:তেনেকুৱা একো নাই ।
:মিছা কথা ।
:সঁচা ।
:You love my eyelashes, you touched them with so much affection, I still feel it.
লাজ এটাই আৱৰি ধৰিলে । হয়, চুই চাইছিলো সেই জোনাক ৰাতি, অনিৰুদ্ধৰ ধুনীয়া চকুযুৰিৰ দীঘল দীঘল পলক । মন গৈছিল আলফুলে যেন আঁকি দিম এটি চুমা । থুপুৰ দৰেই নিষ্পাপ চকু দুটা ।
গোল গোল, তিৰবিৰাই থকা ।
:অনন্যা,একো নোকোৱা ?
:আপুনি যিবোৰ কথা কয়, উত্তৰত মোৰ ক’বলগীয়া নাথাকেই ।
:যিবোৰ মানে ? কোনবোৰ ?
:আপুনি মোৰ বিষয়ে একো নজনাকৈ,একো নভবাকৈ কৈ দিব পাৰে ভাল পাওঁ, ভাল লাগে ধৰণৰ কথাবোৰ ।
:What do you mean by that ?
:I mean just look at you,you are so perfect in everything. But I am a born looser Anirudh. I am the human version of failuer you know.
:তেনেকৈ কিয় কৈছা ।
:সঁচাটো কৈছো ।
অনিৰুদ্ধই একো কোৱা নাই । চাই আছে।মই হে অশান্তি পাইছোঁ । এনেকৈ ভিডিঅ’ কল কৰা অভ্যাস নাই মোৰ । তাতে অনিৰুদ্ধই কলিজাৰ ভিতৰখনো জুমি চাব পাৰে । এইবাৰ তেওঁ উঠি বহিল । অলপ চিৰিয়াছ যেন দেখা গ’ল ।
:অনন্যা, মই তোমাক একো কথাত জোৰ নকৰোঁ । কিন্তু তুমি এনেকৈ থাকিলে কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰিবা । একেঠাইতে ৰৈ থকা মানুহে একেটা দৃশ্যকে চাই চাই জীৱনটো পাৰ কৰে ।ইফালে সিফালে কি আছে নেদেখে । তোমাৰো একেই হৈছে । তুমি ইমান বেছি নিজৰ দুখ আৰু অতীত লৈ ব্যস্ত থাকিলে আহিবলগীয়া দিনবোৰ একেই থাকিব । একো বেলেগ নহয় । আৰু তোমাৰ লাইফত কি হৈছে বা কি হ’ব সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে । সৱ দোষ আনৰ ওপৰত জাপি বহি থাকিলে এনেকৈয়ে থাকি যাবা তুমি । মই মাত্ৰ তোমাক এইটো কথাকে বুজাব খুজিছোঁ । কিন্তু তুমি ইমান বেছি admanet যে মই কেতিয়াবা নিজকে আঁতৰাই আনিম বুলিও ভাবো ।
কথাবোৰৰ পৰা অনিৰুদ্ধৰ অলপ খং উঠা যেন লাগিল । মোৰ পৰা তেওঁ কি আশা কৰি আছে মই বুজোঁ, কিন্তু একো কৰিব হে নোৱাৰোঁ।মনে মনে শুনি আছোঁ । তেওঁ ও ৰৈ গ’ল,মোক কথা কৈ যে লাভ নাই ভালকৈয়ে বুজিছে
:অনন্যা,বেয়া নাপাবা ।I was bit harsh. Sorry.
:Its okay.
:তোমাৰ চাগে কথা পতাৰ ইচ্ছা নাই।শুই থাকা । কাইলৈ অফিচত লগ পাম । গুড নাইট ।
:মইতো কোৱা নাই ইচ্ছা নাই বুলি ।
:What ??
:
:মই পাগল হ’বলৈ বেছি দিন নাই ।
তেওঁ নিজৰ চুলি কেইডাল খামুচি কথাটো কোৱাৰ ভংগীমাত নাহাঁহি নোৱাৰিলো । অলপ জোৰকৈয়ে হাঁহিলো । বাওঁফালৰ বেৰীয়া দাঁতটো চাগে তেওঁ প্ৰথম বাৰ মন কৰিলে । কাৰণ মোৰ হাঁহি বহুত কম মানুহে হে দেখিছে । আয়ুৰ ভাষাত হাতী দাঁত সেইটো মোৰ । আপুৰুগীয়া । কেতিয়াবা হে ওলায় ।
অনিৰুদ্ধই চাইয়ে আছে.. এই চাৱনিত আজিকালি লাহে লাহে হেৰাই যাওঁ মই
:অনন্যা…
:হমম..
:You miss your home na ???
অনিৰুদ্ধক উত্তৰ দিবলৈ লৈও ৰৈ গৈছোঁ । কি কম । ঘৰলৈ মনত পৰে, সদায় পৰে।কিন্তু বগা বাংলোলৈ নহয়।ককাৰ ঘৰ খনলৈ মনত পৰে । থুপুলৈ মনত পৰে ।
:অনিৰুদ্ধ.. মোৰ থুপুলৈ মনত পৰে.. সদায় ।
:You want to talk about it now ?
:I am not ready.. but…
:Shhhh.. its okay.. relax.
:কথাবোৰ ক’বলৈ মোৰো মন যায়, কিন্তু আৰম্ভ কৰিবলৈ একো নাথাকে । আৰু শুনাৰ পাছত আপুনি কি ভাবিব সেইটো মই নাজানোঁ । আগতে হোৱা হ’লে হয়তো নাভাবিলো হেঁতেন, কিন্তু এতিয়া মোৰ কাৰণে আপুনি কি ভাৱে সেইটো জৰুৰী ।
:কিয় ?
:কিয় টো ৰ উত্তৰ নাই ।
কিছুসময় আকৌ দুয়ো মনে মনে ৰৈছোঁ..
:চাৰিওফালে এবাৰ চোৱা অনন্যা । আজি হিবা বা তাইৰ ভায়েকৰ লগত যি হৈছে, সেইয়া জানো ভাল হৈছে ? বেয়া মানুহ থাকিবই । নাথাকিলে ভাল বেয়াৰ বিচাৰ কৰিবা কেনেকৈ । তুমি কিছুমান বেয়া মানুহ লগ পালা, দুখ পালা । যিটো মই বিচাৰিলেও নাইকিয়া কৰিব নোৱাৰোঁ । কিন্তু বিশ্বাস কৰা, তোমাৰ আহিবলগীয়া দিনবোৰ কেতিয়াও মই জানি বুজি আন্ধাৰ হ’বলৈ নিদিওঁ । আৰু তুমি কোৱাৰ দৰে মই নহয় । ময়ো সাধাৰণ মানুহ । চিম্পল লাইফ এটা বিচাৰোঁ । একদম চিম্পল । সেইবাবে চাগে তোমাৰ ওচৰত ইমান কমফৰটেবল হওঁ । ইমান ফেক ৱৰ্ল্ড খনত একদম ফিল্টাৰ নোহোৱা তোমাৰ কথাবোৰ মোৰ ভাল লাগে । তোমাৰ একেটাই ৰূপ ,বাহিৰতো, ভিতৰতো ।
ইমান কেনেকৈ নিজক বেলেগকৈ ৰাখিছা ?
ট্রেণ্ড কি তোমাৰ কোনো concern নাই, মানুহে কি ভাবিব তুমি কেয়াৰ নকৰা । যি মন যায় কৈছা, কৰিছা । I just love you the way you are.
অনিৰুদ্ধই কৈ যোৱা কথাবোৰ নিজৰেই বিশ্বাস হোৱা নাই । আজিলৈকে নিজৰ প্ৰশংসা মই কেতিয়াও শুনা নাছিলোঁ । আজি প্ৰথম বাৰ কোনোবাই এনেকৈ মোক প্ৰশংসা কৰিছে । উত্তৰ দিবলৈ একো নাই ।সঁচা মিছাৰ বিচাৰ নকৰোঁ । কথাবোৰে বুকুত খুন্দিয়াইছে । ভাল লাগিছে । মোৰ বাবেও কোনোবাই ভালকৈ ভাবে । সেইয়া জানিয়েই চোন আজিকালি ভাল লগা হৈ আহিছে দিনবোৰ ।
:তুমি একো নোকোৱা ?
:একো নাই ক’বলৈ ?
:ঘৰলৈ কেতিয়া যাবা?ককাক আনিবলৈ ।
:আপুনি কেনেকৈ জানিলে ?
মই কোনোদিন অনিৰুদ্ধৰ আগত এইবোৰ কথা পতা নাই ।হঠাৎ প্ৰশ্নটো সুধি উচপ খাই উঠিলোঁ ।
:তোমাৰ বন্ধুৱে তোমালোক দুইটাৰে কথা কৈ দিয়ে ।
আয়ু !
এইটোৰ পৰা শান্তি নাই । বিয়াৰ পৰাই দুয়োটাৰে কথা আৰম্ভ হৈছিল । তাৰমানে এতিয়াও পাতি থাকে ।
:আৰু কি কি কৈছে আয়ু য়ে আপোনাক ?
:সৱ ।
:সৱ মানে ?
:নকওঁ । মাত্ৰ মই কিবা হেল্প কৰি দিব লাগে যদি কোৱা ।
:এইটো কাম মই নিজে কৰিব বিচাৰোঁ ।
:মই জানিছিলোঁ তুমি মোৰ হেল্প নোলোৱা বুলি।But still, I just want to tell you that I am there okay ?
:Hmm
:এতিয়া শুই যোৱা,টোপনি নাহিলে চিগাৰেট নাখাবা।তোমাৰ health issue আছে বহুত মই জানো।এতিয়া শুই যোৱা । গুড নাইট ।
ভিডিঅ’ কলটো কাটি দি বহুপৰ তেনেকৈয়ে বহি থাকিলোঁ । ককাক আনিবলৈ যাওঁ কেনেকৈ । ঘৰৰ deposit এক লাখ টকা । ভাড়া বাৰ হেজাৰ।যিমান কেইটা ঘৰ খবৰ লৈছোঁ সৱ মোৰ বাজেটৰ বাহিৰত ।পঢ়া সময়তে ককাই দিয়া অলপ পইচা সাঁচি থৈছিলোঁ, লগত কোম্পানীৰ জইনিং ব’নাচ মিলাইছো । তাৰ পাছতো জোৰা মাৰিব পৰা নাই । ককাই দিব খুজে, কিন্তু মই ল’ব নোৱাৰো । পঢ়ি থাকোঁতে কথাবোৰ বেলেগ আছিল, এতিয়াও বেলেগ।তাতে আজি হিবাৰ হাততো অলপ দিব লগা হ’ল । কিন্তু মই দেৰি কৰিবও নোৱাৰোঁ । শেষৰ সময়খিনি ককা মোৰ লগত থাকিব বিচাৰে । আজিলৈকে একোৱেই দিব নোৱাৰিলোঁ । অন্ততঃ এইখিনি মই কৰিবই লাগিব ।
চিগাৰেটৰ পেকেটটো উলিয়াই লৈ ৰৈ গ’লো । অনিৰুদ্ধই মানা কৰিছে । কাৰো কথা নুশুনা মই অনিৰুদ্ধৰ কথা শুনিম জানো ।
এটা জ্বলাই লৈছোঁ । ৰূমটোৰ নির্জনতাত ধোঁৱাবোৰ কুণ্ডলী পকাই বিয়পি পৰিছে ।
এইটোৱেই জীৱন, সৱ ধোঁৱা ধোঁৱা ।
এই আছে এই নাই ।
কিন্তু ক’ৰবাত কিবা এটা জ্বলি থাকেই, আমি দেখোঁ বা নেদেখোঁ ।
কলেজৰ তেতিয়া শেষৰটো বছৰ । এদিন এটা ফোন কলে মোৰ জীৱনটো সলাই পেলাইছিল ।
:হেল্ল’
:মাজু, মই বা,ভালনে তোৰ ?
উচুপি উচুপি কথা কোৱা বাৰ মাতটো কিমান দিনৰ মূৰত শুনিছিলোঁ ঠিক নাই । কি সুধিব লাগে মই পাহৰিয়েই গৈছিলোঁ ।
:বা ?
:মাৰ পৰা তোৰ নম্বৰটো লৈছোঁ, তই ভালে আছ ?
:বা তই মাৰ লগত কথা পাত ?
:সদায় পাতোঁ ।
:দেউতাই জানে ?
:নাজানে । মা মোৰ ইয়ালৈ আহিছেও ।
:ইয়ালৈ মানে ? ক’ত আছ তই ?
:গুৱাহাটী ।
:তই কিয় তেনেকুৱা কৰিলি বা ? তোৰ কাৰণে মোৰ লগত কি কি হ’ল জান ?
:মোক মাফ কৰি দে প্লিজ । তোক মই বহুত ভাল পাওঁ তই জান ।
বায়ে ফোন কৰাৰ দিনা মোৰ এনে লাগিছিল, ককাৰ বাহিৰেও কাৰোবাৰ মনত আছে যে মই জীয়াই আছো । প্ৰদীপ খুড়াৰ ঘৰৰ পৰা আহি হোষ্টেলত থকাৰ পৰা মই এবাৰো ঘৰলৈ যোৱা নাছিলো । মায়েও মোলৈ কোনোদিনেই ফোন কৰা নাছিল । দেউতাই কেতিয়াবা পইচাৰ কথা সোধে । ককাৰ নিজাকৈ মোবাইল নাই । তৰাৰ ফোনৰ পৰাই খবৰ লয় মাজে মাজে ।
বায়ে ফোন কৰা দিনটোৰ ঠিক একসপ্তাহ মানৰ আগতে অসহায় হৈ মালৈ ফোন কৰিছিলোঁ ।
স্বীকাৰ কৰিছিলোঁ জীৱনৰ এটা ডাঙৰ ভুল ।
মনে মনে মোৰ কথাবোৰ শুনি তেওঁ দেউতাক কৈ দিছিল ।
আৰু তাৰ পাছত
“এই মৰিলেই শান্তি”
“এই মৰিলে মই হাঁহ মাৰি ভাত খাম”
দেউতাৰ চিঞঁৰ ফোনতেই উফৰি আহিছিল ।
মই তেতিয়ালৈ নিশ্চিত হৈছিলোঁ মই যে মাৰ নিজৰ নহয় । কোনো মাকে নিজৰ সন্তানক এনেকৈ এৰি দিব নোৱাৰে । অৱশ্যে আকৌ ভাবোঁ মায়ে বা দেউতাই প্ৰায় সকলোবোৰ কামেই কেৱল আনক দেখুৱাবলৈ কৰে, যিটো কামৰ social validation নাথাকে সেইটো কাম কৰাটো জৰুৰী বুলিও নাভাৱে ।কিন্তু বাৰ লগত মায়ে কথা পাতে বুলি জানি মই আচৰিত হৈছিলোঁ । মান ইজ্জত শেষ কৰি গুচি যোৱা বুলি ঘৰত ইমান হুলস্থূল কৰা মায়ে বাক মাফ কৰিলে কেনেকৈ ???
মাৰ ছচিয়েল ষ্টেটাছ তললৈ নমাই দিয়া বাক কেনেকৈ আঁকোৱালি লৈছে মায়ে ?
:মাজু, ক আকৌ কিবা এটা ।
:তোৰ ভালনে ?
:আছোঁ আৰু।তই ভালে আছ?আগৰ নিচিনাই হৈ আছ ন । মায়ে কৈছে ।
:মায়ে মোৰ কথাও পাতে ?
:সদায় কয় মোৰ আগত ।
:কিন্তু মোলৈ ফোন কৰিব নোৱাৰে ।
:সেইবোৰ বহুত কথা মাজু।তই নুবুজিবি ।
:তেন্তে বুজাই দে বা । এতিয়া লুকুৱাবলৈ কি আছে।আমাৰ ফেমিলিটো নৰ্মেল নহয় সেইটো কোনে নাজানে । কাক দেখাবলৈ ইমান এক্টিং । আৰু মোৰ লগত হে যে প্ৰব্লেম । তোৰ লগত কিয় নহয়।মই নিজৰ নহয় নেকি।তই তো ৰাজু দাৰ লগত গুচি গ’লি,কিয় কৰিলি তেনেকুৱা । মোৰ কথা, ককাৰ কথা ভাবি নাচালি । মায়ে তো তোক ইমান মৰম কৰিছিল । মাৰ কথা নাভাবিলি কিয় ?
:মোৰো নিজৰ মন এটা আছিলে মাজু । মায়ে যি কয় তাকেই কৰি কৰি মই সেই মনটোক মাৰিয়েই পেলালোঁ ।’ ভাল ছোৱালী’ৰ টেগটো লগাই মায়ে মোক মানুহৰ আগত ইমানেই ওপৰলৈ উঠাই দিলে যে মই আন ছোৱালীৰ নিচিনা একো কামেই কৰিব নোৱাৰিলোঁ । তোৰ মনত আছে নে,এবাৰ যে লগৰ এজনীৰ বায়েকৰ বিয়াত গৈ এপাক নাচিছিলোঁ কাৰণে মায়ে কিমান লাজ পাইছিল । হাতত ধৰি টানি আনি গাড়ীত ভৰাই লৈ আনিছিল ঘৰলৈ । মোৰ উশাহ বন্ধ হৈ গৈছিল সেইটো ঘৰত থাকি থাকি । মায়ে মোক চকুৰ আগৰপৰা আঁতৰ হ’বলৈ নিদিয়াটো মোৰ কাৰণে কিমান অসহনীয় আছিল তই কি বুজিবি।মোৰো মন আছিল ওলাই যাবলৈ, ভাল কলেজ এখনত পঢ়িবলৈ । কিন্তু নিদিলে । মাৰ পৰা আঁতৰি গ’লেই যেন মই হেৰাই যাম । মই জানিছিলোঁ মায়ে কিয় ভয় কৰিছিল, এবাৰ আপোন কাৰোবাক হেৰুওৱা মানুহে পদে পদে ভয় খায়.. কিন্তু
:মায়ে কাক হেৰুৱাইছে ?
:তই নালাগে জানিব।কিন্তু মাক তই বেয়া পাই নেথাকিবি মাজু ।
মায়ে তোক ভাল পাব নোৱাৰে, ভুল তোৰ বা মাৰ কাৰো নহয় । ভুল তোৰ কপালৰ ।
:বেয়া মাত ওলাব এতিয়া মোৰ।কি কৈ আছ একো বুজি পোৱা নাই মই ।
:শুন,তোলৈ মই এটা হেল্প বিচাৰি ফোন কৰিছোঁ,কৰিবি ?
:স্বাৰ্থ আছে কাৰণেহে ফোন কৰিছ, তহঁত সৱ চেল্ফিছ ।
:তোৰ বাহিৰে মোক কোনেও হেল্প কৰিব নোৱাৰে । প্লিজ এবাৰ মোৰ কথাটো শুনি ল ।
:মইতো সদায় শুনিয়েই আহিছো বা । মোৰো কিন্তু বহুত কবলগীয়া আছে । যিবোৰ কোনেও নুশুনে ।তইতো নাজান মই কি অৱস্থাত আছোঁ ।
:মই জানো ।
:মায়ে কৈছে ?
:উম ।
:তোৰ লগত মোৰ কথা পাতিবলৈ তেওঁৰ সময় আছে, মোৰ খবৰ ল’বলৈ হে নাই । ইমান স্বাৰ্থপৰ মানুহ মই দেখা নাই । মা বুলি ভাবিবলৈ মনেই নাযায় আজিকালি ।
:মাজু, লাইফটো কাৰোৰে ইজি নহয় । বুজি পাবি মই কি কৈ আছোঁ ।
আৰু সেইদিনাৰ পৰাই আৰম্ভ হৈছিল জীৱনৰ এটা নতুন অধ্যায়ৰ । গুৱাহাটীলৈ গৈ লগ কৰিছিলোঁ বা আৰু ৰাজুদাদাক ।
বাক দেখি চকুপানী ওলাইছিল । আগৰ চেহেৰা নাই । বয়সতকৈ বেছি ডাঙৰ যেন দেখিছিলো তাইক ।সৰু ভাড়াঘৰটোৰ দুটা কোঠাত যেনেতেনে আছে । ৰাজুদাই ইলেকট্ৰনিকছৰ দোকান এখনত মেনেজাৰ হিচাপে কাম কৰি আছে । ঘৰৰ অলসুৱা বা জনীক গৃহিণীৰ ৰূপত দেখি সুখী হ’ম নে দুখী হ’ম মই একোৱেই ভাবি পোৱা নাছিলোঁ । মাৰ সৈতে গৈ এমাহত এবাৰ মেনিকিউৰ কৰা বাৰ হাত দুখন আগৰ দৰে কোমল নাছিল।চুই চাইছিলো । তাই সেমেকা হাঁহি এটাৰে চকুপানী ঢাকিছিল ।
:তোৰ কষ্ট হৈছে বা ?
:আগতে নকৰা কামবোৰ শিকি ল’লোঁ মাজু । কাম কৰা মানুহ ৰাখিব নোৱাৰোঁ।ইমান পইচা নাই।মায়ে দিব খুজে, ৰাজুৱে ল’বলৈ নিদিয়ে ।
:তোৰ এইটো লাইফ ভাল লাগিছে ?
:এতিয়া সেইবোৰ একো নাভাবোঁ । সিদ্ধান্ত যিহেতু মোৰেই আছিল । ভাবি কিবা লাভ আছে জানো ?
বাৰ উত্তৰটোত হাজাৰটা প্ৰশ্ন আছিল, সুধিব খুজিও নুসুধিলোঁ ।
বাহিৰৰ কোঠাটোতে বহি ঢেৰ কথা পাতিছিলোঁ ।
:ভিতৰলৈ আহ ।
তাইৰ পিছে পিছে সোমাই গৈছিলোঁ ।
:কিবা হ’ল নেকি কচোন ।
:পিছত কম, তই ভাত খা চোন ।
প্লাষ্টিকৰ চকী টেবুলত বহি বায়ে ৰন্ধা ভাত খাইছিলোঁ । তাই মুৰ্গীৰ মাংস খিনি জালুক দি মই ভালপোৱা ধৰণেৰেই ৰান্ধিছিল । লগত শাকৰ ভাজি । মই খাই ভালপাওঁ ।
তৰা আৰু বাহাদুৰৰ হাতৰ সোৱাদ লৈ ডাঙৰ হোৱা বা নিজেই পাকৈত ৰান্ধনী হৈ পৰিছিল । দুয়োজনীয়ে মন খুলি কথা পাতিছিলোঁ । মই খুলি কৈছিলোঁ মোৰ লগত ঘটি যোৱা প্ৰত্যেকটো ঘটনা । বায়ে মনে মনে শুনি আছিল । ভাত খাই দুইজনী বিচনাত পৰোঁতেও ময়েই কথাবোৰ কৈ আছিলোঁ । বাৰ ফালৰপৰা একোৱেই নাই ।
:মাজু, মোৰ পৰা লুকুৱাব নালাগে । এই ঢিলা হুডি পিন্ধি কিমান দিন ঢাকিবি ?
বায়ে জানে ?
কোনে কৈছে ?
মায়ে ?
সামান্য বাহিৰলৈ ওলোৱা পেট তো তাই চুই চাইছিল ।
মই দুখোজ পিছুৱাই আহিছিলোঁ ।
:মোক দি দে ? প্লিজ ?
কিবা ক’বলৈ মোৰ ওচৰত শব্দই নাছিল ।
:চাৰিবছৰে বহুত কান্দিছোঁ মাজু । এতিয়া আশাই বাদ দিছিলোঁ । তই মোক একো ক’বও নালাগে । কাৰ হয় সেইয়াও নালাগে । মাত্ৰ মোক দি দে, প্লিজ । মই বহুত অকলশৰীয়া মাজু ।
বায়ে কি কৈ আছে বুজি একো পোৱা নাই,
কিন্তু বুজিছিলোঁ বা যে মানসিক ভাৱে ভাগি পৰিছে । মনত পৰিছিল দেউতাই তাইক দিয়া শাও বোৰ ।উৎপাত কৰি চৰু ধুই শ্ৰাদ্ধ পতাৰ দিনটো । অসহায় ককাৰ চকুপানীবোৰ । মাৰ নিৰ্লিপ্ত চাৱনিবোৰ ।
কিয় কৰে ?
নিজ পিতৃ মাতৃয়েও এনেকৈ অভিশাপ দিব পাৰেনে ?
কিয় ইমান স্বাৰ্থপৰ সকলোবোৰ সম্বন্ধ ??
আজি বায়েও নিজৰ স্বাৰ্থ লৈয়ে মোক মাতিছে । আৰু মই ভাবিছিলোঁ, তাই সঁচাকৈ মোক ভাল পায় ।
গুৱাহাটীত সেইদিনা সন্ধিয়া ধুমুহা আহিছিল ।
ফোনৰ ৰিংটন শুনি বৰ্তমানলৈ ঘূৰি আহিলোঁ । চাৰে বাৰটা বাজিছে । আয়ুৰ ফোন ।
:আয়ু, কি হ’ল ?
বুকুখন ধিপিং কৈ উঠিল ।
কোন মুহূৰ্তত বেয়া খবৰ পাওঁ একো ঠিক নাই ।
:sense আহিছে বুলি কৈছে । এইমাত্ৰ মাকে ফোন কৰিছিলে হিবাক ।
দীঘলকৈ উশাহ এটা টানি লৈছোঁ ।
:হিবা ঠিকে আছেনে ?
:আছে।তই চিন্তা কৰি থাকিবি বুলি ইমান দেৰিকৈ ফোন কৰিলোঁ।শুৱা নাই কেলেই?ফোন অফ কৰি শুই যা ।
ফোনটো কাটি অফ কৰিবলৈ লওঁতে অনিৰুদ্ধৰ মেচেজ ।
“Tomorrow come bit early”
তেওঁক তেতিয়াও অনলাইন দেখি ৰিপ্লাই কৰিলোঁ ।
:why ?
লগেলগেই ফোন বাজিল ।
:ইমান দেৰি শোৱা নাই কিয়?কি কৰি আছিলা ?
:এনেই ।
:এই ছোৱালজনী একদম কথা নুশুনে । ওচৰত থকা হ’লে হেঁচা মাৰি শুৱাই থলোহেঁতেন ।
হঠাৎ কি কৈ দিলে হয়তো তেওঁ নিজেও ধৰিব নোৱাৰিলে ।
ময়ো কি ক’ম ভাবিয়েই নাপালোঁ ।
:I didnt mean that way.. sorry. Shit !
আৰু কথা বহলাই থাকিব মন নাই । ফোনটো অফ কৰি শুই পৰিলোঁ । টোপনিৰ অপেক্ষা কৰিব লগীয়া নহ’ল । ফোনত থুপুৰ ফটোখন চাই চকুদুটা জপাই দিলোঁ ।
(আগলৈ)
Note - Next Part Release Date 27/04/2022 Time 11pm
-------------------------------------------------------------------------------------------------------------------------------------------------------
Kot nii sunn etiyale oha???
ReplyDeleteSory... Alop Kamr Bestota Baaby Diboly Pora Nai. Kailo 8 pm paijaba
DeleteIt's 29th April now...
ReplyDelete