:কিয় ইমান জেদ তোমাৰ অনন্যা ?
অনিৰুদ্ধৰ আকুল দুচকুত সামান্য বিষাদ, এসাগৰ অভিমান ।
তেওঁৰ হাতৰ চেপাত ঘামি উঠা মোৰ হাতদুখন মুকলি কৰি দিলে লাহে লাহে । এইবাৰ সোঁহাত খন পাৰ কৰি গাল খন চুই দিলে তেওঁ…
:একো নোকোৱা ?
:মই যাওঁ ?
:ওহোঁ ।
:এনেকৈয়ে থাকিবা ?
:ভাল লগা নাই ?
:গেইটখন ভাঙি ভিতৰলৈ আহোঁ ?
খিলখিলাই হাঁহি উঠিলোঁ আমি দুয়ো । জেইলত যে মানুহ লগ কৰিবলৈ আহে, তেনেকুৱাই হৈছে ঠিক ।ইপাৰে তেওঁ সিপাৰে মই । যেন উৰি পাৰ হৈ যাম সিপাৰলৈ ।
এনেতে তেওঁৰ ফোনটো বাজিল ।
:Sorry, sorry, I came out for a Sutta.Coming yaar.
তেওঁৰ বাবে কেক লৈ ৰৈ আছে সকলো।যাব লাগিব।মনটো সেমেকি আহিল । মইহে নাথাকিম ।
:যোৱা, এতিয়া শুই থাকাগৈ ।
:ভালকৈ যাব ।
:ব’লা মোৰ লগত,ভালকৈ যাম তেতিয়া !
চকুকেইটা সামান্য সৰু কৰি কোৱা কথাকেইটাৰ উত্তৰ মোৰ ওচৰত নাছিল । গম্ভীৰ খোজেৰে তেওঁ আঁতৰি যোৱাৰ ফালে চাই আছোঁ । গেইটৰ লাইটবোৰৰ পোহৰে পোহৰাই ৰখা ঠাইখন তেওঁ গুচি যোৱাৰ লগে লগে যেন আকৌ আন্ধাৰ হৈ পৰিল । অনিৰুদ্ধক বুকুতে সামৰি ৰূমলৈ আহিলো । লাইটবোৰ অফ কৰি বিচনাত পৰিলোঁ ।
ৰাতিপুৱাই আকৌ এবাৰ হিবাৰ ফোনত সাৰ পালোঁ । তাইৰ ওপৰত যে সাংঘাটিক ধৰণৰ হেঁচা প্ৰয়োগ হৈছে সেয়া সহজেই বুজিব পাৰিলোঁ । তাই মোক ভায়েকৰ ৰিপোৰ্ট খিনি পঠাই দিলে । বেংগালুৰুৰ ভাল হস্পিতালৰ ভিতৰত “Manipal Hospital” খন অন্যতম । তাত এবাৰ গৈ মই সুধি আহিব লাগিব । লগতে খৰছৰ এটা থুলমূল হিচাপ লাগে তাইক । যাবলৈ অসুবিধা নাই যিহেতু আজি শনিবাৰ । তাইৰ লগত অলপ সময় কথা পাতি ফোনটো ৰাখিলো । বেয়া লাগিছে মনটো । একো ভালকৈ কৰিব পৰা নাই তাইৰ বাবে।ককালৈ ফোন লগালো । ককাৰ নিজাকৈ ফোন নথকাৰো কাৰণ আছে । এইবোৰ আচলতে বহুত আগৰপৰাই চলি আছে।নামচাইত থকা বাগান দেউতাই তেনেকৈয়ে বিক্ৰী কৰিলে । ককাৰ পুৰণি চিনাকি কৰ্মচাৰী বা বন্ধুৱে খবৰ দিয়ে বুলি দেউতাই ককাক ফোনৰ পৰা আঁতৰাই ৰাখে । হাৰ্টৰ অসুখৰ কাৰণে বেয়া বুলি কৈ থৈছে । আৰু বেচেৰা ককাই তাকেই বিশ্বাস কৰি লৈছে । বহুতদেৰি চিন্তা কৰি ফোন কৰিলোঁ ।
:ককাৰ গা বেয়া, শুই আছে ।
মাৰ গহীন মাত । কি উত্তৰ দিম ভাবি নাপালোঁ । ৰাতিপুৱাই তেওঁৰ মাত শুনাৰ ইচ্ছাও যে নাছিল ।গোটেই দিনটো বৰবাদ হৈ যাব এতিয়া ।
:কি হৈছে ককাৰ ?
:বুঢ়া হৈছে, বেমাৰ হ’বই । কি কাম আছে সেইটো ক ।
:তোমাক কৈ কিবা লাভ আছে জানো ।
মা কিছু সময় মনে মনে থাকিল ।
:কিবা লাগে যদি ক ।
কি ?
বাহিৰলৈ চাই পঠিয়ালো । সূৰ্যটো পূবফালেই ওলাইছেনে আজিও ?
:পইচা লাগে মোক, কোৱা পাৰিবা দিব ?
মই জানো মায়ে নিদিওঁ বুলিয়েই ক’ব । হ’লেও কেৱল তৰ্ক আৰম্ভ কৰিবলৈকে কৈছোঁ । চাওঁ কি উত্তৰ আহে ।
:তোৰ নামত ১৫ লাখ জমা হৈ আছে, লৈ ল’বি ।
:দেউতাৰ পইচা মোক নালাগে ।
:কোনে কৈছে বাপেৰৰ পইচা বুলি ?
:তেন্তে ?
:সৱ কথাত মোক জেৰা নকৰিবি, পইচা লাগে বুলি কৈছ,মই দিছোঁ । সেইকেইটা তোৰ নামত থোৱা আছিল, কোনে থৈছিল, নালাগে জানিব । তোৰ একাউন্টত অলপ অলপকৈ দি দিম ।
আৰু কিবা আছিল যদি ক ?
:ককাক লৈ আনিম মই, তোমালোকে লাজ নোপোৱা তো ?
:আমাৰ কথা কেতিয়াৰ পৰা ভাবিবলৈ ধৰিলি ?
কথাটোৱে অলপ খুচি দিয়াৰ দৰে লাগিল । যুক্তি মোৰো আছিল,কিন্তু ৰাতিপুৱাই সেইবোৰ উলিয়াই ল’বলৈ মোৰ ইচ্ছা নাছিল ।
:পইচা খিনি পঠিয়াব নালাগে।কাৰোবাক দান কৰি দিবা । এনেও পাপৰ পইচাই হ’ব ।
ফোনটো কাটি দিলো।উশাহ বন্ধ হৈ যায় এইবোৰ কথা ওলালে ।
আজিকালি মন নোযোৱা হৈছে । সলনি কোনো নহয়।না মা, না দেউতা, না মই । চেষ্টা কৰিলে আৰু বেছি বেয়া হোৱাৰ হে ভয় ।
ফোনটো বাজি উঠিল ।
অনিৰুদ্ধৰ মেছেজ এটা আছে । খুলি চালোঁ ।
“Where is my birthday gift ?”
পাহৰিয়েই গৈছিলোঁ । জন্মদিনৰ উপহাৰ কিবা দিম বুলি মই বাৰু ভবাও নাছিলোঁ । এতিয়া সুধি দিলত হে মনত পৰিল । বেছি একো ভাবি নাথাকি তেওঁলৈ ফোন কৰিলোঁ ।
:Good Morning Ananya..
তেওঁৰ পিছফালৰ পৰা মন্দিৰৰ মন্ত্ৰ উচ্চাৰণৰ শব্দ ভাঁহি আহিল ।
:মন্দিৰত আছে আপুনি ?
:Yesss. জন্মদিনত পূজা নকৰিলে মায়ে বৰ দুখ পায় । নিজেতো মোৰ কাৰণে ব্ৰত ৰাখি পূজা কৰে।
:মই পিছত ফোন কৰিম তেন্তে ।
:শুনা ।
:হমম ।
:আজি ফ্ৰী আছা যদি লাঞ্চ কৰিবা মোৰ লগত ?
:আই এম ৰিয়েলি ছৰী, মোৰ হস্পিতাল যাব লগীয়া আছে ।
:কিয় ? কি হৈছে, মোক নাইকোৱা যে ।
তেওঁক হিবাৰ কথাবোৰ খুলি ক’লো । মনে মনে শুনি থাকি দীঘল হুমুনিয়াহ কাঢ়িলে ।
:মই লৈ যাম তোমাক । ৰেডি হৈ থাকিবা । এটা বাৰ্থডে হাস্পিতালত কটাই চাওঁ।কি কোৱা ?
:ঠিক আছে ।
তেওঁক মানা কৰাৰ ইচ্ছা নাছিল ।
মানুহজন দিনে দিনে আৰু মৰমৰ হৈ পৰিছে ।
ফোনটো থৈ টাৱেল খন হাতত লৈ বাথৰুমত সোমালো । চুলি খিনি ধুই থাকোঁতে মনত পৰিল তেওঁ সোধা প্ৰশ্নটো “Strawberry and Mint right ?”,হাঁহি এটাই ওঁঠত লাহেকৈ চুই গ’ল ।
সদায় পিন্ধা জিনছ আৰু ঢিলা টপকেইটা আজি পিন্ধিবৰ মন নাই।বেগটো খুলি বগাছিফনৰ কুৰ্তীটো উলিয়াই আনিলোঁ । ব্লু জিনছৰ লগত পিন্ধি ভাল পাওঁ । এইটো নিজেই কিনিছিলোঁ । হয়তো সেইদিনা মনটো ক’লা পৰি থকা নাছিল । চুলিখিনি টাৱেলেৰে টুকি ড্ৰায়াৰটো অন কৰোঁতেই কাৰেণ্ট গুচি গ’ল ।
আধা তিতা চুলিখিনি তেনেকৈয়ে মেলি ৰাখিলো । মেক আপ কৰিবলগীয়া মোৰ একো নাথাকেই।কাজল সানিয়েই সেইটো কাম সামৰি দিব পাৰোঁ । বেগত মানিবেগ আৰু পানীৰ বটলটো ভৰাই তললৈ নামি আহিলো । তেওঁ ৰাস্তাৰ সিপাৰে গাড়ীখন ৰাখি এইপাৰে ফোনত কথা পাতি ৰৈ আছিল ।
আৰু তেওঁক দেখাৰ লগে লগে লগতে মৰি যাওঁ যেন লাগিল ।
কিয় ?
কাৰণ তেওঁ আৰু মোৰ কাপোৰ একেই ।
তেওঁৰো বগা চাৰ্ট ,ব্লু জিনছ ।
:Hey we are twinning !
মই যেন দেখা হে নাই ।
:কথা পাতা ।
হঠাৎ ফোনটো আগবঢ়াই দিলে, আচৰিত হ’লো । একো ধৰিবই পৰা নাই ।
:Ananya, please click a pic.
সুভাষিণী । সৱকে জনোৱাৰ কি দৰকাৰ আছিল । ঘোপাকৈ চাই পঠিয়ালোঁ । তেওঁ বুজি পালে।ফোনটো কাটি গাড়ীত বহিলো দুয়ো । সুভাষিণী আৰু অনিৰুদ্ধৰ বন্ধুত্ব প্ৰায় সাত বছৰ পুৰণি । গতিকে কথাবোৰ তেওঁ জনাটো স্বাভাৱিক ।
:খং উঠি ৰঙা পৰি লাভ নাই, আজি দিনটো মোৰ লগতে থাকিব লাগিব ।
:গোটেই দিনটো কিয় ?
:মইতো গোটেই লাইফটো বিচাৰোঁ । তুমিহে বুজি নোপোৱা ।
কিনো কথাবোৰ কৈ থাকে,মোৰ ওচৰত এটাও উত্তৰ নাথাকে।কথা সলাবলৈকে ক’লো
:কালি পাৰ্টি কেনেকুৱা গ’ল ?
:Awesome.
তেওঁ নিজৰ ফোনটো মোৰ ফালে আগবঢ়াই দিলে । পাৰ্টিৰ ফটো । সৱৰে মুখত কেক । পাৰফেক্ট কৈ ফটো তোলা চেমপেইন খোলাৰ মুহূৰ্ত । তাৰ পাছত সকলোৱে গিফ্ট দিয়াৰ ফটো । সাৱটি ধৰি শুভেচ্ছা দিয়া ফটোবোৰ নোতোলাহেঁতেনো হয় । টানিয়াই যেন জোখতকৈ বেছিয়েই ভালকৈ সাৱটি শুভেচ্ছা দিছে । সোনকালে সোনকালে scroll কৰি কৰি গৈছোঁ । পাৰ্টিৰ ফটো শেষ হৈ এইবাৰ বেলেগ ফটো ওলাল । মোৰ ফটো । কৃতিকাৰ বিয়াত তোলা যেন লাগিছে । আইতাৰ কাপোৰযোৰৰ সৈতে হিবাৰ কাষত ৰৈ কিবা কৈ আছো । মনে মনে তুলিলে ।
কিন্তু কিয় ?
ফোনটো তেওঁক ঘূৰাই দিলোঁ ।
:Nice pics.
:Thank you mam !
তাৰ পাছত গোটেই ৰাস্তাটো তেওঁ হিবাৰ ভায়েকৰ বিষয়ে কথা পাতি আহিল । তেওঁ কথাবোৰ বহুত দূৰলৈকে চিন্তা কৰি কয় । ইয়ালৈ আনিলে কেনেকৈ কি প্লেন কৰিব লাগিব, কি কি কথাৰ খেয়াল আমি ৰাখিব লাগিব, সকলোবোৰ । মই বিশেষ একো কোৱা নাই,শুনি আছোঁ । ভাল লাগে শুনি থাকে ।
:তুমি নামা মই পার্ক কৰি আহি আছো ।
হস্পিতালখনৰ ভিতৰত সোমাই হে মোৰ মনটো গধুৰ হৈ আহিল । গাটো বেয়া লাগি আহিল । এনেকৈয়ে এদিন মোক মা বা আৰু ৰাজু দায়ে লৈ গৈছিল । দিনটো আজিও মনত সজীৱ হৈ আছে মনত । একেই মানুহৰ ভিৰ, একেই অস্থিৰতা । নাই নোৱাৰোঁ মই । এই পৰিবেশটো বৰ জটিল।
কি কৰিম কি নকৰিম ভাবি থাকোঁতেই তেওঁ আহিল
:তুমি বহা ইয়াতে, মই কথা পাতি আহোঁ ।
ভালেই পালো । মোৰ এতিয়া কাৰো লগতে কথা পতাৰ শক্তি নাই।অনিৰুদ্ধই মোৰ ফোনৰপৰা ৰিপোৰ্ট খিনি নিজৰ ফোনটোত লৈ অনুসন্ধান কক্ষৰ ফালে আগবাঢ়িল।অসংখ্য মানুহৰ ভিৰ । বহিবলৈ ঠাই নাছিলেই । যেনেতেনে চকী এখন পাই বহিলো । হস্পিতালৰ এই গোন্ধটো মোৰ একেবাৰেই সহ্য নহয় ।বমি বমি ভাৱ আহে । হাজাৰ হাজাৰ মানুহৰ ভিৰত কিমান যে মুখ দেখিবলৈ পাওঁ । অস্থিৰ, বিমৰ্ষ, কাৰোবাক হেৰুৱাৰ ভয় নাইবা নতুন জীৱন পোৱাৰ আনন্দত পাৰভাঙি বৈ অহা চকুলোৰ নৈ । কোনোটো বস্তুৱেই মই সহিব নোৱাৰোঁ । মোক অতিমাত্ৰা সুখ নাইবা দুখ দুয়োটাই জোকাৰি যায় । মই পলাব খোজো । দৌৰি দৌৰি যেন আঁতৰি যাম । প্ৰথমবাৰ থুপুক যেতিয়া স্কেনিং মেছিনটোৰ পৰ্দাত দেখিছিলোঁ, তেতিয়াও এনেকুৱাই হৈছিল মোৰ । সুখী দুখী একোৱেই হোৱা নাছিলো । বমি হৈছিল মোৰ । ওচৰত ৰৈ থকা বাৰ চকুলো দেখিছিলোঁ । মা সেইদিনাও আঁতৰতে ৰৈছিল । ডক্টৰ সুপৰ্ণা তেওঁৰ বান্ধৱী । সকলো ইতিমধ্যেই আলোচনা কৰিয়েই থোৱা আছিল
থুপুক দেখি তেওঁ মাত্ৰ দামী ফ্ৰেমৰ চছমাযোৰ এবাৰ খুলি ৰুমালেৰে চাফা কৰি আকৌ পিন্ধিছিল ।ডাক্তৰক মাত্ৰ তেওঁ সুধিছিল
:সৱ ঠিকে আছেতো ? কিবা কপ্লিকেছন আছে নেকি ?
:ব্লাড টেষ্ট কৰিব লাগিব । বেবীৰ গ্ৰউথ ঠিকেই দেখিছোঁ । কিন্তু মাকৰ হেলথ ভাল দেখা নাই । অলপ সাৱধান হোৱা উচিত । খোৱাত যত্ন ল’ব লাগিব । মই ডায়েট লিখি দিছোঁ।বাকী মেডিছন দিছোঁ ।
সেইদিনাৰ পৰা মই বেলেগ এজনী মানুহ হৈ পৰিছিলোঁ । সৰুকৈ দেখা ক’লা সেই অবয়বটো, ধুক ধুক কৰি থকা শব্দটো । বাৰ ঘৰলৈ ঘূৰি আহিও মই আকৌ এবাৰ বাথৰুমত গৈ বমি কৰিছিলোঁ । মায়ে ৰাজুদাক লগত লৈ বজাৰ কৰি আনিছিল । বাৰ সৰু ঘৰটো বস্তুৰে ভৰি পৰিছিল । দুটা ৰূমৰ ঘৰটোৰ এটা কোঠা মোক দিছিল । মই কলিকতালৈ ঘূৰি যাবৰ বাবে উৎপাত কৰিছিলোঁ । কিন্তু নোৱাৰিলোঁ।কোনেও নুশুনিলে মোৰ কথা ।
বায়ে বাৰে বাৰে নিজৰ শপত দি মোক ব্লেকমেইল কৰিলে।আৰু মই ৰৈ গৈছিলো । সেইদিনা ৰাতি মা মোৰ সৈতে শুইছিল ।
:মাজু, মই কাইলৈ গৈ সৱ মেনেজ কৰি আহিম।তই চিন্তা কৰিব নালাগে । পৰীক্ষা দিবলৈ মই লৈ যাম তোক । আৰু ফাইনেল চেমিষ্টাৰৰ আগত তই ফ্ৰী হৈ যাবি ।
:ফ্ৰী ?
:তোৰ ডেলিভাৰী ডেটৰ পৰা প্ৰায় দুমাহ থাকিব পৰীক্ষালৈ ।
:সৱ হিচাপ কৰিয়েই পেলালা তুমি ? লাভ হৈছে নে?কিমান লাভ হৈছে ?
:কি বকিছ এইবোৰ ?
:I hate you. I just hate you.
:মাজু,মোৰ কথা শুন ।
:নুশুনো, কাৰো কথা নুশুনো মই । কিয় শুনিম । মোৰ কথা শুনিছিলা নে কেতিয়াবা ? এবাৰ গৈছিলা মোক চাবলৈ, ইমান বছৰত এটা ফোন কৰিছিলা ? আজি বাৰ কাৰণে তুমি সৱ চম্ভালি লব পৰিছা,সৱ কৰিব পাৰা তুমি তাইৰ কাৰণে । মোৰ কাৰণে কিয় নোৱাৰা ?
:নিজে মাক হ’লে বুজি পাবি ।
:মাকবোৰ যদি তোমাৰ নিচিনা হয়, তেন্তে মই তেনেকুৱা মাক হোৱাৰ আগতেই মৰি যাম ।
ঠাঁচ !!
সজোৰে মোৰ গালত মায়ে চৰ মাৰি দিছিল । বিচনাত বহি থকা মই কোনোমতে মূৰৰ শিতানৰ খুঁটা এটাত ধৰি ৰৈছিলোঁ ।
:চুপ,একদম চুপ ।
:নাথাকোঁ মই চুপ।কিমান মাৰিবা, মাৰা না আৰু মাৰা ।
:কি কৰিম বুলি ভাবিছিলি তই মাজু ? এনেকৈ ঘূৰি ফুৰিলিহেঁতেন ৰাস্তাই ঘাটে ? আৰু চিনেমাত দেখুৱাৰ দৰে একদম আৰামত তোৰ এটা ধুনীয়া কেঁচুৱা হৈ গ’লহেঁতেন ? ফিল্ম নহয় বুজিছ ? ৰিয়েল লাইফ এইটো । তোক প্ৰেগনেণ্ট কৰি যে গুচি গ’ল,সেইটোৱে কিবা খবৰ লৈছে ? খৰছ দিব ? বিয়া পাতিব তোক ?
:কিয় পাতিব ? মই হ’লেও কিয় পাতিম । তোমাৰ নিচিনা বিয়া পাতি নিজৰ লগতে লোকৰ লাইফ বৰবাদ কৰাৰ ইচ্ছা মোৰ নাই । মই মান Shallow নহয় যে প্ৰেগনেণ্ট বুলি কৈ কাৰোবাৰ ভৰিত পৰি মোক বিয়া পাতিবলৈ ক’ম । দৰকাৰ হ’লে আনৰ ঘৰত বাচন ধুই খাম, কিন্তু নিজৰ দমত চলিম । কাৰোবাৰ দয়া মোক নালাগে । তোমাৰো ।
আমাৰ তৰ্ক শুনি সিটো ৰূমৰ পৰা দৌৰি আহিছিল বা ।
:মা প্লিজ, এতিয়া অন্ততঃ এইবোৰ বাদ দিয়া ।
মই আচৰিত হৈছিলোঁ । কাহানিও মাৰ সন্মুখত মাত এটা মাতি নোপোৱা বা আজি মোৰ ওচৰত থিয় দিছে।কিয় ?
কাৰণ স্বাৰ্থ আছে । তাইৰ নিজৰ লাভ আছে ইয়াত । গাৰুটো সাৱটি শুই পৰিছিলোঁ । মা গোটেই ৰাতি ৰূমতে থকা প্লাষ্টিকৰ চকী এখনত বহিয়েই কটাই দিছিল ।
******
:অনন্যা,ডক্টৰে এনেকৈ কথা নাপাতে । মানে patient আহিব লাগিব ।
অনিৰুদ্ধৰ হতাশ মুখ খন দেখি সকলো বুজিলোঁ ।
:একোৱেই নকয় নেকি ?
:বহুত ভিৰ আছে আজি । এনেকৈ কথা পাতিবলৈ সময় নাই তেওঁৰ ।
:হিবাই বৰ আশা কৰি আছে । কি বুলি কম এতিয়া ?
:Tell her the truth, we have tried right ?
অনিৰুদ্ধক তাতে এৰি আকৌ এবাৰ ৰিছেপছনত থকা মানুহগৰাকীৰ ওচৰ পালোগৈ।বহুত জোৰ কৰাৰ পাছত তেওঁ Appointment দিলে । এহেজাৰ টকা উলিয়াই দিলোঁ । Neurology ৰ ডক্টৰ Dr মুৰলি কৃষ্ণৰ ৱাৰ্ডৰ সন্মুখত ৰৈ আছোঁ,কাষত অনিৰুদ্ধ ।
:You can go inside.
ডক্টৰক ৰিপোৰ্ট খিনি দেখুৱাই পৰিস্থিতিটো বুজালো । কিন্তু সিমান একো লাভ নহ’ল । তেওঁ সঠিককৈ একো ক’ব নোৱাৰিলে । মাত্ৰ যিমান সোনকালে পাৰে লৈ আনি এডমিট কৰিবলৈ কৈ আমাক বিদায় দিলে । আৰু কথা দিলে তেওঁ যিমান পাৰে সহায় কৰিব । লগতে খৰছৰ ক্ষেত্ৰতো বেছি চিন্তা কৰিবলৈ মানা কৰিলে । ওলাই আহোঁতে অলপ সকাহ পালোঁ । লগে লগেই হিবাক ফোন কৰিলোঁ।
:So now ?
:মানে ?
:তোমাৰ কাম হৈ গ’ল ।
:হমম ।
:Then get rid of this !
মোৰ চিন্তাত থুপ খাই থকা চেলাউৰী ডাল চুই দি তেওঁ ক’লে ।
দুয়ো ওলাই আহিলো,সময় তেতিয়া চাৰে এঘাৰ ।
:কি খাবা কোৱা ?
:কিবা এটা হ’লেই হ’ল ?
:খিছিৰি খুৱাম, হ’ব ?
তেওঁ যেনেকৈ কৈছিল, সঁচা বুলিয়েই ভাবি লৈছিলোঁ ।
:খিছিৰি ?
:তুমিতো যি দিলেও খাম বুলি কৈছা । সেইকাৰণে ভাবিছোঁ, ব’লা ঘৰলৈ ঘূৰি যাওঁ,মই খিছিৰি বনাই খুৱাম তোমাক ।
:কাৰ ঘৰলৈ ?
:মোৰ ।
তেওঁ হঠাৎ কোৱা কথাটোত ৰঙা পৰি গ’লো ।
:ধেমালি কৰিছোঁ । ইমান ভয় কিয় খাইছা ?
:মই ভয় নাইকৰা ।
:সঁচা?
তেওঁ গাড়ীখন হঠাৎ ব্ৰেক মাৰি দিলে । ছানগ্লাছযোৰ খুলি মোৰ চকুত চকু থৈ সোধা কথাটোত কঁপি উঠিলো । একো উত্তৰ দিব নোৱাৰি মাত্ৰ অঁকৰা লাগি চাই আছোঁ সেই প্ৰশ্নৰে ভৰা তিৰবিৰাই থকা চকু দুটালৈ । একেবাৰেই প্ৰস্তুত নহয় মই । তেনেকৈ সুধিলে আৰুৱেই একো ক’ব নোৱাৰোঁ মই । তেওঁ বুজি পালে
:এতিয়া ভয় লাগিছে ?
:হাঁ ?
:Damn, don’t look so cute with this big eyes!
মুখখন ঘূৰাই বাহিৰলৈ চালো । তেওঁৰ গাড়ী এইবাৰ আগতকৈ বেছি স্পীডত আগবাঢ়িল । সোনকালেই আমি বেংগালুৰুৰ ব্যস্ত ট্ৰেফিক পাৰ কৰি মুকলি ৰাস্তাত উঠিলোঁ । গাড়ীত বাজি থকা মৃদু সংগীত, বতাহে কঢ়িয়াই অনা অনিৰুদ্ধৰ চিনাকি সুবাস, আৰু অকণমান ভাললগাই চুই গৈছে মোক । ক’লৈ গৈছোঁ সুধিবলৈ মোৰ আজি একেবাৰেই মন যোৱা । লক্ষবিহীন যাত্ৰাৰো থাকে এক সুকীয়া মাদকতা ।
বতাহৰ বাটেৰে গৈ ৰামধেনুৰ ৰং বুটলাৰ হেঁপাহ।লগত অনিৰুদ্ধ ।
মুখখন ঢাকি ৰখা চুলিখিনি তেওঁ আঙুলিৰে আঁতৰাই দিলে,
:মোৰ disturb হৈছে ন ।
হাঁহি উঠে তেওঁৰ সৰু সৰু ধেমালিবোৰত । গাড়ীখন গৈ এইবাৰ এটা ধুনীয়া ৰিজৰ্টৰ সন্মুখত ৰ’ল । ফুল আৰু সেউজীয়াৰ মাজৰ ইজিপ্তীয়ান
সভ্যতাৰ আৰ্হিত বনোৱা ঠাইকণ । সোমাই যাওঁতেই এক মায়াময় পৰিবেশত সুমাই পৰা যেন লাগে । বৰ বেছি ভিৰ নাই । আমাৰ বাবে আছুটীয়াকৈ ৰখা টেবুলখনলৈ আমাক আগবঢ়াই নিয়া হ’ল । বুজি পালো যে অনিৰুদ্ধই আগতেই সকলো ঠিক কৰি থৈছিল । মোৰ বাবে চকী এখন টানি তেওঁ সন্মুখত বহিল ।
:I was just waiting for this day.
একো নক’লো । আজি তেওঁৰ বাবে বিশেষ দিন । মোৰ সান্নিধ্যই যদি তেওঁক সুখী কৰে, সেই সুখ দিবলৈ মই বেয়া নাপাওঁ । তেওঁৰ বাহিৰেনো মোক এনেকৈ কোনে বিচাৰে ?
:অনন্যা ।
:হমম ।
:মোৰ গিফ্ট ক’ত ?
মোৰ ওচৰত একো নাই তেওঁক দিব পৰাকৈ । আগতে জনাও নাছিলোঁ, আৰু ৰাতিপুৱা সময়েই নিমিলিল ।
:ছ’ৰী,একো আনিব নোৱাৰিলোঁ মই ।
তেওঁ মুখ খন sad smiley টোৰ দৰে কৰি দেখুৱালে ।
:কি লাগিব ?
:যি খোজো তাকে দিবা ?
:দিব পৰা বস্তু হ’লে দিম ।
তেওঁ নিজৰ বাওঁহাত খন মোলৈ আগবঢ়াই দিলে ।
:I need you Ananya. এতিয়াও বুজি পোৱা নাই ?
:অনিৰুদ্ধ, ইমানদিনে আপুনিওতো মোক বুজা নাই ।
:মই ?
:উম আপুনি ।
:কি বুজা নাই মই ?
:মোৰ বহুত দায়িত্ব আছে অনিৰুদ্ধ । মোৰ জীৱনটো ইমানতো সহজ নহয় ।
:মই জানো ।
:তেন্তে বুজা নাই কিয় ?
:Enough Ananya. মই তোমাৰ পাকলগা জীৱনত আৰু বেছি প্ৰব্লেম দিবলৈ অহা নাই । মই মাত্ৰ বিচাৰো তুমি মোক তোমাৰ প্ৰব্লেমবোৰ খুলি কোৱা, আমি দুয়োটা মিলি কিবা এটা সমাধান উলিয়াবতো পাৰিম ন ।
:Its not that simple Anirudh.
:Oh cut the crap Ananya. কি ইমান দুখ তোমাৰ ময়ো শুনো। I am just fed up now.সদায় সদায় একেটাই কথা ।
তেওঁৰ মাতটো জোখতকৈ ডাঙৰ । ওচৰত বেলেগ টেবুল নাই যদিও অৰ্ডাৰ ল’বলৈ অহা ল’ৰাজন তেওঁৰ চিঞৰ শুনিয়েই আঁতৰি গুচি গ’ল ।
:ইমান সৰু কথাতে আপোনাৰ ইমান খং উঠিছে, যেতিয়া সৱ সঁচা কথা গম পাব তেতিয়া কি কৰিব আপুনি ?
সমান জোৰত ময়ো উত্তৰ দিলোঁ । খং কেৱল তেওঁৰহে আছে নেকি।মোৰো আছে । তেঁওতকৈ বহুত বেছি ।বহুত বহুত বেছি ।
:সঁচা কথা কোৱাৰ সাহস আছে তোমাৰ ? যদি আছে ইমান দিনে কোৱা নাই কিয় ? কিয় টানি আছা ?
:শুনক তেন্তে, নিচাত ডুবি অচিনাকি কাৰোবাৰ লগত ভাৰ্জিনিটি লুজ কৰি প্ৰেগনেণ্ট হৈ গ’লো । আৰু সেইয়া কিয় হ’ল কেনেকৈ হ’ল মোৰ পিছদিনা ৰাতিপুৱালৈকে মনতেই নাছিল । And now I have a child. এতিয়া কওক আপুনি মোক ভাল পায় । কওক না । Do you still need me ? এতিয়াও মন যায় মোক লৈ ভৱিষ্যতৰ সপোন দেখিবলৈ ? এতিয়াও মন যায় মোক সাৱটি
ল’বলৈ ?
খঙত নে দুখত ফোঁপাইছোঁ মই নিজেও নাজানো । ভাল লগা মুহূৰ্তবোৰ নিমিষতে বিষময় হৈ উঠিল ।অনিৰুদ্ধৰ চকু কেইটা জুইৰ দৰে জ্বলিছে । ঘন ঘন উশাহৰ শব্দ । টেবুলত থকা পানী গিলাছ একে বাৰতে গিলি থ’লে তেওঁ ।
আৰু তাৰ পাছত…
( আগলৈ )
Note - Next Part Coming Soon
-------------------------------------------------------------------------------------------------------------------------------------------------------
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )