Ads Area

Abir Love Story 34 | Published by Indranee Sharma | Love Story

তেওঁৰ চুলিৰপৰা এটোপাল পানী টুপকৈ মোৰ গালতে পৰিল । বডী ৱাছৰ সতেজ সুগন্ধি বিয়পি পৰিল মোৰ ভিতৰলৈকে ।
বহুত বেছি দিনো হোৱা নাই তথাপিও যেন এটা যুগৰ মূৰত মই আকৌ লগ পাইছোঁ তেওঁক ।
:I missed you to Anirudh.
হঠাৎ তেওঁৰ পিঠিত থকা মোৰ হাতখনৰ ওপৰত কোমল স্পৰ্শ এটা অনুভৱ কৰিলোঁ । নিজৰ সৰু হাতখনেৰে থুপুৱেও আঁকোৱালি ল’ব জানিছে অনিৰুদ্ধক ।
অলপ পাছত আৰু এটোপাল পানী পৰিল । চেঁচা নাছিল,চকুপানীৰ কুহুমীয়া পৰশ ।
মূৰ তুলি চালো, তেওঁৰ ধুনীয়া চকু দুটা উপচি আছে । মই কিবা কোৱাৰ আগতেই
:থুমি কেনে কানিছা ?

Abir Love Story 33 | Published by Indranee Sharma | Love Story

:Am not crying buddy.Come !
ভিতৰলৈ সোমাই গ’লো ।
:বহা । মই আহি আছো ৰ’বা ।
অনিৰুদ্ধই আমাক এৰি তেওঁৰ শোৱাৰূমলৈ গ’ল । চোফাত গৈ দৌৰি উঠিল থুপু । যেন আগতেও আহিছে সি ইয়ালৈ । অলপো কাৰোলৈ ভয় নাই তাৰ । চেণ্টাৰ টেবুলত তেতিয়াও পিজ্জাৰ পেকেট আছেই । কাষতে এটা ডায়েট ক’কৰ কেন । থুপুৱে পোনেই সেইটোকে ধৰিলেগৈ । হাতৰ পৰা টানি আনিলো । মই সেইটো ডাষ্টবিনত পেলাই পাকঘৰৰ পৰা আহোঁ মানে কোন টলকত গৈ সি অনিৰুদ্ধৰ ৰূম পালেগৈ গমেই নাপালোঁ । মই আগতেও এবাৰ এইটো ঘৰলৈ আহিছোঁ যদিও হলটোৰ দুয়োফালে থকা ৰূম দুটালৈ সোমোৱা নাছিলোঁ । কীটছেন, বেলকনি আৰু হলটোৰ বাহিৰে একো দেখা নাই । এতিয়া থুপুৱে বা কি কৰি দিছেগৈ ভিতৰত গৈ । যাওঁ নাযাওঁ কৈ ৰুমটোৰ দুৱাৰমুখতে ৰ’লো । ডাঙৰ বিচনা খনত বেগৰপৰা ওলোৱা কাপোৰ,দুখন কিতাপ,অন হৈ থকা লেপটপটো তেতিয়াও খেলিমেলি হৈ পৰি আছে । বিছনাৰ কাষত এখন ষ্টাডি টেবুল আৰু এখন হুইলিং শ্বেয়াৰ । ৱালত কিছুমান motivational quote ব্লেক এণ্ড হোৱাইটত ফ্ৰেম কৰা আছে । এটা ডাঙৰ ফ্ল’ৰ লেম্প । ৰূমটোৰ শেষত এখন সৰু বেলকনি । ৰূমৰ আনটো কোণত থকা ডাঙৰ মিৰ’ৰ খনৰ সন্মুখত সেইয়া অনিৰুদ্ধ আৰু থুপু । অনিৰুদ্ধৰ গাত এতিয়া টি চাৰ্টটো নাই । টাৱেল খন লৈ চুলি টুকি থকা অনিৰুদ্ধক থুপুৱে বাৰে বাৰে কিবা কৈ আছে । কিন্তু কি লাগে তাক ?

অলপ পিছত দেখিলোঁ হেয়াৰ ড্ৰায়াৰটো লৈ দুইটা ব্যস্ত । অনিৰুদ্ধই থুপুৰ ফালে সেইটো পোনাই দিলে সি খিলখিলাই হাঁহে । বহুতদেৰি চাই থাকিলোঁ মই । এইয়া সঁচা নে সপোন ?
ইমান ভাললগা দিঠকত সম্ভৱনে ?
ইমান ধুনীয়া মুহূৰ্ত সঁচাকৈ থাকেনে ?
:মাইই কো কই দিয়া ,ফু কই দিয়া ।
থুপুৱে মোক দেখি চিঞৰি উঠিল । দৌৰি আহি মোৰ ওচৰ পালেহি ।
সাংঘাতিক লাজ পালোঁ । কিন্তু অনিৰুদ্ধই একোৱেই যেন হোৱা নাই ভাৱত মোলৈ চাই আছে ।
:Come dear Mumma.
বুকুখন ধক কৈ উঠিল ।
থুপুৱে এতিয়াও মোক ‘মা’ বুলি মতা নাই । কিন্তু অনিৰুদ্ধই ধেমালিৰ সুৰতে কোৱা কথাটোৱে মোক জোকাৰি দিলে আকৌ এবাৰ । মোৰ হাতত ধৰি টানি টানি নি থুপুৱে অনিৰুদ্ধৰ ওচৰ পোৱালে গৈ ।
:ফু দিয়া ,ফু দিয়া ।
:দিওঁনে ?
এবাৰ থুপুৰ চকুলৈ আৰু এবাৰ অনিৰুদ্ধৰ চকুলৈ চালোঁ । একেই দুষ্টামি, একেই সৰলতা । তিৰবিৰাই আছে । চুলিৰ ক্লিপডাল তেওঁ নিজেই খুলি দিলে । এজাক গৰম বতাহে কোবাই গ’ল । চকু কেইটা জপাই দিলোঁ । থুপুৰ খিলখিল হাঁহি কাণত পৰিল । মোৰ চুলিবোৰ উৰা দেখি সি ফুৰ্টি পাইছে  ।
:মোক মোক ।
:চকুটো বন্ধ কৰিব লাগিব,তেতিয়া হে দিম ।
জোৰকৈ চকুৰ পতা বন্ধ কৰি মোৰ কলিজাটো ৰৈ আছে । অনিৰুদ্ধই এইবাৰ আকৌ তাৰ চুলিত বতাহ লগাই দিলে । সি চকু বন্ধ কৰিয়েই আছে । মই মাত্ৰ হাঁহি হাঁহি চাই আছোঁ ।
:Alright.
হঠাৎ অনিৰুদ্ধই টানি নিলে মোক এহাতেৰে । একো ধৰিবই নোৱাৰিলোঁ মই ।
:লেট মি মেক ইট কুইক ।


:আহ..
গালত টপকৈ চুমা এটা খাই এৰি দিলে । মই বুৰ্বকৰ দৰে চায়েই থাকিলোঁ । সেইকাৰণে হে মানে থুপুক চকু মেলিবলৈ দিয়া নাছিল । কম টেঙৰ নহয় । মোৰ অঁকৰা অজলা সৰু ল’ৰাটোক ঠগিবলৈ বেয়াও লগা নাই ।
থুপুক কোলাত তুলি ওলাই আহিলোঁ । তেওঁ অলপ পিছত পাতল হালধীয়া ৰঙৰ চোলা এটা পিন্ধি ওলাই আহিল । থুপুৱে এইবাৰ ডাঙৰ টিভিত কার্টুন চাব । তেওঁ কিবা এটা লগাই দিলে । মন কৰিলোঁ সি একান্ত মনেৰে চাই থাকে বস্তুবোৰ । যেন সি নিজেই তাৰ মাজত আছে । চকু কেইটা জপাবলৈকো পাহৰি যায় ।

অনিৰুদ্ধই চকুৰে ইংগিত দি মোক বেলকনিলৈ মাতি নিলে । হয়তো কিবা ক’ব খুজিছে ।
:ইয়াতে বহি থাকিবা দেই, একো নুচুবা ।
ওলাই আহি বাৰাণ্ডাত ৰ’লো । বেলি লহিয়াইছে । আকাশখন হেঙুলীয়া । অলপ পিছতে সন্ধ্যা নামিব ।বেলকনিৰ কিছুমান টাব শুকাই গৈছে । দুই এজোপা গছহে বাছি আছে এতিয়াও ।
:ভালকৈ চাই লওঁ তোমাক । বহুতদিন দেখা নাই ।
:বেছিদিন নাই হোৱা নেকি ন ।
:ইমান আনৰোমাণ্টিক কিয় মানে, হা ?
হাঁহি দিলোঁ তেওঁৰ কথাত । মোৰ আঙুলি কেইটা নিজৰ আঙুলিৰ মাজত সুমোৱাই ৰাখিছে তেওঁ ।
:ব’লা মোৰ লগত, পোৱালিকো লৈ যাওঁ । সি মোৰ লগত মিলি গৈছে ।
:ইমান অধৈৰ্য্য কিয় মানে ?
মনে মনে থাকিল তেওঁ ।

:অনন্যা ।

:হমম ।

:কি ভাবিছা ? ইয়াৰ পিছত ?
:মানে ?
:আমাৰ কথা ।
:নাই ভৱা এতিয়াও ।
:I have to tell you something.


:কি ?
:ভুল নুবুজিবা । মোৰ মা পাপাই মানি লৈছে তোমাক, কিন্তু আইতাই নামানে সেইটো মই জানো । আৰু মই তেওঁক এইটো বয়সত হাৰ্ট কৰিব নিবিচাৰোঁ । মাৰ লগত মই তোমাৰ কথা শ্বেয়াৰ কৰিছোঁ,মায়েও পাপাক জনাইছে । ইমান সহজ নাছিল । তথাপিও মোৰ কাৰণে তেওঁলোকে মানি লৈছে কিন্তু আইতাক এতিয়াও জনোৱা নাই আমি…
বুকুৰ ধপধপনি বাঢ়ি আহিছে, এইমাত্ৰই যেন অনিৰুদ্ধই মোক ক’ব আমাৰ সম্পৰ্ক ইয়াতেই শেষ । নাইবা কৈ দিব আঁতৰি যোৱা তুমি অনন্যা । কি কৰিম তেতিয়া মই । কান্দিম ? নিজকে আকৌ এবাৰ আন্ধাৰত পুতি থ’ম নে থুপুক লৈ আগবাঢ়ি যাম । মূৰটো ঘূৰাই যোৱা যেন লাগিছে মোৰ ।
:You have to understand Ananya.
কি বুজিব লাগে মই ?
যে মোৰ দৰে ছোৱালীৰ প্ৰেম কৰাৰ হে অনুমতি থাকে,সমাজৰ আগত মোৰ ডাঙি সেই প্ৰেম স্বীকাৰ কৰাৰ অনুমতি নাথাকে । কি বুজিম মই,যে বিয়াৰ আগৰ এনিশাৰ ভুল মই গোটেই জীৱন ভুগিব লাগিবই !
:বুজিছোঁ ।
কোনোমতে শব্দটো ওলাইছে ।
:মই মাত্ৰ আইতাৰ আগত থুপু মোৰ সন্তান বুলি ক’ব খুজিছোঁ । প্লিজ প্লিজ বুজি পোৱা । মই কাকো হাৰ্ট কৰিব নোৱাৰোঁ । মোৰ বাহিৰে তেওঁলোকৰ আন কোনো নাই অনন্যা । আইতাই মোক যদি বেয়া পায় মই কেতিয়াও সুখী হ’ব নোৱাৰিম । খং নকৰিবা । কিন্তু ইয়াৰ বাহিৰে বেলেগ একো উপায় নাই মোৰ । মই কাকো হেৰুৱাব নোখোজোঁ আকৌ ।
:আপোনাৰ মা দেউতাই সঁচা কথাবোৰ জানে ?
:জানে ।
:থুপুৰ কথা ?
:হমম ।
তেওঁ আনফালে মুখ ঘূৰালে ।
:মোৰ চকুত চকু থৈ কওক অনিৰুদ্ধ ।
:জানে,আগতে নাজানিছিল । এতিয়া জানে । মানি লোৱা নাছিল দেউতাই । মায়ে মাত্ৰ কৈছিল এটা সন্তান হেৰুৱালো,থকাটোক আঁতৰাব নোৱাৰোঁ । মোক লৈ, মোৰ বিয়া লৈ কিবাকিবি সপোনতো আছিলেই । থাকেই । টিপিকেল মিডল ক্লাছ ইণ্ডিয়ান মেন্টালিটি । সলাব নোৱাৰোঁ, নোখোজোঁ ।মানুহবোৰ সৱ ভালকৈ থাকক,হেপ্পী থাকক । ময়ো তাকেই বিচাৰোঁ । ভাল পাওঁ মই সৱকে ।
:ময়ো বুজোঁ অনিৰুদ্ধ । মই মোৰ বিশ বছৰীয়া মানসিকতা সলাবলৈকে সাজু নাছিলোঁ । আপোনাৰ আইতাৰ অত বছৰৰ অভিজ্ঞতাৰে গঢ় লৈ উঠা চিন্তাধাৰা সলনি হ’বলৈ বহুত সময় লাগিব । আমি জোৰ নকৰোঁ । কিন্তু মিছা কথা কৈ সম্পৰ্ক গঢ়িব নোৱাৰোঁ । মোক প্লিজ অলপ সময় দিয়ক । এতিয়াই একো ক’ব নোৱাৰিম মই । আই এম ৰিয়েলি ছ’ৰী ।
:I know you,take your time.
:আমি গৈ থাকোঁ নেকি,ককাই চিন্তা কৰিব । যাওঁ ব’লা থুপু ।
:না, না…
থুপু নাযায় । দৌৰি গৈ অনিৰুদ্ধৰ বিছনাত গৈ জোতাৰে সৈতে উঠি শুইয়ে দিলে । ইয়াতে থাকিব আজি । কি কৰোঁ ভাবিয়েই নাইপোৱা । ঘৰৰ টিভিত কাৰ্টুন আছে বুলি কৈয়ো নিব পৰা নাই । অনিৰুদ্ধই তাক কোলাত তুলি ল’লে । সি ডিঙিতে টেপা মাৰি ধৰি আছে । এৰি নিদিয়ে ।
শেষত বহুত বুজনিৰ অন্তত আহিবলৈ মান্তি হ’ল । চৰ্ত এটাই তাক এগাল খোপা (এগাল এসোপা) পিম্পম কিনি দিব লাগিব ।

তিনিওটা ওলাই আহি ৰাস্তাত চাহ একাপ খালোঁ । অনিৰুদ্ধৰ খালি ঘৰটোত চাহপাত চেনিও নাছিল ।সেইবাবে বাহিৰতে খাবলৈ জোৰ কৰিলে । থুপুক কিবা কিবি কিনি দিলোঁ । দোকানখনৰ পৰা ওলাই আহিব লওঁতেই অনিৰুদ্ধই চিনাকি মানুহ এজন লগ পাই কথা পাতিবলৈ ল’লে । মানুহজন মোৰ ইমান দেখা দেখা লাগিছে কিয় ? বাৰে বাৰে চাইছোঁ । কোন হ’ব পাৰে ।
মনত পৰিল,দিনত মায়ে দেখুৱাই থকা ফটোখনত এই মানুহজন আছিল । মায়ে লগ পাব খোজা সেই বিশেষ মানুহজনৰ জোঁৱাই ।
কি কৰোঁ এতিয়া মই ?


:Let’s go.
:কোন আছিল,আপুনি কেনেকৈ চিনি পায় ?
:তুমি দেখা নাই নেকি ? আমাৰ অফিচতে কৰে ন । মোৰ ফেয়াৰৱেলত আহিছিল নহয় । Oh I see. তুমি আকৌ মই ব্লেজাৰটো দিয়া কাৰণে লাজ পাই গুচি আহিছিলা নহয় ।
:ক’ত থাকে ?
:এইখিনিতে ক’ৰবাত।কিন্তু কিয় লাগে ?
:নাই একো নাই ।

গাড়ীত বহিও মোৰ মনটো উছপিচাই থাকিল । মই কি কৰা উচিত । ভগৱানে এইয়া কি সংকেত দিছে ?এইয়া কেনেধৰণৰ সংযোগ ? এইখন চাহৰ দোকানতে কিয় ৰৈছিলোঁ আজি আমি ?
অনিৰুদ্ধ আৰু থুপুৰ কথাবোৰ মোৰ কাণত সোমোৱা নাই । বাৰে বাৰে মাৰ কথাই মনলৈ আহি আছে ।
:ইয়াতে ৰখাই দিয়ক ।
:ইয়াত কিয় ?
:মা আছে ইয়াতে,মই পিছত যাম কেব লৈ । Thank You.
:আৰে শুনাচোন.. মই ৰৈ আছোঁ নহ’লে..
থুপুক লৈ দৌৰি গৈ মই হোটেলৰ ভিতৰ সোমালোঁ । অনিৰুদ্ধৰ ফালে ঘূৰি চোৱাৰ সময়ো এতিয়া মোৰ ওচৰত নাই ।
এতিয়া আৰু কোনো কথাতে মই দেৰি কৰিব নোৱাৰোঁ ।


মাৰ ৰূমৰ দুৱাৰত জোৰ জোৰকৈ নক কৰিলোঁ মই । বহুতদেৰিৰ পিছত খুলি দিলে । শুই আছিল চাগে ।চকু কেইটা ফুলি আছে ।
:তুমি এবাৰ তেওঁক লগ কৰি লোৱা,প্লিজ ।


( আগলৈ )

Abir Love Story

Note Next Part Coming Soon

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

 

 

Tags

Post a Comment

0 Comments
close