Ads Area

Aabir Love Story Part 8

ৰূমৰ ওচৰ পালোহি । অনিৰুদ্ধ গান শুনাত ব্যস্ত । চকুকেইটা জপাই বেলেগ এখন পৃথিৱীত বিচৰণ কৰি আছে । আয়ু আৰু হিবা উঠি গ’লেই।মইহে ওলায়েই যাব পৰা নাই ।

Aabir Love Story Part 7


:Excuse me.
নাই, একো উত্তৰ নাই ।
উপায় নাপাই আঙুলিৰে তেওঁৰ বাহুত লাহেকৈ খুঁচি দিলো ।
:Oouch.
:মই নামিব লাগে।উঠি দিব নেকি ?
:নিদিওঁ ।
:What !!!!!
হাঁহি এটা মাৰি তেওঁ উঠিল।সকলোকে বিদায় জনাই নামি আহিলোঁ । তেওঁ খিড়িকীয়েদি চাই আছে ।এবাৰ ঘূৰি চালোঁ ।
ইংগিতত জনালে ফোন কৰিম।উত্তৰ নিদিলোঁ ।
আয়ু আৰু হিবাক কথা পাতিবলৈ এৰি মই আগবাঢ়িলোঁ । এইকেইটাৰ গোটেই ৰাস্তাটো কথা পাতিও এতিয়ালৈকে শেষেই নাইহোৱা ।
:ঐ জাপৰী, ৰহ ।



:কি হ’ল ।
:ঘৰলৈ যাবি নে কি ক আকৌ, টিকেট কাটিব লাগে নহয় ।
:মই ট্ৰেইনত যাম, তই ফ্লাইট ল ধনী মানুহ ।
ট্ৰেইনত যোৱাৰ আন কাৰণ নাই।পইচা কেইটামান বাচিব।আৰু এতিয়া মই অযথা পইচা খৰছৰ কথা ভাবিবও নোৱাৰোঁ । আহোঁতে ককাক লৈ এনেয়েও ফ্লাইট ল’বই লাগিব । আয়ুক আৰু একো কোৱাৰ সুযোগ নিদিয়াকৈ ৰুমলৈ আহিলোঁ । অত্যন্ত ভাগৰ লাগিছে।দীঘলকৈ উশাহ টানি বিচনাত নিজকে এৰি দিছো । অনিৰুদ্ধৰ ফৰাছী পাৰ্ফিউমৰ সুগন্ধি এতিয়াও উশাহত আছেই । হাজাৰবাৰ ভাবোঁ, হাজাৰবাৰ নিজকে ভুল প্ৰমাণিত কৰিব খোজোঁ।অনিৰুদ্ধ মিছা, অনিৰুদ্ধৰ মোৰ প্ৰতি থকা আত্মীয়তা মিছা।মই ভালপোৱাৰ যোগ্য কেনেকৈ হ’ম । মোক চোন মোৰ মা দেউতাইও ভাল নাপায় ।
বুকুৰ বাওঁফালে বিষ এটাই উক দিছে, কি হৈছে নাজানো ।
বিচনাত অলপ সময় তলমূৰ কৰি পৰি থাকিলোঁ ।
উশাহ লৈছোঁ যদিও বিষটো আছে ।
এমাহমানৰ পৰা বেছি ঘনে ঘনে অনুভৱ হৈছে, ডক্টৰৰ ওচৰলৈ যোৱা মানে এসোপা মান টেষ্ট, হাজাৰ টকাৰ খৰছ ।
মনৰ জোৰতে উঠি আহি পানী অলপ খাই মুখ হাত ধুই আবেলিৰ চাহকাপ বনাবলৈ ল’লো ।

আজিকালি আমি ৰূমতে চাহ বনাই খাওঁ । পিজিৰ গাখীৰ চাহ কাপ দুখ লগা।সেইকাৰণে induction এটা আনি লৈছোঁ ।
:অনন্যা,মেৰে লিয়ে ভি স্পেচিয়েল ছাই বনা দ’ পিলিছ  ।
হিবাই মোৰ হাতৰ চাহ খাই ভালপায় আজিকালি । আদা আৰু জালুক দিয়া চাহকাপ প্ৰথম মই কলিকতাৰ বিশেষ এখন দোকানত খাইছিলোঁ । একেই সোৱাদ, একেই ভাললগা ।
ককাৰ আশীৰ্বাদ লৈ ঘৰৰ পৰা ওলাই আহি এডমিছন লৈছিলোঁ কলিকতাৰ এখন সম্ভ্ৰান্ত শিক্ষানুষ্ঠানত ।দেউতাই মোটা অংকৰ ডনেছন দি মেনেজমেণ্ট কোটাৰ ছিট এটা মোক দিয়ালে।Electronics and Telecommunications বিভাগত অনিচ্ছাসত্বেও জইন কৰিলোঁ । Mechanical Engineering কৰাৰ হেঁপাহ ৰখা মই একেবাৰে অনীহা ৰাখিছিলো এইটো বিভাগত । কিন্তু উপায় নাপায় লৈছিলোঁ । দেউতাই কি কৰি কি মিলাই মোক এডমিছন দিয়াইছে ময়ো ভালকৈ জনা নাছিলো । গতিকে তৰ্ক কৰাৰ প্ৰশ্নই নুঠে ।
যি পাইছোঁ তাতেই সন্তুষ্ট হোৱাৰ দৰে আছিল কথাবোৰ ।


কলেজৰ হোষ্টেলত ছিট নাছিল । গতিকে সিদ্ধান্ত হৈছিল মই প্ৰথম ছেমিষ্টাৰটো প্ৰদীপ খুড়াৰ ঘৰত থাকিম।তেওঁৰ ঘৰত কেৱল তেওঁ আৰু তেওঁৰ পত্নী । পুত্ৰ সিদ্ধাৰ্থ তেতিয়া ৰাছিয়াত থাকিছিল । দেউতাই যে মোক নজৰত ৰাখিব বিচাৰিছে সেইয়া মই খুব ভালকৈয়ে বুজি পাইছিলোঁ । প্ৰদীপ খুড়া মানুহজন খুব মৰমীয়াল আছিল, লগতে তেওঁৰ পত্নী অৰুনিমা খুড়ীও ।
‘ঘৰ’যেন লগা এখন ঘৰ,মৰম আৰু হাঁহিৰে উমাল ।
প্ৰথম দেখিয়েই মোক সাৱটি কোৱা মানুহগৰাকীৰ মাজত মই মমতা বিচাৰি পাইছিলোঁ ।
ভাল লাগিছিল ।
এটা ৰাতি থাকি দেউতা ঘূৰি যাবলৈ ওলাই মোক এখন ATM কাৰ্ড দি কৈছিল
:যি লাগে উলিয়াই ল’বি ।
:নালাগে, ককাই পইচা পঠিয়াই দিম বুলি কৈছে ।
দেউতাই একো প্ৰতিবাদ কৰা নাছিল ।
:মই মাজে মাজে আহি থাকিম ।
:মোক লগ কৰিবলৈ?ককাক লৈ আহিব পাৰা যদিহে আহিবা । নোৱাৰিলে আপুনিও আহিব নালাগে ।
:হ’ব ।



:অচিনাকি মানুহক বৰকৈ বিশ্বাস নকৰিবি, আৰু কিবা লাগিলে প্রদীপক ক’বি ।
:চিনাকি মানুহকে বিশ্বাস নকৰোঁ, অচিনাকি বাদেই দিয়ক ।
কথাষাৰ দেউতাৰ বুকুভেদি পাৰ হৈ গৈছিল।সুন্দৰ চেহেৰাৰ দেউতাৰ মুখৰ কেহেৰাজ বৰণ মোৰ চকুত পৰিছিল।বিচনাৰ কাষতে থকা study টেবুল খনতে ATM কাৰ্ড খন থৈ দেউতা গুচি গৈছিল । মই তেওঁক আগবঢ়াই দিবলৈকো ওলাই অহা নাছিলোঁ । খুড়া খুড়ী আচৰিত হৈছিল, কিন্তু মোক একো সোধা নাছিল ।  আমাৰ পৰিয়ালৰ ভিতৰুৱা কথাবোৰ তেওঁলোকে জানে । গতিকে মোক প্ৰশ্ন কৰি যে লাভ নহয় সেইয়া বুজি উঠিছিল ।

আৰম্ভ হৈছিল নতুন জীৱন।কলেজ লাইফ।আৰু মই ডুবিছিলোঁ বেলেগ এখন দুনীয়াত।নতুন ফ্রেণ্ড, নতুন ঠাই আৰু কিছুমান নতুন নতুন অভিজ্ঞতা । খুড়া খুড়ীৰ সৈতে কিন্তু মই নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিছিলোঁ । কাৰণ মোৰ সকলো কথাই যে তেওঁলোকে দেউতাক কৈ দিব মই জানিছিলোঁ । খুব সাৱধান আছিলোঁ সেই ক্ষেত্ৰত । মোৰ নতুন বন্ধু বান্ধৱী কাকোৱেই মই ক’ত থাকোঁ জানিবলৈ দিয়া নাছিলোঁ ।মোক লগ কৰিবলৈকো আহিবলৈ দিয়া নাছিলোঁ । পঢ়া শুনাৰ বাহিৰে সকলো কৰিছিলোঁ । ককাক দিয়া কথা মই যেন পাহৰি পেলাইছিলোঁ।মা দেউতাৰ অত্যাধিক শাসনৰ তলত গুজৰি গুমৰি থকা মই মুক্ত হৈ উৰিছিলোঁ । পইচাৰ কাৰণে চিন্তাই নাছিল, নিৰ্লজ্জৰ দৰে দেউতাই দি থৈ যোৱা কাৰ্ডখনেৰেও পইচা উলিয়াইছিলোঁ । মুঠতে বেপৰুৱা এটা জীৱন । মা দেউতাৰ ওপৰত প্ৰতিশোধ লৈছোঁ বুলি ভাবি মই নিজকে আৰু বেছি ধ্বংসৰ পথলৈ লৈ গৈছিলোঁ ।


চাহ উতলি পৰি গ’ল।হিবা দৌৰি আহিল ।
:তুম পাগল হ’,কাঁহা ধ্যান ৰেহতা হে তুমহাৰা ?
:হিবা !
:ক্যা হোৱা ?
:Anirudh said that…
:what ?
:Nothing.

মোবাইলৰ স্ক্ৰীণত চিনাকি নম্বৰ এটা দেখি দৌৰি আহিলোঁ ।
:হেল’
:মা…ই ।
:থুপু….
বুকুৰ বাওঁফালৰ বিষটো দুগুণ বেছিহৈ খুন্দা মাৰি ধৰিলে । এই এটা মাতৰ কাৰণে মৰি মৰি জীয়াই আছোঁ মই ।
:মাজু, মই মনে মনে ফোন কৰিছোঁ আজি, তই কেতিয়া আহিবি ?
:বা প্লিজ আকৌ এবাৰ তাৰ মাতটো শুনিব দে মোক, প্লিজ বা । 
বিচ্ছিন্ন হৈ গৈছে লাইনটো । উফ আৰু নোৱাৰোঁ।এই চক্ৰবেহুৰ পৰা কেনেকৈ নিজকে উলিয়াই আনিম মই।কিয় ইমান জটিল মোৰ প্ৰতিটো দিন,প্ৰতিটো ৰাতি ।
ফোনটো দলিয়াই দিছোঁ, শেষ কৰি দিম যেন লাগিছে সকলোবোৰ ।
হাতত চাহৰ কাপ লৈ ৰৈ থকা হিবাই মোৰ অস্থিৰ অৱস্থাটো দেখি আঁতৰি গৈছে ।
:Ananya, you have a visitor.
কুক জনৰ মাতত ওলাই আহি তললৈ চালোঁ ।
ভিজিটিং ৰূমত অনিৰুদ্ধক দেখি মই যেন মোৰ হেৰুৱা উশাহটো ঘূৰাই পালোঁ । তেওঁ কিয় আহিছে সোধাৰ সময়ো মোৰ নাছিল ।
:Hey, are you okay, Annanya..?


কঁপি থকা ওঁঠ দুটা আৰু বুকুৰ বিষটোৱে মোক কথা ক’বলৈ নিদিলে । মাত্ৰ মূৰটো জোকাৰি তেওঁক বুজালো,
মই ঠিকে নাই, একেবাৰেই নাই ।
ইফালে সিফালে চাই অনিৰুদ্ধ কাষ চাপি আহিল।মূৰত হাত থৈ এটাই কথা কৈ গ’ল
:তুমি ভবাতকৈও বহুত বেছি শক্তিশালী তুমি । তুমি ঠিকে থাকিবই লাগিব অনন্যা।মই আছোঁ, থাকিম ।
মোৰ হাতত এটা সৰু পেকেট দি আঁতৰি যোৱা মানুহজনলৈ চাই মই এটাই কথা ভাবিছোঁ
“অনিৰুদ্ধ যদি সঁচা তেন্তে মই জীয়াই থাকিব পাৰিম”।

পেকেটটো খুলি বহুপৰ চাই আছোঁ ।
ভিতৰত এটা সৰু পিতলৰ wind chime. উলিয়াই অনাৰ লগে লগে মধুৰ শব্দৰে বাজি উঠিল । ফুৰিবলৈ গৈ তেওঁ সকলোৰে কাৰণে কিবা নহয় কিবা এটা আনিছিল । প্ৰথম দিনাই টানিয়া আৰু সুভাষিণীৰ হাতত দেখিছিলো তেওঁ লাডাখৰ পৰা অনা কিছুমান বস্তু । মোলৈ কিবা আনিছে বুলি মই সপোনতো ভৱা নাই । অনাকাংক্ষীত ভাৱে লাভ কৰা ক্ষুদ্ৰ উপহাৰো আশীৰ্বাদ যেন লাগে ।
গধুৰ মনটোক আওকাণ কৰি ওঁঠত পাতলীয়া হাঁহি এটা খেলি গ’ল ।

খিৰিকীৰ ওপৰৰে গজালটোত আঁৰি থ’লো । পেকেটতো পেলাবলৈ বুলি লওঁতেই ভিতৰত আৰু কিবা এটা আছে যেন লাগিল । জোকাৰি চাওঁতে সৰু অকণমানি সোণালী ৰঙৰ ঝুমকা এযোৰ সৰি পৰিল ।সৰু সৰু rose gold পাথৰ থকা কাণফুলিযোৰ হাতত লৈ চাই থাকোঁতেই হিবাই থপিয়াই নিলেহি ।
:Ayooooo, so cute.Ananya.



:Yeah, very cute.
:Anirudh likes you na ?
:পতা নেহী ।
:মুঝে বতা সকতি হ’ ।
:অভি নেহী হিবা । অভি নেহী ।
কথাবোৰ নিজেই বুজা নাই ভালকৈ । জীৱনটো নতুনকৈ আৰম্ভ কৰা ইমান সহজ নহয় । পুৰণি দিনৰ ভয়াৱহ স্মৃতি কিছুমান এতিয়াও ছাঁৰ দৰে মোৰ পিছে পিছে ঘূৰি ফুৰে । মই যিমানেই আগলৈ দৌৰো, সিমানেই পিছলৈ টানি আনে মোক  । মই আকৌ মোৰ চাৰিওফালে প্ৰাচীৰ বান্ধি লুকাই যাওঁ ।

অকলে থকাৰ অভ্যাস কৰোঁ ।
নিজৰ মাজত সম্পূৰ্ণ হ’ব পৰা মানুহ এজনী হোৱাৰ সপোন দেখোঁ ।
স্বয়ংসম্পূৰ্ণ হোৱাৰ হাবিয়াসে মোক যেন বেছিহে নিসংগ কৰি পেলাইছে।অনিৰুদ্ধ মোৰ জীৱনলৈ অহাৰ পাছত এনে লাগে,ময়ো হাতত হাত থৈ আগবাঢ়ি চাওঁ নেকি ?
ময়ো ‘মোৰ’ কিছু কথা ‘আমাৰ’ কৰি লওঁ নেকি ?
অসহায় যেন লাগিলে মোৰ বাবে ৰৈ থকা অনিৰুদ্ধক সাৱটি লওঁ নেকি ? 
তাৰপিছত… 
তাৰপিছত অনিৰুদ্ধ যদি মিছা হয় !!
তেওঁ যদি এটি ভ্ৰম হয় !!
তেওঁ যদি মোক চুই চাই পেলাই দিয়ে, নাইবা জোখতকৈ জোৰেৰে হেঁচা মাৰি ধৰি মোৰ উশাহবোৰ নাইকিয়া কৰি দিয়ে !!
ককা আৰু থুপুৰ পৰা মোক আঁতৰাই লৈ আনে !!
এনেকুৱা নোহোৱাৰ দাবী কোনোৱেইতো কৰিব নোৱাৰে !!!


:ঐ ছোৱালী, ইয়াতে ফ্ৰী খানা খাই খাই কিমানদিন থাকিবা আৰু ।
প্ৰদীপ খুড়াৰ ঘৰত থকা তেতিয়া প্ৰায় তিনিমাহ হৈ গৈছিল।প্ৰথম বছৰত হোষ্টেল নাপাওঁ বুলি নিশ্চিত আছিলোঁ । খুড়া খুড়ীয়ে নিজেই ৰখাইছিল । প্ৰাইভেট হোষ্টেল বিচাৰিলে বেয়া পাইছিল । কিন্তু হঠাৎ তেওঁলোকক চাৰপ্ৰাইজ দিবলৈ অহা পুত্ৰ সিদ্ধাৰ্থই মোক হজম কৰিব পৰা নাছিল । অহাৰ দিনাৰপৰাই আমাৰ সৰু সুৰা তৰ্ক আৰম্ভ হৈয়ে গৈছিল । খুড়া খুড়ীয়ে বুজাই বুজাই হাৰি গৈছিল । কিন্তু সিদ্ধাৰ্থৰ মনোভাৱ সলনি হোৱা নাছিল ।

কলেজৰপৰা আহিয়েই মই মোৰ ৰূমটোত সুমাই থাকোঁ । খোৱা টেবুলত নাখায় নিজৰ ৰূমতে খাবলৈ লৈছিলোঁ । এমাহৰ কাৰণে অহা সিদ্ধাৰ্থ মোৰ কাৰণে এবছৰীয়া আলহীৰ দৰে হৈ পৰিছিল । মই আকৌ ঘৰত থকাৰ দৰে ৰূমতেই সুমাই থকা হৈছিলোঁ ।
কলেজৰ নতুন বন্ধু বান্ধৱীবোৰৰ মাজত মই কেৱল নিজকে জোৰ কৰিহে ৰাখিছিলোঁ । কাৰোৰে লগত মই এবাৰলৈও নিজক মিলাই চাব পৰা নাছিলোঁ । কিছু অভিজ্ঞতাৰ বাবেই হওক বা মা দেউতাৰ অৱহেলাৰ বাবেই হওক, মই অকালপক্ক আছিলোঁ । সিহঁতৰ অদ্ভুত ধেমালি কিছুমানত মোৰ ভীষণ খং উঠিছিল ।
মনে মনে আঁতৰি আহিছিলোঁ।আৰু লাহে লাহে মই নিজৰ বাবে শামুকৰ খোলাৰ দৰে কিবা এটা নিৰ্মাণ কৰিছিলোঁ ।

তাৰ পাছত…
এদিন মনে মনে ৰূমত চিগাৰেট হুপি আত্মবিভোৰ হৈ থকা অৱস্থাত দুৱাৰত টোকৰ পৰিল।ৰাতি চাৰে এঘাৰ বজাত মোৰ ৰূমলৈ আগতে কোনো অহা নাই । লৰালৰিকৈ চিগাৰেট লুকুৱাই, গোটেই ৰূমতে deodrant মাৰি দৰ্জা খুলিলোঁ ।
সন্মুখত সিদ্ধাৰ্থ ।
:কি লাগে ।
:I am sorry yaar. ভিতৰলৈ আহিব দিয়া ।
দৰ্জাখন প্ৰায় ঠেলা মাৰি সোমাই আহি চিধাই বিচনাত বহা সিদ্ধাৰ্থৰ কথাৰ সুৰ বেলেগ আছিল ।
আনদিনাতকৈ কোমল,নম্ৰ ।
:মোৰ গাৰ্লফ্ৰেণ্ড বৰ পজেছিভ । তুমি ইয়াত থকাটো তাই ভাল নাপায় । সেইকাৰণে কামুৰি আছিলোঁ তোমাক ।
:মই হোষ্টেল চাই আছোঁ ।
চকী খনত বহি টেবুলত থকা কিতাপখন এনেই লুটিয়াই আছোঁ ।
:আৰামছে থাকা,মই তাইক কৈ দিছোঁ তুমি অলৰেডি ইয়াৰপৰা গুচি গৈছা বুলি ।
:মিছা কথা নোকোৱা হ’লেও হয় ।



:তুমি মিছা কথা নোকোৱা নেকি ? মায়ে কৈছে তোমাৰ past life বোলে তামাম ইন্টাৰেষ্টিং ।
:মানে ?
:Oh come on.তুমি বোলে বহুতৰ লগতে কিবাকিবি কৰি আছিলা তাত  ? সেইকাৰণে ইয়াত থৈ গৈছে তোমাৰ পাপাই ।
অলপ মজা মোকো দিয়া না প্লিজ ।
:খুড়া… খুড়ী…
:মা পপাক মাতি লাভ নাই বেবী,এইটো ৰূমৰ পৰা তালৈকে মাত নাযায়।তাতে দৰ্জা বন্ধ,টিভি ফুল ভলিউমত লগাই থোৱা আছে… All set baby, all set.
বিছনাৰ পৰা উঠি আহি মোৰ চকীখনৰ হেণ্ডেল ডালত হাত থৈ ৰৈ আছে সিদ্ধাৰ্থ । ময়ো চাই আছোঁ, ইমান লেতেৰা কথাৰ উত্তৰ দিব মই নাজানোঁ ।
কিন্তু মই কিবা কৰাৰ বা কোৱাৰ আগতেই সি মোৰ মুখ খন জোৰকৈ মেলি সৰু পিল এটাৰ নিচিনা কিবা এটা ভৰাই দিলে ।
আৰু মই যাতে সেইটো উলিয়াই পেলাব নোৱাৰোঁ তাৰ কাৰণে মুখ খন চেপি ধৰি থাকিল । লাহে লাহে পিলটো গলি মুখত এটা অদ্ভুত সোৱাদ লাগিল । মোৰ চাৰিওফালৰ বস্তুবোৰ যেন ধোঁৱা ধোঁৱা । আৰু মোৰ চকীখন যেন উৰি গৈ আছে, লগতে ময়ো ।
মূৰটো আছে, গাটো যেন নাই ।
জিভাখন ডাঠ, চকুকেইটা গধুৰ ।

এখন হাত মোৰ ফালে আহি আছে….. আহি আছে ।
হাতখন মুখ হ’ল,মুখ খন শৰীৰ হ’ল ।
উশাহ ল’ব নাইপৰা, কিন্তু নিজকে লৰচৰ কৰিবও নাইপৰা মই ।
আৰু হঠাৎ মুখ খন চিনাকি চিনাকি লাগিল…
বিকাশৰ নিচিনা…
তাৰ বন্ধুবোৰৰ নিচিনা…
সেই নতুন নিচা ইমানেই শক্তিশালী আছিল যে মই একোৱেই কৰিব পৰা নাছিলোঁ ।
কিন্তু যেতিয়াই মোৰ শৰীৰৰ কাপোৰ বোৰ খহিবলৈ ধৰিলে, সেই বিষাক্ত দিনটোৰ স্মৃতিবোৰ ঘূৰি আহিল, মোৰ গাটো জিকাৰ খাই উঠিল ।
সিদ্ধাৰ্থৰ তলপেটত জোৰেৰে গোৰ মাৰি দিলোঁ ।
তাৰ পাছত বহুত চেষ্টা কৰি দৰ্জাখনৰ ওচৰ পালেহি, জোৰে জোৰে চিঞঁৰিলো । নাই কাৰোৰে সঁহাৰি নাই ।
প্ৰায় আধা ঘন্টা ধৰি এখন যুজঁ চলিল বন্ধ কোঠাত ।
বস্তুবোৰ চেদেলি ভেদেলি হৈ পৰিল ।
দুয়োটাৰে শৰীৰত ঘাঁ । 
তথাপি সিদ্ধাৰ্থই হাৰ মনা নাই । আকৌ এবাৰ জঁপিয়াই পৰিল মোৰ ওপৰত ।


বিছনাৰ কাষত লুকুৱাই থোৱা বিয়েৰৰ বটল ভাঙি মোৰ বুকুৰ সোঁমাজত গুজি দিব খুজিছিল । উফৰাই দিওঁতে এছোৱা কাটি লৈ গ’ল ।
:অনন্যা, অনন্যা ।
দুৱাৰত টোকৰ পৰিল।খুড়ীৰ মাত শুনি সিদ্ধাৰ্থ আঁতৰি গ’ল । দৌৰি গৈ দৰ্জা খুলি দিলোঁ । ৰূমত কি ঘটিছিল বুজিবলৈ তেওঁৰ বাকী নাথাকিল ।
:বাবু, কি কৰিছ তই ইয়াত, ৰূমত যা ।
মাত্ৰ সেইষাৰ বাক্য ???
আৰু একো নাই ক’বলৈ ???
খুড়ীৰ ঘৃণাৰ দৃষ্টি মোৰ ওপৰত হে পৰিল।সমস্ত দোষ যেন মোৰেই আছিল ।
:খুড়াৰ আগত এইবোৰ ক’ব নালাগে । তুমি চল দিছা কাৰণে সি চল পাইছে । আৰু ল’ৰা মানুহৰ এইটো বয়সত ভুল হয়েই ।

মাৰ দৰে মৰম কৰা খুড়ী এক মিনিটতে আন এজনী মানুহলৈ ৰূপান্তৰিত হৈছিল।
পুত্ৰস্নেহত অন্ধ মানুহ ।
বাথৰূমত গৈ বমি কৰিছিলো, নাকৰ পৰা বৈ আহিছিল ৰঙা ৰঙ সোঁত ।
মন,শৰীৰ সকলোবোৰ অসুখীয়া । 
এটা এটাকৈ বস্তুবোৰ সামৰি থাকোঁতে ককালৈ মনত পৰি কান্দিছিলোঁ । কিন্তু কাকোৱেই একো ক’ব নোৱাৰিলোঁ

আজিও পৰা নাই।হয়তো কেতিয়াও নোৱাৰিম ।

(আগলৈ)


Tags

Post a Comment

4 Comments

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close