Ads Area

Aabir Love Story Part 4

ইফালে সিফালে চাওঁতেই কোনোবাই চুলিত টানি দিয়াৰ দৰে লাগিল । ঘূৰি চালো, আয়ু ।
:তই কি কৰিলি বে,অকণ অকণ ধুনীয়া লাগিছে ।
:তোক কেলেইনো । যা ইয়াৰপৰা ।
:ঐ,ইমান মৰমলগা ন মোৰ মানুহজনী ।
:কি ???

Aabir Love Story Part 4


মোৰ কাষতে ৰৈ থকা হিবালৈ চাই আয়ু গোটেইটো উৰি যাওঁ যেন । ইয়াৰনো আৰু কি, কিমান দিন থাকে এই প্ৰেম নাজানো ।
কিন্তু হিবাক সঁচাকৈ মৰম লাগিছে । পাতল হালধীয়া আনাৰকলি চুৰিদাৰযোৰ আৰু মূৰৰ একে ৰঙৰ হিজাব খনে তাইৰ উজ্জ্বল মুখ খনি আৰু শুৱাই তুলিছে । দুইটাকে কথা পতাৰ সুযোগ দি অকণমান আঁতৰি সুভাষিণীৰ ওচৰ চাপিলো । সুৰেশৰ পত্নী আৰু ছোৱালী হৰ্ষিতাও সুভাষিণীৰ ওচৰতে আছিল ।অলপ সময় কথা পাতি আমি সকলো একেলগে কৃতিকাৰ ওচৰলৈ যাবলৈ উঠিলোঁ।অনিৰুদ্ধৰ কিন্তু তেতিয়াও ক’তো দেখাদেখি নাই ।


:Ananya, where is Anirudh ??
মই কেনেকৈ জানিম।খং উঠি আহিল । মোক কিয় সুধিছে ।
:No idea, Suresh.
অলপ পাছত দেখোঁ টানিয়া আৰু প্ৰশান্তৰ সৈতে কথা পাতি পাতি সোমাই আহিছে অনিৰুদ্ধ । মোক দেখাৰ আগতেই সেইখিনিৰ পৰা আঁতৰি হিবাৰ পিছফালে থিয় হলোহি ।
:Guys, let’s bless the couple.

তেতিয়াও সকলোৰে শেষত থাকিয়েই আগবাঢ়িলোঁ । এনেও মই এনেকৈ থাকি ভালপোৱা মানুহ । ষ্টেজৰ ওচৰ পাই ৰৈ গলো । সকলো উঠি গৈ ফটোৰ বাবে প’জ দিছে । দৰা কইনাক মাজত লৈ এফালে হিবা,আয়ু, সুৰেশ,তেওঁৰ পত্নী,সুভাষিণী আৰু তেওঁৰ স্বামী ।
আনফালে টানিয়া,অনিৰুদ্ধ,প্রশান্ত আৰু টিমৰ আন দুজন ।
মই একেবাৰে শেষত গৈ হিবাৰ কাষত ৰ’লো।সুৰেশ আৰু সুভাষিণীয়ে ডাঙৰ উপহাৰৰ টোপোলাটো আগবঢ়াই দিলে । আৰু সকলো ব্যস্ত থাকোতেই মই তাৰ পৰা আঁতৰি আহিবলৈ ললোঁ…
:Ananaya, please come here.
শেষ।
কৃতিকাৰ মাতত নামি যাবলৈ লৈও ৰৈ গ’লো,আৰু ঘূৰি লৈ
নাচাওঁ বুলিও এবাৰ তেওঁৰ ফালে চালো ।
ব্লেক কালাৰৰ থ্ৰী পিছ চুইট, gelled up চুলি আৰু একেবাৰে চিনাকি হাঁহিটোৰে সৈতে অনিৰুদ্ধ ।
মোৰ চকুত চকু পৰাৰ লগে লগে তেওঁ চকু দুটা জপাই দিলে ।
যেন এক স্বস্তিৰ নিশ্বাস ।
বিচাৰি বিচাৰি হাবাথুৰি খোৱা কিবা এটা বিচাৰি পোৱাৰ দৰে ।
সময়বোৰ কেতিয়াবা সঁচাকৈ ৰৈ যায়,ইমান বোৰ মানুহৰ মাজতো এটা আছুতীয়া পল আমাৰ বাবেও আছে ।


থাকে, এনে এটি ক্ষণ আমাৰ সকলোৰে জীৱনতে থাকে, আমি বিচাৰোঁ বা নিবিচাৰোঁ ।
য’ত গাল দুখন অকণমান ৰঙচুৱা হয়, উশাহবোৰ ঘন হয়, হাত ভৰি বোৰ অকণমান হলেও কঁপি উঠে ।
মোৰো ঠিক তেনেকুৱাই হৈছে ।
নিজকে সামৰি কৃতিকাৰ কাষ পালোগৈ ।
:Your dress is so pretty Ananya !!
দৰা কইনাক মাজত লৈ এফালে অনিৰুদ্ধ আৰু আনফালে মই । যিমান পাৰোঁ সেইফালে নোচোৱাকৈ কেমেৰাৰ ফালেই চাই থাকিলোঁ ।
আৰু শেষ হোৱাৰ লগে লগেই আঁতৰি আহিলোঁ ।
ঘূৰি চোৱা নাই।কিবা এটা যেন সহজ হব পৰা নাই মই ।

মানুহৰ কথা বতৰা, মিহিকৈ বাজি থকা গান,আৰু কেমেৰাৰ ফ্লাছৰ শব্দৰ মাজত মই অলপ নীৰৱতা বিচাৰি আঁতৰি আহিলো । সকলো কথা পতা, খোৱাত ব্যস্ত।সৰুকৈ পতা বাৰ খনত আয়ু,প্ৰশান্ত আৰু অনিৰুদ্ধ একেলগে।যেন বহুদিনৰ চিনাকি ।
ইচ্ছা থাকিও আজি সেইফালে যোৱা নাই ।
আইতাৰ কাপোৰযোৰ পিন্ধি হাতত গিলাছ তুলিব নোৱাৰোঁ মই ।
আইতাইতো চাগে বিচৰা নাছিল মোৰ জীৱনটো এনেকুৱা হোৱাটো । কিন্তু হৈ গ’ল ।
হিবাই স্কুলীয়া বান্ধৱী লগ পাইছে,নিজৰ ভাষাত কথা পতাত ব্যস্ত । ওচৰত ৰৈ থাকিও নিজকে অলপ অকলশৰীয়া লাগিল ।


ভিৰৰ পৰা আঁতৰি ৰিজৰ্টটোৰ আনটো ফাললৈ খোজ ললো । এটা সৰু পানীৰ জুৰি বৈ গৈছে সেইফালেদি । এখন সৰু কাঠৰ দলং । তাত ভেট,পদুম আৰু কিছুমান বনৰীয়া ফুল ফুলি আছে । জোনৰ পোহৰত ঠাইখিনি যেন আৰু বেছি ধুনীয়া হৈ পৰিছে ।
আকাশ খনলৈ চালো । আগৰ পৰাই চাওঁ।আজিও আইতাক বিচাৰি চাইছোঁ।আটাইতকৈ উজ্জ্বল তৰাটো আইতা ।
“সৌৱা চা, আইতাই চাই আছে তোলৈ, তই চকু টিপিয়াই দে,আইতাইও টিপিয়াই দিব”
বিশ্বাস কৰিছিলোঁ, কাৰণ ককাই কৈছিল ।
ককাই মিছা কথা নকয় ।
মেলি লোৱা ৰিহাৰ আচলখন দুহাতেৰে তুলি অকাশখনলৈ দেখুৱালো ।
“আইতা,চোৱা, মই তোমাক সামৰি ৰাখিছোঁ”
মনতে কোৱা কথাবোৰ আইতাই শুনে, ককাই বুজে ।
আৰু নো আছে কোন মোৰ বুলিবলৈ !!!!
আচলটোৰে মুখ খন ঢাকি কিমান দেৰি থাকিলো নাজানো ।
কাৰোবাৰ উপস্থিতিৰ উমান পাই উচপ খাই উঠিলোঁ ।
দুহাত বুকুত সাৱটি দলং খনৰ আনফালৰ কাঠৰ ৰেলিং খনত আউজি ৰৈ থকা মানুহজন অনিৰুদ্ধ ।
মই চোৱাৰ লগে লগে শেঁতা হাঁহি এটা মাৰি দেখুৱালে।
:এনেকৈ কিয় আছা ?
:এনেই ।
:You have something to say ?
:Nope.
:Your bindi is misaligned.Again.

কথাটো কৈ তেওঁ নিজৰ ঠাইৰপৰা আহি মোৰ একেবাৰে কাষ পালেহি । আচৰিত হৈ চাই ৰ’লো । কঁপালৰ ফোঁটটো ঠিক কৰোঁ বুলি হাতখন ওপৰলৈ তুলিলোঁ।মিহি ষ্টীলৰ খাৰু খিনি জুনুক কৈ উঠিল ।
নাইপৰা মই একো কৰিব । অনিৰুদ্ধক উপেক্ষা কৰিব নোৱাৰি ।
স্থিৰ চাৱনিৰে তেতিয়াও চাই আছে মোৰ ফালে ।
আৰু মোক আচৰিত কৰি কপালত আঙুলি বুলাই ৰঙা ফোঁট টোত চুই দিলে তেওঁ ।
ডিঙিটো শুকাই গৈছে মোৰ,চকু কেইটা নিজে নিজে জাপ খাই গৈছে ।
এই স্পৰ্শ কিয় ইমান বেলেগ ।
কঁপালৰ ফোঁটটোৰ ৰঙা খিনি মোৰ গাল দুখনলৈকে বৈ আহিল ।
:Ananya !!
:
:Please say something !
অনিৰুদ্ধৰ মাতত সচকিত হৈ উঠিলোঁ । নতুন সপোন দেখাৰ ভুল কৰিবলৈ ওলাইছোঁ মই । নাই, এইয়া ভুল ।
:Let me go Anirudh.
:No, please.


:
দূৰৰ পৰা ভাঁহি অহা মৃদু সঙ্গীতৰ সুৰ, জোনৰ পোহৰ, বৈ যোৱা পানীৰ কলকল শব্দ আৰু সন্মুখত অনিৰুদ্ধ ।
কি নাম এই সময়ৰ ?
আৱেগ ?
অনুৰাগ ?
নে
আদৰ ??
দুখোজ পিছুৱাই গ’ল তেওঁ, কিবা ক’ব খুজিও যেন ক’ব পৰা নাই । দীঘল দীঘল উশাহ লৈছে, ইফালে সিফালে চাইছে ।
এনেকুৱা কিয় হয়??
:I am sorry Ananay,but…
বুকুত নতুন আশংকা!কি ক’ব অনিৰুদ্ধই ।
:but ??
:মই হাৰি গৈছোঁ বাৰে বাৰে,তোমাৰ ওচৰত । মোক নুসুধিবা কিয় ?
আকৌ ওচৰ চাপি আহিল তেওঁ, মোৰ আউল বাউল চুলিখিনিত হাত ফুৰাই দিলে । বাধা দিব নোৱাৰিলোঁ ।
:Its not sympathy,trust me. But I know many things about you Ananya. I am sorry I asked Ayushman which is not right but…
:What the F.. Anirudh!How dare you !!!
চিঞঁৰি উঠিলোঁ । আয়ুৰ ওপৰত প্ৰচণ্ড খং উঠি আহিল । মিনিটৰ ভিতৰতে সি মোক পুতৌৰ পাত্ৰ বনাই দিলে ।
:প্লিজ মোক ভুল নুবুজিবা । মই তোমাক জানিব বিচাৰিছিলোঁ ,কিন্তু ইমানখিনিও নহয় । He was drunk Ananya please dont be angry.
:Really ?
চকুৰ পানীবোৰ বাধা দি ৰাখিব পৰা নাই । খঙত নে দুখত মই কঁপি উঠিছোঁ নাজানো । নিজকে ইমান অসহায় মোৰ কেতিয়াও লগা নাছিল ।
অপৰাধীৰ দৰে ৰৈ আছে অনিৰুদ্ধ।চকুৰ কোণত এডোঙা পানী ।
সঁচা নে মিছা, মই নাজানোঁ ।
:I want to be a part of your life,am I asking too much ??
অনিৰুদ্ধই কোৱা কথাষাৰৰ উত্তৰ দিয়াৰ ইচ্ছাও নহল মোৰ ।
:Say something, please !
:
:I don’t need a man to survive Anirudh.
:But I need a woman,a woman like you.I don’t care if you call me a weak man,a coward,a fool or anything.I don’t give a shit.All I want and need is you Ananya,only “YOU”.
অনিৰুদ্ধৰ মাতটো আনদিনাত কৈ ডাঙৰ ।
জোনৰ পোহৰবোৰ যেন কমি আহিছে । এই সময়ত কি কৰিম মই ভাবি পোৱা নাই । অনিৰুদ্ধই কি জানে কিমান জানে মই নাজানো । কিন্তু জানিব নালাগিছিল ।
:মই বাৰে বাৰে কৈছোঁ,মোক অকলে থাকিবলৈ দিয়ক প্লিজ ।
হাতযোৰ কৰি পোৱা নাই কেতিয়াও,আজি কৰিছোঁ ।
:Ananya!
:Anirudh,do you know my past ?
:I don’t care.
:I was a drug addict.
:I don’t care
:I tried to kill myself
:I don’t care
:I have a child
:I don’t care
:I don’t even know how many people have seen me naked…..
নাইপৰা ক’ব,বুকুখন বিষাইছে মোৰ । আজিলৈকে সাঁচি ৰখা চকুপানীৰ আজি বান্ধ খোল খাইছে ।অনিৰুদ্ধৰ ফালে চাব নোৱাৰোঁ । তেওঁৰ ফালে পিঠি দি বোৱাই দিছোঁ বুকুৰ শিল গলি বৈ যোৱা নৈ খন ।
কিমান আৰু সহিম এইবোৰ ।
ভালপোৱা মোক নালাগে, অকণমান সময় শান্তিৰ পালেও মই সুখী হ’ম । সেয়াও যেন মোৰ প্ৰাপ্য নহয় । অনিৰুদ্ধ আঁতৰি যাব,মই জানো ।
কিন্তু….
:I love you Ananya.
পিছফালৰ পৰা মোক দুহাতেৰে সামৰি ললে অনিৰুদ্ধই । মোৰ চুলিত মুখ গুজি ভালপোৱাৰ প্ৰকাশ কৰা মানুহজন সঁচা নে ?

বিবাহৰ থলীৰ পৰা তেতিয়া ভাঁহি আহিছে…

Inkem inkem inkem kaavaale…
Chaaley idi chaaley…
Neekai nuvve vachi vaalaavey,
Ikapai thiranaalley

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma


( আগলৈ )

Tags

Post a Comment

0 Comments
close