Ads Area

Abir Love Story 20 | Published by Indranee Sharma

:I am sorry ..Anirudh.. please dont leave..
কথা কোৱাৰ শক্তি যে নাই…
:I will never do that..Shhhh
আন্ধাৰবোৰ যেন লাহে লাহে আঁতৰি গৈছে বুকুৰপৰা । ইমান ধুনীয়া সময়ো থাকিব পাৰে বুলি মইতো জনাই নাছিলোঁ । প্ৰতিবাৰ মৰাৰ পৰা জী উঠাৰ সময়বোৰত এনে এটি মুহুৰ্তৰ সপোনেইতো দেখিছিলো ।নীৰৱ, নিৰ্বাক, নিৰ্বিকাৰ সময় বোৰত ৰিণিকি ৰিণিকি বাজি থকা বাঁহীৰ সুৰ এটিৰ দৰেই এই ক্ষণৰ মধুৰতা ।
:ভালপাওঁ আপোনাক… সঁচাকৈ ।
ৰৈ গ’ল তেওঁ.. মূৰ তুলি চালো । বিশ্বাস হোৱা নাই । ধুনীয়া চকুকেইটা তৰাৰ দৰে তিৰবিৰাই আছে ।পানীৰে উপচি থকা পলক যেন জপাই দিলেই সপোন ভাঙিব ।

abir live story


:Say it again.. please…
:ভালপাওঁ আপোনাক…ক’বলৈ ভয় লাগিছিল, মোকো কোনোবাই ইমান বেছি ভাল পাব বুলি বিশ্বাস কৰিবলৈ টান পাইছিলোঁ, ভয় খাইছিলোঁ সপোন দেখিবলৈ !!!

:You crazy woman..
এইবাৰ দুগুণ আৱেগেৰে সাৱটি ল’লে তেওঁ মোক । উশাহ যেন ৰৈ যাব এতিয়া । প্ৰয়োজনেই বা কি উশাহৰ । জী উঠিছোঁ তেওঁৰ বুকুৰ স্পন্দনত । দুয়োৰে বাবে একেটি উশাহ ।
:Ananya…
:Hmmmm
:nothing…
সময়বোৰ ৰৈ গৈছে দুয়োৰে বাবে । থুপ খাই থকা হাজাৰটা অনুভৱে সাৰ পাই উঠিছে । সেইবাবেই ক’বলগীয়া একোৱেই নাই । ভালপোৱা কৰা নাযায়, হৈ যায় । মোৰো হৈ গ’ল ।
নিৰ্মোহ জীৱনৰ নতুন মোহ ।
সৰাপাতৰ হালধীয়াত সেউজীয়াৰ বোল ।
বুকুত জেতুকাবুলিয়া ৰঙৰ নতুন সাজোন ।
মই ভালপাবলৈ শিকিছোঁ জীৱনক ।
আমাৰ ধুনীয়া মুহুৰ্তৰ আৱেশ ভাঙি তেওঁৰ ফোনটো আকৌ বাজি উঠিল..
কাটি দিলে তেওঁ । মই যেন দিঠকলৈ এতিয়া হে ঘূৰি আহিছোঁ ।
:মই যাওঁ ।
:Yeah you should ! Before I make another mistake.
তেওঁৰ কথাৰ অৰ্থ বুজি গালখন ৰঙা পৰিল,পৰি থকা বেগটো তুলি ললোঁ । তেওঁ কাষ চাপি আহিল ।
:এনেকৈ নকান্দিবা আৰু প্লিজ । মই জানো বহুত কথাই আছে তোমাৰ মাজত । নালাগে ক’ব । তোমাৰ মন গ’লে কেতিয়াবা পিছতো শুনিম । কিন্তু কান্দি নাথাকিবা । ইমান ধুনীয়া চকুকেইটাক এনেকৈ কষ্ট দিয়ে নেকি মানুহে ?



দুহাতেৰে মোৰ মুখ খন তুলি ধৰি মোৰ দুচকুত আলফুলে আঁকি দিয়া চুমাত মই আকৌ এবাৰ হেৰাই গ’লো । জোখতকৈ অলপ দীঘলীয়া যেন লগা সেই চুমাৰ পৰশত প্ৰেমতকৈ বেছি মই বিশ্বাস, আশ্বাস আৰু প্ৰতিশ্ৰুতি বিচাৰি পাইছোঁ ।
:যোৱা । It’s too late now.
মন্ত্ৰমুগ্ধৰ দৰে তেওঁৰ কথামতেই আঁতৰি আহিলোঁ । ইচ্ছা নাছিল,কিন্তু আহিবতো লাগিবই । গেইট খুলি সুমাই আহি আকৌ এবাৰ ঘূৰি চালোঁ । ৰৈ আছে তেওঁ । দুহাত পকেটত সুমোৱাই মোৰ ফালে চাই থকা অনিৰুদ্ধক যেন মই আজি নতুনকৈ আকৌ এবাৰ ভালপাই পেলাইছোঁ । ইমান আদৰ সামৰি ৰখা মানুহজনক ইমান দিনে কষ্ট দিয়াৰ বাবে নিজকে গালি পাৰিলোঁ । ৰূমলৈ আহি নিজৰে চকুকেইটাকে চুই চালোঁ ।
ইমান শান্তি ক’ত আছিল অতদিন ???

বাথৰুমত সুমাই শ্বাৱাৰ খুলি বহি আছোঁ মাত্ৰ । কিমান কি যে ভাৱনাই আৱৰি ৰাখিছিল মোক । ধুই পেলাব খুজিছোঁ আজি মোৰ লেতেৰা অতীত । হেৰাই যাওক সেই বিষাদময় দিনৰ কোঙা অনুভৱ । চকু কেইটা সাংঘাতিক পুৰিছে । বাথৰুমৰ ডাঙৰ আইনাখনত আজি প্ৰথমবাৰ নিজকে চাইছোঁ । ককা আইতাৰ গোসাঁনী ছোৱালীজনী যেন মই আজি বিচাৰি ফুৰিছোঁ । জীৱনৰ বাৰম্বাৰ আঘাতত মৃতপ্ৰায় অনন্যাজনীক আজি অনিৰুদ্ধই জীয়াই তুলিব খুজিছে.. আকৌ এবাৰ ।
ভাল পাব খুজিছে.. আকৌ এবাৰ ।

ভাত খোৱাৰ সময়তে হিবাৰ ফোন । ভায়েকক লৈ তাই কাইলৈ পাবহি । আজি ককায়ে টকা অলপ পঠাইছিল।তাইক জনালো । মাকৰ থকাৰ ব্যৱস্থা হস্পিতেলৰ ওচৰতে চাৰ্ভিছ এপাৰ্টমেণ্ট এটাত কৰিব লাগিব । তাইক ৰাতিহে লগ পাম চাগে । চুটি ল’ব নোৱাৰোঁ এতিয়া । ঘৰলৈ যাব লাগিব যিহেতু । ককা ৰৈ আছে মোলৈ । হিবাৰ মাকে ফোনতে ধন্যবাদ জনাইছে । মনটো ভাল লাগিল ।কিবা এটা যে কৰিব পাৰিছোঁ । অতদিনে একেবাৰেই অলাগতিয়াল যেনেই লাগি আছিল নিজকে ।
শুবলৈ বুলি বিচনাত পৰোঁতেই ঘৰৰ পৰা ফোন ।
:হেল্ল’
:মাজু.. ককাৰ লগত কথা পাত ।


মাৰ গম্ভীৰ মাত ।
:মাজনী, তোৰ কিবা হৈছে নেকি?মই আকৌ আজি সোনকালে শুইছিলোঁ । চিলমিল টোপনি বুইছ । তই হেনো ইমান কান্দিছ । মোক মাতিছ,শেৱালিক মাতিছ । মই উঠি আহিলো বিচনাৰ পৰা । কিবা হৈছে নেকি তোৰ ? গা মূৰ বেয়া যদি ক চোন মোক ।
বুকুৰ সম্পৰ্ক আমাৰ । ৰাস্তাৰ মাজত বহি কান্দি থকা সময়ত ককা আইতাকে যে মাতি আছিলো মই ।
:অকণমান মন বেয়া আছিলে, এতিয়া ভাল ককা । তুমি এনেই চিন্তা কৰিছা ।
:নাৰায়ণ কৱচ খন যে দিছিলো,পঢ়ি থাকচোন । ভাল লাগিব মনটো ।
:হ’ব ।
:তই কান্দিছিলি ন গোসাঁনী ?
:ওহোঁ ।
:তোক ঈশ্বৰে সুখ দিব মা।কান্দি নেথাকিবি ।  বৰ দুখ পাওঁ মই তই কান্দিলে । মই যাম নহয়.. তই নো অকলে অকলে…
এইবাৰ ককাৰ মাত নোলোৱা হৈছে ।
:মাজু
মায়ে লৈছে ফোনটো ।
:কি ?
:তই ককাক নিবলৈ আহিবি ?
:কিয়?নালাগে নেকি যাব ?
:তোক কোনদিনা মানা কৰিছোঁ । নিজৰ জেদত নহাকৈ থাকিছিলি । এইখন তোৰ ঘৰ নহয় নেকি ?
:Oh no. নহয় মোৰ ঘৰ সেইখন । কেতিয়াও নাছিল ।
:পুৰণা কথাবোৰ কিমান আৰু..
:এৰা কথাবোৰ পুৰণা হৈছে.. মোক হাৰ্ট কৰিবলৈ নতুন কিবা প্লেন কৰা তুমি । মই ককাক লৈ আনিম ।তোমাৰ চিন্তা আঁতৰ হ’ব ।
:কেতিয়া আহিবি ?
:এমাহ পাছত । ককাক পাৰিলে এইকেইদিন চাই দিবা । বহুত উপকাৰ হ’ব মোৰ ওপৰত ।
:হমম । আৰু শুন, ট্ৰেইনত আহি পইচা বচাব নালাগে । ফ্লাইটত আহ । দিন কাল ভাল নহয় আজিকালি ।

ফোনটো কাটি ফ্লাইটৰ টিকেট কৰিলোঁ । সেইখন ঘৰলৈ যাম বুলি ভাবিও বুকুখন কঁপি উঠে । কিন্তু যাবই লাগিব । হয়তো শেষবাৰৰ কাৰণে যাম মই । আজি মাৰ লগত কথা পাতি এনে লাগিল মা যেন সলনি হৈছে । নিজৰ ভুল বুজি পাইছে । কিমান অন্যায় কৰিছে তেওঁ মোৰ লগত সেইয়া যেন অনুভৱ কৰিছে এতিয়া । সেইদিনাৰ কথা ভাবি হয়তো তেওঁ নিজেই নিজৰ ওচৰত লজ্জিত হয় । পঢ়া সামৰি মই তেতিয়া বেংগালুৰলৈ অহাৰ সিদ্ধান্ত লৈছিলোঁ । কলিকতা এৰি ইয়ালৈ অহাৰ আগতে এবাৰ থুপুক চাবলৈ বুলি বাৰ ঘৰলৈ গৈছিলো । বাধা দিয়া নাছিল কোনেও । আৰু তালৈ গৈ মই যি দেখিছিলোঁ সেইয়া ভাবি এতিয়াও খঙত কঁপি থাকোঁ মই…



বা আকৌ মাক হ’বলৈ ওলাইছে, কেনেকৈ সেইয়া মই নাজানো । চাৰিবছৰীয়া চিকিৎসা বিফল হোৱাৰ পাছত কেৱল থুপুৰ সান্নিধ্যই আনি দিয়া আনন্দৰ বাবেই সেইয়া সম্ভৱ হৈছিল । কিন্তু সেই ভাল খবৰে থুপুক এলাগী কৰি পেলালে । ৰাজু দা আৰু তেওঁৰ মাকে থুপুৰ প্ৰতি যি ব্যৱহাৰ দেখুৱাইছিল, সেইয়া দেখি চিঞৰি উঠিছিলোঁ মই । বাৰ শাহুৱেকে মোৰ সন্মুখতে থুপুক বিজতৰিয়া বুলিও কৈছিল । আজুৰি লৈ আনিব খুজিছিলোঁ মই তাক।বায়ে নিদিলে । মইহে বেছি বেয়াকৈ ভাবিছোঁ বুলি মোকেই দূষিলে । মাক ফোন কৰি কিমান কি কৈছিলোঁ মই নিজেও নাজানো । থুপুৰ যত্ন লোৱা মানুহ নাছিল সেইয়া বুজিছিলোঁ । বা জোখতকৈ বেছি সাৱধান হৈ বিচনাত পৰিয়েই দিন পাৰ কৰিছিল । ৰাজু দা বাপেক হোৱাৰ আনন্দত আত্মহাৰা । বাৰ শাহুৱেকে নিজৰ নাতিকহে মৰম কৰিব । থুপু পাপৰ ফল তেওঁৰ মতে । থুপুৰ মুখ খন দেখিয়েই মই বুজিছিলোঁ সকলোবোৰ । ফুলা ফুলা গালদুখন শুকান হৈ ফাটি গৈছে । ভৰি হাতৰ নখ কাটি দিয়া নাই । নখবোৰত ক’লা ক’লা কিবা লাগি আছে । মই নখ কাটি গা ধুৱাই দিয়াৰ পাছত সি মোৰ কোলাত শুই দিছিল সেইদিনা । কথা দি আহিছোঁ তাক, লৈ আনিম মই সেই অনাদৰৰ মাজৰপৰা । তেতিয়া নোৱাৰিলোঁ । নিজৰেই থকাৰ ঠিকনা নাছিল, চাকৰি নাছিল । এতিয়া মোক কোনেও ৰখাব নোৱাৰে । মাজত যি আহিব,শেষ কৰি দিম মই । সেইয়া মোৰ মা বা নাইবা আন কোনোবাই হওক ।
অনিৰুদ্ধও যদি আমাৰ মাজত আহে, মই পাহৰি যাম মই কেতিয়াবা তেওঁক ভাল পাইছিলোঁ বুলি ।

মই কিমান বেয়ালৈ যাব পাৰোঁ, মই নিজেও নাজানো ।
সেইদিনা উলটি আহোঁতে মই মালৈ ফোন কৰি কৈছিলোঁ
“জন্মতেই মাৰি পেলাব পাৰিলাহেঁতেন মোক” ।
মা সেইদিনা মনে মনে আছিল ।

টিকেট কনফাৰ্ম কৰি লেপটপটো জপাই শুবলৈ আহিলো  । অনিৰুদ্ধই ভিডিঅ’ কল কৰিছে । কাটি দি voice কল কৰিলোঁ ।
:শুইছিলা নেকি ?
:নাই ।
:চাব নোৱাৰিম এতিয়া তোমাক ?
:জাধলী হৈ আছোঁ ।
:মোৰ তেনেকৈয়ে ভাল লাগে ।
:মোৰ নালাগে ।
:লাজ কৰিছা ?
:Nope.
:My God, I just love this word now.

( আগলৈ )

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

Tags

Post a Comment

0 Comments
close