Ads Area

Aabir Love Story Part 13

অনিৰুদ্ধৰ চকু কেইটা জুইৰ দৰে জ্বলিছে । ঘন ঘন উশাহৰ শব্দ । টেবুলত থকা পানী গিলাছ একে বাৰতে গিলি থ’লে তেওঁ ।
আৰু তাৰ পাছত…
উঠি আহিল নিজৰ ঠাইৰপৰা…
মোৰ ওচৰলৈ, আৰু ওচৰলৈ….
তেওঁৰ চকু দুটা তেতিয়াও মোৰ চকুত ৰৈ আছে, দীঘল পলক যেন জাপ খাবলৈ পাহৰি গৈছে..
ভয় লাগিছে প্ৰথমবাৰ, কি হ’ব ইয়াৰ পিছৰ মুহূৰ্তত…


ডিঙিটো শুকাই গৈছে মোৰ… কাণ দুখন গৰম, তেজবোৰ যেন গোট মাৰি বৰফ হৈ গৈছে..
বহাৰ পৰা নিজেই উঠিলোঁ.. সন্মুখত অনিৰুদ্ধ, একেবাৰেই ওচৰত..মই কিবা বুজি পোৱাৰ আগতেই, অনিৰূদ্ধই সজোৰে টানি নিলে মোক নিজৰ আৰু বেছি ওচৰলৈ । কঁকালৰ ভাজত তেওঁৰ সৱল দুহাতৰ স্পৰ্শ, চকুকেইটা ডাঙৰকৈ মেলি মাত্ৰ চাই ৰৈছোঁ, দুয়োখন হাত তেওঁৰ দুবাহুত থৈ যেনেতেনে ৰৈ আছোঁ..
:I fucking don’t care..

Aabir Love Story Part 13


অস্পষ্ট কথাকেইটাই মোৰ কলিজাত স্পৰ্শ কৰাৰ আগতেই অনিৰুদ্ধৰ দুটি ওঁঠৰ কোমল পৰশ মোৰ ওঁঠত লাগিল..
ধক !!!!!!
কি হৈছে এইয়া ?
চকুকেইটা নিজে নিজে জাপ খাই আহিল ।
তেজবোৰ গাললৈ আৰু ভালপোৱাবোৰ ওঁঠ যুৰিলৈ বৈ আহিল ।
কোমল অথচ ইমান গভীৰ এই স্পৰ্শ ।
উমি উমি একুৰা জুই জ্বলি উঠাৰ দৰে লাগিল, ঠিক যেন বৰফৰ নৈ এখনৰ কাষতেই জ্বলিছে !
চেঁচা বতাহৰ লগত অহা পুৱাৰ কোমল ৰ’দৰ দৰেই উমাল এই অনুভৱ ।
মোক মোৰপৰা আঁতৰাই আনিব পৰাকৈ ভাললগা ।
ৰৈ ৰৈ বৈছে উশাহৰ নৈ…
অনিৰুদ্ধৰ বুকৰ পৰা মোৰ বুকুলৈ…
পুৰুষৰ স্পৰ্শত প্ৰেমৰ উমান আজি প্ৰথম বাৰ পাইছোঁ মই..
ভাল লগাৰো এটা সীমা থকাৰ প্ৰয়োজন নেকি ???

:I am sorry ! I didn’t know how to express..

কাণৰ কাষত বিৰিবৰাই কোৱা অস্ফুট কথাবোৰ মোৰ বাবে একেবাৰেই নতুন । চকু মেলি চাবলৈ কিবা এটা লাজ লাগিছে মোৰ । তেওঁক লাহেকৈ ঠেলি দিলোঁ । কঁকালৰ পৰা হাতদুখন আঁতৰাই নিলে তেওঁ..
:Hey, you okay ?

চলচলীয়া চকুৰে মোৰ ফালে চাই থকা অনিৰুদ্ধক মই আৰু বেছি দেৰি চাই থাকিব নোৱাৰিম ।
:Excuse me..
পিছলৈ এবাৰো ঘূৰি নোচোৱাকৈ মাত্ৰ তাৰপৰা পলাইছো মই । ৱাছৰূমৰ দৰ্জাখন খুলি সুমাই যোৱালৈকে মই কেনেকৈ আহিলোঁ গমেই নাপালোঁ । লাইন কৈ থকা বেচিনবোৰৰ সন্মুখৰ দীঘল আইনাখনত নিজকে চালোঁ । কোনোবাই যেন গালে মুখে সেন্দুৰ এখিনিহে সানি দিছে।শেঁতা পৰা মুখ খনত ইমান ৰং কেতিয়াও দেখা নাছিলোঁ ।
অনিৰুদ্ধক ভালপোৱাৰ ৰং নেকি এইবোৰ ?
নতুন কৈ জী উঠাৰ ৰং নেকি এইবোৰ ?
কিছুদেৰিৰ আগতে যি হৈ গ’ল,তাৰবাবে মই সাজু আছিলোঁ নে নাই নাজানো, হয়তো অনিৰুদ্ধও নাছিল ।
আবেগিক মুহুৰ্তৰ ভুল নে অপাৰ ভালপোৱাৰ বাঙ্ময় প্ৰকাশ মই নাজানো, নুবুজো ।
একাজলি পানী ছটিয়াই দিলোঁ ৰঙা পৰি থকা মুখ খনত । সুখ দুখৰ এনেকুৱা মূহুৰ্তত মই এনেকুৱাই কৰোঁ । ৰৈ থাকিলোঁ তাতে, চাই থাকিলোঁ নিজকে…
কিন্তু কিমান দেৰি লুকাই থাকিম ?
আকৌ এবাৰ অনিৰুদ্ধৰ লগত কেনেকৈ মুখামুখি হ’ম ?

যিমান পাৰোঁ লাহে লাহে আহিছোঁ, আঁতৰৰ পৰা দেখিলো তেওঁ ৱেইটাৰ জনৰ লগত কথা পাতি আছে, মই ওচৰ পোৱাৰ লগে লগে
:কি অৰ্ডাৰ কৰিম ?
কেনেকৈ ইমান সহজ হৈ আছে তেওঁ?মই চোন পৰা নাই ।
:Ananya,are you alright ?
:হমম ।
:কিবা এটা অৰ্ডাৰ কৰা ।
:Anything is fine for me.
পেটলৈ একো নাযায় মোৰ এতিয়া । তেওঁ কি অৰ্ডাৰ দিলে সেইয়াও মোৰ কাণত সোমোৱা নাই । মূৰত একেটা কথাই ঘূৰি আছে এতিয়াও । কঁকালৰ ভাজত এতিয়াও লাগি আছে সেই স্পৰ্শ…


:I am really sorry…I just didnt know how to exress my love Ananaya..I just love you and nothing else matters for me. You understand it right?
:hmm
তাৰপাছত দুয়ো মনে মনেই থাকিলোঁ । অনিৰুদ্ধই বাৰে বাৰে কিবা ক’ব খুজিও ৰৈ গৈছে…
:মেম,আপকা ড্ৰিংক ।
নীলা ৰঙৰ মকটেইলৰ গিলাছটো হাতত লৈ তললৈ মূৰ কৰি মুখত ষ্ট্র ডাল লৈ ৰৈ আছোঁ । তেওঁ কি খাইছে নাখাইছে চোৱা নাই । অলপ পাছত খোৱা বস্তু আহিল । তেতিয়াও তেনেকৈয়ে থাকিলোঁ ।
:নিজে খাবা নে খুৱাই দিম ?
লাজ পাই প্লেটত কিবা অকণ লৈ চামুচ খন দি পিটিকি আছোঁ ।
:ভালকৈ খোৱা, খানা নষ্ট কৰিলে বেয়া পাওঁ মই ।
:হমম ।


বাধ্য ছাত্ৰীৰ দৰে প্লেটৰ খোৱা খিনি শেষ কৰিছোঁ । তেওঁ মাজে মাজে ইটো সিটো কথা কৈছে যদিও একো শুনা নাই মই । কেতিয়া ইয়াৰপৰা যাব পাৰোঁ তাকেই ভাবি আছোঁ।আৰু কেতিয়াও অনিৰুদ্ধৰ লগত ক’তো নাযাওঁ । কেতিয়াও নাযাওঁ ।
:আমি যাব পৰোঁনে ? 
:এতিয়াই?অকণমান দেৰি তো বহা । ঠাইখন ভাল লগা নাই তোমাৰ ?
:ভালেই ।
:তেন্তে ?
:


:Lets see the whole place.সেইফালে কি আছে চাই আহোঁ ব’লা ।
:Anirudh please, I am not comfortbale.
:With me ?
:Yeah !
:Okay fine, let’s go.
তেওঁৰ খং অভিমান এইবোৰ চাবলৈ মোৰ ইচ্ছা নাই এতিয়া।মই মাত্ৰ ইয়াৰপৰা যাব পাৰিলেই হ’ল।গাড়ীত উঠিও তেওঁ এবাৰ মোৰ ফালে চালে,মুখ খন ঘূৰাই দিলো । বতৰটো অলপ ডাৱৰীয়া । বৰষুণ জাক অহাৰ আগতে ৰূমত সোমাই ল’ব পাৰিলেই হ’ল । অহাতকৈ দুগুণ স্পীডত গাড়ী চলাইছে অনিৰুদ্ধই । উচ্চস্বৰত ইংৰাজী গান বাজিছে । তেওঁ শুনা নাই সেয়া বুজিছোঁ।মাত্ৰ কোলাহল বিচাৰিছে ।
অনিৰুদ্ধৰ আকৌ খং উঠিছে ।
মৌনতা আৰু অভিমানৰ সৈতে যাত্ৰা কৰি ৰূমৰ ওচৰ পালোহি । তেওঁ গাড়ীখন ৰখাই একো নোকোৱাকৈ বহি আছে । দৰ্জাখন তেতিয়াও লকদ ।
:কিবা ক’ব ?
:মই নকওঁ,তুমি কোৱা।কিয় এনেকুৱা কৰিছা ?
:কি কৰিলোঁ মই ?
:Ananya, please make it clear today. Do you really understand me?Do you trust me?Have you ever thought of loving me ?
:মই নাজানো ।
:Oh cut the bloody crap Ananya ! Enough is enough now. I am tired okay ?
:I am tired too Anirudh. কেনেকৈ বিশ্বাস কৰোঁ মোক আপুনি ভাল পায় বুলি?কেনেকৈ ভাবি লওঁ পুৰুষেও ভাল পাব জানে বুলি?কেনেকৈ ভাবো মোৰ জীৱনত ভাল কিবা এটাও ঘটিব পাৰে বুলি।Its not that easy for me .
:সৱ তোমাৰ কাৰণেই কিয় impossible. অলপ তো নিজৰ shell টোৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰা।
:আপোনাক কথা কৈ লাভ নাই।একো নুবুজে আপুনি ?
:মই বুজাম আজি তোমাক ব”লা মোৰ লগত ।


মোৰ উত্তৰলৈ অপেক্ষা নকৰি গাড়ী ঘূৰালে অনিৰুদ্ধই।কি হৈছে আজি আমাৰ নাজানো । থূপ খাই থকা খংবোৰ যেন সৱ আজিয়েই উজাৰি দিম দুয়োটাই । বিচাৰিলেও ঠিক কৰিব পৰা নাই একোকে।তাতে আজি তেওঁৰ জন্মদিনৰ দিনা এনেকুৱা কৰাৰ ইচ্ছা মোৰ নাছিল । কিন্তু হৈ গ’ল।উপায় নাই ।
গাড়ী যিমানেই আগবাঢ়িছে, আমাৰ খংবোৰ, অভিমানবোৰ সিমানেই বাঢ়িছে ।

এটা বুজিছোঁ, অনন্যা আৰু অনিৰুদ্ধ দুয়োটা সমানেই জেদী ।

ডাঙৰ এপাৰ্টমেন্ট এটাৰ সন্মুখত গাড়ী খন ৰ’ল।গাৰ্ড এজন আহি গেইট খুলি দিলে ।
এইটো কাৰ ঘৰ ?
গাড়ী বেচমেন্টৰ ফালে আগবাঢ়িল।নিৰ্দিষ্ট জেগাত পার্ক কৰি তেওঁ নিজে নামি আহি মোৰ ফালৰ দৰ্জা খুলি দিলে ।
:Come with me ?
:ক’লৈ আহিছোঁ আমি ?
:Do you trust me ? যদি বিশ্বাস নাই নালাগে যাব ভিতৰলৈ!থৈ আহিম তোমাক । কিন্তু মোৰ কথা খিনি তুমি আজি শুনিবই লাগিব ।
হাত এখন মোৰ ফালে আগবঢ়াই ৰৈ থকা মানুহজনক অস্বীকাৰ কৰিব নোৱাৰিলোঁ । মন্ত্ৰমুগ্ধৰ দৰে খোজ লৈছোঁ তেওঁৰ সমানে । লিফ্টত তেওঁ পোন্ধৰ নম্বৰ মহলৰ নম্বৰ টিপিলে । তেতিয়াও কোৱা নাই ক’লৈ আহিছো । লিফ্টৰ পৰা ওলাই কৰ্ণাৰৰ ফ্লেট এটালৈ তেওঁ আগবাঢ়িল । বাহিৰত লিখা আছে
“S . Anirudh”.
তাৰমানে এইটো অনিৰুদ্ধৰ ঘৰ ।
দৰ্জাত ওলমি থকা নেমপ্লেট খন দেখি বেছিয়েই ভয় লাগিছে মোৰ । কিয় আনিছে মোক ইয়ালৈ ?
দৰ্জাখন খুলি তেওঁ সুমাই গৈছে, মই তেতিয়াও বাহিৰত ।
:Come !
দিওঁ নিদিওঁ কৈ দিয়া ভৰিটো তেওঁৰ চিঞৰ শুনি ৰৈ গ’ল ।
:Right one please.
হিন্দী চিৰিয়েল চাই নেকি অনিৰুদ্ধই ?
ইমান অন্ধবিশ্বাস ।
বাওঁ ভৰিটো কোঁচাই আনিলো,তেওঁৰ মতেই হওক  । অযথা তৰ্ক কৰাৰ ইচ্ছা নাই ।
নতুন কিবা এটা অনুভৱে চুই গ’ল ।
:বহা ।

( আগলৈ )

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

Tags

Post a Comment

0 Comments
close