Ads Area

নিবনুৱা বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ

PB CENTER Report :---

          এতিয়া নিবনুৱাই Employment Exchange অফিচলৈ নোযোৱাকৈ নাম পঞ্জীয়ন কৰিব পাৰিব ।যোৱা কালি ৰাজ্যৰ কেবিনেটে ল'লে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত । যোৱা কালি অনুষ্ঠিত হৈ যোৱা কেবিনেটৰ বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ললে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই আৰু এখন সংবাদমেলৰ যোগে ঘোষণা কৰে সিদ্ধান্ত সমোহ 

Employment Exchange
  1. অসমৰ গাঁওবুঢ়া সকলক এতিয়াৰ পৰা গাঁওপ্ৰধান হিচাপে নামাকৰণ কৰা হব ।গাঁওপ্ৰধান সকলে ৩০ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ পৰ্যন্ত এই পদত কাম কৰি থাকিব পাৰিব ।  
  2. একচনীয়া বা চৰকাৰী আবণ্টন যোগ্য ভূমিত বসবাস কৰা ভূমিহীন খিলঞ্জীয়া লোকসকলৰ ক্ষেত্ৰত ধুমুহা, বানপানী আদি প্ৰাকৃতিক দুৰ্যোগত তেওঁলোকৰ বাসগৃহ ক্ষতিগ্ৰস্ত হ’লে চৰকাৰীভাৱে পুনৰ সংস্থাপনৰ বাবে তেওঁলোকে সাহায্য লাভ কৰিব পাৰিব | কিন্তু ইয়াৰ বাবে সেই লোক সকল স্বভাৱগত বেদখলকাৰী নে প্ৰকৃত হিতাধিকাৰী তাৰ পৰীক্ষা কৰা লোৱা হব । 
  3. ছিপাঝাৰত মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে, বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত কৃষি কাৰ্য কৰিবলৈ লোৱা ৭৭ হাজাৰ বিঘা ভূমিৰ কাষতে অৱস্থিত ঢলপুৰ শিৱ মন্দিৰক পৰ্যটনস্থলীলৈ পৰ্যবেসিত কৰি ইয়াৰ গুৰুত্বপূৰ্ণ চিত্ৰ আৰু ভাস্কৰ্য সংৰক্ষণ কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষক ১৮০ বিঘা ভূমি প্ৰদানৰ সিদ্ধান্ত লয় কেবিনেত ৷
  4. মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে ছিপাঝাৰত, বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত কৃষি কাৰ্য কৰিবলৈ লোৱা ৭৭ হাজাৰ বিঘা ভূমিৰ কাষতে অৱস্থিত ঢলপুৰ শিৱ মন্দিৰক পৰ্যটনস্থলীলৈ পৰ্যবেসিত কৰি ইয়াৰ গুৰুত্বপূৰ্ণ চিত্ৰ আৰু ভাস্কৰ্য সংৰক্ষণ কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষক ১৮০ বিঘা ভূমি প্ৰদানৰ সিদ্ধান্ত লয় কেবিনেত ৷
  5. ২০০৩ চনত কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলা কেইখন সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ আগৰপৰা জিলাকেইখনৰ ট্ৰাইবেল বেল্টত বসবাস কৰা গোৰ্খাসকলক Protected Class হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
  6. শদিয়া ট্ৰাইবেল বেল্টত স্থায়ীভাৱে বসবাস কৰা মৰাণ, মটক, আহোম, চুটীয়া আৰু গোৰ্খা সম্প্ৰদায়ক List of Protected Classes of persons ত অন্তৰ্ভুক্ত কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
  7. নিবনুৱা যুৱক-যুৱতী সকলৰ সুবিধাৰ্থে সকলোৱে এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰ (Employment Exchange) ত নোযোৱাকৈ অনলাইন যোগে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব ।
  8. আসন্ন বিধানসভা অধিবেশনত শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ বিধি উপস্থাপন কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।
  9. এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ হিচাপে  প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগ (Department of Administrative Reforms and Training) আৰু  পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগ (Department of Pension and Public Grievances)  ক  একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
  10. এতিয়াৰে পৰা ষষ্ঠ অনুসূচীৰ অঞ্চলবোৰৰ বাহিৰে, জলসিঞ্চন বিভাগৰ চিভিল,ইলেক্ট্রিকেল আৰু মেকানিকেল বিভাগক একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ডিভিজন সমূহ সমষ্টিকেন্দ্ৰিক হ'ব। ইয়াৰ দ্বাৰা প্ৰজেক্ট সমূহ সোনকালে সম্পূৰ্ণ কৰি কৃষক সকলক উপকৃত কৰিব পৰা যাব বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ ৷
  11. অসম গো-সুৰক্ষা আইন অতিশীঘ্ৰে প্ৰণয়নৰ বাবে বিধেয়কখন বিধানসভাত উপস্থাপনৰ সিদ্ধান্ত কেবিনেটৰ ৷
  12. ৰাজ্যৰ সীমামূৰীয়া অঞ্চল সমূহত অন্য ৰাজ্যৰ দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা অপ্ৰীতিকৰ ঘটনাৰ পিছত দুষ্কৃতিকাৰীয়ে অসমৰ বিষয়া-কৰ্মচাৰী সকলৰ বিৰুদ্ধে নিজৰ ৰাজ্যত মোকর্দমা কৰিলে অসমৰ বিষয়া কৰ্মচাৰীসকলৰ ন্যায়ালয় সংক্ৰান্তীয় সমূহ খৰচ অসম চৰকাৰে বহন কৰাৰ সিদ্ধান্ত লোৱা বুলি অৱগত কৰিলে পিযুষ হাজৰিকাই ৷

Post a Comment

0 Comments
close