Ads Area

Abir Love Story 25 | Published by Indranee Sharma

বুকুৰ কোণত এসোপা অভিমান লৈ ৰাতিটো পাৰ কৰিলোঁ । অনিৰুদ্ধই ফোন মেছেজ একোৱেই নকৰিলে । ৰাতিপুৱাই উঠি আহি দেখোঁ আয়ুৰ মাক বাৰাণ্ডাত বহি আছে । ককাৰ চকীখনৰ কাষতে সৰু টুল এখন লৈ বহিছে । একেই আছে খুড়ী।বগা, অলপ শকত, থুপুকী । আয়ুৰ সৈতে মুখ খন একেই ।সেন্দূৰৰ ফোঁটটো জোখতকৈ অলপ ডাঙৰ কৈ লয় । মুখত তামোল থাকেই । নামটোও ধুনীয়া, তগৰ ।
:ভালনে খুড়ী ।
:ইয়’,ইমান বেলেগ হ’লি দেখিবলৈ,কালিয়েই আহি যে সোমাই আছহি, আমাৰ ফালে পাক এটা মাৰিব নাপায় নে ?


Abir Love Story 25

:কালি অকণ ভাগৰ লাগিলে ।
:ই আই, তাইৰ ভাগৰ চোৱা।ওচৰলৈ আহচোন ।
তামোলৰ মুখ খন গালত লগাই চুমা খোৱাৰ দৰে কৰে খুড়ীয়ে । আয়ৈ,ইয়’ই শব্দবোৰ থাকেই ।
:আমাৰ এইটোক থৈ আহিলি কেলেই ? দুইটা অহা হ’লে বেছি ভাল লাগিলেহেঁতেন ক’ ।
:সি আহিব কেইদিনমান পিছত, ছুটি নাইপোৱা ।
আয়ুয়ে হিবাক অকলশৰীয়া কৰি এৰি থৈ আহিব নোৱাৰে।মই থাকিলেও বেলেগ কথা । ভায়েকৰ ৰিলিজ হৈ নোযোৱালৈকে

সি আহিব নুখুজিলে ।
:ভাত আমাৰ ঘৰতহে খাবি আজি ন।সৱ গোটাই থৈছো । ন-ছোৱালী কামত লাগিলেই । তই তাইক দেখাই নাই নহয় ।

আয়ুৰ নবৌয়েক । বিয়াৰ কথা জানিছিলোঁ । আয়ুৰ ফোনত ফটো দেখিছোঁ যদিও লগ পোৱা নাই ।

:ইমান ৰাতিপুৱাই ভাত?নটা বাজিছেহে খুড়ী । আৰু মই ব্ৰাছ কৰাই নাই ।
:যা যা । সাউৎকৈ ওলাই আহ । গা আমাৰ ঘৰতে ধুবি । আগতে কিমান গা ধুৱাই দিওঁ মই দুয়োটাকে । ধূলি বালি লৈ খেলি থাক যে । মাৰে গালি পাৰে বুলি আকৌ ।

খুড়ীক ককাৰ সৈতে কথা পাতিবলৈ দি ভিতৰলৈ আহি টেবুলত মাক ব্ৰেকফাষ্ট সজাই থকা দেখিলোঁ।
:মই আয়ুহঁতৰ ঘৰত ভাত খাম আজি । গা ধুই যামেই । মোলৈ সজাব নালাগে ।
:ভাত তাত খাবি, ব্ৰেকফাষ্ট কৰি যা । খুড়ীয়েও খাব ইয়াতে ।
মায়ে খুড়ীৰ সৈতে কেতিয়াও ভালকৈ কথা পতাও দেখা নাছিলোঁ । আজি কি হৈছে ধৰিব পৰা নাই । গা ধুই কাপোৰ কানি পিন্ধি ওলাই আহি দেখোঁ টেবুলত খুড়ী, ককা, মা একেলগে বহি চাহ খাই আছে । লগতে বহি খালোঁ । মায়ে গৰু ঘিঁউত লুচী ভাজিছে । মোৰ থালত দি থাকোঁতেই দেউতা আহিল ।
:মাজু,কাইলৈ ফ্লাইট কেইটাত তোৰ ?


:দুটাত । 
:ইমান কম দিনৰ কাৰণে আহিলি যে ?
:মোৰ বেছি যেনেই লাগিছে ।
কথাবোৰ সিমানতে অন্ত পৰিল । চাহকাপ খাই খুড়ীৰ সৈতে ওলাই আহিলোঁ ।

আয়ুহঁতৰ ঘৰখন আগতকৈ সলনি হ’ল । আগফালে নানা ৰঙী টাবত ধুনীয়া ধুনীয়া ফুল সজাই থোৱা আছে । গেইটখন নতুন।জুৰি বা বিয়া হৈ গ’ল । অপূৰ্ব দাদাৰ নতুন কইনা আহিল । অকণমানি মাইনা এটাও আছে । এবছৰ হোৱাই নাই । মই আৰু খুড়ী সোমাই যাওঁতেই অপূৰ্ব দাদা ওলাই আহিল..

:সেইজনী আমাৰ ছোৱালীজনী, কালিয়েই আহিলি বোলে । বহুত ডাঙৰ হৈ গলি অ’ । আহ আহ । হে’ৰা, আহিলে দেই তোমাৰ আলহী ।
ধুনীয়া হাঁহিমুখীয়া মানুহ এজনী ওলাই আহি বাৰাণ্ডাতে ৰ’লহি । কোলাত থুপুৰ নিচিনাই মৰমলগা অকণমানি এটা । সেইখন ঘৰ মোৰ কিমান যে আপোন । শৈশৱৰ সকলো ধুনীয়া স্মৃতি ইয়াতেইতো জীয়াইছিলোঁ । এইখন ঘৰৰ সৱ মানুহ মৰমীয়াল । মই আহিছোঁ বুলি গম পাই জুৰি বা বাছত উঠি অকলেই গুচি আহিছে । সৱ মিলি দুপৰীয়াৰ সাজ একেলগে খালোঁ । খুড়ীয়ে সৰু মাছ, কচু পিটিকা, মাটিমাহ ঔটেঙা আৰু যে কিমান কি কি ৰান্ধিছে । খোৱাৰ পিছতো আমাৰ কথাৰ অন্ত নাই । জুৰি বা, মই,খুড়ী আৰু নবৌ একেখন বিছনাতে পৰি পৰি সন্ধিয়া পৰলৈকে কথা পাতিলোঁ । আহিবৰ সময়ত খুড়ীয়ে নিজে বোৱা কাপোৰ এযোৰ দিলে । আকাশ নীলা ৰঙৰ কাপোৰ যোৰত বগা বগা ফুল বছা ।
:শাহু বোৱাৰী দুইজনী মিলি বৈ উলিয়াইছোঁ । পিন্ধিবি আকৌ দেই কেতিয়াবা ।
সকলোকে এৰি আহিবৰ সময়ত চকু সেমেকিল । আকৌ জানো এইখন ঠাইলৈ ঘূৰি আহিম কেতিয়াবা ?কেতিয়াবা মন যায় ইয়াতেই থাকি যাওঁ । কিন্তু ঘৰ এখন নোহোৱাকৈ থাকিবওতো নোৱাৰোঁ ।
ঘৰলৈ ঘূৰি আহোঁতে প্ৰায় সাত বাজি গ’ল । ঘৰত আলহী ধেৰ । ককা কাইলৈ বেংগালোৰ যাবগৈ বুলি গম পাই মাত লগাবলৈ আহিছে।সৱেই কিন্তু কেইদিনমানৰ কাৰণে ফুৰিবলৈ গৈছে বুলিহে জানে ।একেবাৰে যোৱাৰ কথা হয়তো কাকো কোৱা হোৱা নাই । সৱকে মাত লগাই ৰূমলৈ আহিলোঁ । মায়ে মোৰ ৰূমৰ বস্তু কিছুমান সামৰি আছে ।
:কি কৰি আছা ইয়াত ?
:ইমান দেৰি কৰিলি যে ।
:য’ত থাকি ভাল লাগে তাতে থাকিম ন ।
:চাদৰ ওপৰলৈ আহ, কথা কেইটামান কম।শুনি লৈ যি ভাল দেখ কৰিবি ।
কৈয়ে মা ওলাই গ’ল । চিৰিয়েদি ওপৰলৈ উঠি গৈছে । মই বহুতপৰ একে ঠাইতে ৰৈ থাকিলোঁ । যাওঁ নাযাওঁ কৈ আগবাঢ়িলোঁ ।

চাদৰ ওপৰৰ ঝুলনা খনত মা বহি আছে । মনটো মৰা । মানুহজনী আগৰ দৰে হৈ থকা নাই । হঠাৎ যেন বুঢ়ী হৈ গৈছে । উজ্জ্বল ৰঙা ৰঙৰ চুৰিডাৰযোৰ যেন ব্যৰ্থ হৈছে তেওঁক উজ্বলাই তুলিবলৈ ।
:বহ ইয়াতে  ।
:আছোঁ ইয়াতে, কোৱা কি ক’বা ?
:আকৌ কেতিয়াও নাহ ইয়ালৈ ?
:ভবা নাই । ককা আহোঁ বুলি ক’লে থৈ যাম কেতিয়াবা ।
:মাজু,কথাবোৰ নতুনকৈ..
:মা প্লিজ, মোক খং উঠাই নল’বা ।
:ঠিক আছে ।


বহুত সময় দুয়ো মনে মনে ৰ’লো ।
:তোক আমি মাজু বুলি কিয় মাতো ভাবি চাইছ ? তোৰ পিছত থকা সৰুটো ক’লৈ গ’ল সুধি পাইছ ?
মূৰৰ ওপৰত গোটেই আকাশখন খহি পৰাৰ দৰে লাগিল । এই প্ৰশ্ন মই কিয় কেতিয়াও সোধা নাছিলোঁ মাক।কিন্তু মইতো মায়ে দিয়া এটা নাম বুলিয়েই লৈ আহিছোঁ । বাক জান, বেবী এইবোৰ নামেৰে যেনেকৈ মাতে মোকো ঠিক তেনেকৈ মাজু বুলিয়েই মাতে বুলি ভাবি আহিছোঁ । আৰু মোতকৈ সৰু কাকোৱেই তো মই দেখা নাই কেতিয়াও । আৰু বায়ে এদিন সৰুতেই কৈছিল যে মায়ে ভাবি আছিল সৰু ভাইটি এটা আহিব সেইকাৰণে মোৰ নাম মাজু ৰাখিছিল । বছ,সেইয়াই বিশ্বাস কৰিও লৈছিলোঁ মই ।
:মই যিমান চেষ্টা কৰিলেও কাকো ভাল পাব নোৱাৰোঁ মাজু । ইমান মহান মই আগতেও নাছিলো, এতিয়াও নহয়, আগলৈও হ’ব নিবিচাৰোঁ । এইখন ঘৰে মোক কেতিয়াও নুবুজিলে । কোনোদিন মাফ কৰিব নোৱাৰোঁ ।


:ককা আইতাই তোমাক বহুত মৰম কৰিছে সদায়, তুমি নিজেই অসুখী মানুহ । আনক দোষ নিদিবা ।
:মোক মৰম নালাগে । উনৈশ বছৰত জোৰ কৰি পুতেকে মোক বিয়া পাতিব খোজোঁতে কিয় বাধা নিদিলে ? কিমান সপোন আছিলে মোৰ । একোৱেই কৰিবলৈ নাপালোঁ । তোৰ দেউতাৰে মোক পছন্দ কৰিলে,হৈ গ’ল বিয়া । কোনোদিনেই সেইটো মানুহক ভাল পাব নোৱাৰোঁ মই । এতিয়াও পৰা নাই ।
:মোক কিয় কৈছা এইবোৰ কথা ?


:তই মোৰ নিচিনা একেই । দুখ পাবি জীৱনত।ইমান জেদ ভাল নহয় মাজু।এতিয়া বুজিছোঁ মই।জেদ কৰি নিজৰেই জীৱনত অশান্তি কৰিলোঁ । দেউতা মদতে ডুবি থাকে আজিকালি।বৰ অকলশৰীয়া লাগে কেতিয়াবা।
:কৰ্মফল ভুগিছো বুলি ধৰি লোৱা   ।
:তোক মিছাতে কষ্ট দিলোঁ বহুত।ধৰি নেথাকিবি  ।
:বুজি যে পালা।

Abir Love Story 25


:বহুত মাৰিছিলোঁ তোক, কাৰণ খং উঠিছিল মোৰ তোৰ ওপৰত । তই মোৰ সৈতে একেবাৰেই একেই ।একেই জেদ, একেই স্বাভিমান, একেই খং, একেই স্পষ্টবাদিতা । ডাঙৰ জনীক দেখি বুজিছিলোঁ, তাই টেঙৰ, পৰিস্থিতি বুজি কথাবোৰ সলাব জানে।তই বুৰ্বক, অভং । নিজৰ কথাতে লাগি থকা স্বভাৱটো এৰ ।
ইমান বেপেৰুৱা নহ’বি মাজু । তোৰ এটা ল’ৰা আছে।কথাবোৰ এৰি নতুনকৈ লাইফটোত আগবাঢ়ি যা।
:আৰু কিবা ক’বা?কাম আছে মোৰ  !
একো কোৱা নাই তেওঁ, আন্ধাৰলৈ চাই কি ভাবি আছে নাজানো ।
আঁতৰি আহিবলৈ খোজোঁতেই
:মাজু, তই আমাৰ নিজৰ নহয় ।
জানিছিলোঁ, ভাবিছিলোঁ বহুবাৰ । নিজৰ সন্তানক এনেকুৱা কৰিব নোৱাৰে মানুহে । মই মাৰ সন্তান নহয় বুলি ভাবিছিলোঁ বহুবাৰ । কিন্তু ককাৰ মৰম দেখি নিজকে সন্দেহ কৰিছিলোঁ । কি সঁচা কি মিছা বুজাৰ সামৰ্থ্য মোৰ নাছিল ।
:নিজৰ নহয় মানে ? আকাশৰ পৰা পৰিছিলোঁ মই?হাঁ ? ইমানদিনে কোৱা নাছিলা কিয় ? নতুন কিবা প্লেন তোমাৰ ৰাইট । কিয় মেনিপুলেট কৰিছা মোক এনেকৈ ? কি লাগে তোমাক ?
চিঞৰ শুনি মা উচুপি উঠিল । অতবছৰত আজি প্ৰথম মানুহজনীক মই কন্দা দেখিছোঁ । কঠোৰ মুখ খনত খং হে দেখিছো সদায়, দুখ এইয়াই প্ৰথম  ।

:মই ক’লেও তোৰ বিশ্বাস নহয় মই জানো।ককাক সুধি ল’বি এবাৰ । কিন্তু মাজু, মই চেষ্টা কৰিও তোক নিজৰ বুলি ভাবিব নোৱাৰিলোঁ কেতিয়াও, এতিয়াও পৰা নাই । বেয়া নাপাবি । মই এনেকুৱাই ।

ককাৰ ওচৰলৈ দৌৰি যাওঁতে কেইবাবাৰো পৰি যাম যেন লাগিছিল । গোসাঁইঘৰৰ পৰা হাতত ধূপ এডাল লৈ অহা মানুহজনে জানো মোক মিছা কথা ক’ব পাৰিব ?
:ককা…মায়ে কৈছে.. মই নিজৰ নহয়।সঁচা ?
:মাধৱ, এইয়া কি কৰিলা ??

ককাৰ ৰূমৰ খিৰিকীৰে আজি চেঁচা বতাহজাক বেছি জোৰেৰে বৈ আহিছে।লগত মোৰ বাবে নতুন বিষ।নতুন কাহিনী ।

:তই দস্তুৰমত আমাৰ ছোৱালী।আমাৰ নিজৰ ।। তোৰ মাৰে তোক মানি নলয় সেইটো বেলেগ কথা ।
:কিন্তু কিয় মানি নলয় ককা, সেইটো কোৱা মোক ? মই সৰু হৈ থকা নাই এতিয়া । বুজি পাওঁ বহুত কথা ।প্লিজ কোৱা মোক ।


( আগলৈ )

Abir Love Story

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

Tags

Post a Comment

1 Comments

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close