Ads Area

Vet Ambulance: পশু চিকিৎসাৰ বাবে মুকলি 'পশুধন সাৰথি' নামৰ এম্বুলেঞ্চ সেৱা

অসমত পশুধনৰ বাবে মুকলি হ'ল ভ্ৰাম্যমান এম্বুলেঞ্চ । 'পশুধন সাৰথি' নামেৰে নামাকৰণ কৰা হৈছে এই  এম্বুলেঞ্চ (Ambulance) সেৱাৰ । ১৬খন জিলাত ১৬খন এম্বুলেঞ্চ প্ৰদান কৰি পশু চিকিৎসাৰ ক্ষেত্ৰত অসম চৰকাৰে এই নতুন পদক্ষেপৰ শুভাৰম্ভণি কৰে ।

Vet Ambulance

এই অনুস্থানত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী অতুল বৰা (Atul Bora), পশুপালন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া । অনুস্থানৰ মাজতে ১৩ জনক অসম চৰকাৰৰ পশু চিকিৎসা বিভাগত ক্ষেত্ৰ সহায়ক হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰে । আনহাতে ৩৭৮ জনক প্ৰশিক্ষণ দি থকা হৈছে আৰু অতি সোনকালে নিযুক্তি দিয়া হ'ব বুলি কয় মন্ত্ৰী অতুল বৰাই । ১৫৯ জন ডাক্তৰ নিযুক্তি কৰা হ'ব ।
এই নতুন পশুধন সাৰথি (Pashudhan Sarathi) সেৱা বিনামুলীয়া হ'ব । পশুধন নিগম আৰু পশু চিকিৎসালয়ত কৰ্মৰত কৰ্মচাৰীক বান শেষ নহোৱালৈকে ছুটী দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিছে মন্ত্ৰীগৰাকীয়ে ।

Post a Comment

0 Comments
close