Ads Area

মিছলীয়া গৰখীয়া | Assamese Story | অসমীয়া সাধু | Khadhu |

এখন গাঁৱত দেহীৰাম নামৰ এটা গৰখীয়া আছিল । পাহাৰৰ নামনিত সি সদায় গৰু চৰাই থাকে ।

   এদিন দুপৰীয়া তাৰ মনত এটা বেয়া বুদ্ধি খেলালে । সি গাঁৱৰ মানুহবোৰক ঠগিবলৈ বুলি ঢেঁটুফালি চিঞৰিলে, “বাঘ ঐ, খালে ঐ, কোন ক’ত আছ, মোক বচা ঐ ।”

মিছলীয়া গৰখীয়া

তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজ যাঠি-জোং লৈ উধাতু খাই আহিল । পাছে দেখিলে যে দেহীৰামে তেওঁলোকক দেখি কিৰিলিয়াই হাঁহিব ধৰিছে ৷ গাঁৱৰ মানুহবোৰৰ বৰ খং উঠিল। তাক গালি-শপনি পাৰি তেওঁলোক দিহাদিহি গুচি গ'ল ।

    কেইদিনমান পাছত দেহীৰামে আকৌ ৰাউচি জুৰিলে, “বাঘ ঐ, খালে ঐ, গৰু নিলে ঐ ।” এইবাৰো গঞাসকলে হাতে হাতে যাঠি-জোং লৈ বাঘ খেদিবলৈ ঢপলিয়াইআহিল দুষ্ট গৰখীয়াই এইবাৰো হাত চাপৰি বজাই নাচি দেখুৱালে। মানুহবোৰে এইবাৰো তাক খং-ৰাগ কৰি গুচি গ'ল l    
   এদিন সঁচাকৈয়ে এটা বৰ ডাঙৰ বাঘ তাৰ মুখৰ আগতে ওলাল। সি ‘বাঘ ঐ, খালে ঐ’ বুলি চিঞৰি তালফাল লগাল |  
   ফলত বাঘে দেহীৰামক থাপ মাৰি ধৰি হাবিলৈ লৈ গ'ল । মিছা কথা কোৱাৰ কাৰণেই দেহীৰামৰ এনে দশা হ'ল |
কিন্তু এইবাৰ গৰখীয়াক বচাবলৈ কোনো ওলাই নাহিল। সকলোৱে ভাবিলে, “দেহীৰামে এইবাৰো এনেয়ে চিঞৰিছে।”

Post a Comment

0 Comments
close