Ads Area

Horoscope Today | ৩ May ৰাশিফল

দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আজিৰ ৰাশিফল ।

মেষ : সম্পৰ্কত আপুনি নিবিচাৰিলেও কিছুমান সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব । কৰ্মক্ষেত্ৰ আৰু আৰ্থিক দিশত শুভ ।

Digital Assam

বৃষ : আজি নতুন সম্পৰ্ক তৈয়াৰ হ’ব পাৰে । নতুন যোগাযোগ স্থাপন কৰাৰ সুযোগ আছে । কনষ্ট্ৰাকচনৰ ব্যৱসায় থকাসকলৰ বাবে দিনটো শুভ ।

মিথুন : আজি সম্পৰ্কটো অব্যাহত ৰখাৰ দিন। কিন্তু আজি, আপোনাৰ বিষয়ে যথেষ্ট বিতৰ্ক হ'ব পাৰে ।

কৰ্কট : সংগী আৰু পৰিয়ালৰ ফালে মনোযোগ দিব লাগিব । সন্তানৰ সৈতে সময় কটাওক । আপুনি কৰ্মক্ষেত্ৰত অধিক মনোযোগী হ’ব ।

সিংহ : স্বাস্থ্যকৰ ডায়েট মানি চলক। একাধিক সম্পৰ্কৰ মাজত এটা বাচি ল’বলৈ সমস্যাত পৰিব। কৰ্মক্ষেত্ৰত উচ্চপদস্থসকলৰ কথা মতেই চলিব লাগিব ।

তুলা : আপুনি শাৰীৰিকভাৱে সমৰ্থ থকাৰ ফলত যিকোনো কামত মন দিব পাৰে । সম্পৰ্কতো এই সতেজতা থাকিব । কৰ্মক্ষেত্ৰত আত্মবিশ্বাসী হ’ব ।

বৃশ্চিক : শাৰীৰিকভাৱে কোনোৱে আপোনাক প্ৰভাৱিত কৰিব । আপোনাৰ প্ৰতি খুবেই মনোযোগ দেখুওৱা কাৰোবাক বিচাৰি পাব পাৰে । আপুনি কঠিন পৰিশ্ৰম কৰিলেও তাৰ মূল্য নাপাব ।

ধনু : আপুনি অত্যধিক পৰিশ্ৰম কৰিছে, চেষ্টা কৰক বিশ্ৰাম লোৱাৰ । আপুনি সঠিকভাৱে পৰিয়ালক সময় দিব পৰা নাই । কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা সফল হ’ব ।

মকৰ : আপোনাৰ বৰ্তমান মানসিক আৰু শাৰীৰিকভাৱে যথেষ্ট সমৰ্থ আছে । আপোনাৰ হাতত এই মুহূৰ্তত বহু কাম, কিন্তু চিন্তা কৰিবলগীয়া নাই, সেইবোৰ পূৰণ কৰিবলৈ আপুনি বহু সময় পাব ।

কুম্ভ : আজি সংগীৰ সৈতে সময় কটোৱাৰ বাবে ভাল দিন । কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন ঘটিব পাৰে ।

মীন : আজি এলাৰ্জীৰ সমস্যাত ভুগিব পাৰে । ছিৰিয়াছ সম্পৰ্কত সোমাব বিচাৰিলে এয়াই শ্ৰেষ্ঠ সময় ।

কন্যা : মানসিকভাৱে কিছু পৰিশ্ৰান্ত হ’ব । আপোনাৰ চাহিদা আৰু প্ৰয়োজনীয়তাৰ কথা আপোনাৰ সংগীক বুজাই কওক। নতুন উপাৰ্জনৰ সুযোগ পাব পাৰে ।

Post a Comment

0 Comments
close