Ads Area

Aabir Love Story Part 7

বিছনা খন আঁতৰাই টুল এখন আনি ফেন খনৰ একেবাৰে তলতে থ’লো ।
আত্মহত্যা মহাপাপ ।
পঢ়িছিলোঁ কেতিয়াবাই ।
কিন্তু নিজক ঘিণ কৰি কৰি জীয়াই থকাতো জানো পাপ নহয় ?

Aabir Love Story Part 7


সকলোৰে অশান্তিৰ কাৰণ নিজেই বুলি জনাৰ পাছত জীয়াই থকাটো জানো উচিত । !
গাঁঠিটো মাৰিব নাজানোঁ,কেইবাবাৰো চেষ্টা কৰি কৰিও পৰা নাই ।
ডায়েৰী খুলিও একো লিখি থৈ যোৱা নাই মই, লিখিবলৈ একো নায়েই ।
তেতিয়ালৈ মই যোগেশ দাদাই অনা ভাঙৰ নিচাত ডুবিয়েই আছোঁ, ৰাতি দুই বাজিছে।বগা বাংলোত নিস্তব্ধতাই বিৰাজ কৰিছে ।



প্ৰায় সাত আঠ মাহৰ আগতে হৈ যোৱা ঘটনাটো এতিয়াও মোৰ মনত সজীৱ ।
বিকাশৰ হাঁহি, লগৰকেইটাৰ লোলোপ দৃষ্টি, মোৰ গালত পৰা চৰটো ।
সৱ মনত আছে ।
মা দেউতাৰ মনত নাই চাগে, মোৰ আছে ।
দেউতাই ইতিমধ্যে বা ঢুকাল বুলি মানি লৈ শ্ৰাদ্ধও পাতিলে, ককাৰ হাজাৰ বাধা, কান্দোনেও ৰখাব নোৱাৰিলে ।
মা নিমাত, মোৰ লাহে লাহে এনেকুৱা লাগিবলৈ ধৰিছে, মা মনে মনে থাকি আন এখন যুদ্ধ যুঁজি আছে ।সেইখন যুঁজ তেওঁৰ একান্তই নিজৰ ।

:ৰাজু ধনী হোৱা হ’লে বাপেৰৰ প্ৰব্লেম নাথাকিলে হেঁতেন ।

মাৰ ক’বলগীয়া সিমানেই আছিল ।

হায়াৰ চেকেণ্ডেৰীৰ পাছত পঢ়াও ৰৈ গৈছিল মোৰ । একবছৰ সম্পূৰ্ণৰূপে বন্ধ কোঠাত পাৰ কৰা মই মানসিক ভাৱে চাগে অসুস্থ হৈ পৰিছিলোঁ তেতিয়া।মোৰ একোৱেই ভাল নালাগিছিল । মই সপোন দেখা বাদ দিছিলোঁ।ৰাতি ৰাতি সাৰে ৰৈছিলোঁ । কিবা কিবি অদ্ভুত ছবি আঁকিবলৈ আৰম্ভ কৰিছিলোঁ।
আৰু শেষত সিদ্ধান্ত লৈছিলোঁ, যাওঁগৈ, সিপাৰে কিজানিবা আইতাক লগ পাওঁৱেই ।
গাঁঠিটো সঠিককৈ দিব পাৰিলোঁ ।
কিন্তু এনেতে দৰ্জাত ধাম ধামকৈ শব্দ হ’ল,টুল খন প্ৰকাণ্ড বিচনাখনৰ তললৈ ঠেলি গাঁঠি দিবলৈ লোৱা মাৰ পুৰণা শাড়ীখন তুলিৰ তলত ভৰাই দিলোঁ । ৰাতি দুই বজাত কোন হ’ব পাৰে ??
দৰ্জাখন সামান্য ফাঁক কৰি চাওঁ, বুকুত হাত দি ককা ৰৈ আছে ।
মুখত বিন্দু বিন্দু ঘাম ।


:কি হৈছে তোমাৰ ককা ?
:ধৰ চোন মোক, বুকুখন বিষাইছে ।
ককাক ধৰি আনি বিচনাত শুৱাই দিলোঁ, ঘন ঘনকৈ উশাহ লৈছে, মাজে মাজে একেবাৰেই সাৰ সুৰ নোহোৱা হৈও যায় ।
ওলাই গৈ মা দেউতাৰ দৰ্জাত জোৰ জোৰকৈ টোকৰ মাৰিলোঁ ।
:কি হে পাইছে এই ৰাতিখন ?
হাউচ কোটটোৰ গাঁঠি মাৰি মাৰি মা উঠি আহি দুৱাৰ খুলিলে।মুখত বিৰক্তি ।
:ককাৰ কিবা হৈছে ।
ঘৰত হুলস্থুল লাগিল।দেউতা উঠি আহিল,ৰাতিয়েই ককাক হস্পিতাল লৈ যোৱা হ’ল । হাৰ্টত ব্লক।এটা দুটা নহয় তিনিটা ডাঙৰ ডাঙৰ ব্লক ।
অক্সিজেন দি থোৱা ককাই কাহোঁতে তেজৰ চেঁকুৰা ওলাইছিল । চেঁচা পৰি যায় হঠাৎ। কিন্তু যেতিয়াই মাত মাতে, কেৱল মোক বিচাৰে । ডাক্তৰৰ পৰামৰ্শ মতে ককাৰ angioplasty কৰাৰ সিদ্ধান্ত হ’ল । মা দেউতাৰ গালি শুনিও মই কিন্তু ককাৰ লগে লগেই থাকিলোঁ । ৰাতি ৰাতি ICU ৰ বাহিৰত বহি থকিলোঁ ।আচলতে ককা নোহোৱা হৈ যাব বুলি ভয় খাইছিলোঁ । আৰু তাতোকৈ ভয় খাইছিলোঁ মই যদি মৰি থাকিলোঁ হেতেন, তেন্তে এই মানুহজন যে হাৰ্ট এটেক হৈ মৰি গলহেঁতেন সেইয়া নিশ্চিত আছিল ।

নিজকে ধিক্কাৰ দিলোঁ ।
স্বাৰ্থপৰ মই ।
ভয়াতুৰ মই ।
ককাৰ ওচৰত নিজকে অপৰাধী যেন লাগিল ।

যোগেশ দাৰ লগত মই বহি থাকোঁ, মা দেতাৰ হাজাৰ বাধাও মই নামানো, হস্পিতালতে চিঞঁৰি চিঞঁৰি কাজিয়া কৰোঁ । কিন্তু তথাপি ককাক এৰি নাযাওঁ।কিজানিবা মই ঘূৰি আহি লগ নাপাওঁ ।
আইতাৰ দৰে যদি ককাও নাইকিয়া হৈ যায় ।

গ্লাছৰ খিড়িকী খনেদি বাহিৰৰ পৰাই চাই থাকোঁ।ককাই উশাহ লৈছেনে ?
যোগেশ দাৰো মোৰ কাৰণে বেয়া লাগে,ওচৰতে বহি কিবাকিবি বুজাই থাকে।মই কিন্তু একো নুশুনো ।মোক সেই সময়ত কেৱল ককাক ঘূৰাই লাগে । আজীৱন এই মানুহজনৰ যত্ন লম মই ।
মাত্ৰ এটা সুযোগ দিয়া ভগৱান !


কাহানিও প্ৰাৰ্থনা নকৰা মই বাৰে বাৰে হাত যোৰ কৰি ওপৰলৈ চাওঁ ।
অপাৰেচনৰ আগ মুহূৰ্ততো ককাৰ ওচৰত মই থাকোঁ ।
:মা অ’, মোৰ একো নহয় দে, আইতাই কৈ থৈ গৈছে মোক, তোৰ সৈতে থাকিবলৈ  ।
সেহাই সেহাই কথাবোৰ কয় ককাই ।
কান্দিছিলোঁ সেইদিনা,বছৰ বছৰ ধৰি সাঁচি ৰখা চকুপানীবোৰ বোৱাই দিছিলোঁ । ককাক ধৰি লৈ মই খুব কান্দিছিলোঁ ।
ডাক্তৰে গালি পাৰিছিল, মই কিন্তু শুনা নাছিলোঁ ।

প্ৰায় এক সপ্তাহ দিন হস্পিতালত কটাই ককা ঘূৰি আহিছিল, আগতকৈ অলপ দুৰ্বল হৈ । আৰু মই নিজৰ খোলাটোৰ পৰা ওলাই দিনে ৰাতিয়ে ককাৰ পাছে পাছে লাগি ফুৰিছিলোঁ ।
ককাৰ লগতে শুইছিলোঁ, খাইছিলোঁ ।
গীতা পঢ়িছিলোঁ, বাঁহী বজাইছিলোঁ ।
আকৌ এবাৰ জী থাকিবলৈ চেষ্টা কৰিছিলোঁ ।

:Aah
হঠাৎ জোৰেৰে ব্ৰেক মৰা গাড়ীখনে মোৰ চিন্তাৰ ধাৰাত ব্যাঘাত জন্মালে।কাষত বহি থকা অনিৰুদ্ধই দুচকু জপাই গান শুনি আহিছিল, ব্ৰেক মাৰোঁতে সন্মুখৰ ছিটটোত ধামকৈ কপাল খন দি খুন্দা মাৰিলে ।
:Are you alright ?
কপালত হাতখন দি সৰু ল’ৰাৰ নিচিনাকৈ মূৰটো জোকাৰি দেখুৱালে ।
মূৰটো মোৰ ফালে আগবঢ়াই দিলে, ফু কৰি দিয়া, তেনে এটি আব্দাৰত ।
অসহজ লাগিল, কিন্তু কৰিলোঁ ।

তেওঁ চকুকেইটা জপাই থৈছে । লাহেকৈ ফু মাৰি দিওঁতে কঁপালৰ চুলিকেইডাল খেলিমেলি হৈ গ’ল ।
:কি ভাবি আহিছা ইমানকৈ ?
তেওঁৰ প্ৰশ্নৰ উত্তৰ নাই ।


:Nothing.
এইসময়ত আমি কৃষ্ণ গিৰি পাইছোহি।ৰাস্তাটোৰ কাষতে এটা সুন্দৰ হ্ৰদ । চৌপাশ খুব ধুনীয়া ।


:Just look at that.
পৰিৱেশটো দেখি তেওঁ যেন excited হৈ গ’ল । মোৰ বেছিয়েই ওচৰ চাপি আহিল । মই যিমান পাৰোঁ নিজকে আঁতৰাই আনিলোঁ নিজক।অলপ লাজ পালে চাগে তেওঁ..
:Oh Sorry.
:You should be !
কঠোৰ হোৱাৰ ইচ্ছা নাছিল, কিন্তু মই তেনেকুৱাই । মুখৰ পৰা কোমল কথা আজিকালি নোলায়েই ।
:অনন্যা,মই কলৈ যাম নুসুধা ?

:Nope.
:This nope is surely killing me slowly.
একো উত্তৰ নিদিলোঁ, দিয়াৰ ইচ্ছা নহ’ল ।
অনিৰুদ্ধই কিবাকিবি কৈছিল, মই বাহিৰলৈ চালোঁ ।
কিছু সময় আকৌ নীৰৱতা ।

আৰু মোৰ কাণৰ পৰা earpod টো নিজেই আঁতৰাই তেওঁ কৈ উঠিল…
:মই একেটা ভুল দুবাৰ নকৰোঁ অনন্যা । তুমি খুলি কৈ দিয়া প্লিজ, মই তোমাক যদি আমনি দিছোঁ, মই নিজক আঁতৰাই নিম। I respect you a lot .You can tell me,should I go away ?
একেবাৰে সৰুকৈ কোৱা কথাকেইটাই কিন্তু মোৰ বুকুত বৰ ডাঙৰকৈ খুন্দা মাৰিলে ।


:I don’t know Anirudh, I just don’t know.

কিয় মই আনৰ দৰে নহয় ?
কিহে মোক আনৰ দৰে হ’বলৈ নিদিয়ে !
এইবোৰ কথাই মোক আমনি দিব নোৱাৰা হৈছে আজিকালি, কিন্তু অনিৰুদ্ধক দিছে ।
তেওঁ বিচাৰে মই তেওঁৰ সৈতে সহজ হৈ কথা পাতো, তেওঁক কিবা এটা সুধো,তেওঁৰ কথাত হাঁহিবলৈ শিকো, কিন্তু তেনেকুৱা একো হৈ নুঠে ।
অনিৰুদ্ধ নিৰাশ হয় বাৰে বাৰে, আজিও হৈছে ।
মই কেনেকৈ কওঁ অনিৰুদ্ধ, ক’ৰ পৰা আৰম্ভ কৰোঁ, ক’ত গৈ শেষ কৰোঁ ।
খুলি নকলেওতো বুজিব পাৰে মানুহে, কিছুমান কথা নোকোৱাকৈ, নজনাকৈ থকাই ভাল ।
হাতত ক’ৰবাৰপৰা আহি পানী অকণ পৰা যেন লগাত কাণৰ হেডফোন আঁতৰাই চালোঁ, অনিৰুদ্ধই উশাহ ল’ব পৰা নাই, চলি থকা গাড়ীত পানী খাওঁতে খুব বেয়াকৈ চর্চৰণি খাইছে।কাঁহি কাঁহি ৰঙা পৰি গৈছে গোটেই মানুহজন  ।



বুকুখনত ধৰি ধৰি জোৰে জোৰে কাঁহিছে ।
মনত পৰিল ককাৰ সেই অসহায় মুহূৰ্তবোৰলৈ ।
একো নাভাবি তেওঁৰ হাতৰপৰা বটলটো লৈ ছিটত থ’লো । নিজৰ ছিটৰপৰা উঠি তেওঁৰ ওচৰতে থিয় হৈ আছোঁ,মুখৰ পৰা পানীখিনি মচি দিলোঁ ।
চাই আছে মোৰ ফালে,আচৰিত নে অভিভূত, নাজানোঁ । 
কিবা ক’ব খুজিছিল,এনেতে আয়ু উঠি আহি তেওঁৰ পিঠিখন মোহাৰি দিলে । সকলোৱে কি হৈছে বুলি ঘূৰি চালে ।
তেতিয়াহে যেন মই কি কৰি আছোঁ বুজি পালোঁ ।

নিজৰ ঠাইত আহি বহিলো ।
অলপ পাছত তেওঁ ঠিক হ’ল ।


:এইটো বটল পেলাই দিব ।
বহল মুখৰ বটলটোৰে পানী খাওঁতে আগতেও চৰ্চৰণি খাইছে অফিচত । ইমানকনো নাজানে । ল’ৰাবোৰ কিছুমান কথাত ইমান অঁকৰা কিয় থাকে বুজি নাপাওঁ । আয়ুকো দেখিছোঁ, অনিৰুদ্ধও একেই ।
:ঠিক আছে, পেলাই দিম ।
:এতিয়া ভাল লাগিছে নে ?
কিয় সুধিলোঁ নাজানোঁ, কিন্তু মুহুৰ্তৰ বাবে ময়ো ভয় খাইছিলোঁ, তেওঁৰ উশাহ বন্ধ হৈ যাব যেন দেখি মোৰো উশাহ বন্ধ হৈ যোৱাৰ দৰে হৈছিল ।
কিয় হৈছিল, সেইয়াও বুজোঁ, কিন্তু মগজুৰ পৰা সেই উত্তৰ হৃদয়লৈ যাবলৈ দিয়াত মই অপাৰগ ।
এই মানুহজনৰ প্ৰতি মোৰ আকুলতা আছে, মৰম আছে,আদৰ আছে ।
তেওঁক দেখিলে মোৰ ভাল লাগে, আনে নকৰা কামবোৰ কৰা মানুহজন মোৰ কিবা এটা চিনাকি যেন লাগে । আৰু তেওঁ যেতিয়া মোলৈ চাই,মোৰ বুকুৰ কোনোবাখিনিত নতুন সপোন এটাই গঁজালি মেলে।

:মই ইমান জলদি নমৰো দিয়া ।
:মৰাৰ কথা কোনেনো কৈছে ।
:তেন্তে ইমান ভয় কিয় খাইছিল ? কিয় তোমাৰ চকুকেইটাত এতিয়াও পানী বিৰিঙি থকা দেখিছোঁ ?

মোৰ মাজে মাজে মগজটো নাইকিয়া হৈ যায়, আৰু তেতিয়াই মই এনেকুৱা কাম কিছুমান কৰোঁ । হয়, কৰিলোঁ মই এইটো মূৰ্খামি।কি দৰকাৰ আছিল তেওঁৰ ওচৰত নিজক উদঙাই দিয়াৰ  ।

:আয়ু, ইয়ালৈ আহ ।
জোখতকৈ বেছি চিঞঁৰি আয়ুক মাতিলোঁ ।


:Sorry.I was just pulling your leg.আৰু বটলটো বাৰু মই পেলাই দিম ।
যি কয় কৈ থাকক, মৰিলেও ঘূৰি নাচাওঁ । এই চকুযুৰিয়ে যাদু জানে ।
অনন্যাক গলাব পৰা যাদু, নতুন সপোন দেখুৱাব পৰা যাদু ।
গ্লাছখন আৰু অলপ খুলি মুকলি বতাহত নিজকে এৰি দিলোঁ । এজাক চেঁচা বতাহে মোক কোবাই গৈছে, মেলি ৰখা আউল বাউল চুলি খিনি হাতেৰে সামৰিব নোৱাৰি বেগৰ চেইন খুলি ক্লাট্চ বিচাৰিবলৈ ধৰিলোঁ ।
:Take this.

পকেটৰ পৰা কিবা এটা উলিয়াই তেওঁ মোৰ ফালে আগবঢ়াই দিলে।মই তেওঁৰ গাড়ীত এৰি অহা ক্লিপডাল ।
এতিয়াও আছে ?
লগতে ৰাখিছে ?
:I was waiting for a moment like this to return it, take it.
হাতৰ পৰা ক্লিপডাল লওঁতে অলপ হলেও কঁপি উঠিলোঁ,এই নতুন নতুন কথাবোৰ, সৰু সৰু পলবোৰ,মোৰ কলিজাৰ ইফালে সিফালে আজিকালি ঘনাই ভুমুকি মাৰিবলৈ ধৰিছে ।

যিটো বয়সত এইবিলাক ভাল লাগিব লাগিছিল, ভাল পাব লাগিছিল, সেইখিনি সময়ত মই নিজৰ লগতে যুঁজি থাকিলোঁ ।পলাই ফুৰিলোঁ সকলোৰে পৰা । ককাৰ অসুখৰ পিছত মই আৰু বেছি নিঃসংতাত ভুগিবলৈ ধৰিছিলোঁ।ৰাতি ৰাতি উঠি উঠি ককাই উশাহ লৈ আছে নাই চাই থাকোঁ, ককাই অকণমান কাহিলেও চিঞৰ বাখৰ লগাওঁ।এইবোৰ দেখি দেখি ককা যেন আৰু বেছি চিন্তিত হৈছিল । আৰু তাৰ মাজতে এদিন মায়ে মোক আকৌ এবাৰ আচৰিত কৰি নিজৰ সিদ্ধান্ত শুনালে ।
:পঢ়া শুনা এনেকৈ বাদ দি কি কৰিম বুলি ভাবিছ ?
ভাতৰ টেবুলত সেইদিনাও মই ককাই খোৱাৰ নিচিনাকৈ খিছিৰি খাইছিলোঁ । মা দেউতাই তৰা আৰু নতুনকৈ অহা বাহাদুৰে বনোৱা নতুন ৰেচিপিৰ সোৱাদ লৈছিল ।
:মইতো এৰো বুলি এৰা নাই, এৰুৱাই দিলে মই কি কৰিম ।
:ক’লকাতা যাব লাগিব তই । এবছৰে এণ্ট্ৰেন্সৰ কাৰণে অকণমান যদি পঢ়িলিহেঁতেন,মোৰ ইমান মূৰৰ কামোৰণি ন’হলহেঁতেন ।
:একো নাই, মই মেনেজ কৰি দিম ।



অপৰাধীৰ দৰে মোৰ পৰা সদায় পলাই ফুৰা দেউতাৰ চমু উত্তৰ ।
:মই ক’ত পঢ়োঁ সেইটো মই দিছাইড কৰিম ।
:নোৱাৰ।সৱ তোৰ ইচ্ছামতে নচলে মাজু । তোৰ বাহিৰেও আৰু মানুহ আছে এইখন ঘৰত । এজনীতো জীয়াই আছেনে মৰিলে তাকো খবৰ নাই, এতিয়া চকুৰ আগত তই এনেকৈ থাকি কি শাস্তি দিব খুজিছ মোক ? কি কি সহিম মই ?
মোক কোৱা কথাকেইটাৰ শেষৰ শাৰীটো মায়ে ককাৰ ফালে চাই কৈছিল।আৰু আচৰিত ধৰণেৰে সেইদিনা মৌন হৈ ৰৈছিল ককা ।

:মাৰৰ লগত তৰ্ক কৰি নেথাকিবি, পঢ়িবলৈ হে কৈছে, তোৰ ভালৰ কাৰণেই কোৱা নাই জানো আই ।
:মই তোমাক এৰি ক’তো নাযাওঁ ককা ।
:একেবাৰে যাব নালাগে নহয় মা,আহি থাকিবি আকৌ, প্লেনত আহিলেচোন দুঘণ্টা মানতে পাবিহি । ময়ো যাম নহয়।আৰু আমাৰ প্ৰদীপ আছেই তাত ।
:কোন প্ৰদীপ ?
:পাহৰিলি হ’ব পায়,কেলেই দেউতাৰৰ বন্ধু।আগেয়ে ইয়াতে আছিলে । এতিয়া তাতে কিবা ডাঙৰ ব্যৱসায় কৰে ।


:মই গুচি গলে তুমি একেবাৰে অকলে অকলে হৈ যাবা ।
:অকলে অকলে নহয়, অকলশৰীয়া । কেলেই হ’ম,নহওঁ, মোৰ লগত আইতা আছে,মাধৱ আছে । যি মানুহৰ অন্তৰত ঈশ্বৰ থাকে, সেই মানুহ কেতিয়াও অকলশৰীয়া নহয় । মাধৱে অৰ্জুনক কুৰুক্ষেত্ৰৰ যুদ্ধতো লগ দিছিল,আমাক জীৱনৰ যুঁজত নিদিবনে ??

তাৰ পাছত অনেক দিন অনেক ৰাতি মই ভাবিছিলোঁ, নিজৰ লগত তৰ্ক কৰিছিলোঁ । আৰু শেষত সিদ্ধান্ত লৈছিলোঁ । মই যাম । ককাৰ কাৰণেই মই যাম ।
এদিন নিজৰ ভৰিত থিয় হৈ ককাক লৈ যাম ইয়াৰপৰা ।
এখন ঘৰ বনাম, য’ত কেৱল ককা আৰু মই থাকিম ।
মা দেউতা, তেওঁলোকৰ অহংকাৰ,কাজিয়া, ফোঁপোলা অভিজাত্য, এইবোৰ একো নোহোৱা এখন সৰু ঘৰ ।


স্মৃতিবোৰ চকুপানীৰ টোপাল এটা হৈ সৰি পৰিল ।
:We will reach your PG in just half an hour.ইমানদেৰি না তুমি কিবা এটা ক’লা না মোক কিবা কোৱাৰ সুযোগ দিলা । কিয় অনন্যা ?
:কি ক’ম ?
:তোমাৰ যি মন যায় ।
:অনিৰুদ্ধ ।
:হমম ।
:You should not leave this team.
:You gonna miss me ?
:Nope.
:Aah

(আগলৈ)


-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma



Tags

Post a Comment

0 Comments
close