Ads Area

Abir Love Story 17 | Published by Indranee Sharma

দেওবাৰৰ দিনাও সোনকালেই সাৰ পালোঁ । ৰাতিটো এবাৰো ফোনটো অন কৰা নাই । কিজানি অনিৰুদ্ধই ফোন কৰে । এতিয়াও নকৰোঁ । ৰূমতে অলপ কিবাকিবি Excercise কৰি গা ধুলো । আজি আয়ুৰ লগত ঘৰ চাবলৈ যাম । সেইটোক উঠাবলৈ আছেই । কুম্ভকৰ্ণৰ নাতিয়েক সেইটো । ইমান কেনেকৈ শুব পাৰে নাজানো । ফোনটো ভয়ে ভয়ে অন কৰিলো । অনিৰুদ্ধৰ সেই মেছেজটোৰ পিছত ফোন বা মেছেজ একো নাই ।

Abir Love Story 17 | Published by Indranee Sharma


অলপ আচৰিত হ’লো ।
ফোনটো বিচনাতে থৈ ব্ৰেকফাষ্ট কৰিবলৈ ওলাই গ’লো ।
দেওবাৰে সদায় পুৰি আৰু আলুৰ চবজি থাকে । ভাল পাওঁ খাই । লগত একাপ চাহ । ইডলি দ’ছা খাই খাই মাজতে এইটো ব্ৰেকফাষ্ট মোৰ ভাল লাগে । আচলতে ককাৰো প্রিয় এইটো । আইতাই হেনো সৰু সৰু আলুগুটি জিৰা আৰু জনী দি গৰু ঘিঁউত ভাজিছিল । লগত ফুলা ফুলা লুচী । ককাই কওঁতেও মুখ খন পোহৰ হৈ যায় । আইতা হেনো অন্নপূৰ্ণা আছিল । কোনো মানুহকে শুদা মুখে ঘূৰাই নপঠিয়াই । গাঁৱৰ মানুহে ভালকৈ এসাজ খাবলৈ সদায় আমাৰ ঘৰলৈকে আহিছিল । ককাই আইতাৰ হাতৰ জুতি বৰ ভাল পাইছিল । বিশেষকৈ লুচী আৰু আলুৰ ভাজিখন । ককা ইয়ালৈ আহিলে ময়ো বনাই খোৱাম । খাই বৈ আজৰি হৈ আয়ুলৈ ফোন কৰিলোঁ ।
:কি হ’ল?হুবলে দে ।
:হুবলে নহয়, শুবলৈ দে । নিদিওঁ যা । ঘৰ চাবলৈ যাম বুলি কৈছিলোঁ মনত নাই নেকি তোৰ ?
:যা আকৌ নিজে মোৰ মাথাটো কেলে খাইছ ? বয়ফ্ৰেণ্ডটোক মাত ।
এইটোৰ বেছি বেছি কথা অলপ । আৰু বয়ফ্ৰেণ্ড কোন ?
:কোন বয়ফ্ৰেণ্ড ?


:মই যেনিবা নাজানোঁ হে । বুৰ্বক পাইছ ? ফোন থ ।
কাটিয়েই দিলে । তাৰমানে গপ লাগিছে । কিন্তু কিয় বা ? বেগটো লৈ খোজকাঢ়িয়েই তাৰ ৰূমৰ ফালে খোজ ল’লোঁ । ওলাই মেলি আহোঁতে দহটা বাজিবৰ হ’লেই । ঘৰৰ মালিকক মই দহটাতে চাবলৈ আহিম বুলি কৈছিলো । কেইবাবাৰো ফোন কৰিলত সি নামি আহিল । ব্ৰাছ ও কৰা নাই । ঠেলি হেঁচি আকৌ ঘূৰাই পঠিয়ালোঁ । নোধোৱা গাটোত এসোপামান পাৰ্ফিউম মাৰি সি নামি আহিলে । দুয়োটা তাৰ বসন্তীত উঠি ঘৰ চাবলৈ ওলালোঁ । সি মোৰ লগত বেছি কথা নাইপতা । হিবাই তাক ডক্টৰৰ লগত হোৱা কথাবোৰ কৈছেই । মই ককাৰ লগত কথা পাতিলোঁ বুলি কোৱাত সি অকণমান গলিল ।
:আয়ু, হিবাক সঁচাকৈ ভাল পাৱ তই ?
:পাওঁ, কিন্তু তাই নাপায় ।


:কেনেকে জানিলি ?
:তহঁতৰ দিল তো চাফ নহয় । সৱ ছোৱালী একেই ।
তাৰ মূৰটোত লাহেকৈ ঠেলা মাৰি দিলোঁ । এনেকৈ কথা ক’লে মোৰ বৰ খং উঠে ।
:তাইক মোমায়েকে ক’লে বুলিয়েই বিয়া পাতিব নেকি ? মোৰ আগত কান্দি দেখাইছিলে বৈদ্য গালি দিছোঁ ।
:তাইৰ উপায় নাই অ’ । কেলেনো গালি পাৰিলি ? পইচাৰ টনাটনি, ভায়েকৰ এইটো অৱস্থাত কি কৰোঁ কি নকৰোঁ হৈছে তাই ।
:বিয়া পাতিলে ভায়েক ভাল হৈ যাব নেকি ?
:নহয় । মই কালি বুজাইছোঁ । তায়ো বুজিলে । ককাই পইচা অলপ দিব । এতিয়া সেইখিনিৰে চলি যাব লাগে । তাই পিছত অলপ অলপকৈ ঘূৰাই দিম বুলি কৈছে।সৱ ঠিক হৈ যাব । তই নিজেও অলপ দায়িত্ব ল’বলৈ শিক আৰু । প্ৰেম কৰিলেই নহয়তো । তাইক ভাল কিবা solution এটা দিব পাৰিলি জানো ?
আয়ু মনে মনে থাকিল । তাৰ খংটো বেছি । ফতকৈ নাইকীয়াও হৈ যায় বাৰু ।
:অনিৰুদ্ধই ভাল পাঠ দিছে তোক । ছোৱালী জনী ভাল হৈছ । মাল খাবলৈও এৰিছ ন ।
অনিৰুদ্ধ আকৌ ক’ৰপৰা আহিল ।
:কালি নাইখোৱা অকল ।
:কি যে ঘৈণীয়েক এজনী পাব বেচেৰাই ।
:মই যে কেতিয়াও বিয়া নাপাতো ।
:ময়ো চাম ৰহ ।
এইবাৰ দুয়োটাই হাঁহিলো । বহুদিনৰ মূৰত আমি দুটা এনেকৈ ওলাই আহিছোঁ । অনিৰুদ্ধক মই ভাল পাবলৈ হয়তো আৰম্ভ কৰিছোঁ, কিন্তু আয়ু মোৰ বাবে যেন মোৰ ঘৰ, য’ত মই ‘মই’ হৈ থাকিব পাৰোঁ ।মুক্তমনেৰে হাঁহিব পাৰো, কান্দিব পাৰোঁ, মদ চিগাৰেটৰ নিচাৰ মাজতো নিৰাপদ অনুভৱ কৰোঁ । এইটো নাথাকিলে মোৰ কি হ’ব ময়ো নাজানো । আজিও মনত আছে সেই দিনটো । থুপুৰ তেতিয়া তিনিমাহ । এৰি থৈ আহিবলৈ বাধ্য কৰোৱা হৈছিল মোক । মা বা আৰু ৰাজুদাদা সৱ মিলি কৰিছিল এই ষড়যন্ত্ৰ ।
:মাজু, তই এনেকৈ ইয়াতে থাকিলে সি কেতিয়াও মোৰ লগেই নল’ব । মই তাক বহুত মৰমত ৰাখিম মাজু । তই যাব লাগিব ।

ৰাতি ভাতৰ টেবুলত বায়ে এসাগৰ চকুৰপানী লৈ কৈছিল । ভাতে বুকুত খুন্দা মাৰি উশাহ ল’ব নোৱাৰা হৈছিলোঁ মই । সৱ বুজিছিলোঁ । আগদিনা মা কিয় আহিছিল তালৈ সেইয়াও বুজিছিলোঁ । মই দুদিনমান আগত কলিকতাৰ পৰা ফাইনেল পৰীক্ষা দি ঘূৰি গৈছোঁ মাত্ৰ । মা মোৰ লগতেই আছিল । আচৰিত ধৰণেৰে কলেজত কোনেও মোক একো প্ৰশ্ন কৰা নাছিল । মাত্ৰ তাৰ বাহিৰে ।
মই নাইকিয়া হৈ যোৱা কথাটো তাৰ বাবে সাঁথৰ আছিল,আজিও সাঁথৰ হৈয়ে আছে । মাৰ লগত হোটেলত থাকি পৰীক্ষা দিছিলোঁ মই । সৱ দায়িত্ব মাৰ আছিল । কলেজৰ ক’ত কি কৰিব লাগে সৱ কৰিছিল । মই মাত্ৰ গৈ পৰীক্ষাত বহিছিলো । একো লিখিব পৰা নাছিলো । এটা ইয়েৰ যে মোৰ লষ্ট হৈছিল ময়ো বুজিছিলোঁ । সন্মুখত এসোপামান আন্ধাৰৰ বাহিৰে মই একোৱেই দেখা নাছিলো । তাৰ মাজতে বায়ে মোৰপৰা থুপুক কাঢ়ি নিয়াৰ কথাও কৈছিল । একো উত্তৰ নাছিল মোৰ ওচৰত ।
সেইদিনাই মোৰ কাৰণে সৱ যেন মৰি গৈছিল । মায়ে যুক্তি দিছিল, বা আৰু ৰাজু দায়ে emotional blackmail কৰিছিল । থুপুক গোটেই ৰাতিটো বুকুতে সাৱটি ৰাখিছিলোঁ সেইদিনা । মই যে তাক মোৰ ওচৰত ৰাখিব নোৱাৰিম ভালকৈয়ে বুজিছিলোঁ ।


আৰু সেইয়াই সঁচা হৈছিল । মই আকৌ কলিকতালৈ ঘূৰি আহিবলগীয়া হৈছিল । বায়ে কৈছিল মোৰ যেতিয়াই মন যায় মই থুপুৰ ওচৰলৈ যাব পাৰিম । যেন মোৰ একো অধিকাৰ নাই, তাইহে মোক দয়া কৰিছে । আঁতৰি আহিছিলোঁ । লক্ষ্য এটাই আছিল, এদিন নিজৰ ভৰিত থিয় হৈ ঘূৰাই আনিম থুপুক ।মই ইমান মহান নহয় যে এনেকৈ কাৰোবাক দান কৰি দিম নিজৰ সন্তানক । দিলোহেঁতেন, যদিহে মানুহবোৰ সঁচাকৈ মোৰ আপোন হ’লহেঁতেন । পাগলৰ দৰে কান্দিছিলোঁ প্ৰত্যেক ৰাতি । বুকুৰ গাখীৰ উলিয়াই পেলাই দিছিলোঁ । বায়ে থুপুক ফৰ্মূলা খোৱাই ডাঙৰ কৰিছিল । প্ৰথম কেইদিনমান সদায় ফোন কৰিছিলোঁ । পিছলৈ বায়ে ফোন উঠোৱা বন্ধ কৰি দিলে । ৰাজু দাই বেয়া পায় হেনো ।
মনত পৰিলে এতিয়াও ভিতৰি ভিতৰি জ্বলি উঠোঁ মই ।
কলিকতাৰ নিসংগ দিনবোৰত এদিন নিজেই ফোন কৰিছিলোঁ আয়ুলৈ…
:তই ইমানদিনে এটাও ফোন কিয় কৰা নাছিলি ? নম্বৰ কিয় সলাই দিলি ? কি হ’ল ? আৰু তোৰ ইয়েৰ লছ হৈছে যে ?


সৱ খুলি কৈছিলোঁ । কিমান দেৰি কান্দিছিলোঁ নাজানো । বেংগালুৰুৰ পৰা আয়ু একসপ্তাহৰ পাছতে মোৰ ওচৰ পাইছিলগৈ । আৰু সেই তেতিয়াৰপৰাই, সি মোৰ ওচৰতে আছে । তাৰ সাহসতে চাকৰি বিচাৰি ইয়ালৈ আহিছিলো ।
:কি ভাবিছ জাপৰী ?


:একো নাই । ককা আহিলে ভাল লাগিব ন । তই আমাৰ লগতে থাকিবি নহ’লে ।
:নাথাকোঁ দেই । সদায় গা ধুব লাগিব । গাহৈ খাবও নোৱাৰিম ।
:ৰাহু এটা তই ।
:গাহৈ ইজ লভ বুজিছ ।
কথা পাতি পাতি দুয়োটা আহি ঘৰটো পালোহি । অলপ পুৰণা হৈছে বিল্ডিংটো । এপাৰ্টমেন্ট নহয় । ভাড়া দিবৰ বাবে বনোৱা তিনিমহলীয়া এটা ঘৰ । তাৰে একেবাৰে ওপৰ মহলৰ এটা ঘৰ খালী । ঠাইখন অলপ শান্ত । অলপ গছ গছনিও আছে । সন্মুখত এখন সৰু পার্ক । ঘৰটো সৰু যদিও সুবিধাজনক।আয়ুৰো পছন্দ হ’ল । ফটো কেইখনমান মাৰি থলো । অনিৰুদ্ধলৈ পঠাই দিলো । কিয় পঠিয়ালোঁ ভাবি চোৱা নাই । মালিকৰ লগত কথা বতৰা পাতি ওলাই আহিলো । এক লাখ টকা জমাধন বিচাৰিছে । একসপ্তাহৰ পাছত দিম বুলি কৈ ওলাই আহিলো । 

আগতে হোৱা চুক্তিমতে আয়ুক চিকেন বিৰিয়ানি খুৱালো । দুইটাৰে প্রিয় কেশৰী ভাত খালো । ককা আহিব বুলি ভাবিয়েই মনটো কিবা এটা ভাল লাগি আছে । হিবাই ফোন কৰি জনালে তাই মাক আৰু ভায়েকক লৈ দুদিন পাছত আহিব । লাহেকৈ মোৰো আপোন মানুহ বাঢ়িছে ।

:অনিৰুদ্ধই তোৰ সৱ কথা জানে ?
আয়ুৰ প্ৰশ্নটোত থতমত খালোঁ ।
:জানে ।
:সি খেলি থকা নাইতো ?
:কিয় ভাবিছ তেনেকে ?
:অলপ বেছি ভাল যেন নালাগেনে ? মানে তোক লৈ অলপ অভাৰ যেন লাগে মোৰ । উল্টা পুলটা কৰিলে নাক ভাঙি দিম আকৌ মই ।
:ময়ে ভাঙিম দে,তই লোড ল’ব নালাগে ।

ঘূৰি আহিও আয়ুৰ কথাবোৰে আমনি কৰি থাকিল মোক । অনিৰুদ্ধই দুই তিনিবাৰ ফোন কৰিলে যদিও নুঠালোঁ । বিশ্বাসবোৰ বৰ ঠুনুকা । কেতিয়া ভাঙি যায় আমিও নাজানো ।
আৰু এটা উজাগৰী নিশা পাৰ কৰিলো । মনত প্ৰশ্ন বহুত । উত্তৰ নাই ।
দোষ কাৰোৰে নাই ।



আয়ুয়ে মৰম কৰে মোক, আৱৰি ৰাখিব খোজে.. কিন্তু অনিৰুদ্ধ ???
নিজকে কিবা একুৰিয়ামত সুমাই থকা মাছটোৰ দৰে লাগিল । সাগৰলৈ যোৱাৰ সপোন ঠিকেই দেখিছোঁ, কিন্ত এই গ্লাছৰ ঘৰটোৰ পৰা ওলোৱাৰ পাছত কি হ’ব ময়ো নাজানো ।
আকৌ ঘূৰি আহিবলৈ আইনাৰ বেৰবোৰ যে নাথাকিব ।

বাৰে বাৰে আঁতৰি আহিছোঁ অনিৰুদ্ধৰ ওচৰৰ পৰা । অফিচৰ মানুহবোৰ অহাৰ পাছতহে আহি পাইছোহি । তেওঁ যেন মোৰ বাবেই ৰৈ আছিল।অহাৰ লগে লগে মিঠা হাঁহি এটাৰে গুড মৰ্নিং বুলি উইছ কৰিলে । উত্তৰ নিদিলোঁ । নিজৰ ঠাইত গৈ মনে মনে বহি থাকিলোঁ । তেওঁৰ কেইবাখনো মিটিং আছিল ।ঘৰ যোৱা সময়লৈকে একো কথা পতাৰ সুযোগ নিদিলো । কিন্তু সাত বজাত সুৰেশ আহি কৈ গ’ল

:Ananya.
:Yes Suresh
:Work with Subhashini and finish the automation thing today. I know its late but at least keep something ready for tomorrow.
:Okay

নটা বজালৈকে অফিচত কেৱল মই অনিৰুদ্ধ আৰু সুভাষিণী ।
প্রেগনেন্ট মানুহজনীকো এৰি দিয়া নাই মানে । ন বজাত তেওঁ যাবলৈ ৰেডি হ’ল ।
:Subhashini, You go home, whatever is left I will finish it off. Ananya,come with me.
:Oh thank you Anirudh, you are a saviour.
:But..
:No more questions Ananya.I am already tired.
বেগটো লৈ তিনিওটা ওলাই আহিলো । অফিচৰ ফালৰপৰা সুভাষিণীক special cab দিয়া হৈছে । মই অনিৰুদ্ধক একো কোৱাৰ সুযোগ নিদি বাছ ষ্টপৰ ফালে খোজ ল’লোঁ ।
:Dont try to act smart Ananya !
অনিৰুদ্ধৰ মাতটো আনদিনাতকৈ কঠোৰ । খং উঠি মুখৰ শিৰবোৰ টান হৈ ফুটি উঠিছে ।
:Just stay here, I will get the car.


:মই নাযাওঁ আপোনাৰ লগত !
:কিয় ?
:এনেই ।
:Dont make a scene here.
উফ !

( আগলৈ )

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

Tags

Post a Comment

0 Comments
close