Ads Area

নিৱনুৱাৰ বাবে সংস্থাপনৰ সুৱৰ্ণ সুযোগ ! ৬ হাজাৰো অধিক পদ খালী

চাকৰি প্ৰত্যাশী নিবনুৱাৰ বাবে এক সুৱৰ্ণ সুযোগ আহিছে ৷ ইনষ্টিটিউট অব বেংকিং পাৰ্ছনেলে এক অধিসূচনা জাৰি কৰিছে ৷ অধিসূচনা অনুসৰি ১১ টাককৈ বেংকে নিয়োগ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

অধিসূচনা অনুসৰি ১১ টা ৰাষ্ট্ৰীয়কৃত বেংকৰ ৬ হাজাৰো অধিক পদত কেৰাণী পদত মকৰল কৰা হ’ব ৷ 

৬ হাজাৰো অধিক পদ খালী


ইয়াৰ ভিতৰত 

  1. উত্তৰ প্ৰদেশত ১,০৮৯ টা, 
  2. কৰ্ণাটকত ৩৫৮, 
  3. গুজৰাটত ৩০৪, 
  4. হাৰিয়ানাত ১৩৮, 
  5. মধ্যপ্ৰদেশত ৩০৯, 
  6. মহাৰাষ্ট্ৰত ৭৭৫ টাকৈ 

পদ ৰাষ্ট্ৰীয়কৃত বেংকত খালী হৈ আছে । ইফালে অসমত খালী হৈ আছে ১৫৭ টা স্থায়ী পদ ৷

আই বি পি এছে প্ৰকাশ কৰা অনুসৰি 

  1. অনুসূচিত জাতিৰ বাবে ৯৫১ টা, 
  2. অনুসূচিত জনজাতিৰ ৪০০ টা, 
  3. অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে ১,৩৭৯ টা, 
  4. অৰ্থনৈতিকভাৱে দুৰ্বলসকলৰ বাবে ৫৩৮ টা পদ সৰংক্ষিত থাকিব ৷ 
  5. আনহাতে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আছে ২,৭৬৭ টা পদ ।

Last Date

আই বি পি এছে এইসমূহ পদবী পূৰণ কৰিবলৈ জুলাইৰ ১-২১ তাৰিখলৈ আবেদন আৰু প্ৰ-পত্ৰ দাখিল কৰা সময় বান্ধি দিছে । প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ছোৱাত অনলাইনত নাম পঞ্জীয়নৰ মাচুল আদায় কৰি আবেদন কৰিব পাৰিব । আগষ্টত প্ৰশিক্ষণৰ বাবে কলিং লেটাৰ ডাউনলোড কৰিব লাগিব বুলি আই বি পি এছে প্ৰকাশ কৰিছে ।

ছেপ্টেম্বৰত এই পদসমূহৰ বিপৰীতে অনলাইন প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ’ব আৰু এই পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে অক্টোবৰত অনুষ্ঠিতব্য অনলাইন মূল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰিব । অহাবছৰৰ এপ্ৰিলত অস্থায়ী আবণ্টনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ।

Age Limit

প্ৰাৰ্থীসকলৰ বয়স সৰ্বনিম্ন ২০ আৰু সৰ্বাধিক ২৮ বছৰ নিৰ্ধাৰণ কৰা হৈছে ৷ অৱশ্যে অনুসূচিত জাতি-জনজাতি ৫ বছৰ, অন্যান্য পিছপৰা সম্প্ৰদায় ৩ বছৰ আৰু দিব্যাংগ প্ৰাৰ্থীয়ে ১০ বছৰৰ ৰেহাই লাভ কৰিব । একেদৰে আই বি পি এছে প্ৰাক্তন জোৱান, বিবাহ বিচ্ছেদ কৰি অকলশৰীয়া হৈ থকা মহিলা, ১৯৮৪ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষত আক্ৰান্তসকলকো বয়সৰ ক্ষেত্ৰত সকাহ দিয়া হৈছে । শিক্ষাগত ন্যূনতম অহৰ্তা হৈছে স্নাতক ডিগ্ৰী ৷

Apply Fees

ইচ্ছুক প্ৰাৰ্থীসকলে আবেদনৰ সময়ত নিৰ্ধাৰিত পৰিমাণৰ ধন আদায় দি আবেদন কৰিব পাৰিব ৷ আই বি পি এছৰ ঘোষণা অনুসৰি 

সকলো সংৰক্ষিত শ্ৰেণীৰ প্ৰত্যাশীয়ে অনলাইনত১৭৫ টকা
সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ মাচুলৰ পৰিমাণ৮৫০ টকা

ডেবিট কাৰ্ড আৰু সকলো অনলাইন মাধ্যমেৰে মাচুল আদায় দিব পাৰিব ৷

আগ্ৰহী প্ৰাৰ্থীসকলে আই বি পি এছৰ ৱেবছাইট www.ibps.in লৈ গৈ হোমপেজত থকা চি আৰ পি ক্লাৰ্কছ নামৰ পেইজ খুলিব লাগিব । তাতে আবেদনৰ সকলোবোৰ নিৰ্দেশনা উপলব্ধ হ’ব ।

JOIN US AS A FREE MEMBER
facebook group


whatsapp group

Important Link 

Apply NowClick Now

Post a Comment

0 Comments
close