Ads Area

Lesson 1 | খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ


খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ

অনুশীলী

১। একোটা সস্পূৰ্ণ বাক্যত উত্তৰ লিখাঁ ।

ক) মানুহৰ জীৱন-ধাৰণ প্ৰণালী মানে কি লিখাঁ ?

উত্তৰঃ মানুহে জীয়াই থাকিবলৈ কেনেবোৰ কাম কৰে, কেনে ধৰণৰ খাদ্য়, কাপোৰ-কানি, সা-সঁজুলি ব্য়ৱহাৰ কৰে, কেনে ধৰণে চিন্তা কৰে- এই সকলোবোৰকে একেলগে জীৱন ধাৰণী প্ৰণালী বোলা হয়. 'জীৱন ধাৰণ' মানে জীয়াই থকা, প্ৰণালী মানে নিয়ম আৰু উপায় ।

খ) প্ৰায় কিমান নিযুত বছৰৰ আগেয়ে পৃথিৱীত মানুহৰ সৃষ্টি হৈছিল ?

উত্তৰঃ  ২ নিযুত বছৰৰ আগেয়ে পৃথিৱীত মানুহৰ সৃষ্টি হৈছিল।

গ) পোনপ্ৰথমে পৃথিৱীৰ কোন কোন ঠাইত মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায়?

উত্তৰঃ আফ্ৰিকা মহাদেশৰ কোনো ঠাইত আৰু আমাৰ দেশ ভাৰতৰ দক্ষিণ অংশত পোনপ্ৰথমে মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায় ।

ঘ) আদিম মানুহে কি কি উপায়েৰে জুই জ্বলোৱাৰ কৌশল শিকিছিল ?

উত্তৰঃ আদিম মানুহে শিলে শিলে ঘঁহনি খুৱাই আৰু শুকান কাঠ ঘঁহনি খুৱাই জুই জ্বলোৱাৰ কৌশৱ আয়ত্ব কৰিছিল ।

ঙ) সঁজুলি বা হাতিয়াৰ কাক বোলে লিখাঁ ?

উত্তৰঃ যি বস্তু আৰু উপায়ৰ সহায়ত মানুহে নিজৰ দেহৰ হাত-ভৰি আদি অংগ-প্ৰত্যংগৰ শক্তি বৃদ্ধি কৰি,কম সময় খটুৱাই কাম কৰিব পাৰে তাকেই সঁজুলি বা হাতিয়াৰ বোলে ।

চ) আদিম মানুহে প্ৰথমে সঁজুলি কি ব্যৱহাৰ কৰিছল ?

উত্তৰঃ আদিম মানুহে সঁজুলি হিচাপে  প্ৰথমে শিল ব্যৱহাৰ কৰিছিল 

ছ) যীশু খ্ৰীষ্টৰ জন্মৰ কিমান বছৰৰ আগলৈকে মানুহে ব্যৱহাৰ কৰা সঁজুলি শিলেৰেই নিৰ্মিত হৈছিল বুলি কোৱা হয় ?

উত্তৰঃ যীশু খ্ৰীষ্টৰ জন্মৰ পাঁচ হাজাৰ বছৰ আগলৈকে মানুহে ব্যৱহাৰ কৰা সঁজুলি শিলেৰেই নিৰ্মিত হৈছিল বুলি কোৱা হয় ।

জ) শিলৰ উপৰিও আদিম আন কি কি বস্তুক সঁজুলি হিচাপে কি ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ শিলৰ উপৰিও আদিম মানুহে কাঠ, মৃত জন্তৰ হাড়, জন্তুৰ দীঘল দাঁত আৰু শিং আদিও সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল ।

২। শুদ্ধ নে অশুদ্ধ লিখাঁ ঃ

ক) আদিম মানুহৰ জীৱনৰ প্ৰধান কাম আছিল পেটৰ ভোক নিীবাৰণ কৰাঁ।

উত্তৰঃ শুদ্ধ।

খ) দীৰ্ঘদিন ধৰি জুই জ্বলাই ৰখাটো আদিম যোগতে নিচেই সহজ কাম আছিল।

উত্তৰঃ অশুদ্ধ।

গ) জুইত পুৰি, সেকি আৰু সিজাই খাদিয খোৱা কৌশল আদিম মানুিহে একে সময়তে আয়ত্ত কৰিছিল।

উত্তৰঃ অশুদ্ধ।

ঘ) কোনো এবিধ সঁজুলি বা হাতিয়াৰ ব্যৱহাৰ কৰা এটা বিশেষ উদ্দেশ্য থাকে। 

উত্তৰঃ শুদ্ধ।

ঙ) যীশু খ্ৰীষ্টৰ জন্মৰ মাত্ৰ পাচঁ হাজাৰ বছৰ আগৰ সময়সিনিকেই নৱ প্ৰস্তৰ যুগ বোলা হয় ।

উত্তৰঃ অশুদ্ধ।

৩। যথাযথভাৱে উত্তৰ লিখাঁ ।

ক) আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰা মূল উদেশ্যবোৰ কি কি আছিল ।

উত্তৰঃ আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰা মূল উদ্দেশ্য আছিল-

(ক) খাদ্যবস্তু সংগ্ৰহ আৰু চিকাৰ কৰিবৰ বাবে আৰু 

(খ) অঘৰী জীৱনত হাবিয়ে-বননিয়ে ঘূৰি ফুৰোঁতে হিংস্ৰ জীৱ-জন্তুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে।

খ) আদিম মানুহে সঁজুলি হিচাপে প্ৰথমে শিল ব্যৱহাৰ কৰাৰ কাৰণ কি আছিল?

উত্তৰঃ আদিম মানুহে সঁজুলি হিচাপে প্ৰথমে শিল ব্য়ৱহাৰ কৰাৰ কাৰণ শিল এবিধ তঠিন আৰু শক্তিশালী বস্তু ।

গ) আদিম মানুহে দল বান্ধি জিৱন-যাপন কৰাৰ কাৰণবোৰ কি কি ?

উত্তৰঃ আদিম মানুহে দল বান্ধি জীৱন-যাপন কৰাৰ কাৰণ আছিল-

১) হাবিয়ে-বননিয়ে ঘূৰি ফুৰোঁতে তেওঁলোকে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, যেনে, বতাহ-বৰষুণ, ধূমুহা-বজ্ৰপাত, শিলবৰষুণ, বনজুই ইত্য়াদিৰ সন্মুখীন হ'ব লগা হৈছিল । এনোবেৰ বিপদ-বিঘিনিৰ সন্মুখীন হোৱাৰ অভিজ্ঞতাৰে অভিজ্ঞ হোৱা আদিম মানুহে  একো একোটা দল বান্ধি এঠাইৰ পৰা আনঠাইলৈ গৈছিল ।

২) অঘৰী জীৱনত আদিম মানুহে অৰণ্য়ৰ মানুহে অৰণ্য়ৰ মাজত নানা ধৰণৰ হিংস্ৰ জন্তুৰ আক্ৰমণৰ মুখামুখি হ'বলগীয়া হৈছিল । এনে হিংস্ৰ জন্তুৰ আক্ৰমণত কোনোবাজনৰ মৃত্য়ুও হৈছিল । সেয়ে হিংস্ৰ জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে দল বান্ধি ফুৰিছিল । এনেদৰে দল বান্ধি কেতিয়াবা তেওঁলোকে হিংস্ৰ জন্তুক বেৰি ধৰি বধ কৰিছিল ।

ঘ) শিলৰ যুগক ইতিহাসবিদসকলে কেনে ধৰণে ভাগ কৰিছে ?

উত্তৰঃ শিলৰ যুগক ইতিহাসবিদসকলে এনেধৰণে ভাগ কৰিছে-

  1. যীশুখীষ্ট্ৰৰ জন্মৰ ডেৰলাখ বছৰ আগলৈকে অতি প্ৰত্ন প্ৰস্তৰ যুগ ।
  2. যীশুখীষ্ট্ৰৰ জন্মৰ দহ হাজাৰ বছৰ আগলৈকে মধ্য প্ৰস্তৰ যুগ ।
  3. যীশুখীষ্ট্ৰৰ জন্মৰ মাত্ৰ পাঁচ হাজাৰ বছৰ আগলৈ নৱ প্ৰস্তৰ যুগ ।

ঙ) দলবদ্ধভাৱে জীৱন-যাপনৰ ফলত আদিম মানুহৰ কি কি সুবিধা হৈছিল লিখাঁ।

উত্তৰঃ দলবদ্ধভাৱে জীৱন-যাপনৰ ফলত আদিম মানুহে এনেধৰণৰ সুবিধা হৈছে ।- অঘৰী জীৱনত আদিম মানুহে অৰণ্যৰ মাজত নানা ধৰণৰ হিংস্ৰ জন্তুৰ মুখামুখি হ'বলগীয়া হৈছিল ।এনে হিংস্ৰ জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে দল বান্ধি ফুৰিছিল ।

চ) আদিম মানুহৰ খাদ্যভ্যাসৰ বিষয়ে এটি বিৱৰণ লিখাঁ ।

উত্তৰঃ ভোকত থাকিব নোৱাৰি আদিম মানুহে গছৰ ফল-মূল, গছৰ গুটি ইত্য়াদি খাদ্য় হিচাপে গ্ৰহণ কৰিছিল। কোনবোৰ গছৰ গুটি আৰু ফলমূল খাব পাৰি আদিম যুগৰ মানুহে একেদিনাখনেই সেই কথাটো জানিব পৰা হোৱা নাছিল । নিজৰ অভিজ্ঞতাৰ জৰিয়তেই আদিম মানুহে কেঁচা ফল আৰু পকা ফলৰ মাজত থকা সোৱাদৰ পাৰ্থক্য়ও জানিছিল । বান্দৰ ইত্য়াদিৰ দৰে জন্তুক দেখি তেওঁলোকৰ মাজৰ দনুই-এজনেও গছ বগাই ফল-মূল পাৰিছিল। কোনো-কোনোৱে অৰণ্য়ত পোৱা গছৰ ডাল. ফৰ্মুটি মাৰি গছৰ ফল সৰুৱাইছিল আৰু খাইছিল । বাকচি গুচাই ফল-মূল খোৱাতো বহু দিনৰ পিছতহে আদিম মানুহে জানিছিল । জুই আৱিষ্কাৰ হোৱাৰ পিছত আদিম যুগৰ মানুহে ফলবোৰ পুৰি খাইচিল আৰু জন্তুৰ মাংসবোৰো পুৰি খাইছিল ।

ছ) আদিম মানুহে কি কি উপায়েৰে খাদ্য সংগ্ৰহ কৰিছিল বৰ্ণনা কৰাঁ।

উত্তৰঃ আদিম মানুহে প্ৰথমে ফলবোৰ তিতা নে মিঠা আদি নাজানিছিল । তেওঁলোকে বান্দৰৰ দৰে জীৱবোৰ দেখি গছত উঠি ফল পাৰিব লৈছিল আৰু জন্তু, চৰাই-চিৰিকতি আদিক আদিম মানুহে মাৰি তেওঁলোকে প্ৰথমে কেঁচাই খাইছিল আৰু তাৰ পাছতহে পুৰি খালে যে সোৱাদ হয় তাৰ বিষয়ে তেওঁলোকে শিকি লৈছিল । তেতিয়াৰে পৰা তেওঁলোকে পুৰি খাইছিল ।

জ) জুই জ্বলোৱাৰ কৌশল আদিম মানুহে কেনেদৰে আয়ত্ত কৰিছিল ?

উত্তৰঃ  আদিম মানুহে শিলে শিলে ঘঁহনি খুৱাই আৰু শুকান কাঠ ঘঁহনি খুৱাই জুই  জ্বলোৱাৰ কৌশল কৰিছিল 

ঝ) জুইৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ ফলত আদিম মানুহৰ  কি কি সুবিধা হৈছিল বুজাই লিখাঁ ।

উত্তৰঃ জুইৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ ফলত আদিম মানুহে জন্তুৰ মাংসবোৰ পুৰি খাব পাৰিছিল আৰু ফল কিছুমান পুৰি খাব পাৰিছিল আৰু জুইৰ পোহৰে নিশাৰ আন্ধাৰো নাশ কৰিলে ।


Post a Comment

0 Comments
close