Ads Area

Aabir Love Story Part 9


আমাৰ আশে পাশে এতিয়া কিছু কথা বতাহত উৰি ফুৰিছে । ধৰি আনি ওঁঠত গুজি ল’বলৈহে আমি দুয়ো অপাৰগ ।
কোনে কয় ??
মৌনতা অসহনীয় । মইতো ভালপাওঁ, বহুত বেছি ভালপাওঁ । বুকুৰ ভিতৰৰ নেদেখাবোৰ চাবলৈ, নোপোৱাবোৰ চুবলৈ, মৌনতাৰ বাহিৰে আছেইবা কি ???
অনিৰুদ্ধৰ হাতৰ মুঠিটো লাহে লাহে আৰু বেছি সৱল হৈ আহিছে । সামান্য পোহৰত উজলি থকা মুখ খন মোৰ ফালে ঘূৰাই তেওঁ মোক চাই আছে, আৰু মই সন্মুখলৈ চাই ভাবিছোঁ…
যদি মই কেতিয়াবাই নিজক শেষ কৰি দিলোহেঁতেন, এই মুহুৰ্তৰ ভাল লগা খিনি হেৰুৱাই পেলালোহেঁতেন ।
ইমানবোৰ চকুপানীৰ পাছত হাঁহি এটা ৰৈ আছে বুলি নাজানিলোঁহেঁতেন ।
আমি আচলতে জীয়াই থকাৰ সপোন সদায় দেখিব লাগে ।
:অনন্যা…

Aabir Love Story Part 9


:হমম
:কি ভাবিছা?ভয় লাগিছে নেকি ?
:Nope.
তেওঁ সৰুকৈ হাঁহি দিলে।উত্তৰ নো কি দিম । এইখিনি সময় মনে মনে থাকি পাৰ কৰিব খুজিছো । ভাল লাগিছে তেনেকৈয়ে ।  
কৰ্কশ শব্দ এটা কৰি লিফ্টখন খোল খালে । লাইটবোৰ জ্বলি উঠিল । অনিৰুদ্ধই হাতখন এৰি দিলে।দুয়ো ওলাই আহিলোঁ ।
:কি কাম আছে নোকোৱা ?
:এনেই, কিবা এটা ভাল নাইলগা আজি ।
:গা বেয়া লাগিছে ?
:নাই ।


:Life is tough Ananya, but trust me, everyone is suffering,struggling,fighting their own battles everyday.
:মোৰ জীৱনটো বহুত বেলেগ অনিৰুদ্ধ ।
:মোৰ বিষয়ে তুমি কি জানা?কেতিয়াবা মোক সুধিছা,মই কেনে আছোঁ ?
কথাষাৰে মোক চুই গ’ল । কিমান বেছি স্বাৰ্থপৰ মই । আজিলৈকে অনিৰুদ্ধক এবাৰলৈও সোধা নাই, কেতিয়াও জানিবৰ ইচ্ছাও কৰা নাই।ভালে আছেনে আপুনি ?
দুয়ো আহি তেতিয়া অফিচ বিল্ডিংটোৰ বাহিৰত ।
:মই ড্ৰপ কৰি দিওঁ ?
:নালাগে, মই কেব লৈ ল’ম ।
:ভালকৈ যাবা ।
এক মিনিটো তাত ৰৈ নাথাকিল তেওঁ । উভটি খোজ ল’লে । মই চাইয়ে ৰ’লো তেওঁক । ইমান সুখী, ইমান প্ৰাণময়, ইমান হাঁহি থকা মানুহ এজনৰ মনত আন কিবাও থাকিব পাৰে নেকি?যদি আছে তেন্তে তেওঁ কিয় অকল মোক ক’ব বিচাৰে । মইতো তেওঁৰ কোনো নহয় ।
অলপ পিছত কেবখন আহি ওচৰত ৰ’লহি। আগৰ ছিটটোত বহিবলৈ গৈ দেখোঁ মানুহ এজন বহি আছে।কোলাত এটা প্ৰায় এবছৰীয়া কেঁচুৱা । প্ৰথম যেতিয়া অফিচত দেখিছিলোঁ দেউতাক কিছুমানে নিজৰ কেঁচুৱাক অফিচলৈ লৈ আনে, গোটেই দিনটো খোৱাৰ পৰা আৰম্ভ কৰি ডায়েপাৰ সলোৱা, কান্দিলে লৈ লৈ ফ্লুৰটোৰ ইফালৰ পৰা সিফালে ঘূৰাই ফুৰোৱা, এই সকলো কাম কৰে তেতিয়া মনটো ভাল লাগিছিল।সদায় বেয়া পাই অহা দেউতা শব্দটোলৈ অকণমান সন্মান জাগিছিল ।

কেঁচুৱাটো দেউতাকৰ কোলাত থিয় হৈ পিছলৈ চাই আহিছে । পিছৰ ছিটত মই আৰু আন এগৰাকী মহিলা । তেওঁ লেপটপ খুলি কাম কৰি আছে । কেনিও চাবলৈ সময় নাই । ইমান মৰমলগা কেঁচুৱাটোৰ ফালেও মূৰ দাঙি চোৱা নাই । মইহে চাই চকু কেইটা টিপিয়াই দিলোঁ । খিলখিলাই হাঁহি দি মোৰ ফালে হাত দুখন মেলি দেখুৱালে । একোলা ল’ব লাগে যেন তেনে এটি ভাৱত । দেউতাকে দেখা পাই হাঁহি দেখুৱালে ।
:Can I please hold him for once ?
:Sure.
নিজৰ কোলাত আলফুলে তুলি লোৱা অকণমানিটোক চাই মই আকৌ এবাৰ শিয়ঁৰি উঠিলোঁ ।
“থুপু”



উফ।এনেকুৱাই, ইমানেই মৰমলগা এখন মুখ । মোৰ থুপু।ফুলা ফুলা গাল আৰু ডাঙৰ ডাঙৰ চকু । মোৰ কোলাত এনেকৈয়ে হাঁহে সি । আকৌ বা কেতিয়া দেখোঁ তাক ।
শেষৰবাৰ যেতিয়া তাক দেখিছিলোঁ, সি প্রথম মোক মাতিব পৰা হৈছিল।বাক এৰি মোৰ লগত শুইছিল।সৰু হ’লে কি হ’ল,প্ৰতিটো শিশুৱে বুজি পাই তাৰ লগত প্ৰকৃত ভালপোৱা কাৰ আছে।কোনে তাক বুকুৰ মাজত সামৰি ৰাখিব খোজে । সি মোৰ মুখত হাত দি কলকলাই কিবা এটা কয়।মই বুজি পাওঁ । মোৰ দৰে সি ও লাহে লাহে অদৰকাৰী হৈ পৰিছে সেইখন ঘৰত । মই তাক সাৱটি ধৰিলে সি গোটেইটো কুচিমুচি সুমাই থাকে ।
মোৰ বুকুখন আৰু বেছিকৈ বিষাবলৈ ধৰে । থুপুৰ জীৱনটো মোৰ নিচিনা হোৱাটো মই সহ্য কৰিম কেনেকৈ ?? 
:Excuse me, I need to get down.
মাত্ৰ কেইটিমান মুহুৰ্তৰ বাবে মোক থুপুৰ কথা মনত পেলাই দিবলৈকে যেন আহিছিল অকণমানি কেঁচুৱাটো । দেউতাকে নামি যাওঁতে মোৰ কোলাৰপৰা পৰা লৈ যোৱা অকণমানিটোক মই নেদেখা হোৱালৈকে চাইয়ে থাকিলোঁ ।
মনত পৰিল মোৰ আৰু এটি অসম্পূৰ্ণ কাম । মই অতদিনে ভয় কৰি থকা যুঁজ খন মই আৰম্ভ কৰিবই লাগিব ।
থুপুক মই মোৰ ওচৰলৈ আনিবই লাগিব ।


ৰূমলৈ আহি দেখোঁ হিবা কান্দি কান্দি বিচনাত শুই আছে । কি হৈছে সুধি সুধি ভাগৰি গৈছোঁ কিন্ত নকয় ।এবাৰ ধমকি দিয়াৰ দৰে সুধিলত ফটো এখন দেখুৱালে । দেখি কঁপি উঠিলোঁ । এইটো হিবাৰ ভায়েক । মুখ খন চিনিবই পৰা নাই । গোটেই গাতে তেজ । এক্সিডেণ্ট হ’ল চাগে।তাই তেতিয়াও একো কোৱা নাই।আকৌ সুধিলোঁ তাই গোটেইজনী জকজকাই উঠিল

:আপ কে হি ল’গ’ নে মাৰা হে মেৰে ভাই ক’।
কথাটো শুনি উচপ খাই উঠিলোঁ । কি হৈছে একো ধৰিব পৰা নাই । আকৌ সুধিলত তাই ক’লে কেনেকৈ তাইৰ সৰু ঠাইখনত এতিয়া ধৰ্মীয় ৰাজনীতি চলিছে । সমনীয়া ল’ৰাৰ মাজত লগা সাধাৰণ কাজিয়া গৈ ধৰ্মীয় যুঁজ হ’লগৈ।আৰু তাৰে সুযোগ লৈ যাৰ যাৰ ব্যক্তিগত মতভেদ আছিল তেওঁলোকেও যোগ দিলেহি । হিন্দু মুছলিমৰ কাজিয়া হ’লগৈ।আৰু তাতে তাইৰ ভায়েকেৰ এই দশা হ’ল ।
হিবাৰ কথাৰ উত্তৰ মোৰ ওচৰত নাই।ষোল্ল বছৰীয়া লৰাটোক এনেকৈ মাৰিব পাৰেনে মানুহে ।
পাৰে । 
মানুহে সৱ কৰিব পাৰে ।
ঘৰত মাক অকলে।দেউতাক নোহোৱা ঘৰখন হিবাই চলাই আছে।তাইক যাবলৈ কাপোৰ কানি যি ওপৰতে আছিল বেগত ভৰাই দিলোঁ।মোৰো দুখ লাগিছে বহুত।এইবোৰ কথাৰ অন্ত নাই।পৃথিৱীখন শেষ হোৱাৰ পথত।কোনে ক’ত আৰম্ভ কৰিছিল সঠিককৈ কোনেও নাজানে।ইতিহাস খুঁচৰি কোনে চাব।মাৰিব লাগে, কাটিব লাগে।অকল ধৰ্মই নে,জাতি আৰু অঞ্চল বিশেষেও এই কাৰ্য্য চলিয়েই আছে।ডাঙৰ ডাঙৰ মানুহবোৰে জুইকুৰা জ্বলাই দিয়ে,মৰেগৈ হিবাৰ ভায়েকৰ দৰে সাধাৰণ মানুহবোৰ।

তাইক বাছ ষ্টেচনত থ’বলৈ আয়ু আহিল।কিন্তু হিবাই তাক ঘূৰিও নাচালে।তাৰ গাত নো কি দোষ।ময়েই কৈছিলোঁ থৈ আহ বুলি।কিন্তু এইখিনি সময়ত হিবাক বুজাই লাভ নাই।কেবত উঠি হিবা গুচি গ’ল।বহুত দেৰিলৈকে আয়ু মোৰ ওচৰতে থাকিল।তাৰো মনটো বেয়া লাগিছে।ওচৰৰে সৰু চাহৰ দোকানখনত বহি দুয়োটাই সেইবোৰ কথাকে পাতি আছোঁ।কথাৰ মাজতে আয়ুয়ে ক’লে
:তাই মোক আকৌ কেলেই বেয়া পাইছে।মই তাইৰ ভালৰ কাৰণেহে কৈছিলোঁ।
আয়ুলৈ চালোঁ।ইমান কোমল মনৰ লৰাটোক হিবাই বুজিব লাগিব।মই বুজাম।পৰিস্থিতি ভাল হওক, সকলো ঠিক কৰি দিম।
:তই বুজাই দিবি তাইক।

:আগতে তাইৰ ভায়েকটো ভাল হওক, সেইটো ভাৱ।এইবোৰ পিছতো পাতিব পাৰিবি তাইৰ লগত।সৱ কথাৰে এটা সময় থাকে।
সি কি বুজিলে নাজানো।চিগাৰেট টানি তাতে বহি থাকিল।

আয়ুক এৰি ৰূমলৈ খোজ ললোঁ।বেছি ভাবিব পৰা শক্তি এতিয়া মোৰ বাকী ৰোৱাগৈ নাই।মোবাইলটো হাতত তুলি নম্বৰ এটা ডায়েল কৰিলোঁ।বহুত দেৰি ৰিং হোৱাৰ পাছত..
:Hey, you alright?
:ওহোঁ।
:মই অফিচৰ পৰা ওলাইছোঁ, তোমাক চাই যাম এবাৰ।ওলাই আহিব পাৰিবা?
:হমম।
অফিচলৈ পিন্ধি যোৱা কাপোৰ কেইটা সলাই মুখ হাত ধুলো।কথাবোৰ মগজত তেতিয়াও পাক খাইয়েই আছে।ঘৰত পিন্ধা পাইজামা পিন্ধিয়েই তললৈ নামি আহিলোঁ।

কাৰোবাৰ বাবে অধীৰ অপেক্ষা…
এবাৰ চোৱাৰ হেঁপাহ
উশাহত তেওঁক সামৰি লোৱাৰ হাবিয়াস…
মিহিকৈ বৈ থকা চেঁচা বতাহজাকত ফাগুনৰ এমুঠি পলাশ বুলিয়া আৱেগ.. ৰৈ ৰৈ বাজিছে মিঠা এটি গীত.. শুনি কি নুশুনি তাৰ সুৰ..

চুলিখিনি সামৰি ঢিলা খোপা এটা বান্ধি লৈছোঁ।পাইজামাৰ পকেটত হাত দুখন ভৰাই গলিটোৰ সন্মুখত ৰৈ আছোঁ, এই যেন মুখত এটা মিঠা হাঁহি লৈ মোৰ ফালে আগুৱাই আহিব.. এই অনুভূতি একেবাৰেই নতুন, কিন্তু ভাললগা।
বিষন্ন সময়তো আমি যাক বিচাৰোঁ, হাজাৰ বেয়া লগাৰ মাজতো যাৰ এষাৰ মাত বা বিশ্বাসৰ এখন হাত আমাক লাগে, যাযাবৰী অনুভৱক লক্ষ্য বিচাৰি পাবলৈ যাৰ উপস্থিতিৰ প্ৰয়োজন হয়, সেইয়াই যদি ভালপোৱা… তেন্তে অনিৰুদ্ধক মই..???


ৰাস্তাটোৰ সিপাৰে গাড়ীখন ৰখাই তেওঁ নামি আহিল।অলপ ভাগৰুৱা।পাতল নীলা চাৰ্ট আৰু ফৰ্মেল ব্লেক পেন্টত এতিয়াও কিন্তু সম্পূৰ্ণ প্ৰফেচনেল । ৰাস্তাটো পাৰ হ’বলৈ ইফালে সিফালে চাওঁতে চুলিখিনি হাতেৰে ঠিক কৰি আছে।এইটো তেওঁৰ অভ্যাস।অফিচতো মন কৰোঁ।
এবাৰ আকৌ নিজলৈ চালো। ধুই ধুই ৰং যোৱা ঘৰত পিন্ধা পাইজামা আৰু একেবাৰেই ঢিলা টি চাৰ্টটো পিন্ধি আহিছোঁ।অলপ ভালকৈ আহিবতো পৰিলোঁহেঁতেন।নিজক লৈ বেছিয়েই উদাসীন মই।

তেওঁ আহি ওচৰ পালেহি।চিনাকি সুগন্ধি আকৌ এবাৰ উশাহত লাগিল।
:সৱ ঠিকে আছেতো, গা বেয়া নেকি তোমাৰ?
:গা ভালেই।
:মোক ফোন কৰিলা যে!I mean I am happy but..
অকণমান লাজ পালোঁ।কেনেকৈ কওঁ যে মোৰ মন গৈছিল কথা পাতিবলৈ, তেওঁক এবাৰ লগ পাবলৈ।
:I am sorry.. তেনেকৈ ফোন কৰি দিব নালাগিছিল।
:অহ প্লিজ অনন্যা,বেছি ফৰ্মেল তুমি।আমি এতিয়াও অচিনাকিৰ দৰে কিয় কথা পাতো?তুমি কিয় এতিয়াও সহজ নহয় মোৰ লগত।
:মই তেনেকুৱাই।
:সেইকাৰণে তো পাগল কৰিছা..
:Excuse me?
:Excused.
আকৌ মৌনতা।আমাৰ মাজত ইমানেই বেছি কথা আছে যে শব্দবোৰে বাট হেৰুৱাই বাৰে বাৰে।মই জানো,মই আৰম্ভ কৰিলে বহু কথাই সুধিব অনিৰুদ্ধই, বহু কথাই কৈ দিব মোক।
কিন্তু মই কিয় জানো বিচাৰিও নিজক খুলি দিব পৰা নাই তেওঁৰ সন্মুখত।অনিৰুদ্ধয়ো একো কোৱা নাই।ময়েই হিবাৰ ভায়েকৰ লগত হোৱা ঘটনাটো ক’লো।তেওঁ একো উত্তৰ নিদিয়াকৈ শুনি থাকিল।
:হিবা ঠিকে আছে?
:অলপ আগতে ওলাই গৈছে।9:30ত বাছ আছে।
:অকলে কিয় গৈছে?She must be very disturbed.Ayushman or you should have gone with her.
হয় তো।
হিবাই খঙতে একো নক’লেও আমাৰোতো দায়িত্ব আছিল।তাইৰ এই বিপদৰ মূহুৰ্তত অকলে এৰি দিলো।জোৰ কৰি হ’লেও যাব লাগিছিল।অন্ততঃ এই সময়ত তাইক অলপ সাহস দিব লাগিছিল।অনিৰুদ্ধই কেনেকৈ সকলোৰে কথাবোৰ বুজি পায়।ইমান দূৰলৈকে কেনেকৈ ভাবিব পাৰে সকলোবোৰ।

:এতিয়াও আধা ঘন্টা আছে।মই ড্ৰপ কৰি আহিম।তোমাৰ বন্ধুক মাতি দিয়া।বাছখন জালাহল্লী ক্ৰছত ৰ’ব,আমি পাই যামগৈ।
আয়ুক ফোন কৰি সোনকালে ওলাই আহিবলৈ ক’লো।অনিৰুদ্ধৰ কথামতে হিবাকো ফোন কৰিলোঁ।তাই তেতিয়াও উচুপি আছে।বহুত বুজোৱাৰ পাছত তাই মান্তি হ’ল ,আয়ুক লগত নিবলৈ।কিন্তু তাইক ড্ৰপ কৰিয়েই সি ঘূৰি আহিব লাগিব।হিবাৰ ঘৰলৈকে আয়ু যাব নোৱাৰিব।আমাৰ বাবে হিবা ভালে কুশলে ঘৰ পাবগৈ লাগে।অনিৰুদ্ধই ঘৰত থৈ আহিবৰ বাবেও কৈছিল, কিন্তু হিবাই মানা কৰিলে।আয়ু অহালৈকে দুয়ো সেইখিনিতে ৰৈ থাকিলোঁ।অলপ পাছত সি দৌৰি দৌৰি ওলালহি।অনিৰুদ্ধই গাড়ী ঘূৰালে।মোক বাই বুলিও কৈ থৈ নগ’ল।সন্মুখৰ দৰ্জাখন খুলি আয়ু বহিল।মই তেওঁৰ ফালে চাই আছোঁ।আকৌ আহিব জানো ঘূৰি?
যদি নাহে এবাৰ যাওঁ বুলিতো ক’ব পাৰিলেহেঁতেন।

ঘূৰিব লওঁতেই তেওঁ ধামকৈ দৰ্জা খুলি দপদপাই উঠি আহিল।
:What?আকৌ বেলেগকৈ কিয় মাতিব লাগে সদায়।দেৰি হৈছে বুজি পোৱা নাই।
:ময়ো যাম?
:You are impossible Ananya. Just get into the car.
:এনেকৈ??
:আমি পাৰ্টি কৰিব নাযাওঁ ৰাইট?গাড়ীত বহা।
:ইমান গালি দিয়ে ।
তেওঁ আঁতৰি যাওঁতে মুখতে বিৰবিৰাই কোৱা কথাটো তেওঁৰ কাণত পৰিল।
:I heard that.


বেংগালুৰুৰ ট্ৰেফিক ফালি গাড়ী আগবাঢ়িল।অনিৰুদ্ধই আয়ুক কিবাকিবি বুজালে।বিষয়টো যে খুব স্পৰ্শকাতৰ আৰু এতিয়া এই বিষয়ে যাতে একো আলোচনা নকৰে তাকো ক’লে।মোৰ লগত তেওঁ একো কথা পতা নাই।প্ৰায় আধা ঘণ্টাৰ পাছত আমি বাছ ষ্টপ পালোগৈ।হিবাক ফোন কৰি লগ কৰিলোঁ।তাই তেতিয়াও কান্দিয়েই আছে।কিন্তু আমাক দেখি অলপ হলেও যে তাই সাহস পাইছে সেইয়া চকুত পৰিল।অনিৰুদ্ধই তাইৰ হাতত গুজি দিয়া পইচা কেইটা তাই বাৰে বাৰে মানা কৰিছে।কিন্তু আমি সৱেই জানো তাইক এতিয়া পইচাৰ প্ৰয়োজন।তাতে মাহৰ শেষ।মই নিজৰ একাউন্টৰ পৰা যি পাৰোঁ তাইলৈ ট্ৰেন্সফাৰ কৰি দিলোঁ।তাই কোৱামতে অলপ আগতে ICU ত এডমিট কৰিছে ভায়েকক।সকলো ঠিক হৈ যাব বুলি কোৱাৰ বাহিৰে কিনো কম ভাবিয়েই নাইপোৱা।আমাৰ পৰা বিদায় লৈ আয়ু আৰু হিবা বাছত উঠিল।

:সৱ ঠিক হৈ যাব।Don’t worry.
তেওঁৰ কথাবোৰত সাহস আছে, বিশ্বাস আছে।নিজেই গৈ সন্মুখৰ ছিটত বহিলো।তেওঁৰ ওঁঠৰ কোণত খেলি যোৱা মিঠা হাঁহিটো চকুত পৰিল।চিটবেল্ট লগাই গাটো এৰি বহিলো।ভৰিত পিন্ধা ফাৰৰ শ্লিপাৰ যোৰ খুলি ভৰি কেইটা মুকলি কৰি দিছোঁ।তেওঁ জানে মই AC ল’ব নোৱাৰোঁ।গ্লাছ খুলি দিলে।গাড়ী এইবাৰ ৰূমৰ ফালে নগৈ বিপৰীত দিশত আগবাঢ়িল।
:বিৰাট ভোক লাগিছে, প্লিজ এতিয়া পইচা নাই বাহিৰত নাখাওঁ বুলি নক’বা।
:ঠিক আছে নকওঁ।কিন্তু মই এনেকৈ ক’তো খাবলৈ নাযাওঁ।আপুনি খাই আহিব মই গাড়ীত বহি থাকিম।
:ভোক লগা নাই তোমাৰ?
:Nope.
:You and your ‘nope’ to everything.
তেওঁ কোৱাৰ সুৰটোত নাহাঁহি নোৱাৰিলোঁ।বাওঁহাতৰ বুঢ়া আঙুলিৰ নখটো কামুৰি হাঁহিটো ৰখাবলৈ চালো।
:কাইলৈ তোমাৰ নখ কাটি দিম অফিচত।সোনকালে আহিবা।এতিয়া বেলেগ কিবা খাবা, নখ খাব নালাগে।

গাড়ী গৈ ৰেষ্টুৰেণ্ট এখনৰ সন্মুখত ৰ’ল।তেওঁ নামি গ’ল ।মোক এবাৰো নামাতিলে।খং উঠি আহিল।অলপ জোৰ কৰি চাবতো পাৰিলেহেঁতেন।কিমান ভোক লাগিছে মই হে জানো।মোবাইলটো উলিয়াই এনেই কিবাকিবি চাই আছোঁ।
অলপ পিছত এহাতত পিজ্জা আৰু আনখন হাতত ছফ্ট ড্ৰিংক লৈ ওচৰ পালেহি।
:দৰ্জাখনতো খোলা।
দৰ্জাখন খুলি হাতত পেকেটটো ধৰি আছোঁ।তেওঁ তাৰপৰাই এটুকুৰা লৈ খাবলৈ লাগিল।ৰাস্তাৰ কাষত গাড়ী ৰখাই এনেকৈ খোৱাৰ অভ্যাস নাই মোৰ।ৰৈ আছোঁ।
:প্লিজ এতিয়া এনেকেও নাখাওঁ বুলি নকবা।খং উঠিব মোৰ।
কথা বহলাই লাভ নাই।এটুকুৰা লৈ খাবলৈ ল’লোঁ।তেওঁ Cold ড্ৰিংকৰ এটা ছিপ লৈ মোলৈ আগবঢ়াই দিলে।



একেডাল ষ্ট্র’ দি খাম?
আজিলৈকে মই কাৰো ঝুঠা নাখাওঁ।
মই নোখোৱা দেখি তেওঁ বুজি পালে।
:Oh sorry. দুটা আনিবলৈ দিগদাৰ হ’ল।লৈ আনিছোঁ ৰ’বা
:নালাগে।একেটাই হ’ব।
তেওঁ মিচককৈ হাঁহি দিলে।
এই হাঁহিটোৰ প্ৰেমত নপৰাকৈ আৰু কিমান দিন থাকিবি অন্যান্য???
আৰু তাৰপাছত একেডাল ষ্ট্রৰে গোটেইটো ড্ৰিংক শেষ হ’ল।
পিজ্জাৰ পেকেটটো ডাষ্টবিনত পেলাই তেওঁ গাড়ীত বহিলহি।

গাড়ী উভতিল।মোৰ ৰূমৰ দিশত।একো কোৱা নাই অনিৰুদ্ধই।
:মোলৈ কিয় ফোন কৰিলা নোকোৱা?
:এনেই।
:কথা পাতিব মন গৈছিল।
:হমম।
:কিয়?
:নাজানো।
:কেতিয়া জানিবা?
:
:অনন্যা।
:হমম।
:এইফালে চোৱা।
ৰাস্তাৰ কাষত গাড়ীখন ৰখাই দিলে তেওঁ।দহ বজাৰ সেৰেঙা ট্ৰেফিক।এখন দুখন গাড়ী পাৰ হৈ গৈছে।তেওঁৰ কথামতেই চালোঁ তেওঁৰ ফালে
:ভাল লাগে মোৰ লগত কথা পাতি?
বাৰে বাৰে কঁপি উঠিছে মোৰ ওঁঠ দুটা।
কেনেকৈ কওঁ অনিৰুদ্ধ?
কেনেকৈ বিশ্বাস কৰোঁ আপোনাক, কেনেকৈ ভাল পাওঁ নিজক?
:ভাল লাগে, এতিয়া নুসুধিব কিমান।
:Okay, I won’t.
অনিৰুদ্ধই আৰু তাৰ পাছত একোৱেই নুসুধিলে।


ৰূমৰ ওচৰত মোক নমাই দি তেওঁ নিজেও নামি আহিল।গেইটৰ সন্মুখলৈকে আগবঢ়াই দিলে।কিন্তু আজি যে মোৰো তেওঁক এৰি শূণ্য কোঠাটোলৈ যাবলৈ মন যোৱা নাই।ইমান উকা উকা কিয় লাগিছে নাজানো।
:বাই।শুই যাবা সোনকালে।
:হমম।
:Ananya,come here.
:কোনো প্ৰশ্ন নকৰাকৈ মই তেওঁৰ আৰু অকণ কাষ চাপি গ’লো।এতিয়া যে মোৰ একো ভাবিবৰ মন যোৱা নাই।
:I am there for you, always.
গালখনত লাহেকৈ চুই দিলে অনিৰুদ্ধই।
বুকুখন ধককৈ উঠিল।

নিশাৰ আকাশৰ পৰা আইতাই তেতিয়া আমালৈকে চাই আছিল।

l am there for you, always.
গালখনত লাহেকৈ চুই দিলে অনিৰুদ্ধই।
বুকুখন ধককৈ উঠিল।

নিশাৰ আকাশৰ পৰা আইতাই তেতিয়া আমালৈকে চাই আছিল।
সদায় দুখোজ পিছুৱাই যোৱা মই আজি একে ঠাইতে ৰৈ আছোঁ।ঠাইখিনি শূণ্য।শাৰী শাৰী কৈ জকমকাই ফুলি থকা বুগেনভিলিয়া আৰু জোনাকে ছটিয়াই দিয়া সোণালী সোণালী এমুঠি পোহৰ।অনিৰুদ্ধৰ চকুত এনেকৈয়ে খেলি থাকে জোনাক, পোহৰ পোহৰ সপোন।মই বিচাৰি পাওঁ এটোপোলা উশাহ, মোক জীয়াই ৰাখিব পৰাকৈ।বাওঁহাতখন তুলি চুই চালো মোৰ গালত থকা তেওঁৰ সোঁহাতখন।
আস !
মোৰ সন্মুখত ৰৈ থকা মানুহজন সঁচা নে?
ইমান ভাললগা একেলগে বিচাৰি পোৱাটো সম্ভৱ নে?
মোৰ আৰু অলপ কাষ চাপি আহিল অনিৰুদ্ধ।
কলিজাৰ কম্পনত ভালপোৱাৰ ৰুণজুন শব্দ..
চকুকেইটা জপাই দিলোঁ,মেলি দিলেই যেন সপোন এটা ভাঙি থাকিব।
কপালৰ আগত পৰি থকা চুলিকেইডাল আঁতৰাই দিলে তেওঁ।
:অনন্যা…
:হমম..
ডিঙিটো যেন কিহবাই সোপা মাৰি ধৰিছে, কথাবোৰ বাহিৰলৈ ওলোৱা নাই, আৰু বেছি ভিতৰলৈহে সুমাই গৈ আছে।মোক সামৰি ল’বলৈ মই নিজেও পৰা নাই এতিয়া।
আৰু…
খেলিমেলি অনুভৱৰ মাজত দিশহাৰা হৈ উপঙি ফুৰা অস্থিৰ মনটোক বুটলি আনিব খোজোঁতেই…
অলপ হাউলি অনিৰুদ্ধই কৈ উঠিল
:Mystery girl, now go from here or just hold me before I fall for you again..
লাজ কৰিব মই নাজানো, কিন্তু চকু মেলি সন্মুখত হাঁহি থকা অনিৰুদ্ধক দেখি গালখন পুৰিছে।আৰু কিবা কোৱাৰ আগতেই উভতিলো, তেওঁ ৰৈয়ে আছে..
:Hey, listen
থমকি ৰ’লো
:Will call you..
পিছলৈ ঘূৰি নোচোৱাকৈ খোজ ল’লোঁ ৰূমলৈ।


হিবা নথকা ৰূমটোত অকলে থাকিবলৈ কিবা এটা ভাল লগা নাই আজি।হিবাৰ ফালৰ ৱাল খনত ঢেৰ ফটো।তাতে মাক আৰু ভায়েকৰ সৈতে তাইৰ এখন ফটো আছে।দেখি মনটো বেয়া লাগি গ’ল।ভায়েকটোক তাই খুব মৰম কৰে।সৰুতেই দেউতাকে এৰি থৈ গৈছিল সিহঁতক।দেউতাকৰ আন এখন সংসাৰ আছে এতিয়া।হিবাৰ মাহীমাক আছে, মাহীমাকৰ সন্তান আছে।কৈছিল এদিন সকলোবোৰ তাই।তাই মাক আৰু ভায়েকৰ বাবেই হাঁহি থাকে সদায়।মনত ক্ষোভ আছে,কিন্তু কাৰো আগতেই নেদেখুৱাই।অকলেই সামৰি ৰাখে সকলো।মোকো কয় তাই, হাঁহি থাকিবলৈ।
মই নোৱাৰোঁ, মই নাজানো।
হাঁহিবোৰ কেতিয়াবাই হেৰুৱাই পেলালো।

গৰুটোত মূৰ থৈ বিচাৰি চাইছোঁ আকৌ এবাৰ, কিজানিবা ঠিক কোনখিনিত মই একেবাৰেই নিজক হেৰুৱাই পেলাইছিলোঁ সেইয়া বিচাৰি পাওঁ।
সিদ্ধাৰ্থৰ হাতত অপদস্থ হৈ মই আৰু এটা দিনো প্ৰদীপ খুড়াৰ ঘৰত থকা নাছিলোঁ।পিছদিনাই বস্তু সামৰি ওলাই আহিছিলোঁ।ক’লৈ যাম এবাৰো ভবা নাছিলো, কিন্তু ওলাই আহিছিলো।
কলকাতাৰ মুকুন্দপুৰৰ গলিয়ে গলিয়ে থাকিবলৈ ঠাই বিচাৰি ঘূৰি ফুৰিছিলোঁ।কোনো এটা পিজিত খালি ছিট নাছিল।
ককালৈ ফোন কৰি পাগলৰ নিচিনাকৈ কান্দিছিলোঁ।আৰু আবেলিৰ ফ্লাইট লৈ দেউতা আৰু ককা আহিছিল।মা কিন্তু নাহিল।মই তেওঁক ঘিণ কৰিবলৈ আৰম্ভ কৰিছিলোঁ সেইদিনাৰ পৰা।বেয়া পোৱাবোৰ ঠিক সেইদিনাই ঘৃণালৈ ৰূপান্তৰিত হৈছিল।দেউতাই আকৌ ঘৰলৈ ঘূৰাই আনিব খুজিছিল।কিন্তু মই নাযাওঁ বুলি সিদ্ধান্ত লৈছিলোঁ।কোনোদিনেই মাৰ ওচৰলৈ যাবলৈ মোৰ মন নাছিল।
প্ৰায় এসপ্তাহ মই ককাৰ সৈতে হোটেলৰ ৰূমতে থাকিছিলো।দেউতাই কলেজৰ ওচৰৰ বেলেগ এটা প্ৰাইভেট হোষ্টেল ঠিক কৰি দিছিল।আৰম্ভ কৰিছিলোঁ নতুন জীৱন।
কলেজৰ চাৰিটা বছৰৰ প্ৰথম তিনিটা বছৰ সেইটো হোষ্টেল ৰূমতেই পাৰ কৰাৰ সিদ্ধান্ত লৈছিলোঁ।মই প্ৰায় সকলো।সহপাঠীৰ লগত কথা-বতৰা বন্ধ কৰি দিছিলোঁ।বন্ধু বুলিবলৈ কোনো নাছিল লগত তেতিয়া।কাৰণ মানসিক ভাৱে মই তেতিয়া লাহে লাহে আৰু বেছি নিসংগ হৈ পৰিছিলোঁ।মই বেয়া পাইছিলো সকলোকে, নিজকো।হোষ্টেলৰ চাৰিজনীয়া কোঠাটোৰ বাকী তিনিজনী ছোৱালীৰ মাজত বন্ধুত্ব আছিল, কিন্তু মোৰ লগত কোনেও ভাল কৈ কথা পতা নাছিল।মই অকলেই থাকিছিলোঁ, খাইছিলোঁ, ফুৰিছিলোঁ।ক্লাছতো মাত্ৰ দুই তিনিজন বন্ধু বান্ধৱী আছিল, তাৰে মাজত আছিল কলিকতাৰে ছোৱালী স্নেহা।প্ৰথম প্ৰথম কলেজলৈ আহোঁতে বন্ধু হোৱা সকলোৱেই দুই তিনিমাহৰ পাছতে মোৰ পৰা আঁতৰি গৈছিল।কাৰণ মই সিহঁতৰ কাৰণে ‘কামোৰ’ আছিলোঁ।
আৰু ময়ো সকলো ল’ৰাকে সিদ্ধাৰ্থ আৰু বিকাশৰ দৰেই চৰিত্ৰৰ বুলি ভাবিছিলোঁ।সিহঁতে মোক যিমানেই নিজৰ পৰা বেলেগকৈ ৰাখিছিল, মই সিমানেই নিজৰ সংগ উপভোগ কৰিবলৈ শিকিছিলো।

যিটো মই আজিও কৰোঁ।সেইবাবেই চাগে কোনোবাই এতিয়া মোৰ লগত কথা পাতিলে বা ভাল মাত এষাৰ মাতিলে মোৰ বিশ্বাস কৰিবলৈকো টান হয়।
কথাবোৰ ভাবি থাকিলে শেষ নহয়, মইহে শেষ হৈ যাম যেন লাগে।
ফোনটো বাজি আছে, অনিৰুদ্ধৰ ফোন।
উঠালো।
:শুৱা নাই?
:ওহোঁ।
:অকলে বেয়া লাগিছে?
:হিবাক মিছ কৰিছোঁ।
:আৰু মোক?
:মানে?
:একো নাই।
:
:অনন্যা…
:হমম
:I want to see you..


অনিৰুদ্ধই ফোনটো কাটি ভিডিঅ’ কল কৰিছে।নুমাই থোৱা লাইটটো অন কৰিলোঁ।গাৰুটো পোনাই বিচনাত আউজি বহিলো।
বগা টি চাৰ্ট পিন্ধি বিচনাত পৰি পৰি মোৰ লগত কথা পাতি থকা মানুহজন কিবা এটা মৰম লাগিবলৈ লৈছে আজিকালি।
ভাল লাগিবলৈ লৈছে।
:Say something
:You look tired.শুই যাওক আপুনি।কাইলৈ অফিচত কথা পাতিম।
:নালাগে,এতিয়াই কোৱা।
:কি ক’ম।
:যি মন যায়, মই জানো তোমাৰ ক’বলগীয়া বহুত আছে।
:আছে,কিন্তু নকওঁ।You will judge me.
:I never judge people, no matter what. You still dont trust me?
:I trust you, but not this society.
আকৌ দুয়ো মনে মনে …
:অনন্যা,সৱ কথা ইমান বেছি complicate নকৰিবা।জীৱনটো আজি আছে, কাইলৈ নাথাকিবও পাৰে।মই নাথাকিবও পাৰোঁ।হেৰাই যোৱাৰ পিছত বিচাৰি ফুৰি লাভ আছে জানো?মই তোমাক ভাল পাওঁ, তোমাৰ লগত কথা পাতি, তোমাৰ সৈতে সময় পাৰ কৰি ভাল পাওঁ। তাতকৈ বেছি মই ভবা নাই।তুমিও নাভাবিবা।Let’s keep everything simple.
:hmm
:ময়েই সৱ ভাল পাওঁ, তুমি নোপোৱা?
:Nope.
:Aah
অনিৰুদ্ধই বুকুত লাহেকৈ হাতেৰে খুন্দিয়াই হাঁহি দেখুৱালে, বহুদিনৰ মূৰত মোৰ মুখতো হাঁহি এটা ফুটি উঠিল

Tags

Post a Comment

0 Comments
close