মোৰ জীৱনটো মিছাৰেই আৰম্ভ, আশা কৰিছোঁ মিছাতেই যাতে শেষ নহওক ।
মা
হেনো এদিন এইখন ঘৰ এৰি গুচি গৈছিল।জীৱনত কোনোদিন ইয়ালৈ ঘূৰি নাহোঁ
বুলি । লগত তিনি বছৰীয়া বা । ককা আইতাই হাজাৰ চেষ্টা কৰিও ঘূৰাই আনিব পৰা নাছিল
মাক । দেউতাই হাত তুলিছিল মাৰ গাত।কোনোদিন মাকৰ ঘৰত কাৰো গালি এটাও শুনি
নোপোৱা মায়ে সেইয়া সহিব নোৱাৰি গুচি গৈছিল ।
মামাৰ ঘৰখন সমানেই চহকী । এনে নাছিল যে মাৰ থাকিবলৈ জেগা নহ’ব ।
:তোৰ বাপেৰে মোৰ গাত জ্বলা চিগাৰেট লগাই দিছিল।কন্দা নাছিলোঁ মই । দুই চৰ মাৰি ঘৰ এৰি গুচি গৈছিলোঁ ।
কিন্তু মাৰ সেই সিদ্ধান্ত স্থায়ী
নহ’ল । গুচি যোৱাৰ পিছতেই মায়ে গম পালে যে মাৰ পেটত দ্বিতীয় সন্তানে উশাহ
লৈছে ।সকলোৱে মাক বুজাই বঢ়াই সিদ্ধান্ত সলনি কৰিবলৈ জোৰ কৰিলে । সমাজৰ ভয়ত,
মানুহে কি ক’ব, আগলৈ কি হ’ব ,কথা একেবোৰেই ।
খবৰ পাই দেউতা ও মাৰ ওচৰত
নতশিৰে থিয় হৈ ক্ষমা খুজিলেগৈ । ককা আইতাৰ বুজনি, দেউতাৰ কাকূতি মিনতি আৰু
নিজৰ মাক দেউতাকৰ বুজনিত মা আকৌ এইখন ঘৰলৈ ঘূৰি আহিল ।
দেউতাই ল’ৰা বিচাৰি পূজা আৰম্ভ কৰিলে । সম্পত্তিৰ উত্তৰাধিকাৰী লাগে তেওঁক ।
কিন্তু…
সময়ত মাৰ দ্বিতীয় সন্তান জন্ম হ’ল,গৰ্ভতে প্ৰাণ হেৰুৱা এটা পুত্ৰ সন্তান । দেউতাক জনাইছিল ডক্টৰে ।
সপোন ভাঙিলেও দেউতাৰ ব্যৱসায়ী মন ভঙা নাছিল ।
মা,
ককা, আইতা কোনেও নজনাকৈ দেউতাই ডক্টৰৰ সতে লগলাগি লিখিছিল মোৰ জীৱন
কাহিনী । কেঁচুৱাৰ উশাহ লোৱাত কষ্ট হৈছে বুলি দুদিন কাকো নেদেখুৱালে মৃত
ভাইটিক ।
আৰু কোনেও নজনাকৈ কোনোবা কন্যা সন্তান বুলিয়েই হস্পিতালত এৰি থৈ যোৱা মোক লৈ আনি দেউতাই মাক দেখুৱাইছিল ।
“ছোৱালী হৈছে”
সেই মিছাৰেই মোৰ এইখন ঘৰলৈ আগমন।মায়ে মৰম কৰিছিল মোক।ককা আইতাইও সাৱটি লৈছিল নিজৰ বুলি ।
কিন্তু
মাকে জানো চিনি নাপাব নিজৰ তেজক,দেউতাৰ মিছা বেছিদিন লুকাই নাথাকিল । সকলো
গম পোৱাৰ পাছত মায়ে মোক তুলি ল’বও নোৱাৰিলে,পেলাই দিবও নোৱাৰিলে । দেউতাই
নিজৰ হৈ যুক্তি দিলে, মাক হেৰুওৱাৰ ভয়তে হেনো তেওঁ তেনেকুৱা কৰিলে । কাৰণ
কেৱল আহিবলগীয়া সন্তানৰ শপত দি ঘূৰাই অনা মানুহজনী যে আকৌ গুচি যাব পাৰে,
সেইয়া তেওঁ ও জানিছিল।ককা আইতাই ভাগ্যৰ লিখন বুলি মানি মোকেই নিজৰ কৰি
লৈছিল ।
কিন্তু মায়ে নোৱাৰিলে ।
এতিয়াও পৰা নাই ।
মাৰ দ্বিতীয়
সন্তানতকৈ দুদিন আগত মই এই পৃথিৱীলৈ আহিছিলো । মায়ে কেতিয়াও পাহৰিব খোজা
নাছিল মাৰ লগত হোৱা সেই অন্যায়, সেই প্ৰতাৰণা।মোক দেখিলেই যাতে তেওঁ দেউতাৰ
প্রতি থকা ক্ষোভ জগাই তুলিব পাৰে, সেইবাবে মোৰ নাম ৰাখিলে
“মাজু'”
:মৰিলেও তো সি মোৰ ল’ৰা আছিল, ঘৰখনৰ সৰু ।
কি
শুনি আছোঁ মই । এই মাজৰাতি মোৰ ৰূমত নিজৰ কাহিনী কৈ থকা মানুহজনী মই আজিও
বুজিব নোৱাৰিলোঁ । ককাই অথনি একো নক’লে মোক । খঙত গুচি আহি ৰূমতেই বন্ধ কৰি
ৰাখিছিলোঁ নিজকে । তৰাই ভাত খাবলৈ মাতি মাতি নিব নোৱাৰিলে মোক । মা নিজেই
আহিল।ওলাই নগ’লো । ককা আহি দুৱাৰমুখত ৰৈ ৰৈ ভাগৰি যোৱা দেখিহে ওলাই
গৈছিলোঁ ।দেউতাক দেখিও নেদেখাৰ দৰে তললৈ মূৰ কৰি ককাৰ ওচৰত বহি কিবা এটা
গিলিলো । আকৌ আহি বহি আছিলোঁহি ৰূমত অকলে।মাজনিশা দুৱাৰখন টুকৰিয়াই মা বুলি
ভাবি অহা মানুহজনীয়ে কেইবাবাৰো মাতিলত দুৱাৰ খুলি দিছিলোঁ । আৰু তাৰ পাছত…
বিচনাত
এফালৰ পৰা নিজৰ অতীত মেলি বহি আছে এজনী অসহায় যেন লগা কঠোৰ মুখৰ
মানুহ । ইমান দুখ, ইমান অপমান, ইমান প্ৰতাৰণা মনত পেলাইয়ো এটোপাল চকুপানী
টোকা নাই কিয় এই মানুহজনীয়ে ।
কিয় এবাৰো উচুপি উঠা নাই হেৰাই যোৱা সন্তানটোৰ কথা ভাবি ?
কিয় কন্দা নাই আনৰ সন্তানক নিজৰ কৰিব নোৱাৰাৰ দুখত ?
কিয় কন্দা নাই কেৱল মানুহৰ হেঁচাত অপ্ৰেমৰ সৈতে সহবাস কৰাৰ দুখত ?
:মই
সৱকে বেয়া পাওঁ মাজু । তোৰ নিচিনাকৈ । মোৰ মা দেউতাই যদি মোক পঠিয়াই নিদি লগতে
থাক বুলি ক’লেহেঁতেন ।আজি জীৱনটো বেলেগ হ’লহেঁতেন । তাৰ পাছৰপৰাই বাদ দিলোঁ
ঘৰলৈ যোৱা । কাৰোৰে সৈতে সম্পৰ্ক নাই মোৰ । কোনো নাই মোৰ ।
কি উত্তৰ দিম মই।সৱ মানুহ বেচেৰী হ’ব নোৱাৰে, হ’ব নোখোজে।সেইবোৰ
মানুহক মানুহে সহজে ভাল নাপায় । মায়ে নোৱাৰিলে কান্দিব, দুখ কৰিব । কঠোৰ হৈয়ে
পাৰ কৰিলে জীৱনৰ দুঃসময় । এতিয়াও কন্দা নাই মানুহজনীয়ে।
:চিগাৰেট আছে নেকি ?
থতমত খালোঁ।মায়ে Smoke কৰে মাজে মাজে,সেইয়া মই জানো । কিন্তু মোক এনেকৈ খুজিছে যে !
:তই এইবোৰ এৰিবি, নিজৰে ধ্বংস হয় । কিন্তু মোক এটা লাগে । দেচোন আছে যদি ।
উলিয়াই দিলোঁ । পাফ কেইটামান টানি খিড়িকীৰে পেলাই দিলে ।
এইবাৰ মই বহি থকা চকী খনৰ ওচৰলৈ আহি তেওঁ মোৰ চুলিখিনি মোহাৰি দিলে
:মই বেলেগ মাজু । স্বাৰ্থপৰ বুলিও ভাবিব পাৰ।হয়তো হয় ।
তোৰ
আইতাৰ দৰে আদৰ্শ বোৱাৰী আদৰ্শ মাক মই নহয় । ভাল মানুহ আছিল তেখেত । কিন্তু
পুত্ৰস্নেহত অন্ধ আছিল ।ককাৰো একেই।কিন্তু মানুহজনে তোক মনে প্ৰাণে ভাল
পায়।লৈ যা । সুখেৰে থাক গৈ । ইয়ালৈ নালাগে আহিব । একো বাকী নাই ইয়াত ।
মোৰ বুকুত ধুমুহা নমাই ইমান প্ৰশান্ত হৈ আছে কেনেকৈ ।
কি ভাবিম,কি কৰিম কি লৈ জীয়াই থাকিম ।
একোৱেই চোন উত্তৰ নাই মোৰ ওচৰত ।
:মই এতিয়া কি কৰিম ?
যাব খোজা মানুহজনী ৰৈ গ’ল
:একো কৰিব নালাগে।মাত্ৰ এটা ভাবি সুখী হ, যে তোৰ লগত অন্যায় কৰা মানুহজনী তোৰ নাছিলেই কোনোদিন । পাতল লাগিব।মোক বেয়া পাবলৈ সহজ হ’ব ।
:হমম।ঠিকেই
কৈছা । তোমাৰ লগত যি হ’ল সেইয়া শুনি মোৰ দুখ লাগিছে । কিন্তু সেইবুলিয়েই মই
তোমাৰ সকলো ভুল পাহৰি ভাল পাব নোৱাৰোঁ তোমাক । মা বুলি মাতিবও নোৱাৰিম ।
:মা বুলি ভাবিব নালাগে, বন্ধু বুলিয়েই ভাবিবি । তোৰ সুখ দুখত থাকিম । থুপুক আনি দিম মই । সি তোৰ । বহুত ভুল কৰিলোঁ, খঙত, জেদত ,দুখত ।
:Thank you.
:মাজু,মোৰ দৰে জীৱনটো ধ্বংস নকৰিবি । বৰ কষ্ট হ’ব পিছত।নিজৰ ভাল লগাবোৰ লৈ আগবাঢ়ি যা ।
:হমম।
:শুই থাক।মই ইয়াতে আছোঁ । কাইলৈ যাব লাগিব নহয় ।
:ইয়াত শুবা তুমি ?
:চকীতে বহিছোঁ, তই শুবলৈ চেষ্টা কৰ ।
ঘড়ীটোলৈ চালোঁ ,আঢ়ৈ বাজিছে । মাৰ কথামতে গাৰুত মূৰ থৈ চকুদুটা জপাই দিলোঁ । মোৰ আজি দুখ লগা নাই কিয় ?
মায়ে
কোৱাৰ দৰে যেন অলপ সুখী হে হৈছোঁ এইয়া জানি যে যিবোৰ মানুহৰ মৰম বিচাৰি
হাহাকাৰ কৰিছিলোঁ সেই মানুহবোৰ মোৰ নিজৰ নাছিল । এইয়া কেনেকুৱা অনুভৱ মই
নাজানো।মাৰ প্ৰতি মোৰ আক্ষেপ বোৰ হঠাতে নাইকিয়া হৈ নাযায়, কিন্তু আজি
তেওঁলৈ মোৰ খং উঠা নাই । আঁৰ চকুৰে চালোঁ, ডিম লাইটতো জ্বলাই খিড়িকীৰ
পর্দাবোৰ টানি দিছে ।চকীখনত বহি এবাৰ মোৰ ফালে চাই এবাৰ ওপৰলৈ চাই চকুকেইটা
হেঁচা মাৰি ধৰে । কান্দিবও নাজানে চাগে মোৰ দৰেই ।
কিয় মই পৰা নাই তেওঁক সান্তনা দিব ?
কিয় পৰা নাই সাৱটি ধৰিব ?
এনে দূৰত্ব সদায় কিয় থাকে আমাৰ মাজত ?
সময়বোৰ ঘড়ীৰ টিক টিক শব্দৰ সৈতে পল অনুপল কৈ হেৰাই গৈছে । মা তেনেকৈয়ে বহি আছে এতিয়াও । আঁতৰি যোৱা নাই ।
:তোমাক এতিয়া কি বুলি মাতিব লাগিব মই ?
মানুহজনী উঠি আহিল, মোৰ কাষতে বহিল ।
:তোৰ যি মন যায় ।
:মা বুলিয়েই মাতিম নেকি?এতিয়া আৰু বেলেগ কিবা..
:মাজু অ’
এইবাৰ মোক জোৰেৰে সাৱটি পাগলৰ দৰে কান্দিছে কঠোৰ মানুহজনীয়ে।কঁপি কঁপি বিৰিবিৰাইছে মোৰ গোপনে সাঁচি ৰখা কথাবোৰ ।
আৰু এতিয়াও মই দুহাত মেলি ধৰিব পৰা নাই তেওঁক…
উফ কি এই বিষৰ নাম ?
পাঁচ বজালৈকে উচুপি উচুপি কান্দি থকা মানুহজনী মোৰ কাষৰ খালি ঠাইখিনিত
ক্ষন্তেক আগতে টোপনি গৈছে । লাহেকৈ উঠি গৈ বাথৰূমত চকু হাল ধুই
আহিলোঁ । silent কৰি ৰখামোবাইলটো চাওঁতে দেখোঁ এটা আকাংক্ষিত মেছেজ ।
অনিৰুদ্ধৰ ।
“Please come back soon, I can’t take this pain anymore”
আৰু মই কাক কওঁ, মোৰো যে সহিব নোৱাৰাকৈ বিষ জমা হৈছে ।
( আগলৈ )
Note - Next Part Coming Soon
-------------------------------------------------------------------------------------------------------------------------------------------------------
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )