Ads Area

দেশৰ ৰাষ্ট্ৰপতি কেনেকৈ নিৰ্বাচিত হয় ?

১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন ৷ এই নিৰ্বাচনত ভাগ ল’ব দেশৰ সাংসদ আৰু বিধায়কসকলে । ভাগ ল’ব ৰাজ্যসভাৰ সাংসদে, লোকসভা আৰু প্ৰতিখন ৰাজ্যৰ বিধায়কে ।

Prasident

পৰোক্ষভাৱে নিৰ্বাচিত হোৱা ৰাষ্ট্ৰপতিৰ এই নিৰ্বাচনত বিধায়কসকলৰ ভোটৰ মূল্য নিৰূপিত হ’ব ৰাজ্যখনৰ জনসংখ্যাৰ ওপৰত ৷ ১৯৭১ৰ লোকপিয়ল মতে নিৰ্ণয় হ’ব বিধায়কৰ ভোটৰ মূল্য । এই সূত্ৰৰ আধাৰত উত্তৰ প্ৰদেশৰ বিধায়কৰ ভোটৰ মূল্য হ’ল সৰ্বাধিক ।

৪০৩ জন বিধায়ক থকা উত্তৰ প্ৰদেশৰ এজন বিধায়কৰ ভোটৰ মূল্য ২০৮ । সেই হিচাপত উত্তৰ প্ৰদেশত ৪০৩ক ২০৮ৰে পূৰণ কৰিলে হ’ব ৮৩,৮২৪ ।

এই বৃহৎ অংকৰ ভোটৰ মূল্য আছে উত্তৰ প্ৰদেশত ৷ একেদৰে ’৭১ৰ লোকপিয়ল অনুসৰে জনসংখ্যা কম থকা হেতুকে চিকিমৰ এজন বিধায়কৰ ভোটৰ মূল্য ৭ ।

ৰাজ্যখনত আছে ৩২ জন বিধায়ক৷ চিকিমৰ গোটেইকেইজন বিধায়কৰ ভোটৰ মূল্য হ’ল ২০৪ । ভাৰতৰ বিভিন্ন ৰাজ্যৰ সৰ্বমুঠ বিধায়কৰ সংখ্যা হ’ল ৪,০৩৩ জন ।

ভোটৰ মূল্য ৫,৪৩,২৩১ একেদৰে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকলে ৷

উভয় সদনৰ সাংসদৰ সংখ্যা ৭৭৬ । এজন সাংসদৰ ভোটৰ মূল্য ৭০৮ । সাংসদসকলৰ সৰ্বমুঠ ভোটৰ মূল্য ৫,৪৩,২০০ ।

উল্লেখ্য যে দেশৰ বিধায়ক আৰু সাংসদসকলৰ ভোটৰ মূল্য হ’ল ১০,৮৪,০০০ ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ নিয়ম অনুসাৰে প্ৰাৰ্থী জয়ী হ’বলৈ লাগিব ৫০ শতাংশ ভোটৰ বেছি এই হিচাপত দেখা যায়,

বৰ্তমান ndaৰ পক্ষত আছে ৪৮ শতাংশ ভোট, upaৰ ২৪ শতাংশ, tmcৰ ৫.৪ শতাংশ, ysrৰ ৪ শতাংশ, bjdৰ ২.৮৫ শতাংশ, lfৰ ২.৫০ শতাংশ । এই পৰিসংখ্যাই দেখুৱাইছে দ্ৰৌপদী মূৰ্মুৰ বাবে এতিয়াও প্ৰয়োজন আছে ২ শতাংশৰ অধিক ভোট ।

কিন্তু মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টী, ysrৰ জগমোহন ৰেড্ডী, bjdৰ নবীন পাটনায়ক, বিহাৰৰ জিতৰাম মাঝিৰ লগতে ঝাৰখণ্ড মুক্তি মৰ্চাই দ্ৰৌপদী মূৰ্মুক ভোট প্ৰদান যে কৰিব তাৰ ইংগিত ইতিমধ্যে পোৱা গৈছে ৷

এনে প্ৰেক্ষাপটত বিৰোধী প্ৰাৰ্থী যশোৱন্ত সিনহাৰ পৰাজয় একপ্ৰকাৰ নিশ্চিত হৈছে ৷

Post a Comment

0 Comments
close