঘুৰাই নানিবি সেই সপোনপুৰীৰ পৰা
এইজনী আস্থা ডাঙৰ হৈছে
বুজিব পৰা হৈছে…
ৰঙা গালৰ পুৰণি অাজি কিয় ইমান ভাল লগা?
লাহে লাহে নামি আহিল ওঁঠযুৰি, তেজৰঙা গাল খন আৰু ৰঙা কৰিবলৈ, জানি বুজি যেন অৰ্ণৱে বেছি দীঘলীয়া কৰি নিছে ওঁঠৰ পৰশ..
ভাল লাগিছে!
ওহোঁ, ভয়ো লাগিছে!
মোৰ কি হৈছে ।
কেতিয়াও বুজি নোপোৱা শিহৰণে কঁপাই তুলিলে মোক, কলপাত কঁপাৰ দৰে কঁপিছো মই, অৰ্ণৱে বুজি পালে মোৰ কি অবস্থা, আলফুলে সুমুৱাই ললে বুকুৰ মাজত।
:Hey… Its okay, relax.
:I love you Astha, so damn much.
:I love you too….

কৰবাৰ পৰা ভাঁহি আহিছে জুবিন দাৰ দৰদী কন্ঠ, মোৰ প্ৰিয় গীত…

“ধীৰে ধীৰে হেৰাই যায় আবেলিৰ ৰদালি..
” ধীৰে ধীৰে ঢিমিকি জ্বলে শেৱালি যেন তৰালি.. “

:উঠ আকৌ আস্থা, অৰ্ণৱ দাৰ সপোন দেখি আছ নেকি? ঘৰলে যাব নালাগে?
কালি ঘুৰি আহি পোৱাৰ পিছতো অৰ্ণৱৰ বহুত কথাই থাকিল কবলৈ, ৰাতি ফোন কৰি কৰি বাৰে বাৰে একেটা কথা কৈয়ে জোকাই থাকিল, মোৰ গাল খনত হেনো অমলেট বনাব পাৰি, ইমানেই গৰম হৈ যায় তেওঁ ওচৰত থাকিলে।
হে নমো, এনেকুৱা অঁকৰা প্ৰেমিক মোকেই দিব লাগেনে?
মৰম লগা কথা এটা কব নাজানে।
হোষ্টেলৰ ওচৰ পাই নামিবলৈ নিদিলে, বাইকখন নৰখালেই, বহুত দেৰি কলেজৰ ওচৰে পাজৰে ঘূৰি থাকিলো, একেটা কথাতে লাগি থাকিলে, মই ঘৰত থাঁকোতে আমাৰ ঘৰলৈ যাবলৈ দিব লাগে তেওঁক, মইয়ো ঁহা বুলি নকলো, বহুত দেৰিৰ পাছত যেনিবা উপায় নাপাই নমাই থৈ গল। ৰাতি আকৌ ফোন কৰি কৰি একেটা কথাকে কৈ থাকিল।ৰাতিপুৱা সময়ত হে অকণমান টোপনি আহিছিল, আকৌ উঠিবৰ হলেই। টোপনিয়াই টোপনিয়াই বাথৰূমত সোমালো। নিশাই এইবাৰ দুয়োজনীৰে কাপোৰ ভৰাই আজৰি, আমাৰ ঘৰলৈ যাবলৈ মোতকৈ বেছি তাইৰহে উৎপাত। আইতাই তাইৰ ফোনত হে ফোন কৰে আজিকালি, কি খাব গৈ পাই সেইটোকে দহবাৰ মান সুধিলে এতিয়ালৈকে।
বাইদেউৰ দোকানতে চাহ খাই আহোগৈ বুলি ওলাই আহিলো দুয়োজনী, বহুত দিন বাইদেউৰ লগত কথাও নাই পতা। ভবা মতেই আগৰে পৰাই অৰ্ণৱ অাৰু উৎপল দা তাতে ৰৈ আছে। বাইদেউৱে মোক দেখি দূৰৰ পৰা চিঞৰ এটা মাৰিলে।
:কালি বোলে কোনোবা ফুৰিবলৈ গৈছিলে, অামি আকৌ ছোৱালী ডাঙৰ হল বুলি গমেই নাপাও।
অৰ্ণৱলৈ ঘোপাকৈ চালো, একো যেন নাজানেই তেনেকুৱা কৰি দেখালে। লাজতে মৰো নিচিনা লাগি গল।


চাহকাপ হাতত লৈ আঁতৰি আহিলো, উৎপল দাই নিশাক মাতি নি কিবা এটা কলে।
মই পিছলৈ চোৱা নাই, চিধা চিধি আহি আছো।
:মোৰ খং বেছি বুলি কৈ এতিয়া নিজে কি কৰি আছা।
পিছে পিছে আহি আাছিল তাৰমানে।
:এতিয়া অাৰু অাগৰ নিচিনাকে ধৰি ৰখাই নথওঁ।
:কিয়? ভয় লাগে মোলৈ?
:No no, because now I have my answer, that you love me.
অাজি জোখতকৈ অলপ বেছিয়েই হাঁহি অাছে কেতিয়াও নহঁহা মানুহজনে, কিবা এটা মৰম লাগিছে, জপৰা চুলি অাৰু ৰঙা ৰঙা চকুকেইটাৰে, শোৱাৰ পৰা উঠি চিধাই আহিছে ছাগে।
হোষ্টেলৰ সন্মুখ পাওঁতেই দেখিলো নিশাৰ দেউতাকক, গাড়ীখন আনি একেবাৰে ওচৰতে ৰখাই দিলেহি। আচৰিত হৈ গলো, আহিম বুলি কোৱা নাই, অাজি ইমান দিন হৈ গল তাইলৈ ফোন কৰাও নাই। নিশা দৌৰি আহি কিবা কবলৈ লৈ দেউতাকক দেখি একে ঠাইতে ৰৈ গল। অামি মাত্ৰ ইজনীয়ে সিজনীৰ মুখলৈ চাই ৰৈ আছো।
:ভালে আছা নে আস্থা? ওলাই আছা যদি বলা।বল মাজনী।

:মই নাযাঁও তোমাৰ লগত। কিয় আহিছা এতিয়া, যোৱাগৈ।

:পাপাৰ ভুল হৈ গল অ’, তোক ফোন কৰিবলৈও সাহস নাছিল, কালি আস্থাৰ দেউতাকক ফোন কৰি গম পালো অাজি যাবলৈ ওলাইছ বুলি, সেইকাৰণে ৰাতিপুৱাই আহিছো। বেয়া পায় নাথাকিবি, বল ঘৰলৈ।
নিশাৰ দেউতাকৰ চকুত অনুশোচনা স্পষ্ট। মানুহজনে নিজৰ ভুল বুজি পাইছে। এনেতে গাড়ীৰ পিছফালৰ দৰজা খুলি মানুহ এগৰাকী নামি আহিল, অলপ অসুস্থ যেন লাগিলেও এসময়ৰ ধুনিয়া চেহেৰা ম্লান পৰা নাই।পাতল সেউজীয়া শাড়ী এখন পিন্ধি আহিছে। মানুহগৰাকী দেখি নিশা অস্থিৰ হৈ পৰিল, মোক ধৰি ভিতৰলৈ টানি নিব খুজিলে। কিন্তু মানুহগৰাকী আহি তাইৰ সন্মুখতে ৰলহি, কি হৈছে একো ধৰিবই নোৱাৰিলো। অৰ্ণৱ অাৰু উৎপল দা সেইখিনিৰ পৰা আঁতৰি গল।
:মায়ে তোক ঘৰলৈ নিবলৈ আহিছে নিশা।
মানুহগৰাকীয়ে তেতিয়াও একো কোৱা নাই, নিশাৰ ভৰিৰ পৰা মূৰলৈকে বাৰে বাৰে চাইছে, গাল মুখ বোৰ মোহাৰি দিছে, হাত দুখন অলপ কঁপি থাকে। মানুহগৰাকীয়ে এইবাৰ নিশাৰ দেউতাকৰ ফালে চালে, কি সুধিব খুজিছে দেউতাকে যেন বুজি পালে, মূৰটো লাহেকৈ দুপিয়াই দিলে।
:নিশা মাজনী, ডাক্টৰে মা ভাল হৈ যাব বুলি কৈছে, অাৰু অলপ দিন কষ্ট কৰিব লাগিব, দৰবৰ লগতে meditation কৰিবলৈ দিছে, লাহে লাহে আগৰ কথাবোৰ মনত পেলাব পৰা হৈছে, তই থাকিলে আৰু সোনকালে ভাল হব। ঘৰলৈ অহা দিন ধৰি তোৰ কথাই সুধি আছে, বল মাজনী।
:ইমানেই যদি মৰম পলাই গৈছিলে কেলেই?
:তাত মোৰো ভুল আছিল, মই এওঁক কেতিয়াও সময়েই নিদিলো, টকা পইচাৰ মোহত সব পাহৰি গৈছিলো, অকলশৰীয়া মানুহে ভুল কৰি পেলায় কেতিয়াবা, তোৰ মাৰ লগতো সেয়াই হল, বাৰু সেইবোৰ বাদ দেচোন, ঘৰলৈ বল, মই ভালকৈ কথা পাতিম এই বিষয়ে।
:but মোৰ..
:অামি বেগ কেইটা লৈ আহিছো খুড়া।


নিশাক একো কবলৈ নিদিলো, তাইক ভিতৰলৈ লৈ আনিলো।
:কেলেই টানি আনিলি মোক, নাযাও মই ঘৰলৈ।
:কিয়? নিশা পুৰণা কথাবোৰ বাদ দেচোন, মাক দেখিলি তোৰ, কি অবস্থাত আছে মানুহগৰাকী, তোৰ বেয়া লগা নাই?
:লাগিছে, বহুত বেয়া লাগিছে, কিন্তু সেই বুলি মোৰ খং কমা নাই।
:বুজি পাইছো, কিন্তু এতিয়া সেইবোৰ বাদ দে, ঘৰলৈ যা, দেউতাৰ লগত ভালকৈ কথাবোৰ পাতি ল, চাবি, সব ভাল হব। বহুত বুজাই বঢ়াই মান্তি কৰালো। দুয়োজনী ওলাই আহি গাড়ীত বহিলো। মাকে নিশাক টানি নিয়াদি নি নিজৰ লগত পাচৰ চিটটোত বহাই ললে, মই আগতে বহিলো, অৰ্ণৱে দূৰৰপৰা সকলো চাই আছিল, কিন্তু এই মুহূৰ্তত ওচৰলৈ আহিব নালাগে বুলি তেওঁ জানে। সেইকাৰণেই ভাল লাগে মোৰ তেওঁৰ ব্যক্তিত্বক, দূৰৰপৰাই হাতখন দাঙি বিদায় জনালে।
নিশাৰ মাকে গোটেই ৰাস্তাটো উচুপি উচুপি কান্দি আহিছে, নিশাক গালে মুখে চুমা খাইছে, কিন্তু মুখেৰে একো কব নোৱাৰে, দেউতাকে মাজে মাজে কিবা লাগিব নেকি, খাবা নেকি সুধিলে মূৰ দুপিয়াই উত্তৰ দিয়ে।
:খুড়ীয়ে আগৰপৰাই কথা নহয়।
:আগতে তেওঁ কথা কৈ কৈ আমনি লগাই দিছিল, কিন্তু এতিয়া এনেকুৱা এটা trauma তেওঁ সহ্য কৰিব লগা হল যে মুখেৰে মাতেই নোলোৱা হৈ থাকিল। কিন্তু ঠিক হৈ যাব বুলি কৈছে ডাক্তৰে। আশাতে জীয়াই আছোঁ আমিবোৰ, তেওঁ ঘূৰি আহিল, সেয়াই মোৰ বাবে বহুত।
ভালপোৱাৰ কিমান ৰূপ!
কিমান বেলেগ এওঁলোকৰ মাজৰ সম্পৰ্ক।
সম্পৰ্ক শেষ হলেও আচলতে ভালপোৱা কেতিয়াবা থাকি যায় কৰবাত।
নিশাৰ বাবে সুখী হলো, তাইক যেন মৰমেৰে উপচাই ৰাখা নমো। ফোনটো বাজি উঠিল। অনুৰাগৰ ফোন।
:ক কি হল?
আজিকালি অামি তই তই বুলিয়েই কওঁ, নিশাৰ লগত থাকি থাকি ময়ো একেই হৈছো।
:আস্থা, নিশাৰ খং উঠিছে ন, মোৰ ফোন উঠোৱা নাই, যোৱাৰ আগতে মাতিছিল মোক, সাৰেই নাপালো বে, এতিয়াহে অৰ্ণৱ দাক বাইদেউৰ তাত লগ পাওঁতে কলে তহঁতি গলিগৈ বুলি। নিশাক দেচোন ফোনটো।
:এতিয়া নালাগে পাতিব দে, তাই তোক পিছত ফোন কৰিব।
এইখিনি সময় নিশা অাৰু তাইৰ মাকৰ বাবে, দুয়ো বহুত বেছি জুৰুলা হৈ পৰিছে জীৱনত। হাঁহিৰ আঁৰত লুকাই থকা চকুপানী বোৰ নিশাৰ দুগালেদি বৈ আহিছে। মাকৰ কোলাতে মূৰটো থৈ শুই আহিছে তাই। দেউতাকে সুখৰ চকুলো টুকিছে। ভাঙি যোৱা ঘৰ এখন আকৌ গঢ় লৈছে। আহিবলগীয়া দিনবোৰ সুখৰ হওক সকলোৰে।
হে নমো, অৰ্ণৱ অাৰু তেওঁৰ মাকৰ মাজতো সব ঠিক কৰি দিবা।
খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালো।
অাজি যেন সকলো সুখী, অৰ্ণৱ, নিশা,তাইৰ মা, দেউতা, মই!!!!!
ইমানবোৰ ভাল লগা একে দিনাই!
এনেতে অৰ্ণৱৰ মেছেজ আহিল।
“I already miss you my blush queen”
ফোনটো বুকুৰ মাজত হেঁচি ধৰিলো।
অাজি সকলোবোৰ ভাল লগা, মিঠা মিঠা!!!

… আগলৈ

               ---------------------------------------

Indranee


Published by Indranee Sharma

Post a Comment

0 Comments
close