Ads Area

Abir Love Story 23 | Published by Indranee Sharma

যেদিন কানে কানে সব বলবো তোমাকে
বুকেৰ মাঝে জাপটে জড়িয়ে ধরবো তোমাকে ।
পথ চেয়ে ৰই, দেৰি কৰোনা যতই
আৰ ভোলা যাবেনা জীবনে কখনোই,
তোমাকে, ও.. তোমাকে ।

Abir Love Story 23 | Published by Indranee Sharma

গভীৰ নিশাৰ নির্জনতাত দুটি শৰীৰ ,দুটি মন, দুটি আত্মাৰ একান্ত সময়।অনিৰুদ্ধৰ দুহাতত মই যেন এটা কাঁচৰ পুতলা । ইমান আলফুল অথচ ইমান নিবিড় প্ৰতিটো স্পৰ্শ, প্ৰতিটো চুম্বনত হাজাৰটা প্ৰতিশ্ৰুতি ।কেৱল উন্মাদনাৰ জোৱাৰ নহয়, নিৰাপত্তাৰ এখন চাদৰ হৈ মেৰিয়াই ধৰিছে মোৰ সমগ্ৰ সত্তা ।এৰি দিছোঁ নিজক, আৰু যে উপায় মই বিচাৰিও পোৱা নাই ।
মজিয়াত পৰি ৰোৱা মোৰ গুলপীয়া শাড়ীখন, তেওঁৰ বগা চাৰ্টটো আৰু মোৰ খেলিমেলি চুলিখিনি আজি অনুৰাগৰ অলেখটা মুহুৰ্তৰ সাক্ষী ।
সময় আগবাঢ়িছে, সমানেই মৰমৰ উত্তাপ..
:What’s this ?


বুকুৰ সোঁমাজত থকা ঘাঁটুকুৰা চুই দিলে তেওঁ । জিকাৰ খাই উঠিল মোৰ সমগ্র শৰীৰ । সেই ভয়াৱহ ৰাতিৰ স্মৃতি তাতেই যে আজিও সাৰে আছে । কলিকতাৰ ঘিণ লগা ৰাতিটো । সিদ্ধাৰ্থই মোক বশ কৰিব নোৱাৰি বিয়েৰৰ বটলৰ ভঙা টুকুৰাৰে আঘাত কৰিছিল সেইখিনি ঠাইত । এবাৰলৈও কন্দা নাছিলোঁ মই ।বিৰিঙি বিৰিঙি তেজ ওলোৱা ঠাইখিনিত অকনমানো অনুশোচনা বা অপৰাধবোধ নোহোৱাকৈ খুড়ীয়ে বেণ্ডেজ লগাই ঢাকি থৈছিল ।
এক সপ্তাহ তেনেকৈয়ে ঢাকি ৰখা ঘাঁ ডোখৰ পিছত লাহে লাহে আৰু বেছি বাঢ়ি গৈছিল । ডক্টৰে ড্ৰেছিং কৰি চিলাই কৰি দিওঁতে এবাৰো সোধা নাছিল কেনেকৈ কি হ’ল বুলি ।
সেই চিলাইৰ দাগটো এতিয়াও অকণমান ফুলি থাকে, পাহৰিব খোজা দিনবোৰ সোঁৱৰাই থাকে।
কিন্তু অনিৰুদ্ধই কিয়…
:প্লিজ কোৱা, কি দাগ এইটো ?
:Someone tried to rape me.
এটি স্থিৰ মুহূৰ্ত ।
উশাহৰপৰা উন্মাদনালৈকে সকলোকে শিল কৰিব পৰা এটা মুহূৰ্ত । মোৰ বুকুৰপৰা উঠি আহি তেওঁ মোৰ চকুত চকু থৈ চাই আছে মাথোঁ । ফেৰী লাইটৰ টিপ টিপ পোহৰত স্পষ্টকৈ দেখিছোঁ সেই ধুনীয়া চকুযুৰিৰ পানীখিনি । দুয়োখন হাতেৰে মোৰ মূৰৰ দুফালে ভেজা দি ৰৈ থকা মানুহটো কিমান কোমল অন্তৰৰ সেইয়া মই জানো ।
:Who did this ?
:
মোৰ চকুত চকু থৈ সোধা প্ৰশ্নটোৰ উত্তৰ মোৰ ওচৰত নাছিল..
এটোপাল লুণীয়া পানী তেওঁৰ চকুৰ পৰা সৰি মোৰ চকুত সোমাল..
:You need to heal first Ananya.. I can’t do this..I should have waited.. I am so so sorry..
মোৰ কপালত চুমা এটা আঁকি তেওঁ আঁতৰি গ’ল..
আৰু একো কোৱাৰ সুযোগ তেওঁ মোক নিদিলে । মজিয়াত পৰি থকা চাৰ্টতো পিন্ধি হাতত বেগ লৈ ওলাই গুচি গ’ল । ঘড়ীত তেতিয়া এক বজাৰ সংকেত ।
দৰ্জাখনত আঁৰি থোৱা তেওঁ উপহাৰ দিয়া wind chim টো তেতিয়াও বাজি আছে।উঠি বহিলো । নিজকে আকৌ এবাৰ সামৰিবই লাগিব । দৰ্জাখন বন্ধ কৰি বাথৰুমত সোমালোঁ । আইনাত এবাৰ নিজকে চালোঁ । খেলিমেলি চুলি, ৰঙা পৰি থকা গাল, মুখ, ডিঙি…
মোৰ শৰীৰৰপৰা ভাঁহি আহিছে অনিৰুদ্ধৰ ফৰাচী পাৰফিউমৰ সুগন্ধি ।
আৰু বুকুৰ সেই দাগটো…
ধুনীয়া ৰাতিৰ বেয়া লগা দাগটো চাই থাকিব নোৱাৰিলোঁ । শ্বাৱাৰৰ পানীত উটাই দিছোঁ প্ৰতিটো ভাললগা বেয়ালগা মুহূৰ্ত । আৰু মাত্ৰ তিনিঘণ্টাৰ পাছতেই ওলাই যাব লাগিব । আৰু বা কি ৰৈ আছে মোৰ বাবে ।
কিমান দেৰি শ্বাৱাৰৰ তলত বহি থাকিলোঁ নিজেই নাজানো ।
ঘৰটোৰ খেলেলিবোৰ সামৰি সকলো আগৰদৰেই ধুনীয়া কৰিলোঁ.. কিন্তু মনৰ খেলিমেলিবোৰ.. !!!

এইবোৰৰ শেষ আছে জানো ??

ডিব্ৰুগড়ৰ এয়াৰপোৰ্টত নামি বেগটো লৈ ওলাই আহোঁতে অসমৰ চিনাকি পৰিৱেশটো দেখি বুকুখন গধুৰ হৈ আহিলে ।

নিজেৰেই ঠাইখন কেনেকৈ ইমান যে দূৰ হৈ পৰিল । ঘৰ এখন নাই বুলি ভাবিব লগীয়া হোৱাৰ পৰা সকলো সলনি হৈ যোৱাৰ দৰে হ’ল । ঘৰত মই আহিম বুলি জানে, কিন্তু সময়টো কোনেও নাজানে ।গাড়ী এখন লওঁ বুলি ইখন সিখন সুধি থাকোঁতে ক’ৰবাৰ পৰা দৌৰি দৌৰি যোগেশ দা ওলাইছেহি ।

:মাজনী,দে দে ,বেগটো দে।মই ৰৈ চাইয়ে আছিলোঁ অথনিৰে পৰা ।

:কেনেকৈ জানিলে মই আহিছোঁ বুলি ?
:তোৰ মায়েও জানে দেখোন । গাড়ীতে আছে ব’ল ।
:মা আহিছে ?

Also Check: JEC Arnab And Astha Love Story | JEC Arnab Astha All Parts Link


:আহিছে আকৌ।ব’ল ব’ল ।
অলপ আঁতৰত ৰৈ থকা বগা ৰঙৰ
Audi A6 খনৰ আগফালৰ ছিটটোত বহি থকা মানুহজনীক দেখি মোৰ ভাল বেয়া একো লগা নাই । আমাক দেখি তেওঁ নামি আহিল । একেই আছে । Dior sunglass,Rolex watch,Prada ৰ বেগ, ব্ৰেণ্ডৰ বাহিৰে বেলেগ একো চিনি নাপায় তেওঁ । মানুহে দেখিলেই যাতে তেওঁৰ অভিজাত্যৰ প্ৰমাণ পাব পাৰে তাৰ প্ৰতি সদায় সচেতন তেওঁ । চিনেমাৰ তাৰকাৰ দৰে ধুনীয়া চেহেৰাটো আছেই । কিন্তু চকুৰ পৰা ছানগ্লাছযোৰ খোলাৰ লগে লগে আজি মই বেলেগ এজনী মানুহহে দেখিলোঁ । ইমানবোৰ দামী বস্তুৱেও তেওঁৰ চকুৰ বিষাদ ঢাকিব পৰা নাই ।
:কিবা দিগদাৰ হৈছিল নেকি ?
:কিয় আহিছা ? মই গাড়ী ভাড়া কৰিব পাৰিলোঁহেঁতেন ।
:মোৰ এইফালে অলপ কাম আছিল । যোগেশ, বেগটো ৰাখি দে ডিকিত ।
মোৰ ফটা জিনছ আৰু ঢিলা টপটো তেওঁৰ পছন্দ হোৱা নাই যে সেইয়া তেওঁৰ চাৱনিত বুজি পালোঁ ।ভৰিৰ শ্লিপাৰযোৰ দেখি নাকটো কোঁচাই দিলে ।
ভাল লাগে মোৰ তেওঁক এনেকৈ দেখি ।
গাড়ী আগবাঢ়িল । আমাৰ মাজত কথা নাই । হেডফোন ডাল লগাই গান শুনি আছোঁ।অনিৰুদ্ধই এতিয়ালৈকে ফোন মেছেজ একো কৰা নাই । আশাও কৰা নাই মই । কালিৰ পাছত হয়তো…

বগা বাংলো অলপ সলনি হ’ল । আগফালে ডাঙৰ ল’নখনৰ চুকত অফিচ ৰূম এটা বনিলে । ফুলবোৰ কিন্তু একেই আছে । আৰু সৌৱা বাৰাণ্ডাৰ অৰামী চকী এখনত বহি গেইটৰ ফালে ডিঙি মেলি মেলি চাই বহি আছে ককা । ওচৰত তৰা।প্ৰকাণ্ড গেইটখন খোলাই ৰাখিছিল আগৰপৰাই । গাড়ীখন ভালকৈ ৰ’বলৈকে নিদিলোঁ । দৰ্জাখন খুলি দৌৰিলোঁ ককাৰ ওচৰলৈ । মোক দেখি চকীৰ পৰা উঠি অহা মানুহজনক জোৰেৰে সাৱটি ধৰিলোঁ । মোৰ গালে মুখে হাত ফুৰাই দিয়া মানুহজন আগতকৈ ক্ষীণালে ।চন্দন আৰু সুগন্ধি তেলৰ ‘ককা ককা’ লগা গোন্ধটো উজাই লৈছোঁ উশাহত । কিমান যে মিছ কৰিছিলোঁ ।
:মই যাম বুলি ওলাই আছিলোঁ, ইহঁতি বোলে নালাগে আপুনি।কিবা বজাৰ কৰিব লাগিব । ভালে ভালে পালিহি যে হ’ব দে । তই কি চাই আছ তৰা,তাইক পানী দুনী অকণ দে হি ।
:ভালে আছ তৰা ?
চলচলীয়া চকুৰে মোলৈ চাই থকা তৰা ওচৰ চাপি আহিল ।
:কি খাবি মাজু ?
:কি বনাইছ ?
:আদা দিয়া চাহ বনাওঁ ?
:বনা, মই গা ধুই লওঁ ।
:শাক পালিনে যোগেশ ? ছাগলী মাংস অকণো আনিব লাগিছিল ।
:তাই ভালপোৱা সৱ আনিছোঁ । মাক জনী আছোঁ নহয় ।
ককাৰ কথাটোৰ উত্তৰ মায়ে দিছে । ইমান মৰম মোলৈ?হঠাৎ এনেকুৱা হ’লে ভয় লাগে মোৰ । এইবাৰ বা কি স্বাৰ্থ লৈ এইবোৰ কৰিছে !

Also Check: Kinemaster Video Editing 418


ঘৰটোৰ ভিতৰলৈ সোমাওঁতে ভৰিটো নচলাৰ দৰে হৈছিল । পাছে পাছে মা । যোগেশ দা বেগ লৈ মোৰ ৰূমৰ ফালে আগবাঢ়িল । ঘৰৰ ভিতৰত কিছুমান নতুন বস্তু । মোৰ ৰূমটো কিন্তু প্ৰায় একেই আছে ।আনকি পঢ়া টেবুলখনো । পৰ্দাখিনিহে মাত্ৰ সলনি হৈছে ।
বেগৰ পৰা কাপোৰকেইটা উলিয়াই গা ধুবলৈ সোমালো । বাথৰুমটো নতুন নতুন বস্তুৰে ভৰা ।
:মাজনী, তই গা ধুই ল, মই ইয়াতে বহিছোঁ ।
বাহিৰৰ পৰা ককাৰ মাত । এতিয়া মোৰ লগে লগে লাগি থাকিব যে মই জানো । গা ধুই ওলাই তৰাই বনোৱা চাহ ককাৰ সৈতে বহি খালোঁ ।
:মাজু, পোলাও খাবি নে পলেইন ভাত ?
তৰাই প্লেইন বুলি ফুটাব নোৱাৰে ।
:কিবা হ’লেই হ’ল ।
ককাৰ সৈতে কথা পাতি থাকোঁতে বাহাদুৰে ভাত খাবলৈ মাতিলে । টেবুলত প্ৰায়বোৰ মই ভালপোৱা বস্তু ।
মায়ে নিজেই সজাইছে টেবুলত ।
এতিয়ালৈকে কিন্তু দেউতাৰ দেখা দেখি নাই ।
মই এবাৰো সোধাও নাই ।
:ই নাহে নেকি ভাত খাবলৈ ?
:আজি মিটিং আছে, MLA আহিছে ।
:ছোৱালীজনী ইমানদিনৰ মূৰত ঘৰলৈ আহিছে, সেইবোৰ খবৰ নাই । বৰাৰ নেগুৰত ঘূৰি ফুৰিবলৈ কি নাইকিয়া হৈছে তাৰ ?

Abir Love Story 23 | Published by Indranee Sharma


:ককা প্লিজ । মূৰ বিষাই মোৰ এইবোৰ শুনিলে ।
মনে মনে থাকিল সৱ । মা লগতে খাবলৈ বহিল । মোক আচৰিত কৰি তৰাকো লগতে বহুৱালে । মাংসৰ বাতিটো মোলৈ নিজেই আগবঢ়াই দিলে মায়ে  ।


ককাই নিজে নিৰামিষ খাই যদিও আনে খোৱাত আপত্তি নকৰে । মায়ে মোৰ কাঁহীত বস্তু শেষ হ’বলৈ দিয়া নাই ।
:মা, ভাত খোৱা । মই লৈ ল’ম । আৰু এইবিলাকৰ অভ্যাস নাই মোৰ । So Please…

ভাত খাই ককাৰ ৰূমতে শুই থাকিলোঁ । ককাই ঢেৰ কথা কয় আজিকালি । হয়তো অতবছৰে বহু কথাই থুপ খাই আছিলে । দুটা ডাঙৰ ট্ৰলীত কাপোৰ কানি সামৰিয়েই ৰাখিছে ।
:ককা, কিয় মোৰ লগত যাব খুজিছা সঁচাকৈ কোৱাচোন ?  তোমাৰ নিজে পতা ঘৰখন এৰি যাবলৈ মন গৈছে নে ?

Also Check: Arundhati Gold Scheme


:এইখন ঘৰ নহয় মাজনী । মাত এষাৰ দিবলৈ মানুহ কেইটাৰ সময় নাথাকে । ৰান্ধনীয়ে ৰান্ধি দিয়ে খাওঁ, তৰাই পানী অকণ দিয়ে দৰব কেইটা গিলো । দিনবোৰ তেনেকৈ গৈছে । প্ৰত্যেক দিনেই মাৰ দেউতাৰৰ কাজিয়া । কমক চাৰি বাঢ়িছেহে । তোৰ লগত থাকিলে অন্ততঃ কথা এষাৰ পাতিব পাৰিম ।
:কিন্তু মই অফিচ যোৱাৰ পাছত যে অকলশৰীয়া হ’বা ?
:কিতাপ পঢ়িম, টিভি এটা লৈ ল’ম । থাকিম তেনেকৈয়ে । তোৰ শনি দেও দুদিন বন্ধ নহয় জানো ?
:উম ।
:সেই দুদিন থাকিবি আকৌ মোৰ লগত । সেইয়াই হ’ব ।
:মোৰ ঘৰটো সৰু ।
:মনটো ডাঙৰ তোৰ ।

সন্ধিয়া সময়ত দেউতা ঘূৰি আহিল । লগত আৰু দুজনমান মানুহ । মোক দেখি অলপ সময় থৰ লাগিল ।
:কেতিয়া পালিহি  ?
:দুপৰীয়া ।
:থাকিবি কেইদিনমান ?
:কাইলৈ দিনটো আছোঁ ।
:মই আলহীক বিদায় দি কথা পাতিম ।
:মোৰ একো পাতিবলগীয়া নাই আপোনাৰ লগত ।

চাদৰ ওপৰত অকলে খোজকাঢ়ি থাকোঁতে অলেখ স্মৃতিয়ে আমনি কৰিছে । তলৰ পৰা ককাৰ প্ৰাৰ্থনাৰ মাত ভাঁহি আহিছে । বতাহ জাকত বিয়পি আছে বনৰীয়া ফুলৰ সুগন্ধি । দূৰৰ নামঘৰৰ ডবাৰ মাত ।আয়ুহঁতৰ ঘৰটো দেখি থাকি ইয়াৰপৰা । একেই আছে । আগফালৰ লাইট তো জ্বলি আছে । বাৰাণ্ডাত খুড়ী আৰু কোনোবা বহি আছে । কাইলৈ এপাক যাব লাগিব ।


Also Check: AABIR Novel All Parts Link : Aabir love story by Indranee Sharma

( আগলৈ )

Abir Love Story

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma




Tags

Post a Comment

0 Comments
close