Ads Area

Aabir Love Story Part 11

Good morning mystery woman !!! See You Soon.
মেছেজটোৱে মুখলৈ হাঁহি এটা কঢ়িয়াই আনিলে । অনিৰুদ্ধই দিয়া নাম।প্ৰায়ে কয় । মই হেনো mystery woman । আচলতে তেওঁ বুজাই নাই মোৰ ভিতৰখন যে চাব বিচাৰিলেই চাব পাৰি । মই পৰ্দা দিয়া নাই কোনোদিনেই । যি আছিল,যি আছে সেয়া সকলোৱে দেখে, বুজিবলৈ কোনোৱে কোনোদিন চেষ্টা নকৰিলে সেইয়া বেলেগ কথা ।

Aabir Love Story Part 11

আক্ষেপ নাই ।
বিচনাত পৰি পৰিয়েই হিবালৈ ফোন কৰিলোঁ।কেইবাবাৰো ৰিং হোৱাৰ পাছতো নুঠালে।আকৌ আয়ুলৈ কৰিলোঁ । সিহঁত দুয়োটা বাহিৰে বাহিৰে হস্পিতাল পালেগৈ । আয়ু বেচেৰা বাহিৰতে ৰৈ আছে । হিবাই ভিতৰলৈ নিব নোৱাৰে।ঘৰৰ মানুহ মানে মোমায়েক আৰু খুড়াক সম্বন্ধীয় মানুহবোৰলৈ ভয় ।
এৰা, ভয় ।
কোনে কয় আমি আত্মীয় মানুহক ভাল পাওঁ বুলি !
নাপাওঁ, আমি ভয় কৰোঁ,আৰু য’ত ইমান ভয় থাকে তাত মৰম ভালপোৱা থাকে জানো ?
মানুহ এনে এবিধ প্ৰাণী যি নিজৰ বাহিৰে কাকোৱেই ভাল পাব নোৱাৰে । সম্বন্ধ কিছুমানে বান্ধি থয় কাৰণে থাকে, আৰু কেতিয়াবা একেলগে থাকি থাকি মোহ জন্মে।সন্তানৰ প্ৰতি, মাক দেউতাকৰ প্ৰতি ,ককাই ভাইৰ প্ৰতি ।
এই মোহে মোক চুব পৰা নাছিল, যেতিয়ালৈকে মোৰ ভিতৰত মই থুপুক অনুভৱ কৰিব পৰা নাছিলো ।

কোনো ধৰণৰ ৰুটিন নথকা মোৰ লাইফষ্টাইল আৰু মদ চিগাৰেটৰ সেৱনৰ ফলতেই হওক মোৰ মাহেকীয়া নিয়মীয়া নাছিল । PCOD ৰ সমস্যা বাঢ়ি গৈছিল । সেইবাৰো প্ৰায় দুমাহ পাৰ হৈ যোৱাৰ পাছত যেতিয়া গা বেয়া লাগিবলৈ ধৰিলে উপায় নাপাই ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ । মুখত বিৰক্তি আৰু ঘৃণা লৈ ডক্টৰে কৈছিল । মোৰ পেটত এটা নতুন জীৱন । মই এবাৰো নোকোৱাকৈয়ে বা একো নুসুধাকৈয়ে তেওঁ কৈ উঠিছিল
:Get rid of it as soon as possible. After few days I wont be able to help you.

কি কৈছে বুজিবলৈ মোৰ বাকী নাছিল । সেইখিনি মুহূৰ্তত মোৰ মূৰত এজাক প্ৰচণ্ড বা মাৰলি । কি কৰিম মই ভাবি পোৱা নাছিলোঁ । এটা ৰাতিৰ নিচা আৰু মোৰ জীৱনৰ বাটটো যেন অস্বাভাৱিক ধৰণেৰে পাক খাই গৈছিল । লিখি দিয়া দৰৱ কেইটা কিনিবলৈও মোৰ শক্তি নাছিল । বাহিৰৰ বেঞ্চ এখনতে বহি আছিলোঁ । কঁপা কঁপা আঙুলিৰে মাৰ নম্বৰ ডায়েল কৰি কান্দিছিলোঁ । যিটো মোৰ ভুল আছিল । কিয় সেই সময়ত ইমান অসহায় অনুভৱ কৰিছিলোঁ নাজানো । মায়ে শুনি আছিল মনে মনে । পইচা পঠোৱাৰ কথা কৈছিল । গালি দিয়া নাছিল । দেউতাক কৈ দিছিল । আৰু তাৰ পাছৰখিনি মই শুনিব পৰা নাছিলোঁ । ককাই আজিও নাজানে সেই চৰম সত্য, নাইবা জানিও মোৰ আগত সেইবিষয়ে একো কথা নুলিয়াই ।

এনেতো নাছিল যে মই সিদ্ধান্ত ল’ব পৰাকৈ mature নাছিলোঁ । বয়সতকৈ বহুত বেছি আগতেই মই জীৱনৰ সত্যবোৰ এটা এটাকৈ বুজি উঠিছিলোঁ । দুখ সুখ একোৱেই চুব নোৱাৰাকৈ ডাঙৰ হৈছিলোঁ । কিন্তু সেইদিনা নিজকে বৰ দুৰ্বল যেন অনুভৱ হৈছিল । খোজ কাঢ়িবলৈকো যেন শক্তি নাই । আঁঠু দুটা নাই নাই লাগিছিল । ডিঙিটো শুকাই গৈছিল । গোটেই গাটো ঘামৰে জুৰুলি জুপুৰি হৈছিল ।
কি কৰোঁ ?
নিজেই মৰো, আনক মাৰো নে কাকো নমৰাকৈ জীয়াই থাকোঁ ।
এই সকলোবোৰৰ মাজতে এটা কথাত মই নিশ্চিত আছিলোঁ, কাৰো ওচৰত বেচেৰী হৈ সহায় বিচাৰি আৰু নাযাওঁ । যি কৰিম নিজেই কৰিম ।
কিন্তু,মানসিক, শাৰিৰীক শক্তি যে হেৰাই গৈছিল ।

কিন্তু হস্পিতালৰ পৰা ওলাই আহিয়েই সেই শক্তি মই ফুটপাথত শুই থকা গৰ্ভৱতী ভীক্ষাৰী জনীৰ পৰা পাইছিলোঁ । তাইৰ ওচৰত খেলি থকা ফটা কাপোৰ পিন্ধা ল’ৰা ছোৱালী দুটাৰ পৰা লৈছিলোঁ । ইহঁত জীয়াই থকাৰ সংগ্ৰাম খনৰ একো একোজন যুঁজাৰু । মনতে ভাবিছিলো তাইতো মাৰি পেলোৱা নাই পেটৰ সন্তানক । তেন্তে মই ইমান নিষ্ঠুৰ কিয় হ’ম ??
থাকিব, মোৰ সন্তান জীয়াই থাকিব ।
অনন্যাৰ কোনো অংশই মৰিব নোৱাৰে । 


টানিছিলো, সেইদিনাও চিগাৰেট টানিছিলো । এটা চিগাৰেটৰ ধোঁৱাই একো কৰিব নোৱাৰে মোৰ সত্তাক ।বিস্কুটৰ পেকেট এটা কিনি সিহঁতৰ সৈতে একেলগে খাইছিলোঁ । একেটা বটলত মুখ দি পানীও খাইছিলোঁ ।
মানুহজনীয়ে হাত পাতি আৰু পইচা খুজিছিল ।
মনিবেগটোৰ পৰা গোটেইখিনি পইচা উলিয়াই তাইক দি দিছিলোঁ আৰু হোষ্টেললৈ নতুন এজনী মানুহ হৈ ঘূৰি আহিছিলোঁ ।

কিন্তু…
মায়ে তাৰ মাজতো তেওঁৰ স্বাৰ্থ পূৰণ কৰাৰ সুযোগ বিচাৰি পালে । সন্তানৰ বাবে হাহাকাৰ কৰি থকা বাৰ কোলাত মোৰ সন্তান দি তেওঁ দুয়োফালে মিলাই ৰাখিব খুজিলে । অবিবাহিত হৈ মই সন্তান পালিলে তেওঁ লাজ পাব, আৰু বাৰ দুখ তেওঁৰ সহ্য নহয়।আৰু সেইবাবে বাৰ লগত কথা পাতি মায়ে সকলোবোৰ প্লেনিং কৰিয়েই থৈছিল ।
এবাৰলৈও মোক সোধা নাছিল ।

:মাজু,কথাবোৰ ভালকৈ ভাবি চা । তই আমাৰ ঘৰতে থাকিবি । 
:আৰু মোৰ পঢ়া শুনা?বাদ দিম ।
:মায়ে মেনেজ কৰিব।তই ডিৰেক্ট গৈ exam দিব পৰিবি । এনেয়েও এইটো অৱস্থাত তই কলেজ গ’লে সবেই হাঁহিব, কথা শুনাব ।
:তাতে মোৰ কি আহে যায় ?
:তই পাগল হোৱা নাইতো ? এনেকৈ কলেজ যাবি তই ?
:যাম,যেতিয়ালৈকে পাৰোঁ তেতিয়ালৈকে যাম । কোনো কলেজৰ ৰুল নাই প্ৰেগনেন্ট হ’লে পঢ়িবলৈ নিদিওঁ বুলি । যদি ইমান মৰম আছে মোলৈ খবৰ ল’বলৈ আহি যাবি কেতিয়াবা ।

কথাৰে নোৱাৰি বায়ে চকুপানীৰ আশ্ৰয় লৈছিল ।
:চা মাজু । তই আজিলৈকে ঘৰৰ কাৰোৰে কাৰণে একো কৰিব লগীয়া হোৱা নাই । আজি মই তোক অকল মোৰ কাৰণেই বুজোৱা নাই,আমাৰ গোটেই ঘৰখনৰ কাৰণে কৈছোঁ । তই মোৰ লগত থাক । মই সমস্ত দায়িত্ব ল’ম । ইয়াৰ ডাক্তৰক দেখুৱাম । মাৰ চিনাকি আছে।একো নহয় । তই মাত্ৰ মোৰ লগত থাক।তোৰ পঢ়াৰ লোকচান নহয় । মায়ে কথা পাতিব । কিমান বিয়া হোৱা ছোৱালীয়ে পঢ়া তেনেকৈয়ে শেষ কৰে । প্লিজ বুজিবলৈ চেষ্টা কৰ ।

বুজিছিলোঁ, তাৰ বাহিৰে উপয়েই বা আছিল কি !!!
আজীৱন কেৱল বুজোঁতে, শুনোতেই গৈছে মোৰ ।
সদায়ৰ দৰে মা জয়ী হৈছিল, মই হাৰিছিলোঁ ।

:I am waiting outside !
What !!!!
অনিৰুদ্ধ কিয় আহিছে ? নটা বাজিবলৈ তেতিয়াও দহ মিনিটমান বাকী । মই গাটো ধুই অফিচলৈ বুলি ওলাইছোহে । চুলি আঁচোৰি কিবাকিবি ভাবি থাকোঁতেই এইটো মেছেজ । খিড়িকীখন খুলি তেওঁক দেখোঁ নেকি চালো ।
নাই ।
হয়তো ৰাস্তাৰ মূৰত আছে । এইবিলাক অলপ বেছিয়েই হৈছে । কামোৰ লাগে মোৰ । ৰিপ্লাই লিখিলোঁ । 
:মই লিফ্ট বিচাৰিছিলোঁ নেকি ?
:What ! Okay ! Sorry its my fault. I will leave now.

অনিৰুদ্ধৰ খং উঠিল । Emotional মানুহবোৰে অভিমান নে কিবা বুলিও কয় । ফোনটো লৈ কেব বিচাৰিবলৈ লাগিলোঁ ।

সম্পূৰ্ণ এটা সপ্তাহ, অনিৰুদ্ধই মোৰ লগত কোনো ধৰণৰ কথাই পতা নাই । আনকি মোলৈ তেওঁ চাবলৈয়ো বাদ দিলে । অফিচত যিমান বাৰ দেখা হয়, তেওঁ চকু আঁতৰাই নিয়ে । মোক কিবা কাম দিবলগীয়া হ’লেও মেইল কৰে নাইবা অমৃতক কয় । এই এসপ্তাহত কিমান কি হৈ গ’ল,তেওঁ একো সোধা নাই । আয়ু ঘূৰি আহিল, হিবাৰ ভায়েক অলপ সুস্থ হৈছে, কিন্তু তাই এতিয়াও ঘূৰি অহা নাই । মই অকলেই আছোঁ ৰূমত । কথা পাতিবলৈ বহুতেই আছিল, কিন্তু সামান্য কথাতে বেয়া পাই অনিৰুদ্ধই মোক যেন পাহৰিয়েই পেলালে । সদায় শোৱাৰ আগতে এবাৰ তেওঁৰ নম্বৰটো চাওঁ, ডায়েল কৰি কাটি দিওঁ । ৰিং হ’বলৈ নিদিওঁ । তেওঁৰ হয়তো একো অনুভৱ হোৱা নাই । মইহে মিছ কৰিছোঁ । আমাৰ চুটি চুটি বার্তালাপৰ এক সুকীয়া মাদকতা আছিল, যিটো মই এতিয়া বিচাৰি হাবাথুৰি খাইছোঁ ।
অদ্ভুত এক শূন্যতাই বিৰাজ কৰিছে চৌপাশে । অনিৰুদ্ধ বিহীন সময় বোৰ ভাল নলগা হৈছে ।
কিন্তু মই তেওঁক একো ক’বও নোৱাৰোঁ ।
সেইয়া তেওঁ জানে, সেইবাবেই অলপ বেছি কৰিছে ।
সেইদিনা অফিচত যেতিয়া সকলো চাহ খাবলৈ ওলাল, মোকো লগ ধৰিছিল অমৃতে, কিন্তু মই কিবা উত্তৰ দিয়াৰ আগতেই অনিৰুদ্ধই কৈ উঠিল
:She won’t come, leave it.


যাবলৈ উঠিও আকৌ বহি থাকিলোঁ । সৱ গুচি যোৱাৰ পাছত চকুকেইটাই সেমেকি আহিল । কিন্তু তথাপি তেওঁক একো কোৱা নহ’ল । ওলাই গৈ লানি নিছিগা ধোঁৱাৰ মাজতে আক্ষেপ অভিমান সকলো উৰুৱাই দিলোঁ ।
কেতিয়াবা সাংঘাটিক খং উঠে অনিৰুদ্ধলৈ ।
কি বুলি ভাবিছে নিজকে !
মোৰ লগত জেদ,আই মিন ৰিয়েলি !!!
মই মৰিও যাম কিন্তু কাৰো ওচৰত কেতিয়াও নিজকে সৰু নকৰোঁ । কাৰণ হাউলি দিলেই মানুহ মূৰত উঠে । তাৰ পাছত আৰু নমাব নোৱাৰি।আৰু সেইয়া মই হ’বলৈ দিব নোৱাৰোঁ ।
অনিৰুদ্ধ যিমান মৰমীয়াল সিমানেই খঙাল । এইটো কথা আৰম্ভনিতেই এদিন সুভাষিণীৰ মুখত শুনিছিলোঁ, নিজেও বুজিছিলোঁ।কিন্তু কেতিয়াও ভবা নাছিলো সেইদিনাৰ কথাটোত তেওঁ এনেকুৱা ব্যৱহাৰ কৰিব বুলি ।
যিমানেই ভাবিছোঁ, সিমানেই নিজৰ ওপৰত খং উঠিছে । কিয় যে কৈছিলোঁ তেনেকৈ । কিন্তু আকৌ ভাবোঁ, মইতো তেনেকৈয়ে কথা কওঁ । সেইদিনা এনেকুৱা কি হৈ গ’ল।আমাৰ মাজত যে মাতবোল সম্পূৰ্ণ ৰূপে বন্ধ সেইয়া লাহে লাহে সৱেই মন কৰিছে । কিন্তু অনিৰুদ্ধৰ সন্মুখত কোনেও একো নকয় ।

আজি শুক্ৰবাৰ।সকলো পাৰ্টি মুডত । সোনকালে কাম শেষ কৰি যাবলৈ ওলাইছে।কথাৰ পৰা বুজিলোঁ পাৰ্টি অনিৰুদ্ধৰ ৰূমত । সৱ যাব । টানিয়াও । শুনি মগজটো উতলি আহিল । মোক এবাৰলৈও মতা নাই তেওঁ । কামৰ মাজতে অমৃত আহি ডেস্কৰ ওপৰত বহিলহি
:You are not coming ?
:Where ?
:To the party ?
:No.I am fine. Thanks for the invitation.
:Hey, Macha, what is this da, sort it out na.

অমৃতে অনিৰুদ্ধক কোৱা কথাষাৰ তেওঁৰ কাণতেই নপৰিল ।
মই যেন মৰিহে আছোঁ পাৰ্টি কৰিবলৈ । অমৃত উঠি গৈ কিবাকিবি কৈ আছিল তেওঁক, হেডফোন লগাই ইগন’ৰ কৰিলোঁ । চিনি পোৱা নাই মোক । মই যেতিয়া ইগন’ৰ কৰোঁ মানুহে নিজেই পাহৰি যায় নিজে Exist কৰে নে নকৰে । কামত লাগিলোঁ । কৰিবলগীয়া ঢেৰ আছে । এইবোৰৰ লগত আৰু কেতিয়াও ‘মাথা নামাৰো’ ।
সাত বজাত ওলাই আহিলোঁ । আয়ুক ফোন কৰিলোঁ,
:ব’ল যাওঁ,আজি তোক মই খুৱাম ।
:কি লাক বে মোৰ, দুটা দুটা পাৰ্টি । শুন না, তোৰটো কাইলৈ দে । আজি মই বুকদ ।
:দুটা পাৰ্টি মানে ।
:অনিৰুদ্ধই মাতিছে তাৰ ৰূমত।ফ্ৰী কা খানা, দাৰু ।
কি ??
তাৰমানে মোৰ বাহিৰে সৱ যাব । অকল মই যাব নোৱাৰিম ।
:আয়ু,মোৰ অফাৰ আজিয়েই আছে । য’ত খাওঁ বুলি ক’বি তাতেই খুৱাম, বিদ্যা ।
:ধেৎ, ইমান ইমুচনেল কৰি নিদিবি । ফ্ৰী খানা আৰু দাৰু বুলি ক’লে মই আবেগিক হৈ যাওঁ বে । তই নুবুজিলে কোনে বুজিব । আজি তালৈ যাওঁ, কাইলৈ তই খুৱাই দিবি দেই ।

ফোনটো কাটি দিলে । তাৰমানে এইটো যাবই । ইমান বেছি আপোন একেবাৰে । মোক পাত্তাই নিদিলে ।বাছতেই যাওঁ বুলি বাছ ষ্টপৰ ফালে খোজ ল’লো । মনত তেতিয়াও অকণমান আশা, কিজানিবা অনিৰুদ্ধই ফোন কৰেই । পাৰ্টিলৈ মই মতা হেঁতেনো নাযাওঁ, কিন্তু তেওঁ মোক এবাৰো নজনোৱা কথাটো একেবাৰে ভাল লগা নাই ।
এনেকৈ পাহৰিব পাৰে নেকি কোনোবাই ।
তাকো যাক তেওঁ কিছুদিন আগতে সাৱটি ধৰিছিল, ভাল পাওঁ বুলিও কৈছিল ।
বাছত উঠি ৰূম পালোহি । একো খবৰ নাই । সময়বোৰ যিমানেই পাৰ হৈছে,মোৰ খং অভিমান সিমানেই বাঢ়িছে । এনেকুৱা অস্থিৰ অৱস্থা হয় বুলিয়েই কাকোৱেই নিজৰ মনৰ কাষ চাপিবলৈ দিয়া নাছিলোঁ । মোৰ কোনোদিন কাৰোপৰাই একো আশাও নাছিল । কোনেও মোৰ হোৱা নোহোৱা লৈ ব্যস্তও নাছিল । তেনেকৈয়ে সুখী হৈছিলোঁ মই ।
কিয় আহিছিল অনিৰুদ্ধ, কিয় মোৰ ভিতৰত নতুন আশা, নতুন সপোন সিঁচি দিছিল । আৰু মোক এনেকৈ অৱহেলা কৰি কি সুখ পাইছে তেওঁ ।
ভাতকেইটা লৈ ফোনটোকে চাই আছোঁ । নাই তেওঁৰ একো খবৰেই নাই । আয়ুৰ whatsapp ষ্টেটাছত পাৰ্টিৰ ফটো । সৱ আছে, সুৰেশ,প্ৰশান্ত,অমৃত,টানিয়া, আয়ু আৰু এজনী ছোৱালী।চিনি পোৱা নাই ।আজি প্ৰথম দেখিছোঁ ।
ফোনটো পিটিকি থাকোতেই হিবাৰ ফোন..
:হিবু !


:অনন্যা !
:কেইছি হ’ ?
উত্তৰত হিবাই কোৱা কথাখিনিয়ে মোক শিল হৈ খুন্দিয়ালে । ভায়েকৰ শাৰীৰৰ ঘাঁ শুকাইছে যদিও মানসিক অৱস্থা একেবাৰে বেয়া । ৰাতি ৰাতি চিঞৰে, যাকে তাকে মাৰিবলৈ খেদি যায় । ডক্টৰে হাত দাঙি দিছে । সিহঁতৰ সৰু ঠাইখনত ইমান উন্নত চিকিৎসাৰ ব্যৱস্থাও নাই । বেংগালুৰ নাইবা হাইদৰাবাদত দেখুৱাব লাগে ।
:মে’ ক্যা কৰোঁ অনন্যা ?
পিছৰখিনি তাই ক’ব পৰা নাই ।
:ঠিক হ’ যায়েগা হিবা । Please don’t cry.
:মামু মেৰা নিকাহ কৰা দেংগে ।
হিবাই নিকাহ কৰিব ।
শিয়ঁৰি উঠিলোঁ শুনি ।
অলপমান সহায় আৰু পইচাৰ বিনিময়ত হিবাই নিজৰ জীৱনটো এনেকৈ কাৰোবাৰ লগত সাঙুৰি দিব খুজিছে  ?
কিয় ইমান অসহায় মানুহবোৰ ? 
তাইক বুজাবলৈ ভাষাই নাছিল । গালি পৰিবও পৰা নাই । তাইক এতিয়া পইচা আৰু কাৰোবাৰ সহায় লাগে । আৰু তাৰে সুযোগ লৈ মোমায়েকে তাইৰ কাৰণে লৈ আনিছে এইটো সম্পৰ্ক ।
বহুতপৰ মনে মনে থাকি তাইক মাত্ৰ এটা কথাই ক’লো
:Just give me a day Hiba,don’t take any decesion ! Please !
ফোনটো থৈ শূণ্যলৈ চাই মাত্ৰ পৰি আছোঁ বিচনাত।সময়বোৰ ইমান অভিশপ্ত কিয়।হিবা,তাইৰ ভায়েক আৰু মোৰ মৰমৰ আয়ুটো । তিনিটা জীৱন সাঙুৰ খাই পৰিছে । অলপ খেলিমেলিতেই যে থান বান হৈ যাব ।


কেনেকৈ কি কৰিম ?
কি মিলাম ? 
ইমানবোৰ পইচা ক’ত পাম ?
অনিৰুদ্ধৰ লগত কথা পতাৰ ইচ্ছা আৰু নাই । কাইলৈ ৰাতিপুৱাই ককালৈ ফোন কৰিম । মোক সকলো বিপদত সাৰথি হৈ থিয় দিয়া মানুহজন কেৱল ককা । নিশ্চয় কিবা এটা উপায় ওলাব ।

চিলমিল টোপনিত ফোনৰ মাতত সাৰ পালোঁ।বাৰটা বাজিবলৈ পাঁচ মিনিট।অনিৰুদ্ধই মোক কিয় ফোন কৰিছে ?
মদৰ নিচা চাগে বেছি হ’ল।নুঠালো ।
আকৌ কৰিছে ।
:কি হ’ল ?


অলপ টানকৈয়ে কৈছো ।
:Come down.
:What ?
:গেইট লক আছে জানো মই । হ’লেও আহা ।
:আপুনি ঠিকে আছেতো ?
:নাই, একেবাৰেই নাই।এতিয়া আহিবা নে নাহা কোৱা ?
:আহিছোঁ,এক মিনিট ।
আৰু প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই । বুজিছোঁ সকলো । ওপৰতে থকা নীলা কুৰ্তীটো পিন্ধি চুলিখিনি বান্ধি ছেণ্ডেলযোৰ পিন্ধি তললৈ নামি আহিলো ।
তলা মৰা গেইটৰ সিপাৰে ট্ৰেক পেণ্ট আৰু ক’লা টি-চাৰ্ট পিন্ধি অনিৰুদ্ধ,এইপাৰে মই ।
যেন এটা যুগৰ মূৰত তেওঁক ইমান কাষত পাইছোঁ । চিনাকি সুগন্ধি আৰু অচিনাকি তেওঁৰ চকুৰ ভাষা । কি ক’ব এতিয়া ??
:Wish me !
:For ?
:Because I came to this world on this day.
আজি তেওঁৰ ওপজা দিন ? সেইবাবেই পাৰ্টি ৰাখি এতিয়া এৰি থৈ মোৰ ওচৰ পাইছেহি । খং অভিমান সকলো যেন নিমিষতে হেৰাই গ’ল । মোৰ শুভেচ্ছা ইমান ‘বিশেষ ’।
:সেইয়াও কৰিব নোৱাৰা ?


উত্তৰ নিদিলোঁ । সোঁহাত খন গেইটৰ লোহাবোৰৰ ফাঁকেৰে সৰকাই দিলোঁ,তেওঁ বুজি পালে । নিজৰ দুয়োখন হাতেৰে খামুচি ধৰিলে মোৰ হাতখন ।


:Happy birthday Anirudh.And sorry for that…
:Shhh, Its okay ! I know you.
খামুচি থকা হাতখন তেওঁ এৰি দিয়া নাই, ময়ো আঁতৰাই আনিব নোৱাৰিলোঁ ।
মোৰ চকুত চকু থৈ আকৌ এবাৰ অনিৰুদ্ধই ভালপোৱাৰ সপোন এটা গুজি দিলে ।
অকাশতৰ তৰাবোৰ ফুল হৈ ফুলি উঠিল ।
তাৰ মাজতে আইতাও আছিল ।

( আগলৈ )

Note Next Part Release Date 05/05/2022 Time 11pm

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

Tags

Post a Comment

1 Comments

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close