Ads Area

PM Kisan New Updates ll এতিয়া প্ৰতিবছৰে কৃষকে পাব ৩৬ হাজাৰ টকা ৬ হাজাৰ টকাৰ সলনি

PM Kisan Samman Nidhi New Update :----

এতিয়া প্ৰতিবছৰে কৃষকে পাব ৩৬ হাজাৰ টকা, ৬ হাজাৰ টকাৰ সলনি । 
যদি আপুনি PM Kisan Samman Nidhi Scheme গ্ৰহণ কৰি আছে, তেন্তে আপুনি চৰকাৰৰ পৰা প্ৰতি মাহে ৩ হাজাৰ কৈ টকাৰ পাব । ইয়াৰ বাবে আপুনি কোনো নথিপত্ৰ দিব নালাগে । প্ৰধানমন্ত্ৰী কিষাণ মন ধন যোজনাৰ ( PM Kisan Man Dhan Yojona ) অধীনত কৃষকসকলে প্ৰতি বছৰে ৩৬ হাজাৰ টকাকৈ লাভ কৰিব পাৰিব ।
PM Kisan Samman Nidhi New Update

আপুনি ৩৬ হাজাৰ টকা পাবলৈ কি কি কৰিব লাগিব ?

প্ৰধানমন্ত্ৰী কিষাণ মন ধন যোজনাই প্ৰতি মাহে প্ৰান্তীয় আৰু ক্ষুদ্ৰ কৃষকসকলক পেঞ্চন প্ৰদান কৰাৰ পৰিকল্পনা কৰি আছে । এই আঁচনিৰ অধীনত, ৬০ বছৰ বয়সৰ পিছত প্ৰতি মাহে ৩ হাজাৰ টকা অৰ্থাৎ প্ৰতি বছৰে ৩৬ হাজাৰ টকা পেঞ্চন কৃষকসকলক দিয়া হয় ।


নথি পত্ৰ কি কি দাখিল কৰিব  লাগিব ?

যদি আপুনি PM Kishan ৰ সুবিধা লৈ আছে, তেন্তে ইয়াৰ বাবে আপুনি কোনো অতিৰিক্ত নথি পত্ৰ দাখিল কৰিব নালাগে।

এই আঁচনিৰ সুবিধা কোনে ল'ব পাৰিব ?

  1. যিকোনো কৃষকে ১৮ ৰ পৰা ৪০ বছৰলৈ লাভ কৰিব পাৰে ।
  2. আপোনাৰ সৰ্বাধিক ২ হেক্টৰলৈকে কৃষিযোগ্য ভূমি থাকিবৰ লাগিব ।
  3. কৃষকৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি কমেও ২০ বছৰ আৰু সৰ্বাধিক ৪০ বছৰৰ বাবে ৫৫ টকাৰ পৰা ২০০ টকালৈকে মাহিলী বৰঙণি আগবঢ়াব লাগিব ।
  4. আপুনি যদি ১৮ বছৰ বয়সত আঁচনিখনত যোগদান কৰে, তেন্তে আপোনাৰ মাহিলী বৰঙণি হ'ব প্ৰতি মাহে ৫৫ টকা ।
  5. আপুনি যদি ৩০ বছৰ বয়সত আঁচনিখনত যোগদান কৰে, তেন্তে আপুনি ১১০ টকা জমা কৰিব লাগিব ।
  6. আপুনি যদি ৪০ বছৰ বয়সত যোগদান কৰে, তেন্তে আপুনি প্ৰতি মাহে ২০০ টকা জমা কৰিব লাগিব ।

Post a Comment

0 Comments
close