Ads Area

Abir Love Story 28 | Published by Indranee Sharma | Love Story

অনিৰুদ্ধই উত্তৰলৈ বাট নাচালে । বেগটো হাতৰপৰা লৈ গাড়ীখনৰ ফালে আগবাঢ়িল । সন্মুখৰ দৰ্জাখন খুলি ককাক বহিবলৈ দিলে । আয়ু আৰু মই পিছফালে বহিলো । ভাগৰ লাগিছে এতিয়া । আয়ুয়ে তেতিয়াও ককাৰ লগত কিবাকিবি পাতিয়েই আছে । অনিৰুদ্ধ মনে মনে আছে।মাজতে ককাই সুধিলে
:তুমিও অসমৰে নেকি ?
:নহয় ককা, কিন্তু অসমীয়া জানো অলপ অলপ ।
:কেনেকৈ ?
তেওঁ অলপ হাউলি মোৰ ফালে চালে ।


:কলেজত মোৰ ৰূমমেট অসমৰ আছিল । তেনেকৈয়ে অলপ শিকিছিলোঁ । এতিয়া আৰু বেছি শিকিছোঁ ।
:ঘৰ ক’ত তোমাৰ ?
:মধ্য প্ৰদেশ,ইণ্ড’ৰত ।
তাৰ পাছত আকৌ ককা আৰু আয়ুৰ শেষ নোহোৱা কথা আৰম্ভ হৈ গ’ল । ককা আগতে আহিছে ইয়ালৈ । এবাৰ দুবাৰ নহয় বহুতবাৰ । Assam Tea Board ৰ ফালৰপৰা, আইতাক লৈ কন্যাকুমাৰীকে আদি কৰি গোটেই দক্ষিণ ভাৰত ভ্ৰমণ কৰোঁতে, আৰু এতিয়া মোৰ লগত । আয়ুৰ লগত আকৌ ফুৰিব ককা । তাকেই প্লেন কৰিছে ।
মই ফোনটো উলিয়াই মেছেজ এটা লিখি send কৰিব পৰা নাই । ৰৈ গৈছোঁ বাৰে বাৰে । কথাবোৰ আচলতে ইমান সহজো নহয় মোৰ বাবে । মানুহজনীয়ে চাগে এতিয়াও ৰূমৰ দুৱাৰ বন্ধ কৰি কান্দি আছে । নাইবা চাদৰ ওপৰত অকলে বহি উচুপি আছে । মানুহজনীৰ মাজত ইমান শূন্যতা আছে যে তেওঁ বস্তুবাদী হৈও সেইয়া ঢাকিব নোৱাৰে । চেষ্টা কৰিছিল বহুত।নতুন বেগ, নতুন কাপোৰ, নতুন ছেণ্ডেল এইবিলাকৰ মাজত নিজকে বিলাই দিছিল,কিন্তু নোৱাৰিলে, সকলোৱে আচলতে নোৱাৰে ।

Abir Love Story 27 | Published by Indranee Sharma | Love Story

ফোনটো হাততে বাজিল ।
মা !
:হেল্ল’ !
:কেতিয়া পালিগৈ ?
:নাইপোৱাহি এতিয়াও, গৈ আছোঁ ।
মাত টো ভঙা।কিয় সেইয়া মই জানো ।
:বহুত দেৰি হ’ল,এতিয়া গৈ আকৌ ভাত ৰান্ধিবলৈ সময় আছেনে ?
:ককাক বাহিৰত খুৱাব নোৱাৰোঁ, বনাম কিবা এটা ।
:শুনচোন।
:কোৱা ।
:ককাই গৰম গাখীৰ অকণ আৰু কল দি ভাত খাই ভাল পায় । তেনেকৈয়ে দিবি আজি । তই কিবা এটা খাই শুই থাকিবি।
:হ’ব । তুমি ভাত খালা ?
:উম ।
মই জানো, একো নাইখোৱা তেওঁ । নোৱাৰে খাব । বুকুত সোপা মাৰি ধৰা বেজাৰৰ বুজা লৈ ভাত গিলিব নোৱাৰে মানুহে । খুন্দা মাৰি ধৰে, উকালি আহে, উশাহ বন্ধ হৈ যায় ।
মোৰ লগতো হয় ।
:মাজু ।
:হমম ।
:আকৌ ফোন কৰিব পাৰিম নে তোক ?
:হ’ব।মই কৰিম ।
কাটি দিলোঁ, আৰু কথা পাতিব নোৱাৰোঁ । গাড়ীৰ গ্লাছ খুলি দিছোঁ । মোৰো যেন উশাহ বন্ধ হৈ যাব এতিয়া । অনিৰুদ্ধই মিৰ’ৰ খনত চাই আছে মোক । বুজি পাইছে কিবা এটা হৈছে, কিন্তু সুধিব পৰা নাই ।
আমাৰ প্ৰতিটো কথা বুজি পোৱা মানুহ কিছুমান থাকে, যি আঁতৰি থাকিও ভিতৰখন দেখি থাকে ।

ঘৰ পাওঁতে দহটা বাজি গ’ল । আয়ুয়ে বেগবোৰ নমাইছে । ককাই ঠাইখন দেখি ভালেই পাইছে । বেগবোৰ নমাই হোৱাত অনিৰুদ্ধ তাৰপৰাই উভতি যাব খুজিলে ।
:এনেকৈ নাযাবা ৰ’বা।চাহ একাপ খাই যোৱা ।
অসমৰ মানুহ,শুদা মুখে কোনেও কাকো কেতিয়াও নপঠিয়াই । অনিৰুদ্ধই মোৰ ফালে চালে । ইফালে ঘৰত গাখীৰ নাই ।শাক পাচলিও নাই । ককাই কৈয়ে দিলে যেতিয়া উপায় নাই । বিল্ডিঙৰ সন্মুখৰ গ্ৰচেৰী দোকানখন এতিয়াও খোলা আছে বুলিহে বাচিছো ।
:আয়ু, শুনচোন ।

Also Check:  Fino Payment Bank Passbook Download

 
তাক মাতি গাখীৰ,বিস্কুটৰ পেকেট আৰু মেগী আনিবলৈ দিলোঁ । লগতে ঘিঁউৰ বটল আৰু এতিয়াৰ কাৰণে হোৱাকৈ এক কেজি চাউল । বাকী সৱ মই অনলাইন অৰ্ডাৰ দিলে ৰাতিপুৱা পাই যাম । দোকানখনৰ আগফালে ফলমূল অলপো দেখিলোঁ।তাক কল দুটামানো আনিবলৈ দিলোঁ ।
:পাঁচ শ দিছোঁ, বাকী কেইটা ঘূৰাই দিবি ।
:ইমান চিকটি অ’ এইজনী ।
সেইটো ভোৰভোৰাই দোকানৰ ফালে আগবাঢ়িল । অনিৰুদ্ধই দুফালে দুটা বেগ লৈ ৰৈ আছে।মই মোৰ নিজৰ বেগ আৰু ককাৰ হাতত ধৰি চিৰিৰ ফালে আগবাঢ়িলোঁ ।
দৰ্জাখন খুলি লাইটবোৰ জ্বলাই দিওঁতে দুদিন আগৰ নিশাটোৰ স্মৃতিয়ে আমাৰ দুয়োকে জোকাৰি গ’ল । অনিৰুদ্ধই মোলৈকে চাই আছে ।
:কৃষ্ণ প্ৰভু । ভালে কুশলে যে পোৱাই দিলাহি । বৰ ধুনীয়া ঘৰ অ’ গোসাঁনী । একদম জোখৰ ঘৰ ।
বগা বাংলোৰ ড্ৰয়িং ৰূমটো মোৰ এই ঘৰটোতকৈ ডাঙৰ । তথাপিও ককাই যে মোৰ মনটো ভাল লগাবলৈকে তেনেকৈ কৈছে মই বুজি পাইছোঁ ।
:তুমি বহা আকৌ ।
বেতৰ সৰু চকী খন অনিৰুদ্ধৰ ফালে আগবঢ়াই দিলে নিজেই ।
:মই পিছে গা ধুইহে পানী দুনী খাম দেই মাজনী । এইটো নেকি মোৰ ৰূম ?
:এটাই বেডৰূম ককা । তোমাৰেই । মই ইয়াতকৈ বেছি একো কৰিব নোৱাৰিলোঁ ।
:নাপাই তেনেকৈ ক’ব । এনেকুৱা এটা ঘৰৰ কাৰণেও কিমানে
কান্দি আছে । মই হাঁহেৰেও ৰাজী, মাহেৰেও ৰাজী মানুহ । বুইছ । দে দে, কাপোৰ কেইটা উলিয়াই দে । তৰাই মোৰ কপাহী কুৰ্তা পাইজামা বোৰ এইটোতে ভৰাইছে ,ওপৰতে আছে ।
:মই মুখ হাত ধুই লওঁ, তুমি অকণমান ৰৈ দিয়া ।
:হ’ব । মই তেতিয়ালৈকে আমাৰ অনিৰুদ্ধৰ লগতে কথা পাতিছোঁ ।
মুখ হাত ধুই কাপোৰ কানি সলাই ওলাই আহিলোঁ । একেবাৰে ভাত খাই শোৱাৰ আগতহে মই গা ধুম । এতিয়া ধুই লাভ নাই ।
ককাক কাপোৰ উলিয়াই গা ধোৱাৰ যোগাৰ কৰি দিলোঁ ।
ককা বাথৰূমত সোমাল । আয়ু তেতিয়াও আহি পোৱাহি নাই ।
মই ককাৰ বেগ দুটা দাঙি নি ৰূমত থলোঁগৈ । অনিৰুদ্ধই কিবা ক’ব খুজিও সুবিধা পোৱা নাই ।
:I am sorry for that day..
:Okay.
:I mean it Ananya.
:I really don’t care.


তেওঁ চকীৰ পৰা উঠি আহি মোৰ ওচৰত ৰ’লহি । আৰু একেসময়তে কলিং বেলৰ শব্দ ।
:ঐ, মই আকৌ ৰূমত গৈ ভাত বনাব নাই, ময়ো ককাৰ লগতে খাম ।
:গাখীৰ ভাত খাবি ?
:নেখাং দেই । কেঁচুৱাইহে সেইবোৰ খায় । ৰহ অৰ্ডাৰ দিওঁ, আমাৰ দুটালৈ বিৰিয়ানি দিওঁ দেই । পইচাটো তই দিবি ।
খং উঠিছে অনিৰুদ্ধৰ । অলপ জ্বলন দেখিছোঁ চকুৱে মুখে ।
:নালাগে । মোৰ মন নাই আজি । তই খা । মই গাখীৰ ভাত খাম ।
:ধেই এইজনী।যা চাহ বনা ।
:She must be tired. I will make it.


:হেঁ!! ?
আয়ুৰ মুখ খন মেল খাই গ’ল । অনিৰুদ্ধই গাখীৰৰ পেকেট লৈ পাকঘৰৰ ফালে খোজ ল’লে । পিছে পিছে মই ।
:ককাই চেনি নাখায় ।
:okay.
:কাপ ক’ত আছে ?

Also Check: SSC Recruitment 2023 | Apply Online for 11409


কাপকেইটা কাষতে থৈ ওলাই আহিলোঁ । ককাই গা ধুই গোটেই ঘৰতে ধূপ লগাই দিছে । পলকতে সুগন্ধিৰে ভৰি পৰিল মোৰ ঘৰটো । আয়ু আৰু ককাৰ হাঁহিৰে মুখৰিত হ’ল । চাই আছোঁ মাথোঁ । এনেকুৱা দিন এটা কল্পনাৰো অতীত আছিল মোৰ বাবে । ইমান সুখ একেলগে আহিছে আজি । অকলশৰীয়া ৰাতিবোৰ, বিষাদ বিষাদ দিনবোৰ যেন শেষ হোৱাৰ পথত ।

:চাহ হৈ গ’ল ।
অনিৰুদ্ধই ককা আৰু আয়ুক চাহ দিলে ।
:তুমিহে বনালা নেকি ?
:মইহে ক’লো বনাবলৈ । ময়োতো দোকানৰ বস্তু আনিছোঁ, কিবা এটা কাম দিব লাগে ন সৱকে ।
ককাৰ বেগৰ পৰা ঢেৰ খোৱা বস্তু ওলাইছে । তৰাই ভৰাই দিছিল যদিও বনাইছে মায়ে । ৰাতিপুৱা বনোৱা কেকটো, নাৰিকলৰ লাড়ু, গমৰ লাড়ু, মালপোৱা,নিমকি আৰু যে কত কি ।
প্লেটত উলিয়াই দিওঁতে মানুহজনীৰ মুখ খন মনত পৰি চকুকেইটা সেমেকি উঠিল ।
চাহ খোৱাৰ মাজে মাজে অনিৰুদ্ধই মোলৈ চাই বহুত কিবাকিবি ক’বলৈ চেষ্টা কৰিছিল । কিন্তু বুজিহে নাপালোঁ, বা চেষ্টাও নকৰিলোঁ ।

:ককা মই আজি ইয়াতে থাকিম । দিগদাৰ হ’ব নেকি আপোনাৰ ?
আয়ুয়ে এনেকুৱা কিবা এটা কৈ দিব বুলি ময়ো ভবা নাছিলো । অনিৰুদ্ধৰ খং বাঢ়িছে । মুখ খন কঠোৰ হৈ গৈছে ।
:আয়ু আজি নালাগে প্লিজ । ভাগৰ লাগিছে।ককা অকলে শুৱক । তই শনিবাৰে থাকিবি হি ।

:Okay I will leave now.
অনিৰুদ্ধ যাবলৈ উঠিল ।
:আয়ু তই নাযাৱ নেকি ?
:মই ভাত খাই যাম, ককাই অকলে ব’ৰ পাব ন
Bye Anirudh, I will take Rapido. You carry on.
বিষন্ন মন এটাৰে তেওঁ যাবলৈ ওলাল ।
:ককা, মই তলৰপৰা আহিছোঁ ।
:যা, আগবঢ়াই দে আলহীক, আকৌ আহিবা দেই । ভাত এসাজ খাবাহি ।
:হ’ব । আহিছোঁ ।
ওলাই আহিলোঁ ।


ৰাস্তাটোৰ সিটো পাৰে থকা লে’কটোৰ পাৰলৈ দুয়ো খোজকাঢ়ি আগবাঢ়িলোঁ ।
:Thanks for coming.
উত্তৰ নিদিলো । মোৰ ক’বলগীয়া খিনি মাত্ৰ মই ক’বলৈ আহিছোঁ ।
:এয়াৰপোৰ্টলৈ কিয় আহিছিল ? মই মাতিছিলোঁ নেকি ?
:No, but…
:সিদিনা তেনেকৈ গুচি যোৱাৰ অৰ্থ কি আছিল ?
:
:Say something or just get lost Anirudh.
:I panicked Ananya. তোমাৰ কাৰণে ইজি হ’ব পাৰে মোৰ কাৰণে নহয় । তুমি সেই ঘাঁ টুকুৰা সদায় দেখিছা মই নাই দেখা । মোৰ এনেকুৱা লাগিছিল যে তুমি চাগে ভাবিছা ময়ো তোমাৰ লগত তেনেকুৱাই কিবা কৰিম । ভয় খাইছিলোঁ মই,guilty ফিল কৰিছিলোঁ । এতিয়াও কৰোঁ ।

Abir Love Story 27 | Published by Indranee Sharma | Love Story

কাষেৰে খোজকাঢ়ি পাৰ হৈ যোৱা মানুহবোৰে আমাকে চাই আছে ।
তেওঁ নিজৰ ক’বলগীয়া বোৰ তেতিয়াও কৈয়ে আছে ।
:Ananya, I really love you, but more than that I want you to be happy. With all these pain inside, you cant move on in life. You need to heal. I can wait forever. I just don’t want to lose you.Trust me.

মনে মনে থাকিলোঁ । তেওঁৰ মনত সন্দেহ থকা হ’লে আজি হয়তো আকৌ মোৰ ওচৰলৈ ঘূৰি নাহিলহেঁতেন । তেওঁৰ প্ৰতি মোৰ মনত বিশ্বাস আছে,কিন্ত লগতে বহুত খং ও আছে ।
:একো নোকোৱা ? ঘৰত সৱ ঠিকে আছে ।
:মায়ে ক’লে মই তেওঁৰ নিজৰ নহয় ।
:মানে ?

কওঁতে কষ্ট হ’ল,থুপাই থোৱা বিষবোৰ উথলি উঠিছে, মই স্থিৰ হৈ থাকিব পৰা নাই ।
:I am not her blood, I was an abandoned child which they…
:Oh you poor girl !
চাৰিওফালৰ পৃথিৱীক আওকাণ কৰি মোক সামৰি ল’লে অনিৰুদ্ধই ।

:But you are mine, always and forever .

( আগলৈ )

Abir Love Story

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

 

Tags

Post a Comment

0 Comments
close