ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ…
ৰাজ্যত হঠাতে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ । মঙলবাৰৰ দিনটোত ৰাজ্য়ত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ২১০ গৰাকী লোক ।
দিনটোত ক’ভিড পজিটিভিটী ৰেট ১০.১৪ শতাংশ । কামৰূপ মহানগৰ জিলাত মঙলবাৰৰ দিনটোত ৯৮গৰাকী লোক আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ।
দেশৰ লগতে অসমটো উদ্বেগজনক ভাৱে ক’ভিডৰ সংক্ৰমণ পুনৰবাৰ বৃদ্ধি পাইছে।কামৰূপ মহানগৰকে ধৰি কামৰূপ গ্ৰামত ২৬ গৰাকী, ডিব্ৰুগড়ত ১৯, দৰঙত ১৮ গৰাকীকৈ লোক ক’ভিডত আক্ৰান্ত হৈছে ।
বৰ্ধিত কোৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কোভিড হাস্পতালসমূহক পুনৰ সাজু কৰি তোলা হৈছে । সকলোকে কোভিড নীতি (Covid Rules) মানি চলিবলৈ আহ্বান জনাইছে চৰকাৰে ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )