Ads Area

Aabir Love Story Part 3

অনিৰুদ্ধক মনৰ পৰা একেবাৰে আঁতৰাই ৰাখিছোঁ এইকেইদিন।পাগলৰ দৰে কাম কৰিছোঁ । নিজৰ কাম শেষ কৰি আকৌ যাওঁ সুভাষিণীৰ পৰা নতুন কাম বিচাৰি । সিদিনাৰ মেছেজটোৰ পাছত আমাৰ আৰু একো কথা হোৱা নাই ।
নোহোৱাটো দুয়োৰে বাবে ভাল ।
মই সুধি চাম বুলি ভাবিও সুধিব নোৱাৰিলোঁ ।
এইবোৰ কথাই মোক খুলি খুলি খাই,কিন্তু তেনেদৰে থাকি মই মোৰ চাকৰিটো হেৰুৱাই পেলাব নোৱাৰোঁ ।
গতিকে চেষ্টা কৰিছো মগজটোক শান্ত ৰাখিবলৈ, নিজকে স্থিৰ কৰি ৰাখিবলৈ ।

Aabir Love Story Part 3
Aabir Love Story Part 3

আজিও একেদৰেই অফিচ আহিছো।নিজৰ কাম কৰিছোঁ।এনেতে টানিয়া আহিল মোৰ ওচৰলৈ
:তুম আ ৰহী হ’ না শাদী পে    ?
দুদিন পাছত কৃতিকাৰ বিয়া । তালৈকে যোৱাৰ প্ৰস্তুতি চলিছে । কোন কেনেকৈ যাব সেইয়া লৈ আজি বহুদিন আগৰপৰাই আলোচনা হৈয়ে আছে । কৃতিকা ইতিমধ্যে ছুটি লৈ ঘৰলৈ গৈছে । যোৱাৰ আগত বাৰে বাৰে মোক কৈ গৈছিল মই যাতে বিয়ালৈ যাওঁ । আনকি শুভাষিণীকো কৈ থৈ গৈছিল মোক যাতে তেওঁলোকে লৈ যায়।কৃতিকাৰ দৰাৰ ঘৰ চালেম নামৰ ঠাইখনত । গতিকে দুয়ো ঘৰৰ সন্মতিক্ৰমে য়েৰকাদৰ(Yercaud) এটা ৰিজৰ্টত বিয়াৰ reception হ’ব । আমাৰ  সকলোৰে থকাৰ ব্যৱস্থাও কৰা হৈছে।
মই ইতিমধ্যেই সুৰেশক জনাই দিছিলোঁ যাব নোৱাৰিম বুলি ।   আজি টানিয়াই আকৌ কিয় সুধিছে বুজি পোৱা নাই ।


:নেহী, মেইন নেহী আ ৰহী হুঁ ।
:May I know why ?
:মন নেহী হে ।
:How selfish you are Ananya ? Its her big day and you are not coming because you don’t feel like ?
তুম কিচি ক’ অপনা দ’ষ্ট ভি নেহী মানতি হ’ না ?

কৈয়ে উচাট মাৰি আঁতৰি গল টানিয়া । মোক কিন্তু তাইৰ কথা কেইটাই অলপ হ’লেও জোকাৰি গ’ল । টিমৰ সকলো মানুহ যাব।আনকি সুভাষিণীও যাব স্বামীৰ সৈতে । হিবাই মোক লগ ল’বলৈ এইকেইদিন সাহস গোটাব পৰা নাই । তাইৰ যোৱাৰ ইচ্ছা আছে যদিও মুখ খুলি ক’ব পৰা নাই । কৃতিকাৰ লগত তাইৰ প্ৰায়ে কাম থাকে, গতিকে ভাল চিনাকি । তাতে য়েৰকাদ ঠাইখন খুব ধুনীয়া । চাবলৈ যাবলৈ ইচ্ছা হৈছে বেচেৰীৰ । কিন্তু মই নাযাওঁ বুলি জানি সেইবিষয়ে কথা উলিয়াবলৈও সাহস নাইকৰা ।
মই বাৰু বেছি স্বাৰ্থপৰ হৈ গৈছোঁ নেকি দিনে দিনে ?

ৰূমলৈ ঘূৰি আহিও একেটা কথাকে মনত ঘূৰি থাকিল । অনিৰুদ্ধ থকা হ’লেতো মই কেতিয়াও নাযাওঁ ।এতিয়া তেওঁ নাযায় বুলি ভাবি মনতে এবাৰ যোৱাৰ কথা ভাবি চালো । আজি সুভাষিণীয়েও কৈ আছিল, সৱ যাব, মই অকল নগ’লে কথাটো বেয়া দেখিব ।। অৱশেষত সিদ্ধান্ত ল’লো,ময়ো যাম । ভাত খাই থাকোঁতে হিবাক কথাটো কোৱাত তাই জাপ মাৰি উঠিল ।   আৰু সদায়ৰ দৰে প্ৰথম চিন্তা কাপোৰ, নিজৰ লগতে মোৰ কাৰণেও ।
:আচাম কে ল’গ শাদি মেইন ক্যা পেহেন তে হে’ ? তুম ভি ৱহী পেহেন’ না।সৱ অপনা অপনা ট্ৰেডিচনেল ড্ৰেচ পেহেন কে যায়েংগে,কিত্না অচ্ছা লগেগা ।

কথাটো শুনিও উত্তৰ নিদিলোঁ।মোৰ ওচৰত তেনেকুৱা একো কাপোৰ নায়েই । মেখেলা চাদৰ পিন্ধিয়ে পোৱা নাই বুলি ক’ব পাৰি ।  অলপ ডাঙৰ হোৱাৰ পৰাই কোনো বিয়া সকাম খাবলৈ মই নাযাওঁ । মায়ে নিবলৈ ইচ্ছাও নকৰে ।

মাত্ৰ ককাই এবাৰ মোক আইতাৰ এযোৰ বৰ মৰমৰ কাপোৰ দিছিল । সেইযোৰকে সামৰি থৈছো নিজৰ বুলি ।
:হিবা,তুমহে কুচ দিখানা হে ।

বাকচ খুলি পুৰণা মুগাৰ মেখেলা আৰু ৰিহা খন উলিয়াই আনিলো । হিবাৰ চকু কেইটা ডাঙৰ হৈ গ’ল ।হাতেৰে বোৱা বুলি কওঁতে তাই বিশ্বাসেই নাইকৰা । আৰু ইমান বছৰ পুৰণি কাপোৰ বুলিও তাই মানি ল’ব পৰা নাই । ককাই এইযোৰ কাপোৰ মোক দিয়াৰ দিনা কৈছিল,
“আইতাই এদিনো পিন্ধিবলৈকে নাপালে । মাৰে এইবোৰ বেয়া পায় । তই ভালকৈ ৰাখিবি।নিপিন্ধ বুলি জানো, আওপুৰণি হল । হলেও দেচোন, আইতাৰৰ মৰমৰ কাপোৰ ।”

চকুকেইটা সেমেকি আহিল । কাপোৰযোৰ নাকত লগাই চালো । পাঁচবছৰ বয়সতে হেৰুৱাইছিলো যদিও আইতাই লগোৱা আফগান স্ন’ ৰ চিনাকি গোন্ধটো মোৰ বৰ আপোন ।
গুলপীয়া গাল দুখন আৰু ডাঙৰ সেন্দুৰৰ ফোঁটটোৰে সৈতে আইতা মোৰ বাবে দুৰ্গা দেৱীৰ দৰেই আছিল ।
:তুম য়েহি পেহেন’ অনন্যা।পুৰাণা হে,পৰ বহত প্যাৰা হে ।

তাৰ লগত মিলাই readymade blouse ক’ত পাম সেয়াও হিবাই ভাবি উলিয়ালে । মনটো মোৰো অলপ মুকলি লাগিল । কিমান আৰু পুৰণা দিনৰ সেমেকা ভাৱনাতে সুমাই থাকিম ।
আইতাৰ হাঁহিটোলৈ মনত পৰি নিজেও অকণমান হাঁহিলো।
কাইলৈ অফিচৰ পৰা বাহিৰে বাহিৰে বজাৰ, তাৰ পাছত পাৰ্লাৰ,তাৰ পাছত বিৰিয়ানি… উফ হিবাৰ লিষ্ট খন ডাঙৰ হৈ হৈ গৈয়ে থাকিল ।
লাইটটো অফ কৰি কাপোৰযোৰ সাৱটি চকু মুদিলো  ।
এনেতে আয়ুৰ ফোন ।
:কি হ’ল ?
:শুইছিলা নেকি মইনা কলিজা ?
:পইচা লাগে তোক ?
:নহয়, বেলেগ এটা কথা হে ।
:কি ?
:মই যাব পাৰিম নাই বিয়ালৈ ?
:তাঁৰ কেইডাল জোৰা লগাই ল তাৰ পাছত মোক ফোন কৰিবি ।
:প্লিজ প্লিজ, কিবা এটা কৰি দে না,মই পইচা দিম ন গাড়ী খৰছ, এনেও ছিট খালি থাকিব মই হিচাপ কৰিলো ।আৰু তাত গৈ মই বেলেগ হোটেল চাই ল’ম,বিদ্যা কৈছোঁ ।
:মই টানিয়াক সুধিব লাগিব,সৱ তাইয়ে arrange কৰিছে, আৰু মই সেইজনীক কিমান বেয়া পাওঁ তই জানই ।


:মোৰ কাৰণে নালাগে তই হিবাৰ কাৰণে কৰি দে ।
:ধেই এইডাল।ফোন থ ।
এওঁলোকৰ প্ৰেম কিমানখিনি পালেগৈ জনাই নাছিলোঁ । মনে মনে বাৰু বেয়া পোৱা নাই।দুইটা মোৰ মৰমৰ।কি কৰিব পাৰোঁ চাব লাগিব ।

নিজকে অলপ মানুহৰ নিচিনা ৰূপ এটা দিয়াৰ প্ৰয়োজন আছিল। কেতিয়াবা নিজক ভাল পাবলৈও মানুহে নিজৰ যত্ন লব লাগে । এইটো কথা মই লাহে লাহে উপলদ্ধি কৰিছোঁ ।   হিবাৰ পৰাও শিকিছো।মই নিজৰ মাজত ডুবি থকা সময়বোৰত কেতিয়াবা তাই কয়, আমি নিজকে যদি মৰম নকৰোঁ, ভাল নাপাওঁ, আনে আমাক ভাল পোৱাটো সম্ভব কেনেকৈ ?
ঘৰখন যেনেকৈ আমি ধুনীয়াকৈ ৰাখিলে ভাল পাওঁ, ঠিক তেনেকৈ শৰীৰটোও ৰাখিব লাগে !
এইবোৰ কথা মোক আজিকালি হিবাই কয় ।
মই নুশুনো, নামানো, নুবুজোঁ, হলেও তাই কৈ থাকে ।
আজি পাৰ্লাৰত স্পা কৰা চুলিখিনি চুই মোতকৈ তাইৰ ফুৰ্টি বেছি, বেগত কাপোৰ ভৰাই থাকোঁতেও মাজে মাজে চুই চালেহি ।

অনিচ্ছাসত্বেও মই টানিয়া আৰু প্ৰশান্তক কৈ আয়ুৰ কাৰণে ছিট এটা যোগাৰ কৰিলোঁ ।  পোৱা ঠিক ৭ বজাত আমাক পিক আপ পইণ্টত ৰ’বলৈ কোৱা হ’ল । প্ৰায় ৫-৬ ঘণ্টাৰ ৰাস্তা।আজি শনিবাৰ । গতিকে ট্ৰেফিক অলপ কম হয় । হিবা আৰু মই দুইজনী আহি ৰৈ আছোঁ।জেকেট পিন্ধিও কঁপি আছোঁ ঠাণ্ডাত।ঠিক ৭ বাজি ১৫ মিনিটত গাড়ী আহি পালেহি ।
বাৰটা মানুহ বহিব পৰা এখন ডাঙৰ টেম্পো ট্ৰেভেলাৰ।সোমাইয়ে প্ৰথম ছিটত সুৰেশ আৰু তেওঁৰ পত্নী।পিছৰ ছিটত প্ৰশান্ত আৰু টানিয়া । এজন মানুহ বহিব পৰা ছিট কেইটাৰ এটাত সুৰেশৰ ক্লাছ চিক্সত পঢ়া জীয়ৰী, আনটোত তেওঁৰ ৭ বছৰীয়া ল’ৰাটো ।


দুইটা গেম খেলাত ব্যস্ত।সুভাষিণী এইখন গাড়ীত নাই।তেওঁ স্বামীৰ সৈতে নিজৰ গাড়ীত।সুৰেশৰ পত্নীৰ সৈতে চিনাকি হলো । তেখেত পেছাত ডক্টৰ।কম কথা কয় যদিও হাঁহিমুখীয়া । আমাৰ টিমৰ আৰু দুজন মানুহ আহিছে, তেওঁলোকৰ লগত বেছি ভালকৈ এতিয়াও চিনাকি নাই মোৰ ।
কামবোৰো আমাৰ বেলেগ বেলেগ । হাঁহি এটা মাৰি সম্ভাষণ জনাই একেবাৰে শেষৰ ঢ়িটৰ আগৰ দুটিয়া ছিটটোত হিবা আৰু মই বহিলো । দহবাৰ মান ফোন কৰাৰ পাছত ফোঁপাই জোপাই আয়ু ওলাইছেহি ।আৰু তেখেত অহাৰ লগে লগে মই উঠি গৈ আগৰ ছিটত বহিব লগা হ’ল । অৱশ্যেই মই অকলে বহি ভাল পাওঁ ।
পিঠিৰ বেগটো কাষতে থৈ হেডফোনটো লগাই ললোঁ।আৰম্ভ হ’ল আমাৰ য়েৰকাদ অভিমুখী যাত্ৰা ।

সান্নিধ্যৰ ‘তুমি সুবাস’ গানটো কাণত বাজি আছে । মিহি বতাহজাকে কুঁৱলীৰ ফাঁকে ফাঁকে কিবা এটা মিঠা অনুভূতি কঢ়িয়াই আনিছে । এই অনুভৱ খিনি বৰ ভাল লগা । মাজে মাজে আয়ুয়ে খাবলৈ ইটো সিটো দি আছে । খাবলৈ মন নাই যদিও লৈ থওঁ । NH44 ত প্ৰায় চাৰে তিনি ঘণ্টা ধৰি যাত্রা কৰি আমি ১০:৩০ বজাত চালেম পালোহি ।
তাতেই সকলোৱে ব্ৰেকফাষ্ট কৰিবলৈ নামিলো । সুৰেশ আৰু তেওঁৰ পত্নীয়ে আমাৰ সকলোকে সুন্দৰ South Indian ব্ৰেকফাষ্ট কৰালে । খাই বৈ আহি গাড়ীত বহিলো । এতিয়াৰ পৰা পাহাৰীয়া ৰাস্তা আৰম্ভ হব ।২০ টা hair pin বেণ্ড আছে । কিন্তু অলপ দূৰ গৈয়ে গাড়ীখন আমাৰ আগ নাবাঢ়ে । ৰৈ আছে।ফোনত কথা পাতি পাতি সুৰেশ নামি গ’ল । পিছে পিছে টানিয়া ।
কিমান দেৰি ফচিম এতিয়া ঠিক নাই ।
গান শুনি বহি থকাই ভাল ।
চকু কেইটা মুদি খিড়িকীতে মূৰটো পেলাই দিলো । কাণত তেতিয়া বাজি আছে ‘বাৰ্তালাপ’,মৈত্ৰেয়ীৰ শব্দৰ যাদু আৰু কণ্ঠৰ মায়াত ডুবি আছো ।
“পাহৰণিৰে তুলি অৱগুন্থণ
এটি দুটি মিঠা
শব্দৰ গুঞ্জন
দুটি ওঁঠৰ তুলিকাত
জীপাল হেজাৰ বাৰ্তালাপ”
(বার্তালাপ:মৈত্ৰেয়ী পাটৰ)

কিন্তু…
:Aah finally.
চিনাকি সুবাস উশাহত পাই বুকুখন ধককৈ উঠিল ।
সন্মুখত অনিৰুদ্ধ ।
মই চোৱাৰ লগে লগে চকুকেইটা ডাঙৰ কৰি হাঁহি দিলে ।
ব্লেক লেডাৰ জেকেটটো খুলি মোলৈ এনেকৈ আগবঢ়াই দিলে যেন মই সেইটো ধৰিবলৈহে ৰৈ আছিলো ।
আৰু এবাৰো একো নুসুধাকে মোৰ কাষৰ ছিটটোৰ পৰা মোৰ বেগটো আঁতৰাই নিজে বহিলে । অঁকৰা নিচিনাকৈ চাই হে আছোঁ ।
:So you finally came ha??You are looking extra beautiful by the way.Is this the glow after seeing me??
:Damn!!!!!!

ক’ৰ পৰা ওলালেহি ধৰিবই নোৱাৰিলোঁ । জেকেটটো হাতত ধৰি চাইহে আছো । ঠাণ্ডাত চাগে কাৰোবাৰ লগত বাইকত আহিছিল । চকুকেইটা অলপ ৰঙা আৰু চলচলীয়া । নকটো অলপ ৰঙচুৱা।গ্ৰে কালাৰৰ ফুল শ্লীভচ টি চাৰ্টটো,মিহিকৈ ওলোৱা দাড়িখিনৰে সৈতে ভাগৰুৱা লাগিছে যদিও হাঁহিটো একেই, উজ্জ্বল ।

:You can touch me and check, I am real.
:Yeah, sad.
:How rude Ananya !

জেকেটটো আগবঢ়াই দি সিফালে মুখ ঘূৰালো । গানৰ ভলিউম যিমানলৈকে বাঢ়ে বঢ়াই দিছোঁ । সোনকালে গৈ পালেই হয় আৰু ।
অলপ দূৰ গৈ পোৱাৰ পিছতে সুৰেশৰ পুত্ৰ জিজ্ঞাস আহি আমাৰ ওচৰত হাজিৰ ।
:Ani bhaiya,I will sit with you.
:No!
সৰু লৰাৰ দৰে মুখ খন কৰি মোৰ ফালে চালে অনিৰুদ্ধই ।
হাঁহি উঠি গল যদিও দেখুৱাই দিয়া নাই।ময়েই টপৰাই উত্তৰ দিলো ।
:Yes of course ,come Jigyas.

উফ ভগৱান ।
ল’ৰাটোক মোৰ কাৰণেই পঠিয়াই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।গোটেই ৰাস্তাটো কেনেকৈ যে গলোহেঁতেন । অনিৰুদ্ধই আৰু কি কি শুনালেহেঁতেন ঠিক নাই ।
প্ৰায়বোৰ কথাৰে উত্তৰ মোৰ ওচৰত নাথাকে ।
মই পলাবলৈ বাট এটা বিচাৰিয়েই আছিলোঁ ।
কিন্তু মোৰেই ভাগ্য বেয়া ।
উঠি লৈ খৰধৰকৈ ওলাই যাবলৈ লওঁতেই hair pin বেণ্ড এটাত গাড়ীখন এনেকৈ ঘূৰিলে যে মোৰ সোঁহাতখন সন্মুখৰ আনটো ছিটত আৰু বাওঁহাতখন অনিৰুদ্ধৰ কলাৰত থৈ কোনোমতে হে নপৰাকৈ ৰ’লো ।
হাউলি গৈ নিজকে ৰখাওঁতে অনিৰুদ্ধক একেবাৰে কাষতে পালো  ।
বুকুখন ধক কৈ উঠিল ।

আমাৰ মাজত দূৰত্ব তেতিয়া মোৰ আউল বাউল চুলিৰ খেলিমেলি খিনিৰ সমান । তেওঁৰ আৰু মোৰ উশাহ বোৰ ঘন নহয়, ৰৈ গ’ল,একেবাৰে।এই সময়খিনিয়ে কি আনিছে মই নাজানো । নিজৰ বুকুৰ শব্দ আৰু অনিৰুদ্ধৰ কঁপি উঠা ওঁঠ দুটা 
মই বুজিব পৰা নাই ।
পলক নেপেলোৱাকৈ মোলৈ চাই ৰৈছে অনিৰুদ্ধই ।
চকু কেইটা সৰু হৈ গ’ল তেওঁৰ ।
কি দেখিছে?কি বিচাৰিছে    ?
:Di, you gonna sit on Ani Bhaiya’s lap ?
জিজ্ঞাসে দাঁতকেইটা উলিয়াই হাঁহি দেখুৱালে ।
অথনিৰ পৰা মৰম লাগি থকা লৰাটোলৈ সাংঘাটিক খং এটা উঠি আহিল ।
নিজকে সামৰি থিয় হ’লো ।


:Sorry !
অনিৰুদ্ধই একেবাৰে সৰুকৈ কোৱা শব্দটো মোৰ কাণত নহয়, একেবাৰে বুকুত লাগিল । স্থিৰতা হেৰুৱাই তেওঁৰ ইমান ওচৰত আহি ৰোৱাৰ পাছতো মোৰ শৰীৰৰ কোনো অংশতে তেওঁ হাত দিয়া নাই । সাৱধানেৰে আঁতৰাই ৰাখিছে নিজক ।
পুৰুষ ! নিজক সন্মান কৰা পুৰুষ অনিৰুদ্ধ ।
লাহেকৈ আঁতৰি আহি আনটো ছিটত বহিলো যদিও এবাৰ ঘূৰি চালো ।   তেওঁ তেতিয়া জিজ্ঞাসৰ লগত গেম খেলাত ব্যস্ত । মই আঁতৰি অহাৰ লগে লগেই টানিয়া নিজৰ ঠাইৰ পৰা উঠি গৈ অনিৰুদ্ধৰ কাষতে ৰৈ কথা পতাত লাগিল । বাৰে বাৰে গাড়ীখন টাৰ্ন লওঁতে হাতখন তেওঁৰ হাতত দি হে ৰৈছে ।
মই বাৰু অলপ জ্বলিছো নেকি ?
নাই, মোৰ সেইবোৰ চাই থকাৰ দৰকাৰ নাই ।
কিন্তু নাচাওঁ বুলিওচোন বাৰে বাৰে চকু যায় ।
এবাৰ তেওঁৰ চকুত চকু পৰাত ভীষণ লাজ পালো । য়েৰকাদৰ পাহাৰীয়া ৰাস্তাৰ মনোমোহা সৌন্দৰ্য মই উপভোগ কৰিব পৰা নাই । নিজকে সুধি চাইছোঁ, আয়ুকচোন মই ইমান ভাল পাওঁ,কিন্তু হিবাৰ সৈতে তাক দেখি মোৰ এনেকুৱা নহয় কিয় !
অনিৰুদ্ধকতো মই ভীষণ বেয়া পাওঁ ।
তেন্তে এতিয়া মোৰ ভিতৰি অলপ হলেও বেয়া লাগিছে কিয় ।
কথাবোৰ ভাবি ভাবি বাহিৰলৈ চাই আহিছো।মেপত চাওঁতে আমাৰ ৰিজৰ্টটো আৰু চল্লিশ কিলোমিটাৰ দেখাইছে।তাৰমানে আৰু প্ৰায় এক ঘন্টা লাগিবই ।
এনেতে এটা মেছেজ, অনিৰুদ্ধৰ ।
:Come back, please ! I need to talk to you ! please.
টানিয়া তেতিয়াও তাতেই, তেনেহ’লে মোক কিয় মাতিছে ।
মেছজটো চাইও একো উত্তৰ নিদিলো ।
গান শুনি শুনিয়েই বাকী খিনি ৰাস্তা পাৰ কৰিলোঁ ।

প্ৰায় এক বজাত আমি গৈ আমাৰ ৰিজৰ্টটো পালোগৈ । কৃতিকাৰ দেউতাক আৰু খুড়াক গেইটৰ সন্মুখত ৰৈয়ে আছিল । সুৰেশৰ সৈতে ফোনত সংযোগ ৰাখিয়েই আছিল তেওঁলোকে । আমাক খুব সুন্দৰকৈ আগবঢ়াই নিলেহি । ৰিজৰ্টটো কিমান ধুনীয়া ভাষাৰে বুজাব নোৱাৰি ।
প্ৰকৃতিৰ কোলাত যেন আন এখন স্বৰ্গ । নামি আহোঁতেও  অনিৰুদ্ধই মোক কিবা ক’ব খুজিছিল, কিন্তু আওকাণ কৰি মই হিবা আৰু আয়ুৰ ওচৰলৈ খোজ ললো ।
:Ananya, we dont have room for your friend, remember ?
টানিয়াই শুনাই দিলে যে আয়ুৰ কাৰণে ইয়াত থকাৰ ব্যৱস্থা নাই । মানে সি ‘বিন বুলায়ে মেহমান’ । সুধি চাই গম পালোঁ এইটো ৰিজৰ্টত আৰু এটাও ৰুম খালি নাই ।
:He can stay with me !
অনিৰুদ্ধ আৰু আয়ু একেলগে    ?????
:No Way. 
আপোনা আপুনি ওলাই গ’ল মোৰ মুখৰ পৰা ।
:Thanks bro !
Bro ??
Really !
আয়ুক ঘোচা মাৰি দিবলৈ মন গৈছিল । অনিৰুদ্ধক এনেই দেখিবই নোৱাৰে, এতিয়া নিজৰ কামত অহাৰ লগে লগে Bro !!
মোৰ কাষেৰেই দুইটা কথা পাতি পাতি নিজৰ ৰূমৰ ফালে আগবাঢ়িল । মই আৰু হিবা কৃতিকাক লগ কৰিবলৈ তাই থকা cottage টোৰ ফালে আগবাঢ়িলোঁ । ইতিমধ্যে সুভাষিণীও আহি পালেহি । আমাক দেখি কৃতিকা দৌৰি আহিল ।
পাতল হালধীয়া পাটৰ শাৰী, খোপাত এথোপা ফুল, ডিঙিত গহনা, ভৰিত পায়েল, দুহাতত মেহেন্দিৰ ডাঠ ৰং, তাইক দেখি অজানিতে চকু কেইটা সেমেকি আহিল ।
খুব ধুনীয়া দেখাইছে তাইক ।
কইনাৰ সাজত চাগে সকলো ছোৱালীকে খুব ধুনীয়া দেখাই ।
মোক বাৰু কেনেকুৱা লাগিব ??
:She is my mom.
ৰূমটোত কৃতিকাৰ মাক, মাহীয়েক আৰু তাইৰ তিনি চাৰিজনী মান কাজিন । সকলোৰে লগত চিনাকি হ’লো । তাৰে এগৰাকীয়ে আমাক ৰাতিৰ reception ৰ কাৰণে সজাই দিবলৈ সাজু হ’ল । মই নালাগে বুলি কোৱাত হিবাই চকু পকাই দেখালে । আৰম্ভণি মেহেন্দিৰে কৰিব । আৰু মেহেন্দিৰ নাম শুনি হিবাই জাপ মাৰি গৈ হাত পাতি বহিল । মই লাঞ্চৰ কথা মনত পেলাই দিলতহে উঠি আহিল ।

লাঞ্চ কৰিবলৈ যাওঁতেও অনিৰুদ্ধক কথা কোৱাৰ সুযোগ নিদিলোঁ । লাহে লাহে যে তেওঁৰ খং উঠিছে বুজি পালোঁ ।
খাই বৈ অলপ জিৰণি লবলৈ সবেই নিজৰ নিজৰ ৰূমত সোমালো ।
আমাৰ cottage টোত মই হিবা আৰু টানিয়া । মাজৰটোত সুৰেশৰ পৰিয়াল । তাৰ সিফালৰটোত আয়ু আৰু অনিৰুদ্ধ । টানিয়াৰ পৰা শুনামতে অনিৰুদ্ধই কাৰো লগত ৰুম share কৰিব নোখোজে, সেইবাবে নিজৰ পইচাৰে অকলে এটা ৰূম বুক কৰিছিল । পিছে এতিয়া হঠাৎ কি হ’ল কোনেও বুজি নাপালে ।
মই পিছে বুজি পালো ।
কিন্তু এইটো ভাবি ভাবি হাঁহিও উঠিল যে পালেগে আয়ুৰ নিচিনা লেতেৰা এটাক হে।

সন্ধিয়া ৭ বজাত সকলোকে ৰেডি হৈ পাৰ্টি Venue লৈ যাবলৈ কোৱা হ’ল । লাঞ্চ কৰি অকণমান শুবলৈ মন গৈছিল যদিও হিবাৰ উৎপাতত সেইয়া হৈ নুঠিল । দুইজনী মেহেন্দি লগাই  বহি আছো । টোপনিত মোৰ চকু জাপ খাই গৈছে । কিন্তু কিয় জানো জীৱনত প্ৰথম বাৰ কাৰোবাৰ বিয়ালৈ আহি, এইবোৰ কৰি মোৰ কিবা এটা ভাল লাগিছে । নতুন নতুন লাগিছে ।

নিজৰ সম্বন্ধীয় মানুহৰ লগত মা দেউতাৰ ভাল সম্পৰ্ক নাছিল । কাৰোবাৰ বিয়া সকাম হলে ককা যায় ড্ৰাইভাৰ লৈ, আমাক নিব খুজিলেও মায়ে যাবলৈ নিদিয়ে।কিমান কি কি যে হেৰুৱাই পেলালো মাহঁতৰ অহংকাৰৰ কাৰণেই ।

চিলমিল টোপনিৰ পৰা সাৰ পাই দেখোঁ আমাৰ ৰূমৰ দুৱাৰ খোলা । মোৰ বাহিৰে কোনো নাই । উঠি গৈ ইফালে সিফালে চাওঁতে দেখোঁ বাহিৰত সবেই একেলগে চাহ খাই আছে ।
অনিৰুদ্ধক দেখি ওলাই নগলো।চাহৰ কাপটো হাতত লৈ তেওঁ তেতিয়াও আমাৰ ৰূমৰ ফালেই চাই আছে ।


মুখ হাত কেইটা ধুই ওলাই আহি দেখোঁ টানিয়া আৰু হিবাই
কাপোৰ কানি সলালেই । দুয়োজনীৰে কাপোৰ বোৰ কইনাৰ কাপোৰৰ নিচিনা জাক জকম।অৱশ্যে সিহঁতৰ শৰীৰৰ উজ্জ্বল ৰং আৰু বেছি ধুনীয়াকৈ ফুটি উঠিছে ।
ময়ো আইতাৰ পুৰণা মেখেলা চাদৰ যোৰ পিন্ধি নিজকে চালো । মই দেখাত আইতাৰ দৰে ধুনীয়া নহয়, কিন্তু কাপোৰ যোৰ বৰ ধুনীয়া । বিউটিচিয়েন গৰাকীয়ে কোৱা স্বত্তেও বৰ বেছি মেক আপ নকৰিলোঁ । মাত্ৰ মোৰ মুখৰ শেঁতা পৰা ৰংটো তেওঁ অকণ উজ্বলাই দিলে । চকুত কাজল লগাই সৰু ৰঙা ফোঁট এটা ললোঁ । খোলা চুলিখিনি এবাৰ ঠিক কৰি ললোঁ ।


:লিপষ্টিক !
চিগাৰেট খোৱা ওঁঠত ৱাইন কালাৰৰ লিপষ্টিক সানি দিলে হিবাই । কাণৰ সৰু ফুলি যোৰ খুলি তাই কালি কিনি দিয়া অলপ ডাঙৰ ঘুৰণীয়া ফুলি যোৰ পিন্ধিলোঁ । কাণ খন বিষাই গলগৈ । ডিঙিত ককাই সৰুতেই পিন্ধাই দিয়া মিহি চেইনডাল, লগত কৃষ্ণ গোঁসাইৰ লকেটটো । ওলাই আহিলোঁ ৰূমৰ পৰা । আমাৰ ৰূমৰ পৰা অলপ আঁতৰত বিভিন্ন লাইট আৰু ফুলৰ সৈতে পাৰ্টিৰ কাৰণে সজাই তুলিছে ঠাইখন । ইমূৰত সুন্দৰ সাজ সজ্জাৰে এটা ষ্টেজ । দৰা কইনা আৰু মাক দেউতাক বহি আছে । যদিও বিয়াৰ সকলো নিয়ম তেওঁলোকৰ ঘৰত হৈছেই তথাপি আজি আকৌ এবাৰ মালা পিন্ধোৱাৰ লগতে সেন্দুৰ দিয়াৰ কথা । তাৰেই যো জা চলি আছে । সেইখিনি পোৱাৰ লগে লগে সকলোৰে জাকজমক কাপোৰ আৰু গহনাৰ মাজতো কিন্তু সবেই মোৰ পুৰণা মুগাৰ কাপোৰ সাজ চুই চালেহি । কি হয়, ক’ত পায়, কেনেকৈ পিন্ধিছোঁ সৱ ক’ব লগীয়া হৈছে ?

কিন্তু ইমানবোৰ মানুহৰ মাজতো মোৰ চকুৱে মাত্ৰ এজন মানুহক হে বিচাৰি ফুৰিছে !!!

(আগলৈ)

Tags

Post a Comment

0 Comments
close