চকুৱে চকুৱেই বহুখিনি কথা কোৱা হৈ গৈছিল । তেওঁ কাষ চাপি নাহিল । মাৰ আগত মোক অসহজ নকৰিলে ।
:তুমি মাই-ই হয় ?
থুপুৱে মোক শেষবাৰৰ বাবে দেখোঁতে ফুটা নুফুটা মাতেৰে মাই বুলি মাতিবলৈ শিকাইছিল বায়ে । তাৰ চাগে মনত আছে ।
:কেব পাম নে ইয়াতে ?
মায়ে কথাটো সলাবলৈ চেষ্টা কৰিলে । থুপুৰ মুখখন ভালকৈ চাইছোঁ । কিবা এটা যেন এতিয়াই ফুটি উঠিছে তাৰ মুখত । কোনে কয় সৰু ল’ৰা ছোৱালীয়ে কথা বুজি নাপায় বুলি ?
বুজে । সকলো বুজে সিহঁতে । মৰমৰ স্পৰ্শ,আদৰৰ মাত,অৱহেলাৰ ভাত..সকলো বুজে সিহঁতে । বাৰ শাহুৱেকৰ লগত সি কেনেকৈ আছিল ইমানদিনে সেইয়া ভাৱি আকৌ এবাৰ কঁপি উঠিলোঁ মই । বেছি জোৰেৰে সাৱটি ধৰিলোঁ তাক ।
মোক আচৰিত কৰি সি ও মোক মেৰিয়াই ধৰিলে । কান্ধতে মূৰটো পেলাই দিলে ।
OLA Zone ত গৈ কেবত উঠিলোঁ । তিনিটা বেগ । তাৰে আটাইতকৈ ডাঙৰটো বেগ থুপুৰ । মায়ে সকলো নতুনকৈ কিনি আনিছে ।
:তৰা, তই আগত বহ ।
মোক আচৰিত কৰি মা মোৰ সৈতে পিছত বহিল । থুপু মোৰ কোলাত । গাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই চাই আহিছে সি । মায়ে ছানগ্লাচযোৰ খুলি ঘূৰি বহিল । মানুহজনী যেন বহু ৰাতি শোৱা নাই । চকুৰ গুৰিত ক’লা ক’লা দাগ পৰিছে । নিমজ বগা ধুনীয়া মুখ খন ক্লান্ত । এডাল দুডাল চুলি পকিছে । ছুটিকৈ কটা চুলিখিনি প্ৰায়ে চুই চুই ঠিক কৰি থাকে মায়ে ।
:মাজু,তই ভালকৈ কথাবোৰ ভাবি ল । ইয়াৰ ভৱিষ্যতৰ কথা আছে । জানৰ ঘৰত সি বেলেগ নাপালেও মাক বুলি ভবা মানুহজনীক অনবৰতে পাইছিল । ৰাজুৰ মাকে আহি যি কৰিলে সেইবোৰ বেলেগ কথা ।এতিয়া সিহঁতৰ নিজৰ সন্তান হ’ব । থাকক সুখেৰে ।একো নকওঁ বেলেগে । কিন্তু ই বহুত কিবাকিবি দেখিছে এতিয়াই । মোৰ লগত অহাৰ পাছতো দুদিন কান্দিলে খুব । কিবাকিবি কৈ ফুচুলাই ৰাখিছোঁ । তই পাৰিলে অলপদিন ছুটি লৈ ইয়াৰ লগতে থাক । তৰা ইয়াতে কিছুদিন থাকিব । ককা আছেই । মই পৰহিলৈ ৰিটাৰ্ন হ’ম ।
:ইমান সোনকালে যোৱাগৈ ?
:কি কৰিম থাকি ইয়াত । এনেও দেউতাই মোক বৰ এটা..
:বুজিছোঁ, ককাৰ কথা কৈছা ।
:হোটেল পাই যাম ন তোৰ ঘৰৰ ওচৰতে ।
:মই বুক কৰি দিম, আছে ।
মা নাথাকে মোৰ ঘৰত । জেগা নাথাকিলেও কিবা এটা ব্যৱস্থা কৰিলোঁহেঁতেন । কিন্তু মা তেনেকৈ নোৱাৰে থাকিব সেইটো মই জানো । জোৰ কৰাৰ ইচ্ছাও নাই মোৰ । মানুহজনীৰ সৈতে খুলি কথা পতাৰে নো কিমান দিন হৈছে মোৰ । আব্দাৰ কৰিব পৰা হোৱালৈ এতিয়াও বহুদিন বাকী আছে ।
:এইটোৱেই মোৰ বিল্ডিং,সৌৱা ককা বহিয়েই আছে বাৰাণ্ডাত । নামা ।
ভাইয়া ইধৰ হি ৰ’ক দিজিয়েগা । অনলাইন পে কৰ দিয়া মেইনে ।
তৰা আৰু মা নামিল ।
মায়ে নামি ইফালে সিফালে চালে । আয়ু তললৈ নামি আহিছে । ককা অহা নাই । মাৰ সৈতে ইমান সহজ নহয়, নোৱাৰে হ’ব । কথাবোৰ আনে নুবুজিলেও অন্ততঃ মই বুজি পাওঁ এতিয়া ।
:থুপু,এইটো আয়ু মামা ।
:ই ইয়াতে থাকে নেকি ?
মাৰ কথাৰ সুৰ একেই আছে । আয়ুক এতিয়াও ভালকৈ মাত এষাৰ দিব নোৱাৰে । মোৰ কোলাৰ পৰা থুপুক লৈ আয়ু আগবাঢ়িল । সি বৰ এটা গুৰুত্ব নিদিলে মাৰ কথাটোত ।
:মা,আয়ুক তেনেকৈ নক’বা । সি নথকা হ’লে চাগে ময়ো নাথাকিলোঁহেঁতেন । মাত এষাৰ দিবলৈ তাৰ বাহিৰে কোনোৱেই নাছিল ন এটা টাইমত । বাদ দিয়া সেইবোৰ,ভিতৰলৈ ব’লা ।
ঘৰটোত সোমাই মাৰ মুখত অসন্তুষ্টি স্পষ্টকৈ দেখিলোঁ । আয়ু আৰু থুপুৰ মাজত ভাল বন্ধুত্বই হ’ল ।এনেও আয়ুৰ আচৰণ থুপুতকৈ বেলেগতো একো নহয় । ককা এতিয়াও বেলকনিতে বহি আছে । তৰাই বেগকেইটা মই কোৱাৰ দৰে ভিতৰৰ ৰূমত থবলৈ গৈছে । মাক প্লাষ্টিকৰ চকীখন দি বহিবলৈ দিলোঁ ।মোৰ বিছনাত আয়ু আৰু থুপুৰ খেল আৰম্ভ হ’লেই । মায়ে হাতৰ বেগটো সৰু টেবুলখনত থ’লে । মই মুখ হাত ধুই ককাক মাতিলোঁ । নাই নাহে । তাতে বহি আছে । খং এটা উঠি আহিল
:আপোনাৰ থুপুক চাবলৈও মন যোৱা নাইনে ? নালাগে আহিব বহি থাকক ইয়াতে ।
বাৰাণ্ডাতে ককাক এৰি ঘূৰিবলৈ লওঁতেই দেখোঁ মা আহি ৰৈ আছেহি ।
:গা কেনেকুৱা আপোনাৰ ? কিবা দিগদাৰি পাইছে নেকি ?
মই মাজতে ৰৈ এবাৰ ককালৈ এবাৰ মালৈ চাই আছোঁ ।
:দিগদাৰি তেনেকৈ নাই । এই অফিচলৈ গ’লে অলপ আমনি পাওঁ । এতিয়া গোঁসাইকণ আহিলে যেতিয়া সেইয়া চিন্তাও আতঁৰিলে । এই তৰা থাকক নেকি ইয়াতে । সুবিধা হ’ব ।
:ঘৰটো বৰ সৰু । ইমানবোৰ মানুহ কেনেকৈ থাকিব তাকে ভাবিছোঁ ।
:সেইটোকে এইজনীক কৈ কৈ মই বুজাব পৰা নাই । তুমিয়েই কৈ থৈ যোৱা কিবা এটা ।
বাপৰে, ইমান কথা আছিল যদি গপ পাতি আছিলে কেলেই ? এতিয়া মোৰ বদনাম গাবলৈকে হ’লেও যে দুইজনৰ মাজত সন্ধি হ’ল সেইয়াই বহুত মোৰ বাবে । মা আৰু ককাক তাতে এৰি ভিতৰলৈ আহিলোঁ ।
:মাজু,চাহ মই বনাই দিওঁ দে । ক’ত কি আছে দেখুৱাই দে ।
:থুপু..কি খাবা তুমি ?
:উৱা,তই বুলি কৈছ যে ।
:মেগী মাম ।
:মেগী মাম নহয় নহয়,এতিয়া গাখীৰ আৰু বিস্কুট খোৱা তাৰ পাছত আমি আচল মাম খাম দেই ।
তৰাৰ লগত লাগি ভাত বনালোঁ । তাই মাজে মাজে মোক বগা বাংলোৰ কথা কিছুমান কৈ আছে ।আজিকালি মা দেউতাৰ মাজত কথা বতৰা একেবাৰেই বন্ধ হেনো । দেউতা প্ৰায়ে ঘৰলৈ দেৰিকৈ আহি ৰাতিপুৱাই ওলাই যায় । ফেক্টৰীতে থাকে । নাইবা মাৰ্ঘেৰিটাৰ ঘৰটোত অকলে থাকেগৈ । মা একেবাৰেই অকলশৰীয়া । আজিকালি আগৰ দৰে কিটি পাৰ্টি, ক্লাৱৰ পাৰ্টিবোৰলৈ নাযায় । ঘৰতেই সোমাই থাকি ভাল পায় । গছ আৰু ফুলৰ সৈতেই ব্যস্ত হৈ থাকে । কেতিয়াবা খুব কান্দে । দৰ্জা বন্ধ কৰি সোমাই থাকে । নিজৰ গালতে নিজে চৰিয়াই, চুলিবোৰ আজুৰি আজুৰি কান্দে । বিধ্বস্ত অৱস্থাত কেইবাদিনো তৰাই আনি বিছনাত শুৱাইছেহি । সুধিলেও একো নকয় ।
খালি চাহৰ কাপকেইটা লৈ মা সোমাই আহিল । আমি দুজনী মনে মনে থাকিলোঁ ।
:মাজু ।
মায়ে তৰাক বাহিৰলৈ পঠিয়াই দিলে । নিজেই আদা নহৰু গুচাবলৈ লাগিল । আয়ুয়ে মাংস আনি থৈছে । তাকে বনাবলৈ লৈছোঁ ।
:কোৱা ।
:হোটেল খন চাই দিবি ।
:ইয়াতে থাকা আজি,অলপ দিগদাৰ হ’ব । আয়ুয়ে আৰু এখন তুলি আনি দিব । তৰাৰ কাৰণে লাগিবই যিহেতু । মই আৰু থুপু ককাৰ লগত শুই যাম । তুমি বিছনাত,আই মিন..যদি দিগদাৰ নহয়..
:নালাগে দে..
:okay
কথা বঢ়াই নাথাকিলোঁ । ককা,থুপু,তৰা আৰু আয়ুক খাবলৈ দি মায়ে ময়ে পিছত খালোঁ । ককাৰ লগত খেলি খেলি থুপু শুই গৈছে । আয়ু নিজৰ ৰূমলৈ গ’ল । তৰা মোৰ বিছনাত টোপনিত লালকাল । বেচেৰী ভাগৰি আছিলে । মায়ে ময়ে পাকঘৰ সামৰি বাৰাণ্ডাত বহিলো ।
:মা,এলবামটো চালোঁ ।
:হমম ।
:মানুহজন এতিয়াও আছে ?
:নাথাকি ক’লৈ যাব ?
:কথা পাতা এতিয়াও ?
মায়ে আনফালে মুখ ঘূৰালে । এইবোৰ কথা মই সুধিব লাগে নে নালাগে মই নাজানো । কিন্তু তৰাৰ মুখত কথাবোৰ শুনি মই ৰৈ থাকিব নোৱাৰিলোঁ । মা দেউতাই কি মাৰাত্মক ভুল কৰিলে সেয়া বুজিছোঁ এতিয়া । প্ৰেম,বিশ্বাস, শ্ৰদ্ধা আনকি অকণমান দায়িত্ববোধ নথকা এটা সম্পৰ্কৰ মৃতদেহ কঢ়িয়াই কঢ়িয়াই অতবছৰ পাৰ কৰি দিলে । কিয় কৰিলে নাজানো । হয়তো সমাজৰ ভয়ত,সম্ভ্ৰান্ত পৰিয়ালৰ নাম ইজ্জত শেষ হোৱাৰ ভয়ত । কিয় কৰে মানুহবোৰে এনেকুৱা । যদি তেতিয়াই দুয়ো আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লহেঁতেন,এতিয়ালৈ দুয়ো দুটা সুখী জীৱন বিচাৰি পালেহেঁতেন । সমাজে কেতিয়ানো কথা নকয় ? এতিয়া জানো কোৱা নাই । এতিয়া জানো মা দেউতাক পুতৌ কৰি নাহাঁহে,বদনাম নকৰে !
ভুল কৰিলে । বহুত ডাঙৰ ভুল । মা,দেউতা,ককা আইতা সৱেই ভুল কৰিলে । যাৰ ফল আমি সৱেই ভুগিলোঁ ।
:তেওঁ ইয়াতে থাকে । নিজৰ জীয়েকৰ লগত ।
:ইয়াত ? ইয়াত ক’ত ?
:নাজানো । এদিন ফেচবুকত দেখিছিলোঁ ।
:You follow him ?
:No.
:তেন্তে ?
:বাদ দে সেইবোৰ ।
:নিদিওঁ বাদ,কেনেকৈ জানিলা ইয়াত থাকে বুলি ?
:তেওঁৰ পত্নীক সৱেই চিনি পায় । ভাল গায়িকা আছিল আমাৰ সময়ৰ । পাব্লিক ফিগাৰ । ফটোবোৰ দেখোঁ কেতিয়াবা । তাতে তেওঁ থাকে ।
মাৰ মুখত কোনো অভিব্যক্তি নাই । থাকিবই বা কি ? ঘূৰি চাব অতীতলৈ ?
নে অন্ধকাৰ বৰ্তমান আৰু ভৱিষ্যতৰ মাজত দুলি থাকিব অহৰহ । দেৰি হৈ গ’ল,বহুত দেৰি ।
মায়ে আগবঢ়াই দিয়া ফোনটোত তেওঁৰ ফটোখন দেখিলো । একেই বিষাদ,একেই অসহায় চকুযোৰ ।পত্নী,জী, জোঁৱাই সকলোৰে মাজতো মানুহজন যেন অলপ হ’লেও অকলশৰীয়া ।
পঞ্চাশ বছৰীয়া মানুহৰ প্ৰেমক সমাজে কি বুলি কয় ?
চৰিত্ৰৰ দোষ ? যৌন তাড়না ? বৰ্ধক্যজনিত মানসিক ৰোগ ?
কোনোবাই বুজেনে কথাবোৰ ? ভাবি চাইনে নিজকে সেই ঠাইত ৰাখি ?
:এবাৰ লগ পোৱাৰ ইচ্ছা নহয়নে ?
:হয়,এবাৰেই লগ পোৱাৰ ইচ্ছা হয় । তেওঁ ভুল বুজিয়েই থাকিলে মোক । দেউতাৰ অগাধ সম্পত্তি দেখি তেওঁক এৰি আহিলোঁ বুলিয়েই ভাবি থাকিল । কথাবোৰ নোকোৱাকৈ মৰিলে মোৰ আত্মাই কেতিয়াও শান্তি নাপাব ।
:হমম
তাৰ পাছত আৰু বহুপৰ আমাৰ কথা নোলাল । মা হোটেললৈ যাবলৈ ওলাল । আমাৰ ঘৰৰপৰা দুই কিলোমিটাৰ মান দূৰত থকা হোটেলখনতে ৰূম এটা বুক কৰিলোঁ । কাইলৈ দিনত মা আকৌ এবাৰ আহিব ।
ককাৰ ওচৰৰ পৰাশুই থকা ভাগেৰেই থুপুক উঠাই আনিলোঁ ।
:তাক কিয় উঠাই আনিলি ?
:ব’লা, তোমাক হোটেলত নমাই মই ইয়াক লৈ এফালে যাব লাগিব ?
:ক’লৈ ?
:এতিয়া নালাগে জানিব । মই তোমাৰ দৰে দেৰি কৰিব বিচৰা নাই কিছুমান কথাত ।
:অনিৰুদ্ধ,নামটো ককাই কৈছে ।
:লগ কৰিবা তুমি ? কাইলৈ ?
:পাৰি ।
মাক হোটেলৰ সন্মুখত নমাই দিলোঁ । বুকিং কনফাৰ্ম হোৱা মেছেজটো মাৰ নম্বৰত ফৰৱাৰ্ড কৰি মই থুপুক লৈ একেখন কেবতে আগবাঢ়িলোঁ । আধা বাটত তেওঁলৈ ফোন কৰিলোঁ ।
:কি কৰিছে ?
:অকণমান টোপনি আহিছিল ।
:কিবা খালে ?
:পিজ্জা অৰ্ডাৰ কৰিছিলোঁ । তুমি কি কৰিছা ? সৱ ঠিকে আছেনে ?
:আহি আছোঁ, আমি দুইটা ।
:মোৰ ইয়ালৈ ? what ? I mean you crazy woman. আগতে কিয় নোকোৱা ?
আৰু কিবাকিবি বকি আছিলে । ফোনটো কাটি দলোঁ ।
কেবৰ পৰা নামোতেই থুপুয়ে সাৰ পালে । কান্দিব বুলি ভয় খাই আছিলোঁ যদিও তেনেকুৱা একো নহ’ল ।অকণ অকণ টোপনিৰ ভাৱ তাৰ চকুত আছেই । কান্ধতে মূৰটো পেলাই থৈছে ।
:থুপু,আমি এতিয়া আৰু এটা নতুন ঘৰলৈ যাম দেই ।
কলিংবেল বজাৰ আগতেই দৰ্জা খোল খালে । বুজি পালো কিয় ইমান বকিছিলে মোক । এইমাত্ৰ চাগে দৌৰা দৌৰি কৈ গা ধুই আহিছে । চুলিৰপৰা পানী পৰিয়েই আছে । পাইজামা আৰু ঢিলা বগা টি চাৰ্ট টোৰ ওপৰত টাৱেল আছেই । দৰ্জাখন এহাতে ধৰি তেওঁ ৰৈ আছে ।
হয়তো কি কৰিব ভাবি পোৱা নাই ।
নিজৰ প্ৰেমিকাৰ সন্তানক দেখি কি কৰে মানুহে ?
সঁচাই মৰমত উথলি উঠে নে ?
অলপ হ’লেও খং উঠেনে ?
:ইয়াতে ৰৈ থাকিম ?
:অহ ছৰী । আহা । Hey buddy, what’s up ?
সহজ হ’বলৈ বহুত যত্ন কৰিছে তেওঁ ।
:থোমা (তোমাৰ) যে নাকু নাকু হ’ব ।
তিতা চুলিৰ অনিৰুদ্ধৰ চৰ্দি হোৱাটোক লৈ মোৰ লগতে থুপুৰো চিন্তা হ’ল ।
তেওঁ নোকোৱাকৈয়ে দুয়োটাকে আঁকোৱালি ধৰিলে ।
:I missed you Ananya.
( আগলৈ )
Note - Next Part Coming Soon
-------------------------------------------------------------------------------------------------------------------------------------------------------
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )