Ads Area

Micro Finance Loan and Budget

আজি দিবনে বাজেটত মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই ? কোনে কোনে পাব ৰেহাই ।

Micro Finance Loan and Budget

আজি বাজেটত (Micro Finance Loan) মাইক্ৰ'ফাইনেন্সৰ ঋণ নিয়মিতৰূপত পৰিশোধ কৰি থকা মহিলাক ইনচেণ্টিভ প্ৰদানৰ কথা ঘোষণা কৰা হ'ব পাৰে ২৫,০০০ টকাৰ ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ (Himanta Biswa Sarma) ৰ প্ৰথমখন বাজেট (Assam Budget 2021-22)  আজি অসম বিধানসভাত দাখিল কৰা হ'ব । অজন্তা নেওগ (Ajanta Neog)  ৰাজ্যৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী হিচাপে এইখন প্ৰথম বাজেট । বাজেটত ৰাজ্যবাসীৰ নজৰত থকা আটাইতকৈ ডাঙৰ বিষয়টোৱেই হৈছে মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই ( Micro Finance Loan Maf ) ৰাজ্যৰ প্ৰায় ২৬ লাখ মহিলাই বাট চাই আছে অজন্তা নেওগৰ মুখলৈ । এই বাজেটে সকলোৱে ভবাৰ দৰে মাইক্ৰ'ফাইনেন্সৰ ঋণ ( Micro Finance Loan ) লোৱা মহিলাসকলক ৰেহাই দিবনে ?
ইতিমধ্যে  চৰকাৰে  স্পষ্ট কৰি দিছে যে সকলো মহিলাই ঋণ ৰেহাই নাপায় । নিৰ্ধাৰিত চৰ্ত অনুসৰি ঋণ ৰেহাই পাব মহিলাসকলে । মন্ত্ৰী অসোক সিংঘালেও কৈছে এই বাজেটত মহিলাসকলৰ বাবে ভালখবৰ থাকিব, কিন্তু সেয়া হ'ব চৰ্ত সাপেক্ষৱ ।
আজি বাজেটত প্ৰায় ১২ লাখ মহিলাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণৰ ক্ষেত্ৰত কিছু সকাহ দিয়াৰ সম্ভাৱনা আছে । আজি  অজন্তা নেওগৰ বাজেটত নিয়মিতৰূপে যিসকল মহিলাই  মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰিশোধ কৰি আছিল তেনে মহিলাৰ বাবে ২৫,০০০ টকাৰ ইনচেণ্টিভ (Incentive) প্ৰদানৰ কথা ঘোষণা কৰা হ'ব পাৰে ।
উল্লেখ্য যে আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰ্তবিহীনভাৱে সকলো মহিলাৰ ঋণ ৰেহাইৰ দাবীত প্ৰতিবাদ অব্যাহত আছে ।  কিন্তু ৰিজাৰ্ব বেংক (Reserve Bank)ৰ নীতিৰ উলংঘা কৰি দিয়া আৰু লোৱা ঋণ কোনোপধ্যেই ৰেহাই দিব পৰা নাযাব বুলি স্পষ্ট কৰি দিছে চৰকাৰে । প্ৰায় ১২০০০ কোটি টকাৰ ঋণ লৈছে  মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠানৰ পৰা অসমৰ প্ৰায় ২৬ লাখ মহিলাই । ৪৪টা মাইক্ৰ'ফাইনেন্স কোম্পানী ইয়াৰ লগত জড়িত হৈ আছে । আজি বিত্তমন্ত্ৰী বাজেট এই সন্দৰ্ভত সকলো কথা স্পষ্ট হ'ব । আজি অজন্তা নেওগে বিয়লি ৩ বজাত অসম বিধান সভাত বাজেট দাখিল কৰিব ।

Post a Comment

0 Comments
close