Ads Area

Abir Love Story 21 | Published by Indranee Sharma

ভীষণ ব্যস্ততাৰে পাৰ হৈছে দিনবোৰ । যোৱা বিশদিন ধৰি প্ৰায় প্ৰত্যেক দিনাই হিবাৰ সৈতে হস্পিতাললৈ যাবলগীয়া হৈছে।অফিচৰ পৰা ওলায়েই দুইজনী যাওঁ । ভিজিটিং আৱাৰ শেষ হ’বৰে হয়, যেনেতেনে পাওঁগৈ । ভায়েকৰ অৱস্থা যথেষ্ট ভাললৈ আহিছে এতিয়া । আৰু কিছুদিন পিছত হয়তো ৰিলিজ দিব ।মাকক লগত লৈ আকৌ তেওঁ থকা ৰূমটোলৈ যাওঁ দুইজনী । মাকে অকলে মানুহজনীয়ে ইয়াত একো চিনি নাপায় । যাৱতীয় বস্তুখিনি আমি কিনি মেলি দি থৈ আহোঁ । কেতিয়াবা হিবা তাতে থাকে । মই অকলে ঘূৰি আহোঁ । এইকেইদিনত অনিৰুদ্ধক অফিচতে যি লগ পাইছোঁ । মাজৰ শনিবাৰ দেওবাৰত নতুন ঘৰটোৰ বাবে বস্তু অলপ কিনিলোঁ । এতিয়াও বহুত কাম বাকী আছে । ঘৰৰ মালিকে নতুনকৈ পেইণ্ট কৰাই দিছে । তাৰ পাছত বস্তুবোৰ ভৰাব পাৰিম । সেইদিনা আয়ুক লৈ বিচনা এখনো চাই আহিছো । ককাৰ কাৰণে অলপ ভাল বিচনা এখন ল’ম । মই তলতে শুম অলপ দিন । দুখন বিচনা কিনিবলৈ এতিয়া অলপ দিগদাৰ । লগতে ঘৰটো সিমানো ডাঙৰ নহয় । দিনটো অফিচৰ কাম,হিবাৰ লগত হস্পিতাললৈ অহা যোৱা, নতুন ঘৰৰ বস্তু যোগাৰ কৰা, পইচাৰ হিচাপ মিলোৱা এইবোৰৰ মাজত অনিৰুদ্ধক যেন মই পাহৰিয়েই পেলাইছোঁ । অফিচত সিমান সময় পোৱা নাযায় । তাতে তেওঁ প্ৰজেক্ট এৰি যোৱাৰ আগতে কৰি থৈ যাবলগীয়া বহুত কামেই আছে । মাজে মাজে মোৰ ওচৰলৈ আহি পাঁচমিনিট মান ওচৰতে বহি থাকে । কিবা এটা কথা আৰম্ভ কৰোঁতেই সুৰেশ আহি মাত লগায়েই ।
“I hate this man, really !”

Abir Love Story 19 | Published by Indranee Sharma

চকুকেইটা সৰু কৰি মুখ খন ফুলাই উঠি যায় । মই হাঁহি থাকোঁ ।
আজিকালি আমাৰ বিষয়ে প্ৰায় সকলোৱেই গম পায় । কোনেও একো সুধিবলৈহে সাহস নকৰে । আমাৰ এই সম্পৰ্কটোক লৈ একেবাৰেই সুখী নহয় টানিয়া । আমাৰ বিষয়ে গম পোৱাৰ পাছৰপৰাই অনিৰুদ্ধৰ লগত একদম কম কথা পাতে । বিশেষ কাম নাথাকিলে আমাৰ দুইটাকে এভইড কৰাই দেখোঁ । সুভাষিণী সুখী । আৰু মাত্ৰ এক সপ্তাহ পাছত মেটাৰ্নিটি লিভত যাব তেওঁ । মোক হেনো মিছ কৰিব । আজিকালি খুব কথা পাতে মোৰ লগত । ল’ৰা হ’লে কি কৰিব, ছোৱালী হ’লে কি কৰিব এই সকলোবোৰ । মোক কয় মই হেনো মাক হ’ম যেতিয়া তেতিয়াহে সেইটো অনুভৱ বুজি পাম । কেতিয়াবা অনিৰুদ্ধৰ সন্মুখতে কয় । তেওঁ বুজে মোৰ তেতিয়া কেনেকুৱা লাগে । চাই থাকে মোৰ ফালে । মই চালে হাঁহি এটা মাৰি দেখুৱাই ।
অন্তৰেৰে বহু কথাই পতা হৈ যায় ।


জীৱনে নতুন মূৰ লৈছে মোৰ । হঠাৎ যেন মোৰ জীয়াই থকাৰ নতুন হেঁপাহ জাগিছে । দিনটোৰ অন্তত অনিৰুদ্ধৰ লগত অকণমান সময় কথা পাতো । গোটেই ভাগৰবোৰ যেন নাইকিয়া হৈ যায় । কেতিয়াবা বেছি চিন্তা হ’লে তেওঁ নিজেই বুজি পায় । কি হৈছে সুধে । যি পাৰে নিজৰ অভিজ্ঞতাৰে বুজাই দিয়ে ।ভাড়ালৈ ঘৰ এটা লোৱা ইমান সহজ নহয়।বহুতখিনি কাম থাকে । Rental Agreement বনাওঁতে মোৰ চিনাকি হিচাপে তেওঁৰে নাম দিছিলোঁ । এতিয়া বস্তু কিনোতেও মোক একেবাৰে অত্যাৱশ্যকীয় খিনিহে কিনিবলৈ কয় । কিন্তু এটা কথাত আমাৰ প্ৰায় সদায় কাজিয়া হয়  । আজিও হ’ব মই জানো ।
ফোন কৰিবলৈহে ৰৈ আছে ।

এইমাত্ৰ হিবাক মাকৰ ওচৰত থৈ আহিছোঁ । ন বাজিবৰ হ’ল।দেওবাৰ বুলি ট্ৰেফিক অলপ কম আছিল ।হিবাই কাইলৈ তাৰপৰাই বাহিৰে বাহিৰে অফিচ কৰিব । কেবখনক পইচা দি ওপৰলৈ উঠি আহিলোঁ । মুখ হাত ধুই নিজেই অনিৰুদ্ধলৈ ফোন কৰিলোঁ ।
:আহি পালা ?
:হমম ।
:ফ্ৰাইডে শ্বিফ্ট কৰিব পৰা হৈ আছে নে সৱ ?
:হৈছে আৰু ।
:লিভ এপৰুভ হ’ল নাই তোমাৰ ?
:তিনিদিন হে দিছে ।
:
Thurseday, Friday and Monday right  ?
:হমম ।
:মই গ’লে তোমাৰ কি প্ৰব্লেম হয়নো ?
:কি কৰিব আপুনি তালৈ গৈ ? আমাৰ ঘৰলৈ এনেও যাব নোৱাৰে । আৰু থাকিব ক’ত আপুনি ?
:হোটেলত থাকিম । নাপায় নেকি তাত ?
:নালাগে যাব । এবাৰ ক’লো নহয় ।
:ককাক লৈ তোমাৰ দিগদাৰ নহ’ব ?
:নহয় । মই পাৰিম ।
:তুমিতো সৱ অকলেই পাৰা । মোৰ প্ৰয়োজনেই নাই  ।
ফোনটো থৈ দিলে ।



সেইফালে আকৌ মুখ ফুলিল । প্ৰেম চেম সেইকাৰণেই কৰা নাছিলোঁ । এইবোৰ বৰ কামোৰ পাওঁ মই ।সৰু সৰু কথাতে কাজিয়া লগা, তাৰ পাছত সেইটোকে লৈ ইটোৱে সিটোক ঘণ্টা ঘণ্টা pamper কৰা ।নোৱাৰি আৰু । অনিৰুদ্ধৰ জেদ এটাই তেওঁ ও মোৰ লগত আমাৰ ঘৰলৈ যাব । যিটো মই কেতিয়াও নিবিচাৰোঁ । মই কেনেকুৱা এখন ঘৰৰ পৰা আহিছোঁ সেইয়া তেওঁ নালাগে জানিব ।  অনিৰুদ্ধই আমাৰ ঘৰখন দেখিলে মোক বহুত প্ৰশ্নই কৰিব ।  যিটো মই নিবিচাৰোঁ । দেউতাৰ ব্যৱহাৰ কেনেকুৱা হ’ব সেইয়াও মই নাজানো

সেইটোকে তেওঁক বুজাব পৰা নাই । ইফালে ঘৰলৈ যোৱাৰ দিনটো যিমানেই ওচৰ পাইছেহি সিমানেই মোৰ মনটো যেন অস্থিৰ হৈ আহি আছে । ভয়, আশংকা, দুখ, খং, ক্ষোভ সকলোবোৰ জুমুৰি দি ধৰিছেহি মোক । ককাই বস্তু বাহানি টোপোলা বান্ধি ৰৈয়ে আছে । দেউতাই আপত্তি কৰিছিল । পিছত ককাৰ ওচৰত মান্তি হ’বলৈ বাধ্য হ’ল । দেউতাই মোলৈও ফোন কৰিছিল । নুঠালোঁ । দুৰ্বল হৈ যাওঁ বুলি ভয় লাগে মোৰ । বহুত কষ্ট কৰি এই অৱস্থা পাইছোহি । আকৌ হাৰি গ’লে শেষ হৈ যাম ।

আকৌ আগৰ দৰেই সাৰে থাকিয়েই পাৰ হৈছে ৰাতিবোৰ ।

অভিমান ভাঙিবলৈকে ভিডিঅ’ কল কৰিলোঁ । বহুতদেৰি ৰিং হোৱাৰ পাছত তেওঁ ফোনটো উঠালে । মুখ খন ফুলা । বগা পাতল টি চাৰ্ট,ফুলা ফুলা চকু আৰু খেলিমেলি চুলিখিনি দেখি গম পাইছোঁ শুই আছিলে আজি দিনৰ দিনটো । ফুলি আছে চকু মুখ ।
:আজি দিনটো শুলে ?
:আৰু কি কৰিম, তোমাৰ টাইমেই নাই।ককা আহিলেতো আৰু কি হ’ব ঠিক নাই ।
:হিবাই লগ ধৰিলে কাৰণেহে ।
:তাইক কৈ দিলেই হ’ল অনিৰুদ্ধই মাতিছে বুলি ।


:Oh please. I cant be so mean to her.
:লগ কৰিব নোৱাৰোঁ, তোমাৰ লগত অসম যাবও নোৱাৰোঁ,যেতিয়াই তেতিয়াই ফোন কৰিবও নোৱাৰোঁ।সৱ তোমাৰ মতেই হয় ।
কথাটো শুনি বেয়া লাগিল । অনিৰুদ্ধ অলপ যেন অসন্তুষ্ট । তেনেকুৱা লাগিল । সৱৰে কথা ভাবোঁতে তেওঁলৈ যেন পাহৰিয়েই গৈছোঁ ।
:তেনেকুৱা নহয় ।



:তেনেকুৱাই । ঘৰটো লৈছা,তাতো সৱ নিজেই কৰিবা । মই হেল্প কৰি দিলে কি হয় ? আয়ুয়ে কৰিব পাৰে যদি মই কিয় নোৱাৰোঁ ?
:আটাইতকৈ ডাঙৰ কামটো আপুনিয়েই কৰিব লাগিব ।
তেওঁৰ সেমেকা মুখ খন পোহৰ হৈ উঠিল ।

Abir Love Story 21

:কি কাম ?
:ককাই কৈছে, নতুন ঘৰটোত পূজা এভাগ নকৰাকৈ নালাগে সোমাব । ভাবিছিলোঁ ককা অহাৰ পাছত কৰিম, কিন্ত নহ’ব বোলে । শুকুৰবাৰে পূজা কৰিহে সোমাব পাৰিম বুলি কৈছে । এইবিলাক মই বিশ্বাস নকৰো কিন্তু ককাই কৰে । এতিয়া কেনেকৈ কি কৰোঁ ভাবি পোৱা নাই ।
:I will take care of it. You don’t worry.
:okay .
:But I have a condition.
:কি ?
:You have to wear saree for the Puja.You look so cute in traditional attire.
:পূজা পাতিম কৈছোঁ,বিয়া পাতিম বুলি নাই কোৱা ।
:পণ্ডিতজী পাওঁতেই পাতি লওঁ নেকি ! I can’t bear this distance anymore.Don’t you feel the same ?
:Nope. 

( আগলৈ )

Abir Love Story

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

Tags

Post a Comment

3 Comments

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close