Ads Area

Abir Love Story 30 | Published by Indranee Sharma | Love Story

:শুইছিলা নেকি ?
:নাই, ককাৰ লগত কথা পাতি আছিলোঁ, এইমাত্ৰ নিজৰ বিচনালে আহিছোঁ, আপুনি শোৱা নাই ?
:ওহোঁ  ।
:কিয় ?
:Was reading something.
:কি পঢ়ি আছে ?
:The Art of Thinking Clearly,its a good read.
:উম, পঢ়িছোঁ ।
:তোমাক কেতিয়াও সোধা নাই,তোমাৰ প্রিয় কিতাপ ?
:War and peace.
:And why ?

Abir Love Story 30 | Published by Indranee Sharma | Love Story



:Its a celebration of life, in all Aspects.
:অনন্যা  ।
:হমম ।
:মই তোমাৰ সৈতে থাকি বহুত কথা শিকিব বিচাৰোঁ, নতুন ঠাই ফুৰিব বিচাৰোঁ,তুমি ইটালী গৈছা নে ?
:মই ভাৰতৰ বাহিৰৰ কোনো ঠাইলৈ যোৱা নাই  ।
:কিয় ?
:এবাৰ মা দেউতা আৰু বা ইউৰোপ ফুৰিবলৈ গৈছিল, মোক নিয়া নাছিল ।
:মই লৈ যাম  ।

:লৈ যাম?মই নিজে যাব নোৱাৰোঁ নেকি ?
:খংটো নাকৰ আগতে থাকে । ঠিক আছে, তুমি নিজেই যাবা, লগত মোকো লৈ যাবা । হ’ব ?
:অনিৰুদ্ধ, মই ‘আমি’ বুলি একোৱেই ভবা নাই এতিয়াও, মানে ভয় লাগিছে ভাবিবলৈ । মোৰ বহুত কৰিবলগীয়া আছে । ককা ইয়াত সহজ হ’লেই মই ভালকৈ চিন্তা কৰি থুপুক লৈ অনাৰ কথা ভাবিছোঁ ।মই তাক বেছিদিন বাৰ ঘৰত থাকিবলৈ দিব নোৱাৰোঁ । সিহঁতৰ নিজৰ সন্তান আহিলে থুপুৰ কি অৱস্থা হ’ব মই নাজানো । মায়ে হেল্প কৰিম বুলি কৈছে । মোৰ ভয়ো লাগিছে, পাৰিম জানো মই দায়িত্ব ল’ব । আৰু অফিচৰ সময়খিনি তাক কোনে চাব । অহা বছৰ স্কুলত দিবও লাগিব,ইয়াৰ স্কুল বিলাকৰ ফিজ দেখি ভয় খাইছোঁ । আৰু বহুত চিন্তা । মানে…
:ইমানবোৰ চিন্তা একেলগে কৰিলে সমাধান কেতিয়াও নোলায় । এটা এটাকৈ প্লেন কৰা । মই আছোঁ ন ।
:থুপুৰ দায়িত্ব আমাৰ নহয় অনিৰুদ্ধ, অকল মোৰ ।
:মই তাৰ দেউতাক হ’ব বিচৰা নাই, হ’ব নোখোজোঁ । মই ইমান মহান মানুহ নহয় অনন্যা । কিন্তু মই মাত্ৰ তোমাক কথাবোৰ প্লেন কৰাত হেল্প কৰিব খুজিছোঁ ।
:I know.

ফোনটো থৈ শুবলৈ চেষ্টা কৰিছোঁ।ইটো ৰুমত লাইট অফ কৰি ককা শুইছে।বহুত দেৰি বিছনাত পৰি থাকি উঠি আহিলোঁ,আৰু বান্ধি ৰখা মনটোক মুকলি কৰি বেগৰ পৰা উলিয়াই আনিলোঁ মায়ে দি পঠোৱা এলবামটো ।
চাবলৈ সাহস নাছিল ।
কিমান আৰু নতুন নতুন সত্য শুনিব এই কাণ দুখনে, কিমান আৰু বেয়ালগা সামৰিব এই বুকুখনে ।
চোৱা নাছিলোঁ,আঁতৰাই ৰাখিছিলোঁ । কিন্তু এই মাজৰাতি তিনি বজাত মোৰ চাবলৈ মন গৈছে ।
খুলি চাইছোঁ ।
চাই গৈছোঁ ইখনৰ পাছত সিখন ফটো,কেইটামান পুৰণি বাতৰি কাকতৰ কাটি ৰখা টুকুৰা ।মেগাজিন,পেপাৰৰ পৰা কাটি ৰখা এজন বিশেষ মানুহৰ ফটো । ভালকৈ চালোঁ,মই দেখিছোঁ মানুহজনক । টিভিত । গান গায় । কিন্তু মায়ে কিয় এনেকৈ ৰাখিছে ফটোবোৰ ? তাৰ পিছৰ ফটোখন চাই মই ৰৈ গ’লো । চিনেমাৰ shooting চলি আছে যেন লাগিছে । ৰঙা ছিল্ক শাৰী পিন্ধি এজনী খুব ধুনীয়া ছোৱালী ।
টেবুললাইটৰ একেবাৰে ওচৰলৈ নি ভালকৈ চালো ফটোখন ।
মা ।


ইমান ধুনীয়া ।
লগত সেইসময়ৰ এজন জনপ্ৰিয় অভিনেতা ।
মায়ে চিনেমা কৰিছিল ?
কেতিয়াও কোনেও কোৱা নাই, ক’তো দেখাও নাই ।
তাৰ পাছতো কেইবাখনো ফটো, পেপাৰৰ কাটি থোৱা টুকুৰা । মায়ে অভিনয় কৰি পোৱা বঁটা,পুৰস্কাৰৰ ফটো । কিছুমান ফটো অলপ বেয়া হৈছে । মন কৰিলোঁ, সৱ ফটোত মাৰ মুখত এটা উজ্জ্বল হাঁহি । মা যেন সময়তকৈ আগত আছিল । কাপোৰৰ পৰা চুলিৰ ষ্টাইল লৈকে । নিজকে যেন সাংঘাতিক ভাল পাইছিল মানুহজনীয়ে ।
আৰু সেই মানুহজন ।
তেওঁকো ভাল পাইছিল নেকি মায়ে ?
কিয় সাঁচি ৰাখিছে ফটোবোৰ এনেকৈ ।
শেষৰফালৰ ফটোবোৰত দেউতা আছে,মায়ে সেইবাবে নিজক কলমেৰে কাটি থৈছে।ঠিক যেন চাব নিবিচাৰে নিজক দেউতাৰ সৈতে । উৰাই ঘূৰাই একেখিনি ফটোকে চাই আছোঁ । শেষৰ ফটোখন মোৰ ।ফটোখন উলিয়াই আনিলোঁ এলবামৰ মাজৰপৰা । হাঁহি আছোঁ মই । ফুটফুটীয়া ফ্ৰক, ভৰিত ছেণ্ডেল নাই । বাওঁহাতত বেলুন এটা । সোঁ হাতেৰে মুখটিপি হাঁহিছোঁ ।
মই এনেকৈ হাঁহিবও পৰিছিলোঁ ?
বিশ্বাস হোৱা নাই কিয় ?
শৈশৱ কিয় শেষ হৈ যায় !
মনবোৰ কিয় মলিন হৈ যায় ?

বেলুন আৰু পখিলাৰ মাজতেই কিয় শেষ হৈ নাযায় গোটেই জীৱন ?!
সেমেকা চকুকেইটা পুৰিছে ।
ফটোখনৰ মইজনীক মৰম কৰিবৰ মন গৈছে, কোলাত তুলি যেন উপচাই দিম তাই নোপোৱা মৰমেৰে । বুকুত হেঁচি ৰাখিম সদায়  ।
চুমাৰে উপচাই দিম টোপোলা টোপোলা গাল দুখন ।
মই মোক মৰম কৰিব খোজোঁ, মৰমেৰে উপচাই ৰাখিব খোজোঁ ।
ফটোখন ঘূৰাই চালোঁ ।
পিছফালে কিবা এটা লিখা আছে ।
“মোৰ একমাত্র আশা”
মাৰ হাতৰ আখৰ ।
আখৰ কেইটা যেন ফটোখনৰ পৰা উফৰি আহি চিধা বুকুতে খুন্দিয়াই থৈ গ’ল ।
নোৱাৰিলোঁ চাই থাকিব । মাৰ পৰা মোৰ লৈকে নোকোৱা কথাৰ সাগৰ এখন আজীৱন বৈ আছে ।মানুহজনীৰ লগত কিমান অন্যায় হৈছে হয়তো মই নাজানো । সন্তানৰ দোহাই দি জোৰ কৰি লগত ৰাখিলে, মৃত সন্তানক চাবলৈ নিদিলে, লোকে এৰি থৈ যোৱা কেঁচুৱা হাতত তুলি মৰম কৰিবলৈ দিলে ।
উফ ।
কেনেকৈ পাৰিব আঁকোৱালি ল’ব ?
মানুহজনীৰ বুকুত কিমান জুই জ্বলি আছে তাৰ উমান আনে নাপায় ।
কেতিয়াও নাপায় ।
ফোনত মাৰ ডিপি খন চাই থাকিলোঁ মাত্ৰ । এই মানুহজনীৰ মাজত আজিকালি নিজকে দেখোঁ ।
আৰু এটা ৰাতি.. উজাগৰী !:মাজনী,উঠ আৰু পায় ।

ককাৰ মাতত সাৰ পালোঁ । এঘাৰটা বাজিলে মই শুইয়ে আছোঁ । চকুকেইটা মোহাৰি চাওঁ, আয়ু আহি বহি আছে।আজি দেওবাৰ ।
ককাই অনিৰুদ্ধকো ভাত খাবলৈ মাতিছিল । আৰু মই ফটোবোৰ চাই চাই শুইছোঁ ৰাতিপুৱা চাৰিটাত ।
ফোনটো উলিয়াই অনিৰুদ্ধক ফোন কৰিলোঁ  ।
:আহি আছো ৰ’বা । ইমান মিছ কৰিছা ?
:মই শুইয়ে নাই উঠা,আজি নালাগে আহিব ।
:কিয় ??? মই ৰেডি হৈছিলোঁ ।
:কি কিয়, একোৱেই নাইকৰা এতিয়ালৈকে, আজি নালাগে আহিব প্লিজ ।
:মই সৱ লৈ যাম।হ’ব ?
ফোনটো কাটি দিলোঁ ।
গাৰুটো দলিয়াই দিলোঁ আয়ুৰ গা লৈ ।
:উৱা, বৰ দন্দুৰী ছোৱালী অ’ এইপাত ।
:উঠাই দিব নোৱাৰিলি নেকি, পাগলটো । কি কৰিম এতিয়া ।
:ৰাতি মনে মনে মালটো দিলি চাগে ন ।
:চুপ,একদম চুপ ।
:কি হৈছে তহঁতৰ ।
ককাই মাজত আহি যুদ্ধখন ৰখালে । পাকঘৰত খিটিং খাটাং শব্দ শুনি আচৰিত হ’লো । উঠি চাওঁ হিবাই বাচন ধুই আছে । কিন্তু তাইতো মাকৰ ওচৰলৈ যায় শনিবাৰে দেওবাৰে ।
আজি ইয়াত যে ?

ককাই আয়ুক ফোন কৰি ক’লে মই যে মানুহ মাতি কুম্ভকৰ্ণৰ নিচিনাকৈ শুই আছোঁ । আৰু সি সেইকাৰণে আহোঁতে হিবাক লৈ আনিলে । ঘৰৰপৰা অহাৰ পাছত তাইক অফিচতে যি লগ পাইছোঁ ।দুয়োজনী যেন নিজৰ নিজৰ সমস্যা লৈ বেছিয়েই ব্যস্ত হৈ পৰিছোঁ । আজি অন্ততঃ ভালকৈ লগ পাম ।

তাইক পিছফালৰ পৰাই সাৱটি ধৰিলো ।
:Thank you Hibu.

তাৰ পাছত দৌৰাদৌৰি । ঘৰটো চাফা কৰিলোঁ । দেওবাৰে মানুহগৰাকী নাহে । অনিৰুদ্ধক মেছেজ কৰি থৈছো যে মই নোকোৱালৈকে ঘৰৰ পৰা যেন নোলায় । ল’ৰালৰিকৈ গা ধুই আহিছোঁ ।
ককাৰ মুখত আজি হাঁহি আঁতৰাই নাই । অকলে অকলে থাকি আমনি পাইছিল মানুহজনে, সেইকাৰণেই এইবোৰ যোগাৰ । কালিয়েই সৱ গোটাই থৈছে । অনিৰুদ্ধ আৰু ককা দুয়োজনেই নিৰামিষ খায় ।
কিন্তু হ’লে কি হ’ব ।
আয়ুৰ কাৰণেই মাংস বনাবই লাগিব । সৰু পাকঘৰটোত তিনিটা মানুহ সোমাই হুলস্থুল । গালি পাৰি পাৰি কেৰাহীৰ পৰা মাংস উলিয়াই খাই থকা আয়ুক খেদালোঁ ।

কামৰ মাজতে বাৰে বাৰে ফোনটো বাজি আছে । অনিৰুদ্ধই হ’ব চাগে বুলি উঠোৱা নাই । এবাৰ দৌৰি আহি চালো ।

বায়ে এই নম্বৰটোৰ পৰা ফোন কৰে ।
:হেল্ল’ ।
:মায়ে এইবোৰ কি কৰিছে মাজু, কি ক’লি তই মাক ?
:কি কৰিছে মায়ে ?
:থুপুক নিবলৈ কিয় আহিছে, তাকো লগত উকীল লৈ । ৰাজুক ইমান অপমান কৰিছে । মা এনেকুৱা নাছিলে । তই ঘৰলৈ আহি কি লগাই থৈ গ’লি । কাকো শান্তিত থাকিবলৈ নিদিয় কিয় তই ?
:বা, যি হৈছে ভালৰ কাৰণেই হৈছে ।

ফোনটো কাটি দিলোঁ । বেয়া লগা নাই মোৰ কাৰো কাৰণে । ফুৰ্তি লাগিছে মোৰ ।
বহুত ফুৰ্তি ।

অনিৰুদ্ধলৈ ফোন কৰিলোঁ ।
:Come soon, I want to celebrate life today !

ককাই তেতিয়া আয়ুক আলু পিটিকাত ধনীয়া কাটি দিবলৈ আইডিয়া দি আছে ।

( আগলৈ )

Abir Love Story

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

 

Tags

Post a Comment

0 Comments
close