Ads Area

Abir Love Story 18 | Published by Indranee Sharma

ৰৈ থাকিলো । অলপ পাছত তেওঁ সেইখিনি পালেহি । গাড়ীৰ সন্মুখৰ দৰ্জাখন খুলি দিলে । উঠি বহিলো ।ছিটবেল্ট লগাবলৈ লৈ বাৰে বাৰে পৰা নাই । কৰ’বাত লাগি ধৰিছে । তেওঁ অলপ হাউলি টানি আনিলে ।
নিবিচাৰোঁ ইমান ওচৰত তেওঁক । এই বিশেষ সুগন্ধি আৰু আপোন যেন লগা অনুভৱটো মোৰ বাবে যদি নতুন বিপদৰ আগজাননী হয় । তেওঁ যেন জানি বুজি অলপ বেছি চাপি আহিছে মোৰ ওচৰলৈ । চকু কেইটা মোৰ চকুতেই ৰাখিছে । আজি কোমলতা নাই সেই চাৱনিত । এসোপামান খং আৰু অভিমান হে আছে।পাতল গুলপীয়া ৰঙৰ চাৰ্টটোৰ পৰা এখিনি গুলপীয়া মোৰ গালত ছিটিকি পৰিছেহি । লগত সেই বিশেষ ফৰাছী পাৰ্ফিউমৰ মিঠা সুগন্ধি ।

Abir Love Story 18 | Published by Indranee Sharma


মই আকৌ এবাৰ ভাগিব নোৱাৰোঁ । কোনে বুটলি আনি আকৌ গঢ়িব মোক । কিন্তু কিয় নাজানো বাৰে বাৰে বিফল হওঁ এই মানুহজনৰ ওচৰত । যিমান পাৰোঁ নিজকে তেওঁৰ পৰা আঁতৰাই আনি দৰ্জাখনত লাগি আছোহি ।
ছিটবেল্টডাল লগাই তেওঁ গাড়ী আকৌ ষ্টাৰ্ট দিলে । ভিৰ বহুত এতিয়াও । বিশেষকৈ অফিচৰ ওচৰৰ ঠাইখিনিত গাড়ীখন আগেই বঢ়া নাই । তেওঁ মিউজিক চিষ্টেমত গান লগালে । মুখেৰে একো মতা নাই ।ময়ো মনে মনেই আছোঁ ।
তেওঁৰ ফোনত কাৰোবাৰ ফোন আহিছে আৰু তেওঁ বাৰে বাৰে কাটি আছে ।
:ফোন কিয় নাই উঠোৱা ?
:None of your business.
ইমান খং ?
মোকনো কিহে পাইছিল সুধিবলৈ !
ভিৰৰ পৰা ওলাই আহি গাড়ী মেইন ৰোডত উঠিল।তেওঁ এবাৰো মোৰ ফালে চোৱা নাই । মাত্ৰ সন্মুখলৈ চাই গাড়ী চলাইছে । যদি একো ক’বলগীয়া নায়েই তেন্তে ইমান জোৰ কৰি গাড়ীত উঠিবলৈ কৈছিল কিয় মই বুজি পোৱা নাই । এই মানুহজন যিমান সহজ বুলি মই ভাবিছিলোঁ সিমান সহজ একেবাৰেই নহয় ।মিনিটত সলনি হয় তেওঁৰ মুড।আৰু খং মোৰ সৈতে একেই ।
:Marry me !
:What ?????


:বিয়া পাতা মোৰ লগত ।
:পাগল হোৱা নাইতো আপুনি ?
:কিয় ? পাগল হ’বলৈ ৰৈ আছা তুমি ? মই পাগল হৈছোঁ অনন্যা । কি কৰি আছা তুমি মোৰ লগত এবাৰ ভাবি চাইছা ? কি ভুল মোৰ কোৱা ? I fell in love with you and you are just punishing me with your arrogance every now and then. কিয় ??
:মই জানি বুজি একো নকৰোঁ ।



:কেতিয়া জানিবা ? সৰু ছোৱালী হৈ আছা তুমি ? আমি টিন এজাৰ নহয় অনন্যা । We are not each other’s first love too right ?
কেনেকৈ কওঁ মই অনিৰুদ্ধক, প্ৰেম মোৰ হোৱা নাই এতিয়ালৈকে । কেনেকৈ কওঁ প্ৰেমৰ প্ৰথম অনুভূতি জগাই তোলা মানুহজন অনিৰুদ্ধ । মই তেওঁৰ প্ৰথম প্ৰেম নহয় । সেই লৈ মোৰ কোনো আক্ষেপ নাই । মই তেওঁৰ শেষ প্ৰেম হোৱাৰ ইচ্ছাও পুহি ৰখা নাই । মাত্ৰ যিমান সময়ৰ বাবেই হওক, ভালপোৱা খিনি সঁচা হওক । মোকো কোনোবাই মোৰ দৰেই ভাল পাওক । জীৱনত তাতকৈ বেছি একো নালাগে । বুজা নুবুজাৰ দোমোজাত ময়ো ছটফটাই আছোঁ । কেতিয়াবা যদি বিশ্বাস আৰু ভালপোৱাৰে তেওঁক সাৱটি ল’ব খুজিছোঁ, কেতিয়াবা আকৌ নিজক পুনৰবাৰ হেৰুৱাই পেলোৱাৰ ভয়ত কুৰুকি কুৰুকি সোমাইছো নিজৰেই নিসংগ পৃথিৱীৰ আন্ধাৰ খিনিত ।
:I am seriouse Ananya.
:Anirudh please !
:Yeah, sorry !
তেওঁ গাড়ীৰ স্পীড বঢ়াই দিলে । আহি একেবাৰে ৰূমৰ ওচৰত আহি গাড়ী ৰ’লহি ।
:আজিৰপৰা আমনি নকৰোঁ তোমাক অনন্যা । আজিৰপৰা ইয়ালৈ মই আৰু চাগে কেতিয়াও নাহিম ।নিজকে বহুত কষ্ট দিছোঁ । লগতে তোমাকো ।
নামিবলৈ লৈও ৰৈ গ’লো । কি কয় অনিৰুদ্ধই ?


:When I saw you for the first time.. I felt something strange. You carry the same pain as her. I couldnt save my sister but I just wanted to be with you..
তোমাক মাত্ৰ জানিব খুজিছিলো, কিন্তু যিমানেই জানিলো সিমানেই ভাল পাই গৈ থাকিলো । কেনেকৈ তুমি ইমান বেলেগ, ইমান স্থিৰ, ইমান স্বাভিমানী.. I respect you more than I love you Ananya.. কিন্তু তোমাক মই জোৰ কৰি একো কৰিব নিবিচাৰোঁ । বহুত চেষ্টা কৰিলোঁ, কিন্তু তুমি বুজিবলৈ চেষ্টাও কৰা নাই । তুমি সুখী হোৱা । মই আঁতৰি যাম।সোনকালেই হায়দৰাবাদ গৈ আছোঁ ।
:কিয় ?


:May be for my self respect.
কথাষাৰ যেন এপাত কাঁড় হে আছিল, বুকুভেদি পাৰ হৈ গ’ল ।
অনিৰুদ্ধ ইমান বেছি ভাবুক কিয় আজি ? কিয় ইমান ডাঙৰ সিদ্ধান্ত লৈ পেলাইছে তেওঁ !
:অনন্যা, তোমাক সন্মান কৰোঁ বহুত, কিন্তু মই নিজকো বহুত বেছি সন্মান কৰোঁ । তুমি নুবুজিবা । দুৰ্বল হৈছিলোঁ, নকৰিবলগীয়া কিবা এটাও কৰি দিলোঁ । কিন্তু বুজি পোৱা দেৰি হ’লেও সময় পাৰ হৈ যোৱা নাই । তোমাৰ ওচৰত মোৰ সকলো উজাৰি দিয়াৰ পাছতো তুমি সেইখিনিক সন্মান নকৰিলা ।
You hurt me Ananya. You hurt my ego.Now please leave.Please..

Advertisements
REPORT THIS AD

শেষৰ কথা কেইটা তেওঁ অলপ জোৰ দি কোৱা যেন লাগিল।চকুকেইটা সেমেকা, অলপ ৰঙচুৱা । বুকুখন সাংঘাটিক বিষাইছে মোৰ । কিবা এটাই যেন হেঁচা মাৰি ধৰিছে । কিবা এটা ক’ব খুজিও মই একোকে ক’ব পৰা নাই আজি । দৰ্জাখন খুলি নামি আহিলোঁ । তেওঁ চকুদুটা জপাই মূৰটো ছিটত পেলাই দিছে ।
তেওঁ উচুপি উঠাৰ উমান পাই মোৰ খোজ কেইটা যেন আগ নবঢ়া হৈছে । নামি আহিও ৰাস্তাটো পাৰ হ’ব পৰা নাই । ঘূৰি চাইছোঁ বাৰে বাৰে, কিন্তু তেওঁ চোৱা নাই মোলৈ।একেভাগেই আছে । মৌনতাই গ্ৰাস কৰিছে এই নিজান ৰাতিৰ জোনাক খিনিক ।


ৰাস্তাটো পাৰ হৈয়ো এবাৰ ঘূৰি চালো । তেওঁ গাড়ী ঘূৰাবলৈ লৈছে । মোলৈ চোৱা নাই কিয় ?
কিয় ইমান জেদ ?
ইমান খং ?
ইমান অভিমান ?
দহ বাজিবৰ হ’ল,কিন্তু মোৰ এনে লাগিছে আকৌ ৰাতিপুৱা হওক, দিনটো আকৌ আৰম্ভ হওক । মই অনিৰুদ্ধক উপেক্ষা নকৰাকৈ থাকিম, সলাই পেলাম সকলোবোৰ । তেওঁ গুচি গ’ল,এবাৰো ঘূৰি নাচালে মোলৈ । চকুপানীবোৰ আজি অবাধ্য, পাৰভাঙি বৈছে । দুয়োহাতেৰে মচি মচিও মই নাইপৰা ৰখাব ।থুপুক এৰি আহোঁতে যিমান দুখ পাইছিলো, আজি অনিৰুদ্ধই এৰি যাওঁতেও একেই বিষ অনুভৱ হৈছে মোৰ । ৰাস্তাটো দেখা নাই মই । ঠেক গলিটোৰ ষ্ট্ৰীট লাইট এটা বেয়া হৈ আছে । আন্ধাৰ আৰু পোহৰৰ মাজত মই ৰৈ লৈ হেঁপাহ পলুৱাই কান্দিছোঁ আজি । কোনেও নেদেখাকৈ । কিয় ইমান অসহায় মই ? কিয় ইমান জটিল মোৰ বাবে সকলোবোৰ । আকাশলৈ চাই আজি আইতাক একো কোৱাৰ প্ৰয়োজন হোৱা নাই । চাই আছোঁ মাথোঁ ।
ককালৈ মনত পৰিছে, থুপুলৈ মনত পৰিছে, কি হৈছে মোৰ । ইমান চকুপানী ক’ত সাঁচি ৰাখিছিলো মই নিজেই নাজানো ।
বাইক এখন কাষেৰে পাৰ হৈ গৈছে, ঘূৰি ঘূৰি চাইছে মোক ।
বেগটো বুকুত সাৱটি ৰাস্তাৰ কাষত বহি কান্দি থকা মোক দেখি পুতৌ হৈছে মানুহৰ ।
ভ্ৰূক্ষেপ নাই মোৰ, এই বিষাদ যদি বৈ নাযায়, নতুন এটা শিল হৈ ৰৈ যায়, মই আৰু জীয়াই নাথাকিম ।
অনিৰুদ্ধক পোৱাৰ সপোনটো ভাঙোতে বুকুখন শব্দ কৰি উঠিছে, কঁপি কঁপি কান্দিছোঁ আজি মই, এই দুখৰ কেতিয়াবা অন্ত হ’বনে ?
কিমান দেৰি পাৰ হ’ল নাজানো…
নিজকে চোঁচৰাই নিয়া দি নি গেইটৰ ওচৰ পালেগৈ, বাৰে বাৰে মোহাৰি পেলাইছোঁ বৈ অহা চকুপানীৰ ঢল । কোনোবাই মোৰ চকুপানী দেখাতো মই সহ্য কৰিব নোৱাৰিম কেতিয়াও ।
গেইটখন খুলিবলৈ লৈ ৰৈ গ’লো ।
এজাক চেঁচা বতাহে চুই গ’ল মোক ।
লগত সেই চিনাকি সুগন্ধি ।
ঘূৰি চালো ।
অলপ আঁতৰত ৰৈ থকা মোৰ প্ৰিয় মানুহজন সঁচা নে ?
সপোন দেখা নাইতো ?
ভবাৰ সময় এতিয়া যে নাই !
হাতৰ বেগটো পৰি গ’ল ।
কাষ চাপি গ’লো,কঁপি উঠা হাতেৰে চুই চালো এবাৰ তেওঁৰ হাতখন ।
সঁচা !



জিলিমিল চকুৰে স্পষ্টকৈ দেখাও যে পোৱা নাই ।
অনিৰুদ্ধ !
:Hold me please.. Anirudh..
:Aah..
আৰু একো কোৱাৰ প্ৰয়োজন নাছিল ।
শব্দই কি কৰিব পাৰে এতিয়া, বুকুৱে বিচাৰে কেৱল বুকুৰ সান্নিধ্য, অলপ আদৰ..
চপাই নিলে তেওঁ মোক,সামৰি ল’লে বুকুৰ মাজত ।
সজোৰে,সৱল দুবাহুত মম হৈ গলিছে মোৰ বৰফ হৈ থকা দুখবোৰ ।
চুলিত ওঁঠৰ পৰশ, নাকান্দিবলৈ বাৰে বাৰে অনুৰোধ ।
:I am sorry ..Anirudh.. please dont leave..
কথা কোৱাৰ শক্তি যে নাই…
:I will never do that..Shhhh

এইবাৰ যে মোৰ চকুত সুখৰ কান্দোন ।
ভালপাব খোজো এই নিশাটোক, এই মানুহজনক ।
আইতা আকৌ এবাৰ তিৰবিৰাই উঠিল ।


( আগলৈ )

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

Tags

Post a Comment

0 Comments
close