Ads Area

মোদী চৰকাৰে দিলে ডাঙৰ উপহাৰ ll চৰকাৰী চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ

মোদী চৰকাৰে কোৰোণাৰ সংকটৰ মাজতে কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ আগবঢ়াইছে ডাঙৰ উপহাৰ । কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত কেন্দ্ৰীয় কৰ্মচাৰীৰ Dearness Allowance ৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে । কেন্দ্ৰীয় কৰ্মচাৰীৰ Dearness Allowance ১৭ শতাংশৰ পৰা বৃদ্ধি কৰি ২৮ শতাংশ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।

মোদী চৰকাৰে দিলে ডাঙৰ উপহাৰ

অনুৰাগ ঠাকুৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে সংবাদমেলৰ জৰিয়তে কেবিনেটত লোৱা সিদ্ধান্তৰ কথা সদৰি কয় । ইয়াৰ বাবে মুঠ বাজেট ৩৪ হাজাৰ কোটি টকা থাকিব । এই সিদ্ধান্ত জুলাইৰ পৰা কাৰ্যকৰী হ’ব ।

 
আপোনাৰ দৰমহা কিমান বাঢ়িব সেয়া জানিবলৈ আপোনাৰ বেছিক ছেলাৰী চাব লাগিব । বৰ্তমান এয়া ১৭ শতাংশ যিটো বৃদ্ধি কৰি ২৮ শতাংশ কৰা হৈছে ।  ইয়াৰ পিছত নিজৰ বৰ্তমানৰ ডিএ পৰীক্ষা কৰক ।সেয়েহে, কেন্দ্ৰীয় চৰকাৰৰ এজন কৰ্মচাৰীৰ ডিএ ১ জুলাই, ২০২১-ৰ পৰা তেওঁলোকৰ মূল দৰমহাৰ ১১ শতাংশ বৃদ্ধি হ'ব । একেই সূত্ৰ ডিআৰ গণনাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ।


উল্লেখযোগ্য যে কোৰোণাৰ সংক্ৰমণৰ বাবে বিগত এবছৰতকৈ অধিক সময় কেবিনেটৰ প্ৰত্যক্ষ বৈঠক অনুষ্ঠিত হোৱা নাছিল । প্ৰধানমন্ত্ৰী অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীসভাৰ সকলো সদস্য উপস্থিত থাকে ।

Post a Comment

0 Comments
close