Ads Area

5G Launch in India | দেশত আৰম্ভ হ’ল 5G সেৱা, আৰ্থিকভাৱে কিমান লাভৱান হ’ব ভাৰত ?

5G প্ৰযুক্তিৰ বাবে অনাগত দিনত ভাৰতে দ্ৰুত ডাটা স্পীড প্ৰদান কৰিবলৈ সক্ষম হ’ব ।


বহু আশাৰে দেশত আৰম্ভ হ’ল 5G সেৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দিল্লীৰ প্ৰগতি ময়দানত ৫জি টেলিকমিউনিকেচন সেৱা মুকলি কৰে প্ৰথম অৱস্থাত কলকাতাকে ধৰি দেশৰ ১৩খন চহৰত এই সেৱা আৰম্ভ কৰা হ’ব । দিল্লী, কলকাতা, আহমেদাবাদ, চেন্নাই, মুম্বাই, পুনেকে ধৰি মুঠ ১৩ খন চহৰত প্ৰথম অৱস্থাত 5G সেৱা উপলব্ধ হ’ব । তাৰ পিছত ষ্টেপ বাই ষ্টেপ ইয়াক সমগ্ৰ দেশতে আৰম্ভ কৰা হ’ব । পৰৱৰ্তী পৰ্যায়ত দেশৰ সৰু সৰু চহৰসমূহতো 5G সেৱা আৰম্ভ কৰা হ’ব ।

5G Launch in India

5G সেৱাক লৈ সমগ্ৰ দেশৰ বহু সপোন আছে ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰিব বুলি বিশেষজ্ঞসকলৰ মতে ২০২৩ চনৰ পৰা ২০৪০ চনৰ ভিতৰত ভাৰতত ৩৬.৪ ট্ৰিলিয়ন টকা শেহতীয়াকৈ কৰা এক সমীক্ষাত এনে তথ্য পোহৰলৈ আহিছে
ভাৰতত ৪জি সেৱা প্ৰৱৰ্তনৰ পিছতহে দেশত ডাটা বিপ্লৱ আহিল অনলাইন মাধ্যমৰ ওপৰত দেশবাসীৰ নিৰ্ভৰশীলতাও বহু পৰিমাণে বৃদ্ধি পাইছে দেশত ডাটা সস্তা হোৱাৰ লগে লগে সকলোতে ইয়াৰ প্ৰভাৱ পৰে |

5G প্ৰযুক্তিৰ বাবে অনাগত দিনত ভাৰতে দ্ৰুত ডাটা স্পীড প্ৰদান কৰিবলৈ সক্ষম হ’ব। লগতে কোনো ধৰণৰ বাফাৰিং নকৰাকৈ সহজে ভিডিঅ’ চোৱাটো সম্ভৱ হ’ব স্মাৰ্ট এম্বুলেন্সৰ পৰা আৰম্ভ কৰি ক্লাউড গেমিংলৈকে সকলো উপভোগ কৰিব পাৰিব নাগৰিকে ইয়াৰ পিছত অনলাইন বজাৰ কৰাটোও বহুত সহজ হ’ব বুলি আশা কৰা হৈছে |

Tags

Post a Comment

0 Comments
close