Ads Area

মূখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা ! পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা পৰীক্ষাৰ্থীক ঘূৰাই দিব মাচুল

মূখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা ! পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা পৰীক্ষাৰ্থীক ঘূৰাই দিব মাচুল

assam direct requirement exam news

তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা । পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা পৰীক্ষাৰ্থীক ঘূৰাই দিয়া হ’ব মাচুল ।

লগতে তৃতীয় বৰ্গৰ পৰীক্ষা চলি থকাৰ মাজতে মূখ্যমন্ত্ৰী গৰাকীয়ে আন এটা বৃহৎ সিদ্ধান্তৰ কথাও তেওঁ ঘোষণা কৰিছে । তেওঁ কয় যে এটা মাহৰ ভিতৰতে ঘোষণা কৰা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ।

আনহাতে এই পৰীক্ষাত অনূত্তীৰ্ন সকলৰ মাচুল উভতাই পাব । তৃতীয়-চতুৰ্থ পৰীক্ষাৰ বাবে সকলোৱে এটা মাচুল দিছিল । কিন্তু এই পৰীক্ষাত যি সকল উত্তীৰ্ণ হয় তেওঁলোকৰ মাচুল চৰকাৰে ল’ব ।

বাকী যি সকল পৰীক্ষাৰ্থী অনূত্তীৰ্ন হ’ব সেই সকল পৰীক্ষৰ্থীয়ে মাচুল ওভতাই পাব । তেওঁলোকে নিজৰ বেংক একাউণ্টত এই ধন ওভতাই পাব ।

অনূত্তীৰ্ণ সকলে মাচুলৰ নামত কোনো টকা খৰছ কৰিব নালাগে । মূখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কয় যে চতুৰ্থ বৰ্গৰ আৰু তৃতীয় বৰ্গৰ পৰীক্ষা সমূহ ভালকৈয়ে হৈছে ।

পাঁচটা পৰীক্ষাত ১৪ লাখ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে । সুন্দৰভাৱে এই পৰীক্ষা সমূহ হৈ আছে । আৰু এমাহৰ ভিতৰতে এই পৰীক্ষাৰ ফলাফল দিবলৈ চেষ্টা কৰিম ।

Post a Comment

0 Comments
close