Ads Area

শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত ! সাংবাদিকৰূপী শিক্ষকক কৰিলে নিলম্বন

শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত ! সাংবাদিকৰূপী শিক্ষকক কৰিলে নিলম্বন


শিক্ষা বিভাগৰ অভূতপূৰ্ব পদক্ষেপ । LIC আৰু সাংবাদিকতা কৰা শিক্ষকৰ প্ৰতি কঠোৰ হৈছে ৰাজ্য চৰকাৰ ।

শিক্ষকতা কৰি থকাৰ পিছতো আন বৃত্তিত জড়িত হৈ থকা শিক্ষকৰ বিৰুদ্ধে আৰম্ভ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ এক্সন ।

সাংবাদিকতাৰ সৈতে জড়িত থকা শিক্ষকক নিলম্বন কৰিলে শিক্ষা বিভাগে ।

মুকালমুৱাৰ ৰাজেন ডেকাক নিলম্বন শিক্ষা বিভাগৰ ।লাউপাৰ হাইস্কুলৰ সহকাৰী শিক্ষকতা কৰি থকাৰ লগতে এখন কাকতৰ স্থানীয় সাংবাদিক হিচাপে কৰ্মৰত আছিল ডেকা ।

নলবাৰী জিলাৰ SI ৰ নিৰ্দেশমৰ্মে ৰাজেন ডেকাক নিলম্বন কৰা হৈছে ।

চৰকাৰে শিক্ষক সকলক শিক্ষকতাৰ বাহিৰে অন্য বৃত্তিত জড়িত নহ’বলৈ সকীয়নী দিছিল ।

কিন্তু তাৰ পিছতো ৰাজেন ডেকাই চৰকাৰৰ নিৰ্দেশক অমান্য কৰি সাংবাদিকতা কৰাৰ বাবেই তেওঁক নিলম্বন কৰিলে ।

Post a Comment

0 Comments
close