Ads Area

Aabir Love Story Part 6

অনিৰুদ্ধক উপেক্ষা কৰি আঁতৰি আহিলো।ৰূমৰ ছাবি হিবাৰ ওচৰত । তাইৰ ওচৰলৈ গৈ পিছফালৰ পৰা মাত দিলো ।
:ক্যা হোৱা অনন্যা, য়ে ক্যা হাল বনায়া হে তুমনে ?
:কুচ নেহী,give me the key please.

Aabir Love Story Part 6

অভ্যৰ্থনা থলীৰ হুলস্থুলৰ মাজত মই থকা নথকাৰ কথা নাহে । ৰূমলৈ গুচি আহিলোঁ । বাথৰূমত কিমান দেৰি সুমাই থাকিলো নিজেই নাজানোঁ । মুখ খন বাৰে বাৰে ধোৱাৰ পাছতো বিষন্নতা বোৰ আঁতৰি নগ’ল । কাপোৰযোৰ সলাম বুলিও নোৱাৰিলোঁ ।
যেতিয়া মনটো ভাগৰুৱা হয়, শৰীৰেও নাটনে । বিচনাত পৰিও মই চকুহাল মুদিব পৰা নাই । অনিৰুদ্ধৰ কথাবোৰে মোক শান্তিত থাকিবলৈ দিয়া নাই ।
হয়, মই জানো তেওঁৰ গাত ভুল নাই ।
কিন্তু বিকাশৰ বন্ধু বুলিয়েই ঘিণ কৰিম মই তেওঁক ।
হয়তো আজীৱন ।


সেই মানুহজনক বুকুৰ কোনোবা এটা কোণত মই চাগে ঠাই অকণ দিছিলোঁ । তেওঁ দেখি মনত অলপ হলেও ভাল লগা অনুভৱ কৰিছিলোঁ ।
তেওঁ অফিচলৈ নাহিলে তেওঁৰ খালি ঠাই টুকুৰা লৈ বাৰে বাৰে চাইছিলো ।
কিন্তু এতিয়া…
চকু কেইটা সেমেকি আহিল ।
এনেতে কাষৰ সৰু টেবুলখনত থকা ফোনটো বাজি উঠিল ।
এইটো নম্বৰৰ পৰা ককাই হে ফোন কৰে।একে বাৰতে উঠালো
:হেল্ল’
:মাজনী ।
ফোনটো বুকুত সাৱটি দীঘলকৈ উশাহ এটা ল’লো । ককাৰ এষাৰ মতে মোৰ মনত হাজাৰটা সঞ্জীৱনী মন্ত্ৰৰ প্ৰশান্তি ঢালি দিব পাৰে ।
:ককা, ভালে আছা নে ?
:শুনচোন, তই আহচোন এবাৰ, মই যামগৈ । অকলে অকলে নালাগে থাকিব । এনেও মোক ইয়াত কোনেনো ভাল পায়, তোৰ ওচৰতে থাকিম।শুনিছ নে মা ?
:উম,শুনিছোঁ ।
:তই পইচাৰ কথা চিন্তা নকৰিবি । মই লেখাপানীৰ বাগান খিনি বেছি দিম । গোটেইবোৰ ইহঁতক নিদিওঁ নহয় । সেইয়া তোৰ । বুজিছ নে ।
:মোক সেইবোৰ নালাগে ককা, পইচা আছে, আৰু অলপ যোগাৰ কৰি লৈ আনিম তোমাক ।
:তোৰ গাটো ভালনে?খোৱা বোৱা কৰিবি দেই । তই আকৌ খোৱাত বেয়া নহয়।মই যাম তই চিন্তা নকৰিবি।তাত শাক পাইছ নে ?

শাকৰ ভাজি খাই ভাল পাওঁ । মায়ে নাজানিলেও ককাই জানে । কিমানদিন খোৱা নাই নিজৰেই মনত নাই । 
:গোসাঁনী,আছ নে অ’ আই ।
:ককা,কথা এটা সুধোঁ নে তোমাক ?



:সুধ আকৌ কি কথা ।
:কোনোবাই যদি নজনাকৈ কিবা ভুল কৰে আৰু সেইটো কথাই আমাক বহুত কষ্ট দিয়ে, সেই মানুহ্জকনক আমি কি কৰা উচিত ?
:কি হ’ল মোক কৈ দেচোন, মনটো পাতল হ’ব ।
কথাবোৰ ইমান সহজ হয় জানো ?
ককাৰ সলনি যদি মোক মোৰ মায়ে এবাৰলৈও এনেকৈ সুধিলেহেঁতেন !
:তোমাক ক’ব নোৱাৰিম ককা।মোক প্ৰশ্নটোৰ উত্তৰ দিয়া ।
:শুন মা, যি কথাই নহওঁক লাগিল, তোৰ মনত যদি অশান্তি দিছে, তেন্তে খোলাকৈ কৈ দে । ভাল পাওঁ বুলি, বেয়া পাওঁ বুলি কৈ নিদিয়া মানে আমি নিজকো ফাঁকি দিয়া । কৈ দিলে বুকুখন পাতল লাগে ।মনবোৰ খোলা হয় ।কথাবোৰ পাতি চাব লাগে, তেতিয়াহে উত্তৰ ওলাব। বুজিছ ।

আৰু এটা কথা, আমি কেতিয়াবা গমেই নাপাওঁ, কাক আমি শেষবাৰৰ বাবে লগ পাইছোঁ । কাইলৈ যদি সেই মানুহজন আমাৰ মাজৰ পৰা নাইকিয়া হৈ যায়, মনত বহুত কথাই থাকি যাব ।
:ককা, মাঘৰ বিহুৰ আগত লৈ আনিমগৈ তোমাক।বৰুৱা খুড়াৰ লগত কথা পাতি থব । 
বৰুৱা খুড়া আমাৰ উকীল ।
:মই যাম বুলিলে কোনে কি কৰিব । শুনচোন ,তৰাক লৈ যাম নেকি, ভাত পানী কেইটা ৰান্ধি দিব ।
:নালাগে, মই সেইবোৰ চাম ককা, এতিয়া ৰাখা, মই আয়ুৰ সৈতে যাম কেইদিনমান পিছত।

ককাৰ লগত কথা পাতি মনটো মুকলি লাগিল । মোৰ এটাই সপোন, ককাৰ শেষৰ সময় খিনি মোৰ সৈতে পাৰ হওক । মই জানো তাত থাকিলে ককাৰ কি দশা হ’ব । খুব ভালকৈয়ে জানো ।
বিছনাৰ পৰা উঠি আহিলো । চুলিখিনি পকাই খোপা এটা বান্ধি ললোঁ।ধুই অহা মুখ খনত অথনিৰ মেক আপৰ নামমাত্ৰও বাকী ৰোৱা নাই । বেগৰ পৰা চিগাৰেট এটা উলিয়াই জ্বলালো ।
এই সময়ত প্ৰয়োজন । 
পাফ কেইটামান একে লেঠাৰিয়ে টানি নাকে মুখে ধোঁৱা বোৰ উলিয়াই দিলোঁ  ।
অলপ আগতে অনুভৱ কৰা বুকুৰ বিষটো ও যেন ওলাই গৈছে ধীৰে ধীৰে ।

বিকাশৰ পৰা মোৰ বিষয়ে জনাৰ পিছতো অনিৰুদ্ধই মোক ভাল পাওঁ বুলি কেনেকৈ ক’ব পৰিছে । মই নিজকে যিমানেই বুজাও নালাগে, মোৰ মনৰ ভিতৰত এতিয়াও তেওঁৰ প্ৰতি অকণমান বিশ্বাস বাকী আছে ।

তেওঁক কষ্ট দি মই নিজেও কষ্টত থাকোঁ কিয় !

নাই ।

কথাবোৰ সম্পূৰ্ণ কৰিবই লাগিব ।
Orbit এটা মুখত লৈ ৰূমটো লক কৰি অনিৰুদ্ধৰ সৈতে কথা পতাৰ উদ্দেশ্যে ওলাই আহিলোঁ । কিন্তু ক’তো তেওঁক দেখা নাপালোঁ । হয়তো মই এৰি অহা ঠাইতে তেওঁ এতিয়াও তেনেকৈয়ে আছে ।
তাতো গৈ চালো, নাই ।



ক’লৈ বা গুচি গ’ল ।
কথা পতাৰ আশা বাদ দি ঘূৰি আহিলোঁ, দেখোঁ আমাৰ ৰূমৰ সন্মুখত তেওঁ ৰৈ আছে ।
:ছৰী ক’বলৈতো সুযোগ এটা দিয়া ?
:ok
:You are okay to talk now ?
:hmm

তেওঁৰ আন্ধাৰ মুখখন অকণমান পোহৰ হৈ উঠা যেন লাগিল ।
:But first go get a shwal, its cold.
গৰম কাপোৰ তেনেকৈ অনা নাই । পিন্ধি অহা জেকেটটো হে আছে ।
:I am fine.
অনিৰুদ্ধই আৰু একো নক’লে, দুয়ো লাহে লাহে খোজ ললো ।
কাষেৰে খোজকাঢ়ি যাওঁতে এবাৰ ভুলতে তেওঁৰ আঙুলি কেইটাই অজানিতে মোৰ আঙুলি কেইটা চুই গ’ল ।
আঁতৰাই আনিলো নিজকে ।


আমি গৈ লন খনৰ এটা মূৰত থকা কাঠৰ বেঞ্চ খনত বহিলো । আমাৰ সন্মুখত এখন সৰু ফুলনি,সিফালে বিয়াৰ অভ্যৰ্থনা স্থলী ।
মোক বহিবলৈ দি তেওঁ থিয় হৈয়ে থাকিল ।
:মই জানি বুজি একো কৰা নাই অনন্যা ।
শূণ্যলৈ চাই তেওঁ হুমুনিয়াহ কাঢ়িলে ।
:হমম ।
তেওঁ এইবাৰ মোৰপৰা অলপ আঁতৰি বেঞ্চখনৰ আনটো মূৰত বহিল । অফিচৰ মিটিং বা কনফাৰেন্স বিলাকত গভীৰ প্ৰত্যয় আৰু আত্মবিশ্বাসেৰে কথা কোৱা অনিৰুদ্ধৰ কথাবোৰ আজি ইমান খেলিমেলি কিয় মই বুজি পোৱা নাই । মোৰ আগত তেওঁৰ কি হৈ যায় ।
হাতৰ আঙুলি কেইটা বাৰে বাৰে ফুটাইছে, মুখ খন মোহাৰি আছে,কিবা যেন ক’ব খুজিও ক’ব পৰা নাই ।হাতত পিন্ধা স্মাৰ্ট ৱাটছত ইনকমিং কল, তেওঁ উঠোৱা নাই ।
দুয়ো মনে মনেই আছোঁ ।
:I am sorry !
:হমম ।


:সঁচাই?তুমি মোক মাফ কৰি দিছা, আই মিন অলপ আগতেটো তুমি মোক…
:I have anger issue.
:অনন্যা,তুমি এনেকৈ কিয় আছা?কি আছে তোমাৰ মনত?কিহে তোমাক ইমান কষ্ট দিছে ?

মোৰ মনত ধুমুহা আছে অনিৰুদ্ধ, যি প্ৰতিনিয়ত ভাঙি থৈ যায় মোক, মোৰ ভিতৰৰ মানুহজনীক ।
মোৰ মনত এখন সাগৰ আছে,উত্তাল তাৰ ঢৌ । সেইবাবেই চাগে বাহিৰত ইমান শান্ত হৈ থাকিব পাৰো ।
কিন্তু, এইবোৰ জানো কোনোবাই বুজি পাব ।
সামৰি থলো নিজৰ মাজতে ।
:একো নাই ।
:আচ্ছা, এতিয়া খংটো কেনেকৈ কমিল ?
:ককাৰ লগত কথা পাতি ।

নোকোৱা হ’লেও হয়, কিন্তু মুখত ওলাই গ’ল ।
:ককাক মিছ কৰা বহুত ?
:বহুত ।
:May I ask you one thing ?
:কি কথা ?
:Your father is a business tycoon,right ?

তাৰমানে বিকাশৰ পৰা সকলো গম পাইছে অনিৰুদ্ধই । মই অতদিনে লুকুৱাই থোৱা চিনাকি তেওঁ গম পাইছে । শ শ বিঘা মাটিৰ চাহৰ বাগান, ফেক্টৰী,চিনেমা হল, দুখন ডাঙৰ ডাঙৰ হোটেল, চাৰি পাঁচ ঠাইত ঘৰ,ফ্লেট । দেউতা ধনী মানুহ । হয় ,আধুনিক ভাষাত Business Tycoon । অনিৰুদ্ধৰ ফালে চালো, মোলৈকে চাই আছে, চকুত বহুত প্ৰশ্ন । মই বাহিৰত খাবলৈ যেতিয়া পইচা নাই বুলি মানা কৰোঁ,টিমৰ ৱিকেণ্ড পাৰ্টিত আঁতৰি থাকোঁ, তেতিয়া টানিয়াই lower middle class mentality বুলি কথা শুনাই, মই একো নকওঁ । মই জানো অনিৰুদ্ধইও তেনেকৈয়ে ভাবি আছিল।সেইবাবে চাগে আজি বেছি আচৰিত হৈছে ।
:মোৰ দেউতাই কি কৰে সেইটো কিয় লাগে । মই নিজে মাত্ৰ কেইটামান টকা ঘটি আছোঁ, তাৰে বেংগালুৰৰ নিচিনা ঠাইত চলি আছোঁ, সেইটো জানিলেই হ’ল । আৰু দেউতাৰ পইচা লৈ অহংকাৰ কৰা নাই কাৰণেই চাগে নিজে কিবা এটা কৰিব পাৰিছোঁ । দেউতাৰ সম্পত্তিৰ ভাগ মই বিচৰা নাই কেতিয়াও ।
:I am proud of you !


:You should not be.

আকৌ মৌনতা।কথাবোৰ খেলিমেলিতেই শেষ হয় দুয়োৰে মাজত । দুয়ো সন্মুখৰ ফালে চাই বহি আছো ।
মিহি বতাহজাক আৰু শীতৰ এই সেমেকা গধূলিটো কিবা যেন অদ্ভুত।বাৰে বাৰে সলনি হৈছে ইয়াৰ ৰং।
অলপ ঠাণ্ডাও লাগিছে, ৰিহাৰ আচলটো টানি গাটো ঢাকি ললোঁ ।
:ককাৰ লগতে তোমাৰ আৰু কাৰোবালৈও মনত পৰে, সেইবাবে
লেপটপত ফটো ৰাখিছা ? মিছ কৰা বহুত ?
বেঞ্চখনত ধৰি ৰখাইছো নিজকে, কিয় মনত পেলাই দিছে মোক তেওঁ সেই ঘাঁ টুকুৰা ।
:You miss him na ?
অনিৰুদ্ধ কাষ চাপি আহিল ।
মূৰ তুলি চালো ।
তেওঁৰ চকুকেইটা চলচলীয়া,মোৰ বাবেইনে ?
এনে লাগিল, শেষৰবাৰ থুপুক এৰি আহোঁতে তাৰ চকু কেইটা হে যেন ।
একেই ।
দীঘল দীঘল পলকৰ সৈতে গোল গোল দুটা কজলা চকু । মোক মিনিটতে শিলৰ পৰা পানী কৰিব পৰা ।
:I dont miss him, I carry him in my heart.

অনিৰুদ্ধই সিফালে চাই চকুকেইটা মোহাৰিলে।আকৌ মৌন সময় ।
:Anirudh….
:Hmmmm
মোৰ ফালে ঘূৰি চালে তেওঁ ।
:Close your eyes, please.
:কি?আই মিন কিয় ?
:বেয়া পাইছে যদি নালাগে ।
:Noooo, I would love to.

মোৰ ফালে সামান্য ঘূৰি লৈ তেওঁ চকুকেইটা জপাই দিলে ।
মুখত সামান্য কৈ ফুটি উঠা এটা হাঁহি ।

নোৱাৰিলোঁ মই নিজকে ৰখাব ।

কিমান দিন হৈ গ’ল,থুপুক।নেদেখাৰ, চুই নোচোৱাৰ..
সমস্ত আৱেগেৰে মোৰ সোঁহাতৰ আঙুলিৰে আলফুলে চুই চালো তেওঁৰ চকুৰ দীঘল দীঘল পলক ।
আহ,একেই স্পৰ্শ, নিষ্পাপ, নিৰ্মল ।
থুপুক কোচত তুলিও এনেকৈয়ে চুই চাওঁ ।
নিমিষতে ছাই হৈ গ’ল মোৰ সকলো দুখ, অহংকাৰ,অভিমান ।
মোৰ ভাল লাগিছে এইখিনি সময়, মই জী উঠিছোঁ এইখিনি সময়ত ।

কি এইয়া ?

ডিপ্ৰেছনত হোৱা মুড চুইং ?

প্ৰেম ?

ভ্ৰম !


কি আছে এই ক্ষণত ????
কিয় শূন্য বুকুত ভৰা ভৰা অনুভৱৰ জোৱাৰ ?
সমগ্ৰ পৃথিৱী যেন নাইকিয়া হৈ গৈছে মোৰ বাবে ।
আছে কেৱল অনিৰুদ্ধ, এই স্পৰ্শ আৰু মোৰ বৈৰাগী মনত উদয় হোৱা নতুন মোহ, নতুন মায়া ।

বুকু ভৰাই জী লৈছোঁ এটি মুহূৰ্ত ।
ইয়াৰ পাছত আহিবলগীয়া শূন্যতাৰ সৈতে যুঁজ দিবলৈ ।
:Thank You !
আঁতৰাই আনিলোঁ মোৰ হাতখন, অনিৰুদ্ধই লাহে লাহে দুচকু খুলিছে ।
চাই আছে মোৰ ফালে,বহু কথাই কৈ গৈছে চকুৰ ভাষাৰেই ।
বুজিব পাৰোঁ, কিন্তু দেখুৱাই দিব নোৱাৰোঁ ।
:How can someone carry so much love inside and still so rude outside!!!!
অনিৰুদ্ধই কোৱা কথাষাৰ নুশুনাৰ ভাও জুৰি উঠি আহিলোঁ ।
:কিমান আৰু পলাই ফুৰিবা অনন্যা ?
বাওঁহাতেৰে খামুচি ৰাখিলে মোৰ বাওঁহাতৰ মুঠিটো ।
এটি উশাহৰ হিচাপ খেলিমেলি হ’ল ।
তেওঁ উঠি আহি মোৰ সন্মুখত থিয় হৈ ৰ’ল ।
নিজেই মোৰ হাতখন তেওঁৰ চকুৰ ওচৰলৈ নি আকৌ এবাৰ বুলাই দিলে চকুৰ পলকত । মই চাই থাকিলোঁ ,একো কৰিব পৰা হৈ থকা নাই এতিয়া । কিন্তু দুচকুৰে দুটোপাল লুণীয়া পানী বৈ আহিল । তেওঁৰ হাতত থকা মোৰ হাতখন নি বুকুৰ ওপৰত থৈ শুনাই দিলে তেওঁৰ উশাহৰ শব্দ।কঁপি উঠিলোঁ । এইবোৰ কি হৈছে মই যেন সহিব পৰা নাই।কাষ চাপি আহিছে অনিৰুদ্ধ,বহুত বেছি কাষলৈ ।

সামান্য সৰু হৈ যোৱা চকু কেইটা অলপ যেন চঞ্চল ।
দুহাতেৰে মোৰ মুখ খন তুলি ধৰিলে তেওঁ
:প্লিজ গুচি যোৱা ইয়াৰপৰা । ময়ো মানুহ অনন্যা ।
I don’t want to do something which will make you uncomfortable. Please go.

ভীষণ লাজ পালোঁ।মোৰেই ভুল নহয় জানো । কিয় আহিছিলোঁ তেওঁৰ ওচৰলৈ, তাকো স্পষ্ট কৈ জনাৰ পাছত যে তেওঁ মোৰ কাৰণে কি অনুভৱ কৰে, নিজকে বুৰ্বকৰ দৰে লাগিল।অনিৰুদ্ধই বাট এৰি কাষত থিয় হ’ল,আৰু এবাৰো তেওঁৰ ফালে নোচোৱাকৈ গুচি আহিলোঁ মই ।
বিবাহৰ থলীত তেতিয়া ভিৰ নাই । আধা মানুহ ইতিমধ্যেই গুচি গৈছে । দৰা কইনা আৰু পৰিয়ালৰ সকলো খোৱাত ব্যস্ত । হিবা আৰু আয়ু দুইটা নিজৰ মাজতে কথা পাতি পাতি খাই আছে । প্লেট এখনত অলপ কিবা অলপ লৈ সিহঁতৰ ওচৰ পালেগৈ ।


:ক’ত আছিলি, মাথা বিষ হৈছে নেকি আকৌ ?
আয়ুৰ মুখকত সামান্য চিন্তাৰ ৰেশ ।
:অলপ বিষাইছে । সেইকাৰণে ৰূমতে শুই আছিলো ।
:মোক ফোন কৰি নিদিলি কেলেই, খানা লৈ আনিলোঁ হেঁতেন না তালৈকে । খাই লৈ শুই থাকিবি গৈ, গৰম পানীৰে ভৰি ধুই শুবি ।

কছাৰী পোৱালীটো মোৰ । বৰ চিন্তা তাৰ ,মোৰ কিবা এটা হয় বুলি । খাই থাকোঁতেই ফোনটো বাজিল ।অনিৰুদ্ধৰ মেছেজ ।
:ভুল নুবুজিবা । I so wanted to hold you in my arms Ananya, you need it too,I know. Please don’t misunderstand me.

ফোনটো হাতৰ পৰা সৰি পৰিল।চৰ্চৰণী খাই উঠিলোঁ । তাৰমানে সেইকাৰণে মোক পঠিয়াই দিলে তাৰপৰা ।
খং এটাও উঠি আহিল, নিজৰ ওপৰতে । প্লেটখন থৈ কৃতিকাক মাত লগাই খৰধৰ কৈ ওলাই আহিলোঁ ।ৰূমলৈ গৈ বিছনাত পৰি দিব পাৰিলেই যেন শান্তি । কাইলৈ তাতে ঘূৰি যাবলৈ আছে । সুৰেশৰ মতে ন বজাত ব্ৰেকফাষ্ট কৰি ইয়াৰপৰা ওলাব লাগিব ।
পাৰ্টি কেতিয়া শেষ হয় ঠিক নাই।আকৌ এবাৰ অনিৰুদ্ধৰ মুখামুখি হ’ব নোৱাৰিম ।

:Careful!
য’তে বাঘৰ ভয় ত’তে ৰাতি হয় ।
পিছলৈ চাই চাই কথা পাতি গৈ থাকোঁতে ধামকৈ খুন্দা মৰা মানুহজন আন কোনো নহয়, অনিৰুদ্ধ ।
উফ ।
চকুলৈ নাচালো ,কি কৈছে তাকো শুনা নাই, আগলৈ চাই প্ৰায় দৌৰি যোৱাদি গৈ ৰুমত সোমালো ।দৰ্জাখনতে আঁউজি বহুত দেৰি ৰৈ থাকিলোঁ ।
মোৰ লগত চোন আগতে এনেকুৱা হোৱা নাই কেতিয়াও ।


এইয়াই নেকি ভালপোৱা ???
ওহোঁ ।
জীৱনত প্ৰথমবাৰ মোৰ বাবে চিন্তা কৰা মানুহ লগ পাই মই জোখতকৈ বেছি ভাবিছোঁ, কোনোবাখিনিত স্বাৰ্থপৰ হৈ পৰিছোঁ ।
মোৰ মাজত প্ৰেম হৈ যোৱাকৈ ভাললগা একো নাই,সেইয়া মই ভালকৈয়ে জানো ।

কাপোৰ কানি সলাই বিচনাত পৰিলোঁ । ভাগৰ আছিলেই, এতিয়া টোপনিও ধৰিছে ।


ছয় বজাতে সাৰ পালোঁ । দেখোঁ কাষতে হিবা শুই আছে । টানিয়া নাই।ভীষণ ঠাণ্ডা আৰু কুঁৱলী ।
মুখ হাত ধুই নাইট ড্ৰেচটোৰ ওপৰতে জেকেটটো পিন্ধি ৰূমৰ পৰা ওলাই আহিলোঁ,ঠাইখন ভালকৈ চোৱাৰ লগতে অলপ খোজ কাঢ়িলোঁ । চাফা কৰা মানুহ এজন দুজনৰ বাহিৰে আৰু কোনো নাই । অলপ দূৰৰ পৰা দেখিলো অনিৰুদ্ধ আৰু সুৰেশ জগিং কৰি আছে, মোক দেখি সুৰেশে হাত খন ডাঙি দেখুৱালে । অনিৰুদ্ধৰ মুখত একো অভিব্যক্তি নাই । কালি ৰাতিৰ আৱেগিক মুহূৰ্ত বোৰৰ বাবে ময়ো অলপ লাজ পাইছোঁ ।
তেওঁলোক আহি মোৰ ওচৰ পোৱাৰ আগতেই তাৰ পৰা আতঁৰিলোঁ । অনিৰুদ্ধই কিবা কবলৈ বিচাৰিছিল, নুশুনিলো ।
বাৰাণ্ডাতে ব্ৰাছ কৰি কৰি হিবা ৰৈ আছিল ।
মোক দেখি টান মাৰি ভিতৰলৈ লৈ গ’ল ।
আৰু তাৰ পাছত তাই যিখিনি কথা ক’লে,শুনি মোৰ তেজ উতলি আহিল ।
কালি ৰাতি পাৰ্টিৰ শেষৰফালে মদৰ নিচাত টানিয়াই দৰা ঘৰৰ কাৰোবাক বেয়া ব্যৱহাৰ কৰিলে । তাকে লৈ বহুত হুলস্থুল । আৰু বুজাবলৈ গৈছিল অনিৰুদ্ধ আৰু সুৰেশ।তেওঁলোকে এনেই বহুত কথা শুনিব লগীয়া হ’ল ।
আৰু….
হিবাই কোৱামতে টানিয়াক ৰূমলৈ লৈ আনিছিল অনিৰুদ্ধই, বাৰে বাৰে পৰি গৈছিল তাই,সাৱটি ধৰিছিল অনিৰুদ্ধক …
:Enough!I don’t want to hear anything.

আৰু শুনাৰ ধৈৰ্য্য নাই মোৰ । আজিলৈকে কাৰো প্ৰতি মোৰ মনত ঈৰ্ষা নাছিল । কিন্তু অনিৰুদ্ধৰ লগত টানিয়াৰ সম্পৰ্ক মোৰ আজিকালি কিবা এটা সহ্য নোহোৱা হৈ আহিছে।খঙতে ব্ৰেকফাষ্ট কৰিবলৈও ওলাই নাহিলো । ৰূমতেই অৰ্ডাৰ কৰিলোঁ ।

কৃতিকা আৰু পৰিয়ালৰ সকলোকে মাত লগাই ওলাই আহিলোঁ । মাকে আমাক উপহাৰ স্বৰূপে কিবা এটা দিলে । মোকো দিছে এখন ধুনীয়া পাতল গুলপীয়া ৰঙৰ শাৰী।তেওঁলোক আবেলিলৈ যাবগৈ । কৃতিকাক সাৱটি লওঁতে মোক কাণে কাণে ক’লে
:I am so happy to see you smiling Ananya !

এই মানুহবোৰ ইমান ভাল !
মোৰ হাঁহিটোৰো খবৰ ৰাখে ।
কইনা কইনা লগা ছোৱালীজনীক এৰি আহোঁতে মনটো বেয়া লাগিল । মই তাইৰ লগত কথা পাতি থাকোঁতেই অনিৰুদ্ধ আহিল ।
:I need to talk.
:I don’t think so Anirudh.

কি থাকিল আৰু কথা পাতিবলৈ, তেওঁক মই বুজিয়েই পোৱা নাই এতিয়াও । আহি চিধাই গাড়ীত বহিলোহি । এইবাৰ আগতীয়াকৈ এটিয়া ছিট এটাত বহি আছোঁ।এজন এজনকৈ সকলো আহিল । আৰু মই ভবাৰ দৰেই অনিৰুদ্ধ আহি প্ৰথমেই মোৰ ওচৰ পালেহি,মই কাণত হেডফোন লগাই বাহিৰলৈ চালোঁ ।
:I have an announcememt to make.
সুৰেশৰ কথাৰ প্ৰতি সকলোৱে মনোযোগ দিলে । অনিৰুদ্ধ তেতিয়াও মোৰ কাষতেই থিয় হৈ আছে ।
:Its definitely not a good news but Anirudh is going to leave this team in just two weeks. So this may be our last trip together.

আচৰিত নহয়, চক খালোঁ । ময়েই নহয় আমি সকলোৱেই ।
একেবাৰেই অনাকাংক্ষীত আছিল ।
অলপ হাউলি তেওঁ মোৰ কাণৰ কাষত কৈ উঠিল
:Last trip, please be with me !!!

মন কৰিলোঁ সুৰেশৰ বাহিৰে এই কথাটো কোনেও জনা নাছিল ।
কিন্তু অনিৰুদ্ধ কলৈ যাব ?
কিয় যাব ?
:Our young man is in love, but we cant reveal the name now. But as per company policy he cant be in this team after this .But Anirudh, I am really happy for you.

আমাৰ কোম্পানীৰ পলিছি অনুযায়ী এজন মেনেজাৰ বা টিম লিড কেতিয়াও তেওঁৰ তলত কাম কৰা কৰ্মচাৰীৰ লগত সম্পৰ্কত থাকিব নোৱাৰিব । কাৰণ তেতিয়া যোগ্যতা অনুযায়ী পাবলগীয়া সুবিধা বা এৱাৰ্ড বিলাকত অন্যায় হোৱাৰ ভয় থাকে । আৰু সেইবাবেই হয়তো অনিৰুদ্ধই এৰি যাব খুজিছে অতদিনে কাম কৰি থকা তেওঁৰ টিমটোক ।
মোৰ বাবে ?
নে টানিয়াৰ লগত কালি যি হ’ল সেইবাবে ?

সকলো নিজৰ ঠাইত বহিল, অনিৰুদ্ধ তেতিয়াও মোৰ কাষতে থিয় হৈয়ে আছে।উপায় নাপায় উঠি আহিলোঁ । শেষৰ আগৰ ছিটটো আমাৰ বাবেই যেন খালী আছিল । খিৰিকীৰ কাষৰ ছিটত মই বহিলো ।তেওঁ কথা আৰম্ভ কৰাৰ আগতেই বাহিৰলৈ চালো ।
কিছুসময় মনে মনে পাৰ হ’ল ।
:Take this.
Airpod টোৰ এটা Earpod মোৰ ফালে আগবঢ়াই দিলে ।
বুজি নাপায় তেওঁৰ ফালে চালো ।
:শুনা ।
কাণত লগাই ল’লো ।
বাজি আছে

“Jheeni jheeni in saason se
Pehchani si awazon mein
Goonje hai aaj aasman
Kaise hum bezubaan”

(আগলৈ)


-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

Tags

Post a Comment

0 Comments
close